সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

‎Leo Tolstoy বিশ্ববিশ্ৰুত কথাশিল্পী লিও টলষ্টয়

  ‎Leo Tolstoy বিশ্ববিশ্ৰুত কথাশিল্পী লিও টলষ্টয়



"যুদ্ধ আৰু শান্তি" আৰু 

"আনা  কাৰেনিনা"

Leo Tolstoyবিশ্ববিশ্ৰুত কথা শিল্পী লিও টলষ্টয় :--  "যুদ্ধ আৰু  শান্তি "--"আনা  কাৰেনিনা"

কাউন্ট লিও নিকলাভিচ টলষ্টয় বা ইংৰাজীত লিও টলষ্টয় এগৰাকী ৰাছীয়াৰ বিশ্ববিশ্ৰুত সাহিত্যিক।






  তেওঁৰ দুখন  শ্ৰেষ্ট উপন্যাস হ'ল:-- 
 যুদ্ধ আৰু শান্তি(War and peace) আৰু  
আনা কাৰেনিনা(Anna Karenina)।

 

 

মাত্ৰ দুবছৰ বয়সত মাক আৰু নবছৰ বয়সত পিতৃক হেৰুৱাই নিচেই সৰুতে তেওঁ ঘাট মাউৰা হয়।

প্ৰায় ৩০ বছৰ বয়সলৈ সৎ আৰু অতি ধাৰ্মিক ব্যক্তি হিচাবে টলষ্টয় সুনাম আছিল।এই সময়তে তেওঁ ককায়েৰ সৈতে ক্ৰিমীয়ান যুদ্ধত ৰাছীয়াৰ সৈনিক হিচাবে যোগ দিয়ে আৰু দ্বিতীয় লেফটেন্ট পদ পায়।প্ৰথমতে তেওঁ নিজৰ জীৱন ভিত্তিক লেখা যেনে চাইল্ডহুদ,বইহুদ আৰু ইয়থ আদি ধৰণৰ(১৮৫২-১৮৫৬)লেখা লিখে।পিছত ভিক্টৰ হিগু(Victor Hugo)  আৰু এগৰাকী ফৰাচী লেখক লগপোৱাৰ পিছত,  লগতে যুদ্ধৰ পৰা ঘুৰি অহাৰ পিছত উচ্চমানৰ সৃষ্টি কৰে।

১৮৪৭ ৰ পৰা ১৯১০ চনলৈ তেওঁ বহু কেইখন বিখ্যাত উপন্যাস,চুটি গল্প,চিনেমাৰ চিত্ৰনাট্য,প্ৰবন্ধ ৰচনা কৰে।  ইয়াৰে যুদ্ধ আৰু শান্তি আৰু আনা কাৰেনিনাই তেওঁক বিশ্ব জুৰি চিনাকি কৰি অমৰ কৰি তোলে।
তেওঁৰ আন ৰচনা সমূহ হ'ল :--


 The death of Ivan Iiyic,Father Sergius,Resurrection,The Living Corpse,Hadji,Murad ইত্যাদি।


যুদ্ধৰ ভয়াবহতা,দৰিদ্ৰ সমাজৰ দুখ দৈন্যতাৰ প্ৰতি দৰদী অন্তৰৰ প্ৰতিবাদী প্ৰকাশ ,আধ্যাত্মিক অনুভুতি প্ৰকাশৰ মাজৰে লেখকৰ হৃদয়ৰ দৰদৰ বহি প্ৰকাশ আৰু ইয়াৰ মাজৰে মানুহৰ মাজত সচেতনতাৰ জন্মদি মানুহক জাগ্ৰত কৰা তেওঁৰ সৃষ্টি ৰ প্ৰধান মন্ত্ৰ।

লেখনিৰ মাজৰে পাঠকক নৈতিক ধৰ্মসকথাৰ প্ৰচাৰ কৰি তেওঁ উনবিংশ শতিকাৰ ঋষি বুলি অভিনন্দিত হয়৷
তেওঁৰ পৰিবাৰ আৰু ৮টা সন্তান আছিল।নিজৰ চিন্তা সৃষ্টিৰ চক্ৰবেহুত নিবন্ধ হৈ তেওঁ সংসাৰৰ প্ৰতি অৱজ্ঞা হোৱাত এদিন গৃহত্যাগ কৰিব লগা হয়।১৮২৮ চনৰ ৯ চেপ্তেম্বৰত ৰাছীয়াৰ ধনী পৰিয়ালত জন্ম হৈ তেওঁ১৯১০ চনৰ ২০ নবেম্বৰ ত ৮২ বছৰত মৃত্য হয়।


           ঊনবিংশ শতিকাৰ ৰুছদেশৰ দুহাল প্ৰমিক- প্ৰেমিকাৰ জীৱন্ত প্ৰেমৰ জীৱনগাঁথা হ'ল আনা কাৰেনিনা।

