সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

শেষ সিধান্ত



শেষ সিধান্ত

ৰচনা : পংকজা ভূঞা

পৰিচালনা : পংকজা ভূঞা


চৰিত্ৰ :
মা
ধন
মুনু :
জোনালী




ধন : মা কথা এটা আছিল ।মই মানে….মই

মা : কি কথা?

মুনু : কওক  কথা  খিনি…..

ধন : মা’ তই জনেই আমি 4 বছৰ পৰাই পইচা জমা কৰি আছো ঘৰ এটা লবলৈ কিন্তু আমি পৰা   নাই….তই জান’ই চহৰত ঘৰ লোৱা মানে হাতী কিনাৰ সমান…..তাতে তোৰ treatment ৰ কাৰণে  আমি জমা ৰখা পইচা খিনিও খৰচ হ’ল….ক’বলৈ গলে তোৰ নামত প্ৰায় গোটেই খিনি পইচাই খৰছ হ’ল।

মা : তই মাৰৰ নামত কিমান খিনি খৰছ কৰিলি তাৰ হিচাপ ৰাখি থৈছ নেকি ?

ধন : চা মা…..মই হিচাপ ৰখা নাই , অকল মোৰ কথা খিনিহে কৈছো….তই ভুল নুবুজিবি

মা : বোপাই মই বুজি পাও…সকলো কথাই বুজি পাও…..

মুনু : মা আমি চহৰৰ ঘৰটো ল’লে অপুনিয়োতো তাত থাকিব পাৰিব……

ধন : সেই কাৰনে আমি গাওঁৰ মাটিখিনি বেচি যি খিনি পইচা পাম তাৰেই চহৰত ঘৰ এটা কিনিম।

মা: আজুককাৱৰ দিনৰ এই ঘৰৰ ভেটিটোতে মই চকু মুদিব খোজো, চহৰত ঘৰমাটি কিন’ ভাল কথা কিন্তু      এই ভেটিতো বেছি চহৰত ঘৰ কিনিবলৈ মই জীয়াই থকালৈকে সৈমান হ’ব নোৱাৰো…,বোৱাৰীহৈ এইখন ঘৰলৈ বিয়াহৈ অহাৰ পিছৰ পৰাই জন্মহোৱা ঘৰখনৰ মোহ এৰি এইভেটিকে আপোন কৰিলো। দেউতাৰ ঢুকুৱাৰ পিছত এই ভেটিটোৱেই মোক জীয়াই থকাৰ সাহস দিলে, দেউতাৰে সাঁচিথৈ যোৱা টকা কেইটাৰে, ইঘৰ সিঘৰত হাতে-কামে কৰি-খুজি মাগি তোক আৰু জোনালীক পঢ়াই-শুনাই কেনেকৈ ডাঙৰ মানুহ কৰিলো ঈশ্বৰেহে জানে ।মোক এইবোৰ কথাকৈ অশান্তি আৰু নিদিব……

মুনু: আপোনাক অশান্তি দিবলৈ মাটিখিনি বেচাৰ কথা আমি কোৱা নাই মা’, আমাৰ লগতে আপোনাৰো শান্তিৰ বাবেহে এনে কথা ক’ব লগাত পৰিছো…..

মা: শান্তি…..! কি শান্তি দিবলৈ আহিছা বোৱাৰী……,অকলশৰীয়া মই মানুহজনীৰ আশ্ৰয় বুলিবলৈ এই ভেটিটোৱেই আছেগৈ, এতিয়া তাৰ্ পৰাও তোমালোকে মোক খেদিব খুজিছা………..

ধন: মা’ তই কথাবোৰ বুজিবলৈ চেষ্টা নকৰ’ কিয় ?

