Maxim Gorky মেক্সিম গৰ্কি
যুগাজয়ী লেখক মেক্সিম গৰ্কি আৰু তেওঁৰ মা(Mother)
যুগাজয়ী লেখক মেক্সিম গৰ্কি আৰু তেওঁৰ মা(Mother)
দিলীপ কুমাৰ বৰুৱা।
এগৰাকী লেখকৰ এখন কিতাপ যি এখন দেশলৈ এক পৰিৱৰ্তন আনিব পাৰে ভাৱিলে আচৰিত হ'ব লাগে।১৯০৬ চনত লিখা সেই বিশ্বসাহিত্য খনিৰ নাম হল মা বা মাডাৰ(Mother)
যি ৰচনা কৰে ৰাচীয়াৰ লেখক মেক্সিম গৰ্কিয়ে আৰু কিতাপ খন ইমানেই ৰাচীয়াত জনপ্ৰিয় হৈ পৰে যে কিতাপৰ কাহিনীয়ে ১৯১৭ চনত ৰুচ বিপ্লৱ সংঘটিত কৰি ৰাজনৈতিক পৰিৱৰ্তন বা বিপ্লৱ সূচনা কৰে। কোৱা হয় লেনিনত কৈও ৰুচ বিপ্লৱত গৰ্কিৰ অৱদান অতি বেছি।মা লিখাৰ আগেয়ে গৰ্কি শাসক বিৰোধী লেখাৰ বাবে আমেৰিকালৈ দেশান্তৰ হৈছিল।তাতে তেওঁ লিখে।ইয়াৰ পিছত লেনিনৰ অনুৰোধ ত তেওঁ ইটালীৰ পৰা ৰাচীয়লৈ ঘুৰি আহে। কিতাপখন মোৰ ইমানেই প্ৰিয় যে ইয়াক মই ইংৰাজী,হিন্দী,বঙালী আৰু অসমীয়া ভাষাত পঢিছো।কিতাপখন অনুবাদ নোহোৱা চাগে ভাষা নাই ।
আলেক্সেই মেক্সিমোভিচ পেচকভ যাক আমি চদ্মনাম মেক্সিম গৰ্কি নামৰে বিশ্বত চিনি পাওঁ,সেই গৰ্কিৰ শৈশৱ আছিল বৰ দুখ আৰু ভয়ানক বিপদৰ।ফলত তেওঁ বাৰে বাৰে আত্মহত্যাৰ কথাই ভাৱিছিল।২৮ মাৰ্চ,১৮৬৮ চনত জন্ম হোৱা গৰ্কিৰ ৭ বছৰতে দেউতাক ঢুকুৱাত মাকে তেওঁৰ ভায়েকৰ সৈতে ফেৰীৰে ককাৱকৰ ঘৰলৈ গুচি গৈছিল।বাঁটত ফেৰীতে ভায়েকৰ মৃত্যু হয় আৰু মাকৰ ককাৱৰ ঘৰতে দ্বিতীয় বিৱাহ হোৱাত গৰ্কি ৭ বছৰতে অকলশৰীয়াহৈ পৰে।দ্বিতীয় বিবাহৰ দুবছৰ পিছতে মাকৰ মৃত্যু হয় আৰু ঘাট মাউৰা গৰ্কিক ককাৱকে খুৱাব নোৱাৰো বুলিকৈ ঘৰৰ পৰা উলিয়াই দিয়ে, আৰু ৯ বছৰ বয়সতে অনাই বনাই তেওঁ জীৱন সংগ্ৰাম আৰম্ভ কৰে।কোনো বিদ্যালয়ত পঢ়াৰো সুবিধা নাপালে তেওঁ ।পিছত তেওঁ স্ব-শিক্ষিত ব্যক্তি হিচাবে নিজে নিজক প্ৰতিষ্ঠিত কৰে।কি কাম কৰা নাছিল তেওঁ, কেতিয়াবা কৃষি শ্ৰমিক,কেতিয়াবা মুচী,ফেৰিৱালা,কাৰখানাৰ শ্ৰমিক,নাৱৰীয়া ইত্যাদি।কামৰ মাজৰে তেওঁ মানুহক ভাল পাবলৈ শিকিছিল,বিশ্বাস কৰিবলৈ শিকিছিল,দুখৰ অভিজ্ঞতা বোৰ কাহিনীবোৰৰে মনৰ শাণিত অস্ত্ৰ তৈয়াৰ কৰি জনতাতন্ত্ৰৰ সপোন দেখা আৰম্ভ কৰিছিল।
