সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ডাৱৰ জানো আতৰিব -১ নং দৃশ্য



ডাৱৰ জানো আতৰিব

তথ্য বিৱৰণ: 

(চিত্ৰনাট্য ৰচনা: জানুৱাৰি,২০০২ নাট্যৰূপ: চেপ্তেম্বৰ,২০০২---দিগন্ত কুমাৰ ভূঞা )

 ধাৰাবাহিক ৰূপে সম্প্ৰচাৰ:--

(তেজপুৰ অগ্নিগড় চেনেল (প্ৰ্তিদিন সন্ধিয়া ৭-৩০ বজাত) আৰু 
তেজপুৰ বাণ চেনেল( প্ৰ্তিদিন সন্ধিয়া ৮ বজাত সম্প্ৰচাৰণ হৈছিল, ২০০২ চন ।) 

কাহিনি/চিত্ৰনাট্য/সংলাপ-দিগন্ত কুমাৰ ভূঞা। 

 

প্ৰযোজনা: ঔঁ শম্ভু প্ৰডাকচন ( প্ৰথম নিবেদন),
 পৰিচালনা- বাবন পাল। সহ-পৰিচালনা: প্ৰশান্ত কুমাৰ দাস।


অভিনয়ত: কাকু গোস্বামী,তাজ হুছেইন , সুদিপ্ত তামুলি, ,দিগন্ত কুমাৰ ভূঞা, বাপুকন বৈশ্য,  প্ৰশান্ত কুমাৰ দাস,তপন দাস,স্বাগত সেন, অৰূপ চহৰীয়া, সোনটি দাস,বাবন পাল, ৰামেশ্বৰ ডাউকা, ললিতা লহকৰ ,অনামিকা বৰুৱা বৰদলৈ, ৰশ্মী দেৱী, লিপি শইকীয়া,মিতালী ৰয়, প্ৰদ্যুত বৰ্মন, জয় দত্ত, মানিক শীল,বুল্টন সেনগুপ্ত,বুবুল ডেকা,দিলীপ কাকতী, জ্যোতি প্ৰসাদ শইকীয়া,দিলু ৰাভা, দেৱজিত বোস, প্ৰশান্ত দে, বিকাশ দে আদি।


নাট্যৰূপ:

 ডাৱৰ জানো আতৰিব -১ নং দৃশ্য



মঞ্চ পৰিকল্পনা:--অৱসৰ প্ৰাপ্ত শিক্ষক নৰেন বৰাৰ অতি সাধাৰণ ড্ৰয়িং ৰূম। মঞ্চত নৰেনৰ জীয়ৰী চুমি বহি থাকে , এনেতে বাহিৰৰ পৰা নৰেনে মাতে)

সংলাপ:-
নৰেন: চুমী, চুমী---, অ’চুমী----
চুমী: অ’ দেউতা আহিলা---, ইমান দেৰি হ’ল যে, কাম হ’ল চাগে----
নৰেন: নাই , আজিও নহ’ল---! (হাতত লৈ থকা ছাটি-বেগ চুমীক দিয়ে)---হোঁ এইবোৰ লৈ যা----! হেৰি, মা’ৰ ঘৰত নাই নেকি ?
চুমী: মা’ কল্পনা খুড়ীহঁতৰ ঘৰলৈ গৈছে । দেউতা, গৰম গৰম চাহ একাপ খাবা নেকি ?
নৰেন: ৰ’ আগেয়ে মই ভৰি হাত কেইটা ধুই লও, দিনটো পেঞ্চনৰ কাম খিনিৰ বাবে অফিচত ঘুৰমুতিয়াই ফুৰোঁতেই বৰ ভাগৰ লাগিল !
চুমী: তুমি তেতিয়াহ’লে হাত-ভৰি ধোৱা, মই মা’ক মাতি আনোগৈ-----(প্ৰস্থান)
(নামঘৰৰ পৰা সন্ধিয়াৰ  ডবা কোবোৱাৰ শব্দ ভাহি আহিব। নৰেনে হাতজোৰ কৰি প্ৰণাম কৰিব)
Light Cut

ক্ৰমশ.............

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়