সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

DON QUIXOTE (৩)ডন কুইক্সোট


 DON QUIXOTE   (৩)ডন কুইক্সোট

 

বিশ্বৰ ১০০ খন বিখ্যাত শিশু গ্ৰন্থৰ সাৰাংশ:

 DON QUIXOTE   (৩)ডন কুইক্সোট

(৩)ডন কুইক্সোট

এইখন এখন ১৬০৫ চনত স্পেনিচ ভাষাত মিগেল দা চাভান্টেজ নামৰ স্পেনীচ লেখকে লিখা ক্লাচিক ৰচনা যাক শিশুসকলৰ বাবে উত্তম বুলি বিবেচিত হৈছে।অলনচ' নামৰ এজন দাং বৰলা যুৱকে যুদ্ধৰ বহু কিতাপ পঢ়ি যুদ্ধ এখনৰ কল্পনিক জগতত বিচৰণ কৰি নিজকে বাহাদুৰ সৈনিক হিচাবে কল্পনা কৰে।কাল্পনিক যুদ্ধৰ সৈনিক হিচাবে তেওঁ নিজকে ঘোষনা কৰি ডন কুইক্সোট নামলৈ  সৈনিকৰ পোচাক পিন্ধি যুদ্ধলৈ যাত্ৰা কৰে।

 DON QUIXOTE   (৩)ডন কুইক্সোট

তেওঁ নিজৰ ঘোঁৰাটোৰ নাম দিলে ৰচিনেট।কাল্পনিক ৰানীৰ নাম দিলে তুলিচিনীয়া। শত্ৰুৰ বিপক্ষে ঘোঁৰাত উঠি যুদ্ধ যাত্ৰা আৰম্ভ কৰে আৰু মানুহে যুৱক জনৰ বহুৱালি আৰু পগলামীত ৰং পালে।বাটত এজন খেতিয়ক লগ পালে তেওঁৰ নাম চেনিচিঅ' যাক তেওঁৰ সহযোগী হিচাপেলৈ কাল্পনিক শত্ৰুৰ লগত যুদ্ধ কৰি গ'ল। য'তে ত'তে শত্ৰু দেখিলে।দুয়োটা বহুৱালি ৰাইজে ৰং পালে দুই এজনৰ সহায়ো হ'ল।বহুৱলি পাগলামী কৰি দুয়ো নানান বিপদত পৰিল,মাৰ খালে ৰাইজৰ হাতত অদ্ভুত কামৰ বাবে। কিন্তু দুখ বেজাৰৰ বাবে আহৰি নাই কাৰণ তেওঁ যুদ্ধৰ বাহাদুৰ চিপাহী,বিচলিত হ'লে নহব।ইপিনে তেওঁ পঢ়া ৰ বাবে পগলা হ'ব লগা হোৱা কিতাপ সমূহ জ্বলাই দিয়া হ'ল।গাঁৱৰ এজন বন্ধু তেৰেছকোৱে এলনচ' ঘুৰাই আনিবলৈ গৈ আৱশেষত তাৰ লগত যুদ্ধ কৰি ঘটুৱাই তাক গাৱলৈ ঘুৰাই আনে।গাঁৱত এলনচই ভুল স্বীকাৰ কৰি পূৰ্বৰ মানুহ জন হ'ল যদিও ৰোগ গ্ৰস্থহৈ এলনচ'ৰ মৃত্যু হল।কাহিনীৰ যৱনিকা পৰিল।

writer: Dilp Kr. Baruah,tezpur

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়