মা’: মই সকলো বুজিছো ধন……,আ-অলংকাৰ যি য’ত আছিল সকলো বেছি তোৰ প্ৰয়োজন্ পূৰণ কৰিলো, লাগ বুলিলেই তোক লাগে,কোনো দিনে ভাবি নাচালি যে মই কৰ পৰা কেনেকৈ তোৰ বহুমূলিয়া ফৰমাইচবোৰ পূৰন কৰিম,তথাপি তোক আঁচ এটাও পৰিবলৈ নিদিয়াকৈ যি বিচাৰিছিলি সকলো মই যোগাৰ কৰি দিছিলো, লেপটপটো কিনি দিউতে বকুল দোকানীৰ পৰা সূদত ধাৰ কৰা টকা 4০ হেজাৰৰ ধাৰ মাৰোতে মাৰোতে ঘৰৰ বাৰিচুকৰ মাটি আধাকঠাও গ’ল, কাহি-বাতি পৰ্যন্ত বিক্ৰি কৰিব লগা অৱস্থা হ’ল,ভনীয়েৰ জোনালী গাঁওৰে পুতুকনক ভালপায় পলাই গৈ শিৱমন্দিৰত বিয়া পাতি সংসাৰ কৰিছে,তাইকো আজিলৈকে একো এটাকে দিব নোৱাৰিলো! …আৰু এতিয়া কৈছ’ মইহে বুজিবলৈ চেষ্টা কৰা নাই…..

ধন: সেইবোৰ কথা এতিয়া বাদ দিয়া….,এই কাগজ খনত চহী এটা কৰি দে….

মুনু: হয় মা’…..মিছামিছি কথা কৈ সময় খৰছ কৰি লাভ নাই…..,আপুনি চহীটো কৰি দিয়ক….

মা’: চহী..? কিহৰ চহী ? নকৰো মই ক’তো চহী-তহী……

মুনু: আপুনি চহী নকৰিলেও কেনেকৈ চহী আদায় কৰিব লাগে সেইকথা আমি ভালকৈ জানো, গতিকে বেকা ৰাষ্টাৰে নাযাওতেই চিধা ৰাষ্টাৰে কৈছো আপুনি চহীটো কৰি দিয়ক…নহ’লে……..

মা: নহলে ? নহ’লে কি কৰিবি ? কি কৰিবি ক ? মাৰিবি ? মাৰ মোক তথাপি মই চহী নকৰো….

মুনু: শুনিছে, বুঢ়িয়ে এনেকৈ সহজতে নামানে এতিয়া জোৰ কৰিয়েই চহীতো ল’ব লাগিব……..

ধন: তোক ভাল ভাবৰেই কৈছো, চহীতো কৰি দে…..বুজিছনে নাই ?

মা’: নুবুজো মই তহঁতৰ কথা……,মই যি বুজিছো সেইটোৱেই….এই ভেটি, এই মাটি মই জীয়াই থকালৈকে বেচিবলৈ নিদিও…..তহঁতে যি ক’ৰ কৰ….মোৰ শেষ কথা কৈ দিলো……

মুনু: চাওক মা’….গাঁওৰ এই ভেটিদাল সাবতি থাকিলে কেনেকৈ হ’ব……, আপোনাৰ বেমাৰ-আজাৰ,খোৱা-বোৱা আদি সম্পূৰ্ণ খৰছ আমি বহন কৰি আছো…….আপোনাৰ ল’ৰা আৰু মোৰ চাকৰি চহৰত, আমি থাকো চহৰত মাহে মাহে ১০হেজাৰ টকাৰ ভাড়া ঘৰত, আপুনি থাকে গাঁওত, আপোনাৰ হঠাৎ কিবা এটা বিপদ হ’লেও লগে লগে ওচৰত মাত এষাৰি দিবলৈ মানুহ বুলিবলৈ কেও কিছু নাই…..তাৰোপৰি আপোনাৰ ওচৰলৈ সঘনাই আহি থাকিবলৈও আমাৰ সময় নাই, তেনে অৱস্থাত আমি বহুত ভাবিচিন্তিয়েই সিধান্ততো লৈছো….