১৫বাৰ তেওঁ লেখক, অনুবাদক, সংবাদদাতা চাকৰি পৰিৱৰ্তন কৰে।অৱশেষত ৰাচীয়াৰ মানুহৰ দুৰ্বিসহ জীৱনৰ অনুসন্ধানত পদব্ৰজে পাঁচ বছৰ সমগ্ৰ ৰুচ প্ৰজাতন্ত্ৰ ভ্ৰমন কৰে নানান অঙিজ্ঞতাৰে প্ৰজ্ঞাৱন্ত চিন্তাবিদ হিচাবে আত্ম প্ৰকাশ কৰে।১৮৮২ চনৰ পৰা ৰাচীয়াৰ শ্ৰমিক কৃষকৰ স্বাৰ্থত ধাৰাবাহিক প্ৰবন্ধ,গল্প,নাটক,উপন্যাস লিখিবলৈ লয় আৰু এগৰাকী জনপ্ৰিয় ৰুচ লেখক হৈ পৰে।
তেওঁ আছিল লিও টলষ্টয় আৰু এন্টন চেকভৰ সমসাময়িক লেখক।তেওঁৰ শ্ৰেষ্ট ৰচনা সমূহ হ'ল ..লোৱাৰ ডেপ্থ এণ্ড আডাৰ প্লে,দি ৱেষ্টেণ্ডাৰ,দি স্পেকটৰ,মাই চাইল্ড গুড ,মাই ইউনিৰ্ভাৰচিটি,অট'ৱাইগ্ৰাফী ইত্যাদি।লেখাৰ বাবে চিন্তাৰ স্বাধীন স্পষ্টতাৰ বাবে তেওঁ ৰাচীয়াৰ পৰা নিৰ্বাসিত হ'ব লগা হয় আৰু জীৱনৰ শেষ বয়সত গৃহবন্দী হ'ব লগা হয়।চিন্তাৰ স্বাধীনতা আৰু প্ৰকাশৰ ক্ষেত্ৰত তেওঁ কোনো শক্তৰে লগত আপোচ নকৰিছিল ,আনকি বিপ্লৱৰ সফলতাৰ পিছত বলচেভিৰ লগচ মত পাৰ্থক্য হয়।ইয়াৰ শেষ পৰিণতিত তেওঁ সমাজবাদী প্ৰশাসনৰ ৰোসত পৰে।মৃত্যুৰ আগেয়ে তেওঁৰ একমাত্ৰ পুত্ৰৰ মৃত্যু হয় আৰু মানসিক ভাৱে ভাগি পৰি১৮ জুন ১৯৩৬ চনত ইনফ্লুৱেঞ্জা ৰোগত ৬৮ বছৰ বয়সত মৃত্যু হয়।কোনোৰ মতে গৰ্কিক ৰাচীয়াৰ শাসক ষ্টেলিনে হত্যা কৰায়।ষ্টেলিনে তেওঁক নিজৰ জীৱনী লিখাৰ প্ৰস্তাৱ দিয়ে আৰু তেওঁ প্ৰস্তাৱ প্ৰত্যাক্ষান কৰি কয় লেখকৰ উদ্দেশ্য হ'ল জনসাধাৰনক পক্ষত থাকি শান্তি প্ৰগতিৰ মাৰ্গ দৰ্শন কৰা শাসকৰ তোসামোদ কৰি শাসকৰ পদলেহন কৰা নহয়।বিশ্বৰ দৰিদ্ৰ শ্ৰমজীৱি মানুহৰ প্ৰাণৰ সংগ্ৰামী লেখক হিচাবে মানৱতাবাদী সতীৰ্থ হিচাবে গৰ্কি যুগলৈ খ্যাতিমানহৈ পৰে।
তেওঁ কৈছিল When work is pleasure ,life is joy,when work is duty,life is slavery.