লেভিন আৰু কিটি এই দুই চৰিত্ৰ মাজৰে মানুহৰ পাৰিবাৰিক জয়গান গাইছে লেখকে।কাৰণ তেওঁলোকৰ মাজত আছিল অকৃতিম ভালপোৱা,সহনশীলতা,ত্যাগ আকু ইজনে সিজনক বুজি পোৱাৰ প্ৰৱল আৱেগ আৰু যুক্তি।ই পাৰিবাৰিক সুখৰ শ্বাসত আধাৰ।সেয়েহে ৰুছৰ জীৱনৰ পৰা কাহিনীৰ কথা বিশ্বজনিনহৈ পৰিছে।অসমীয়া ভাষাত কৃপানাথ বৈশ্য দেৱে কিতাপখন অনুবাদ কৰিছিল আৰু আমাৰ বিহালীৰ প্ৰতিস্থিত প্ৰকাশক শ্ৰী মল্লিকা শৰ্মাৰ(অভিযাত্ৰী প্ৰকাশন,গুৱাহাটী) যোগেদি মই ৮০ দশকতে কিতাপখনি পোৱা হৈছিল।

ৱাৰ এণ্ড পীচ বা যুদ্ধ আৰু শান্তি তেওঁৰ কাল্পনিক উপন্যাস নহয়, যুদ্ধৰ ব্যক্তিগত অভিজ্ঞতাৰ মৰ্মদ প্ৰকাশ। ১২২৫ পৃষ্ঠা বৃহৎ  উপন্যাস লিখোতে টলষ্টয় ৰ ১৮ মাহ লাগে।এইখন লিখাৰ আগেয়ে তেওঁ বিশ্বৰ ৫০ থন বিখ্যাত গ্ৰন্থ পঢে,বিশেষকৈ ভিক্টৰ হিগোৰ লা মিজাৰেৱল খন তেওঁ বহুবাৰ পঢ়ে।ইয়াত যুদ্ধই বহন কৰা মানুহৰ মৃত্যুভয়,শাৰীৰিক মানসিক আঘাট,যৌন উৎপীড়ন,ৰোগ ,অক্ষমতাৰ আৰু এইবোৰৰ মাজত ধ্বংশ স্তূপত পৰিণত হোৱা সমাজ,সংস্কৃতি আৰু পৰিয়ালৰ বান্ধোনৰ সুন্দৰ শ্বাসত চিত্ৰ লেখকে অঙ্কন কৰিছে যি বিশ্ব জুৰি মানুহৰ চিন্তাত যুগে যুগে দোলাদি যাব।তদুপৰি যুদ্ধই শান্তিবাদৰ ধাৰণা,বাস্তৱবাদী চিন্তা,দেশপ্ৰেমৰ,যুদ্ধৰ ওকালতি আৰু সূত্ৰাৱলীৰ বিষয়েও উপন্যাসত ফুটি উঠিছে।১৮১২ চনত নেপোলিয়নে ৰাছীয়া আক্ৰমনৰ পটভূমিত ৰাছীয়াৰ সেনাবাহিনীৰ যুদ্ধ যাত্ৰা ৰ  আৰু ৰাছীয়াৰ পাঁচটা মধ্যবৃত পৰিয়ালৰ দুৰ্য্যোগৰ চিত্ৰ ইয়াত অঁকা হৈছে।

জীৱন শিল্পী টলষ্টয়ে কৈছিল পৃথিৱী সলনিৰ কথা কোৱাৰ আগেয়ে নিজৰ জীৱন সলনি কৰা।তেওঁৰ ধাৰণা যত সৰলতা নাই,মৰম ভালপোৱা নাই আৰু সত্য নাই  তাত জীৱন হেৰাই যায়।প্ৰকৃতিৰ ভালপোৱাত বিভোৰ আছিল তেওঁ- One of the first conditions of happiness is that the link between Man and Nature shall not be broken.চৰকাৰ সৰ্ম্পকে তেওঁ ষ্পট কৈ  কৈছিল Govt is an association of men who do violence to the rest of us.সংগীতৰ ওপৰত ধাৰণা হল  Music is the shorthand of emotion.Art is not a handicraft,it is the transmission of feeling the artist has experience.মানুহ কেনেকৈ জীয়াই থাকে প্ৰসঙ্গত কৈছিল যে সকলো মানুহ আনৰ মৰমতহে জীয়াই থাকে।জীৱনৰ মূল কৰ্তব্য হল মানৱতাৰ সেৱা। ইয়াতকৈ ডাঙৰ সেৱা নাই।শান্তি আৰু মানৱতাৰ বিশ্বজনীন পূজাৰী টলষ্টয় মানুহৰ মানসিক প্ৰয়োজনত চিৰদিন জীয়াই থাকিব ।



লেখক: দিলীপ কুমাৰ বৰুৱা

 

সম্পাদনা: দিগন্ত কুমাৰ ভূঞা

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়