মা: পুত্ৰ-বোৱাৰি হিচাপে মোৰ দায়িত্ব লোৱাতো তোমালোকৰ কৰ্তব্য কিন্তু সেইবুলি কেওকিছু নোহোৱা বুলি কিয় ভাবিলা,গাঁওখনৰ মানুহখিনি কি মোৰ আপোন নহয় নেকি ? বিপদে আপদে গাঁওৰ মানুহখিনিয়েই মোক সহায় কৰি আহিছে……গাঁওখন এৰি চহৰত থকাৰ মোৰ হাবিয়াস নাই বোৱাৰী……..

ধন: মা’ এতিয়া আমাতকৈও গাঁওৰ মানুহখিনিহে তোৰ বেছি আপোন হ’ল……

মা: আপোন----নিজৰ…..! এই শব্দবোৰ মোৰ ভাবিবলৈকে ভয় লগা হ’ল বোপাই…, ভাবিছিলো বছেৰেকীয়া বিহুতটোত ঘৰখনলৈ বুলি আহিছ’……,কিন্তু…..মই কেনেকৈ জীয়াই আছো,কি খাইছো….কি পিন্ধিছো…….কেনেকৈ আছো….(দুখ)…মৰমৰ মাত কথাটো বাদেই….এতিয়া মোৰ লগত ব্যৱসায় কৰিবলৈ আহিলি…বেছা-কিনাৰ ব্যৱসায়….তহঁতে মোৰ লগত, নিজৰ মাৰৰ লগত, দহ-মাহ দহ দিন গৰ্ভত ৰাখি জন্ম দিয়া আপোন সন্তানহৈ মা’ৰৰ লগত লেন-দেন কৰিবলৈ আহিলি…… (এনেতে মা’..মা’ মাতি জোনালিৰ প্ৰৱেশ)

জোনালি: মা’….দাদা,বৌ…তহঁত কেতিয়া আহিলি ?

ধন: আজি অলপ সময়ৰ আগতে পালোহি……,তোৰ ভালেই নহয় ?

জোনালি: ভালেই আছো দাদা।

মা: তই অকলে আহিলি যে পুতুকন কিয় নাহিল ?

জোনালি: সি কেনেকৈ আহে, আজি গোঁসাই বিহুৰ দিনা ৰাইজৰ নামঘৰত দায়িত্ব আছে নহয়……সন্ধিয়া আহি
তোকো চাই যাব আৰু মোকো লৈ যাবহি……..বৌ আজি থাকিবা চাগৈ…..

মুনু: নাই নাই….যামগৈ…,একেবাৰে সময় নাই বুজিছা, চেণ্ট্ৰেলৰ চাকৰি বিহুবুলি চুটি এটাও নাই……মা’ক দেখা এটাদি খা-খবৰ লৈ যাম বুলিহে আহিলো…….

জোনালি: দাদা, কি হ’ল তই দেখোন মনে মনে আছ’ ? কি চিন্তা কৰি আছ’ ?

ধন : নাই নাই একো চিন্তা কৰা নাই……

মা’: তই নুবুজিবি জোনালি, ককায়েৰৰ সাংঘাটিক চিন্তা, মোক এই ঘৰ ভেটিৰ পৰা উচ্ছেদ কৰিবলৈ আজি ইহঁতহাল পণলৈ আহিছে….বিহুবুলি বুঢ়িমাক জনীৰ খবৰ কৰিবলৈ অহা নাই……

ধন: মা ?

মা’: নামাতিবি তই মোক মা’বুলি…….

জোনালি: দাদা,…..বৌ এইবোৰ কি হৈছে……,মা’ক তহঁতে কি কৰিব খুজিছ” ?

মুনু: তোমাক এইবোৰ কথাকৈ একো লাভ নাই….,তুমি এতিয়া এইখন ঘৰৰ জীয়ৰী হৈ থকা নাই ,পৰৰ ঘৰৰ বোৱাৰী…..আৰু তুমি আমাৰ পৰিয়ালৰ ভিতৰুৱা কথাত ভাগ নোলোৱাই উচিত….

