সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

The Call of The Wild হিংস্ৰতা ৰ আহ্বান

  The Call of The Wild  হিংস্ৰতা ৰ আহ্বান

 The Call of The Wild


বিশ্বৰ ১০০ খন বিখ্যাত শিশু গ্ৰন্থৰ সাৰাংশ:(৫)
হিংস্ৰতা ৰ আহ্বান(কল অব ৱাইল্ড)

জন লেনডন
"হিংস্ৰতা ৰ আহ্বান"এইখন  জন লেনডন নামৰ এজন লেখকে ১৯০৩ চনত লিখা বিশ্বৰ শ্ৰেষ্ঠ এখন শিশু উপন্যাস ।  

প্ৰকাশনৰ ৩২ বছৰ পিছত, ১৯২৯ চনত লিখা এই গ্ৰন্থ খনৰ লেখক গৰাকী উগ্ৰ সমাজবাদী (radical)লেখক বুলিকৈ যুগোশ্লভিয়া আৰু ইটালীত এই গ্ৰন্থখন নিসিদ্ধ কৰা হয় । তদুপৰি ১৯৩৩ চনত হিটলাৰৰ নাজী বাহিনীয়ে এই কিতাপখন নিসিদ্ধ ঘোষনা কৰি জ্বলাই দিয়ে ।দেখা যায় বিশ্বৰ বহু শ্ৰেষ্ঠ সাহিত্যৰ কাহিনীৰ আন এক প্ৰতীকি অৰ্থ থাকে।

           কাহিনী মূল নায়ক হল শ্লেজ টনা বাক নামৰ এটা শান্ত কুকুৰ। সি কেলিফৰ্নীয়াৰ ধনী লোকৰ ঘৰৰ প্ৰভুভক্ত পোহনীয়া কুকুৰ হিচাবে মৰম আদৰত আছিল  ।সেই সময়তে ইয়কন নামে ঠাইত সোন ওলোৱা বুলি প্ৰচাৰ হোৱাত উক্ত এসময়ৰ শ্লেজ গাড়ী টনা বাকৰ ওপৰত এজন চোৰৰ চকু পৰিল । কাৰণ সোন বিচাৰিবলৈ তেনে শক্তিশালী কুকুৰৰ প্ৰয়েোজন বাঢ়িব। বাকক শিকলি লগায় মিলাৰ গাৰ্ডেনাৰ নামৰ চোৰ এটাই চুৰি কৰি কুকুৰ ব্যৱসায়ী এজনক বিক্ৰী কৰিলে।অতি কষ্টৰ মাজৰে ব্যৱসায়ী জনে তাক নোখোৱা নেমেলাকৈ চাবুকেৰে কোৱাই আন এখন চহৰলৈ নিলে।বাটতে বহু কুকুৰ মৰিল।বাটত বাকৰ কাৰ্লি নামৰ কুকুৰৰ লগত কাজিয়া হ'ল।তাত বাক নামৰ কুকুৰটো চৰকাৰী দুজন  সামগ্ৰি কঢিওৱা কৰ্মচাৰীয়ে কিনি শ্লেজ টনাত ব্যৱহাৰ কৰি কষ্ট দিলে।শেষত তাক সোন চিকাৰী এজনক বিক্ৰীৰ কৰা হ'ল।গল্ড হান্টাৰ বা সোন চিকাৰীৰ হাতত অৱৰ্ণনীয় বোজা কঢ়িয়াই বাক  অধাবাটতে মৃত প্ৰায় হ'ল।আৱশেষত জন থ্ৰনটন নামৰ লোকে বাকক গোল্ড হান্টাৰৰ কৱলৰ পৰা উদ্ধাৰ কৰি মুক্ত জীৱন দিলে।

লেখক: দিলীপ কুমাৰ বৰুৱা

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়