' মা ' উপন্যাসৰ কাহিনী হ'ল এগৰাকী এগৰাকী সাহসী সাধাৰণ নি:স্ব নীৰক্ষৰ শ্ৰমিক মাতৃৰ ত্যাগ,সংগ্ৰাম,বিপ্লৱী চেতনাশ্ৰোতৰ জনতাৰ অগ্নিস্নানৰ অভিনৱ জোনাকী যাত্ৰা।ইয়াৰ প্ৰতি পাততে আছে কুলুখুৰাৰ চোতালৰ গোপন মন্ত্ৰনা।জ্যোতি-বিষ্ণুৰ চিন্তাৰ দৰে ৰুচপ্ৰজাতন্ত্ৰৰ সেই সময়ৰ পটভূমিত স্বাধীনচিতীয়া শোষিত-নিস্পেষিত মানুহৰ পৰিৱৰ্তনৰ ৰাজনৈতিক শ্লোগান,সমস্বৰে আগবাঢি যাওঁ বল ঐ আগবাঢি যাওঁ বলৰ সুৰধ্বনি।উপন্যাসৰ মূল চৰিত্ৰ মিথাইল ভ্লাসভ নামৰ মদাহী,অত্যাচাৰী শ্ৰমিকৰ পৰিবাৰ একমাত্ৰ পুত্ৰ পাভেলৰ মাক পেলাগেয়া(মা)।অসম্ভৱ গিৰিয়েকৰ নিৰ্যাতন,অবাইছ গালি নিৰৱে শস্য কৰা মাতৃগৰাকীয়ে হঠাৎ এদিন সাহস গোটাই গিৰীয়েকক উভতি ধৰিলে-খৱদাৰ!আৰু মাৰধৰ নচলিব।আৰু সহ্য কৰা নহব।গিৰীয়েকৰ মৃত্যুৰ পিচত পুতেকে কাৰখানত চাকৰি পালে যদিও সিও মদ,জুৱা,মাৰধৰতে থাকে ।মাকৰ দুয্যোগৰ শেষ নাই।হঠাত কি হ'ল পুতেকৰ সি সকলো বেয়া কাম এৰি কিতাপ পঢ়া আৰম্ভ কৰিলে বিপ্লৱৰ কিতাপ,আৰম্ভ কৰিলে বন্ধুৰ সৈতে বিপ্লৱৰ গোপন মন্ত্ৰনা ।পুলিচে গ্ৰেপ্তাৰ কৰিলে পুতেকৰ সৈতে দুজনক।তিনিজন জেলত থাকোতেই লগৰবোৰে আৰম্ভ কৰিলে গোপন প্ৰকাশন।কিন্তু লিফলেট কাৰখানাত বিলাব কোনে?হঠাত আগবাঢ়ি আহিল মাক পেলাগেয়া।তাৰ পিছত মা জনীযেন বিপ্লৱৰ মহাঅগ্নিস্নান কৰিবলৈ সকলো শ্ৰমিক কৃষকৰ মমতাময়ী অগ্নিশিখাহৈ পৰিল।পুলিচৰ চকুত ধুলি দিব পৰা হ'ল।এদিন চোৰাংচোৱাৰ হাতত ধৰা পৰিল মা। বিপ্লৱ শত সহস্ৰ জনতাৰ মা তেওঁ।আৰক্ষীৰ নিৰ্যাতনত মাৰত তেজেৰে তুমৰুলিহৈ বাগৰি পৰিল মাটিত।মৃত্যু হ'ল মা।মৃত্যু কাতৰ যন্ত্ৰণা নেওচি মায়ে চিঞৰি উঠিল জাগা !জনতা জাগা।তোমাৰ জন্ম আধিকাৰ আজুৰি লোৱা।জাগা জাগা। এই উপন্যাসত গৰ্কিৰ জগত বিখ্যাত উক্তি হ'ল , "কেৱল মাকেহে ভৱিষ্যত ৰ হকে চিন্তা কৰিব পাৰে,কাৰণ শৈশৱৰ পৰাই এনে চিন্তা তেওঁ জন্ম দিয়ে" - Only mother can think for future-because they give birth to it in their children.
দিলীপ কুমাৰ বৰুৱা।
Comments
Post a Comment
If you have any doubts, please let me know.