জোনালি: ঠিক কথা কৈছা বৌ….মই পৰৰ ঘৰৰ হ’লো…..! কিন্তু , এইজনী মোৰ মা’….,মা’ জীয়াই থকালৈকে এইখন ঘৰত তোমালোকৰ সমানেই মোৰো অধিকাৰ আছে….,কথাতো মনত ৰাখিবা….। চা’ দাদা,
মা’ বুঢ়ি হৈছে…..মায়ে বহুত কষ্টত আমাক ডাঙৰ কৰিলে, মা’ৰ মনত কষ্ট দিয়া কাম্ বোৰ নকৰিবি দাদা……এই বয়সত পুত্ৰ বোৱাৰীৰ পৰা অপমান পাব লগিয়া হোৱাতো বৰ কষ্টকৰ…,তাতে নাপায় অ’…..,পৰা হ’লে ময়েই মা’ক মোৰ লগত ৰাখিলো হেতেন……..

ধন: লৈ যা….কিয় নোৱাৰ’ ৰাখিব ?        

জোনালি: তই নথকা হ’লে ময়েই দায়িত্ব ল’লো হেতেন, এতিয়া তই আছ’ বাবে মোৰ দায়িত্ব নাই….

মা’: কোনেও মোৰ দায়িত্ব ল’ব নালাগে…কিন্তু ইয়ালৈ আহি মিছাতে হুলস্থুল খন কৰি মোক অশান্তি নিদিবি….
ধন : চা জোনালী……আমাৰ এই ভেটি তো বেছি পোৱা টকা খিনিৰে ঘৰ এটা লোৱা কথা ভাবি আছোঁ…..
তইও জান ঘৰ কিনোঁতে কিমান টকা লাগে তাকো চহৰত…….মায়ে কথাটো বুজি পোৱা নাই অ……

জোনালি : তই এই ভেটিটো বেচিবলৈ আহিছ……?

মুনু : চিন্তা নকৰিবা জোনালি তোমাক আমি নগদ 80,000 টকা দিম

জোনালি :( অলপ চিন্তা কৰি)……….না নহ’ব…. একেবাৰেই নহ’ব…..80,000 টকা ইমান কম ….লাখ টকীয়া মাটি হাঃ…হাঃ আৰু মোক 80,000 দি মোক ঠগিবলৈ আহিছে….তহঁতক গোটেই খিনি টকা লৈ যাৱলৈ নিদিওঁ…….

মুনু : কোৱা……,তোমাক কিমান লাগে কোৱা?

জোনালি : 2 লাখ…..

ধন : নহ’ব….! ইমান টকা দিব নোৱাৰো…..তোক ইমান টকা দিলে আমি কেনেকৈ ঘৰ কিনিম ?

জোনালি : মোৰ বিয়াৰ পিচত তোক কেতিয়াও একো খোজা নাই…..সেই কাৰণে 2 লাখ টকা এটিয়া দে

ধন : নোৱাৰিম, মানে নোৱাৰোঁ দিব ….

মুনু : জোনালি অলপ বুজিবলৈ চেষ্টা কৰাচোন……

 জোনালি : এহঃ নহ’ব ……লাগিবয়ে….. মোক নগদ ২ লাখ টকা দিব লাগিবই….

মা : চুপ …চুপ হৈ যা…..চুপ হৈ যা……..কলংক…. সন্তানৰ নামত কলংক ……মোৰ সপোন… মোৰ আশা সকলো শেষ হৈ গ’ল …..মোৰ সন্তানৰ পৰা এনে দিন দেখিব লাগিব  বুলি কেতিয়াও ভবা নাচিলোঁ….. ওলা মোৰ ঘৰৰ পৰা….. এতিয়াই তহঁত মোৰ ঘৰৰ পৰা ওলাই যা……কেতিয়াও তহঁতৰ মুখ নেদেখাবি, মোক….. মই মৰিলেও মোৰ মুখাগ্নি কৰিব’লৈ নাহিবি….এয়াই মোৰ শেষ সিধান্ত……….

ৰচনাঃ পংকজা ভূঞা,তেজপুৰ


















Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়