সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

Krishan Chander ভাৰতবৰ্ষৰ বিখ্যাত লেখক কৃষণ চন্দৰ


Krishan Chander  ভাৰতবৰ্ষৰ বিখ্যাত লেখক কৃষণ চন্দৰ




ভাৰতবৰ্ষৰ বিখ্যাত লেখক কৃষণ চন্দৰ


                                                                                                                                দিলীপ কুমাৰ বৰুৱা 

মোৰ শৈশৱৰে অতি জনপ্ৰিয় তিনি গৰাকী হিন্দী ভাষাৰ লেখক হল মুঞ্চি প্ৰেম চাঁদ,কৃষন্দ চান্দক আৰু ৰাহুল সংস্কৃতায়ন।তিনি গৰাকী লেখৰ অসমীয়া পাঠকৰ মাজত ইমীন্ জনপ্ৰিয় যে তিনিও গৰাকীৰ গ্ৰন্থ প্ৰায়বোৰেই অসমীয়া ভাষালৈ অনুবাদ হৈছে আৰু মানুহে পঢ়ি ছে।আজি আমি যি গৰাকী লেখকৰ কথা আলোচনা কৰিব ওলাইছো তেওঁৰ বহু গল্প মই বহুবাৰ পঢিছো আৰু এতিয়াও পঢ়ি থাকো।তেওঁৰ জামুন‌কে পেড (জামুগছ) গল্পটো যিমানে পঢো সিমানে সি মোক বেলেগ আনন্দ দিয়ে।মই পঢ়া তেওঁৰ কিতাপ সমূহ হল  আত্মকথা,এ থাউজেণ্ড লাভ, গাডাৰ,এটা গাধৰ আত্ম কথা,কৃষন্দ চন্দৰ ৰ চুটি গল্প সমগ্ৰ. ইত্যাদি।প্ৰায়বোৰ ৰচনাতে তেওঁৰ ৰাজনৈতিক চিন্তা প্ৰতিফলিত হৈছে।আমাৰ ৰাজনৈতিক ব্যৱস্থা ৰ দুৰ্বলতা দৰিদ্ৰ সকলৰ প্ৰতি অৱহেলা,আমাৰ আইন ব্যৱস্থা,প্ৰশাসনীক ব্যৱস্থা ৰ দুৰবলতা আদিক চিত্ৰ হাস্য ব্যংগ ভাৱে তেওঁৰ চুটিগল্প আৰু উপন্যাস ত দাঙি ধৰিছে।গাডাৰ পঢ়িলে স্বাধীনতাৰ সময়ত দেশ ভাঙোনৰ ফলত সাধাৰন মনুহৰ যি কৰুণ অৱস্থা তেওঁ দাঙি ধৰিছে।




গাধৰ আত্ম কথা মাজেদি ৰাজনৈতিক ব্যৱস্থা ৰ যি ব্যংগ চিত্ৰ আঁকিছে সি অতি সুন্দৰ ।
উদ্দু,হিন্দী আৰু ইংৰাজী তিনিওটা ভাষাতে তেওঁ লিখিব পাৰে।লেখাৰ বাবে গোটেই জীৱনজুৰি প্ৰতিবাদৰ জোৱাৰ অনা চন্দ্ৰ শেষলৈ চৰকাৰৰ পাতি নৰম ভূমিকা লয় আৰু১৯৬১ চনত চৰকাৰে তেওঁক পদ্মভূষণ উপাধিৰে বিভূষিত কৰে।
ৰাজস্থানৰ ভকতপুৰত ২৩ নবেম্বৰৰ ১৯১৪ চনত জন্ম গ্ৰহণ কৰা পাঞ্জাৱূী মূলৰ লেখক গৰাকীৰ পিতৃ আছিল চিকিৎসক।মাকৰ ইচ্ছা পূৰণ কৰি তেওঁ ইংৰাজী বিষয়ত স্নাতকোত্তৰৰ আৰু আইনৰ ডিগ্ৰী লাভ কৰে যদিও চৰকাৰী নকৰি তেওঁ পেচাদাৰী লেখক হিচাবে জীয়াই থাকে আৰু আই পি টি আই আন্দোলনত প্ৰগতিবাদী লেখক হিচাবে ভাগ লয়।
তেওঁৰ তিনিটা কাহিনী হিন্দীত চিনেমা হিচাবেও জনপ্ৰিয় হয়।বোলছবি কেইখন হ'ল ধৰতী কে লাল(১৯৪৬),মমতা(১৯৬৬)আৰু ছৰাফট(১৯৭০)।হলিউদৰ বহু চিনেমাৰ চিত্ৰনাট্য তেওঁ ৰচনা কৰে।তেওঁৰ সৰ্বমুঠ ২০  খন উপন্যাস,৩০ খন গল্প সংগ্ৰহ।
তেওঁৰ কলিকতা চহৰৰ ওপৰত লিখা এখন উপন্যাস হল অন্নদাতা ।এইসউপন্যাসৰ ভিত্তিতি তেওঁ এগৰাকী উদ্দু লেখিকা চলম চিড্ডিকক বিয়া কৰায়।
কৃষন্দ চান্দৰ ৪০ বছৰ বয়সত বেমাৰ হৈ বিছনাত পৰি থকা অৱস্থাতে প্ৰথম কাহিনী লিখি লেখক জীৱন আৰম্ভ কৰে আৰু তাৰ পাছত কেৱল ধাৰাবাহিক লেখিয়ে যায়।কানুবন্দী তেওঁৰ প্ৰথম ৰচনা।পেছোৱাৰ এক্সপ্ৰছ তেওঁৰ আন  এখন শ্ৰেষ্ট ৰচনা।ভাৰতীয় সাধাৰণ লোকৰ মাজত অতি জনপ্ৰিয় চন্দৰদেৱ ১৯৭৭ চনৰ ৮ মাৰ্চত মুম্বাইত মৃত্যু বৰণ কৰে ।ভৰতৰ অতি সাধাৰণ লোকৰ পটভূমিত কাহিনী লিখি তেওঁ যুগে যুগে জনপ্ৰিয় হৈ জীয়াই থাকিব।

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়