সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

RELOR AALIT MRITADEH (Detective play) ( Part-1,2) ৰেলৰ আলিত মৃতদেহ



 RELOR AALIT MRITADEH (Detective play) 

ৰেলৰ আলিত মৃতদেহ (Part-1&2)

ৰেলৰ আলিত মৃতদেহ

 (ৰহস্যঘন ডিটেকটিভ নাটক)

ৰচনা: দিগন্ত কুমাৰ ভূঞা


মঞ্চস্থৰ বিশেষ বিৱৰণি: তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ---- (পৰিচালনা: সুদিপ্ত তামুলী) ,তেজপুৰ ঐশ্বৰ্যমণ্ডিত বাণ থিয়েটাৰত তিনিবাৰ মঞ্চস্থ----(পৰিচালক আছিল ক্ৰমে; সুদিপ্ত তামুলি, তপন দাস (16/11/2004)আৰু নাট্যকাৰৰ নিজা পৰিচালনা(24/o8/2014), গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰ--- (পৰিচালনা-মুকুট পটংগীয়া) আৰু তেজপুৰ অনাতাঁৰ কেন্দ্ৰ যোগে সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় নাটক, “ৰেলৰ আলিত মৃতদেহ” ।

ৰচনা: দিগন্ত কুমাৰ ভূঞা ।ৰচনাকাল: এপ্ৰিল,১৯৯৬ চন।)
 


RELOR AALIT MRITADEH (Detective play) Script by: Diganta Kumar Bhuyan

 

প্ৰস্তাৱনা: মঞ্চ মুকলি---

Direction: মঞ্চ আন্ধাৰ, নেপথ্যত শুনা যাব নিশাচৰ প্ৰাণীৰ ভয়লগা চিঞৰ-বাখৰ, বতাহ-বিজুলি-ধেৰেকণিৰ শব্দই চৌদিশ কপাই তুলিব। সংগীতে সম্পূৰ্ণ পৰিৱেশ সৃষ্টি কৰিব। কিছুসময়ৰ পিছত দূৰৈৰ পৰা ভাহি অহা পুৱতি নিশাৰ সময়ৰ সংকেট ঘণ্টাত নিশা ৩ বজাৰ ঘণ্টি শুনা যাব। ৰিণিকি ৰিণিকি অতী ক্ষীণ শব্দৰে এখন ৰেল(TRAIN) আহি থকা শব্দ শুনা যাব, লাহে লাহে ৰেলৰ শব্দ বাঢ়ি আহিব আৰু কিছু ক্ষণৰ ভিতৰতেই বিৰাট শব্দ কৰি ৰেলখন পাৰ হৈ যাব, মঞ্চত ৰেলৰ হেড লাইটৰ পোহৰ পৰিব, পোহৰ নোহোৱা হ’ব আৰু লাহে লাহে ৰেলৰ শব্দ ক্ষীণ হৈ হৈ শব্দ নোহোৱা হ’ব। এটা নাৰীকণ্ঠৰ ভয়ানক চিঞৰ শুনা যাব। 

                                             প্ৰথম দৃশ্য

Direction: পোহৰ আৰু সংগীতে ৰাতিপুৱাৰ পৰিৱেশ সৃষ্টি কৰিব। ৰাষ্টাৰ দৃশ্য। দুই-এজন খেলুৱৈ যুৱক-যুৱতী মঞ্চত দৌৰি পাৰ হৈ যোৱা দেখা যাব, এজন ব্যক্তিয়ে কাণত লগুণ মেৰিয়াই হাতত এটি পানীৰ পাত্ৰলৈ প্ৰাত:কৰ্ম কৰিবলৈ যাব, এজন ভদ্ৰলোকে হাতত এটা বিদেশী কুকুৰলৈ প্ৰাতভ্ৰমণ কৰিব, এনেতে বিপৰীত দিশৰ পৰা এজন বিহাৰী তাৰিৱালাই চাইকেলত তাৰিৰ টেকেলীলৈ প্ৰৱেশ কৰিব আৰু বাটুৰুৱা ভদ্ৰলোকৰ লগত মুখামুখি হ’ব। 


সংলাপ:

তাৰিৱালা: বাবু বাবু, হৌ বাবু, থৌহৰা ৰুকীয়ে………………

ব্যক্তি: আৰে তাৰিৱালা দেখোন , কি খবৰ তোমাৰ ?.............ইমানকৈ ফোপাইছা কিয় ? কি হৈছে তোমাৰ ?

তাৰিৱালা: ছু-ছাইদ (suicide) হুৱা হ্যায় বাবু !

ব্যক্তি : Suicide ?

তাৰিৱালা: হা বাবু ! হামাৰা বস্তীমা !

ব্যক্তি: কোনে চুইচাইদ কৰিলে ?

তাৰিৱালা: হামাৰ বস্তিৰ ওচৰত থকা ৰেল লাইন মে বহুত আদমী জমাহুৱা হ্যায় বাবু, আউৰ হামি দেখকৰ ঘবৰাগিয়া !

ব্যক্তি: কিন্তু তুমি চুইচাইদ কৰাৰ কথা ক’লা যে , কোনে চুইচাইদ কৰিলে ?

তাৰিৱালা: হামকৌ নাহি মালুম বাবু, কৈয়ি কৈয়ি ব’লতা হ্যায় কি ৱহ’ ফুকন চাব কা বিবী হ্যায় !

ব্যক্তি: ফুকন চাহাবৰ বিবী মানে, উকীল সদানন্দ ফুকনৰ মিছেছ ! আচৰিত !!

তাৰিৱালা: আভিটো পুলিচ কা গাড়ীভী আঁপৌছা হ্যায় বাবু !

ব্যক্তি: আচৰিত ঘটনা, অতি আচৰিত !!

তাৰিৱালা: বাবু , হামি এতিয়া যাওঁ,  ৰাম-ৰাম (প্ৰস্থান)

ব্যক্তি: অ’ ৰাম ৰাম…………..! Light cut.

                                              দ্বিতীয় দৃশ্য



Direction: পুৱাৰ পৰিৱেশ। যুৱক নয়ন ব্যায়াম কৰাত ব্যস্ত, কিছু সময়ৰ পিছত তাৰ বন্ধু দীপকৰ প্ৰৱেশ।


সংলাপ:

দীপক: নয়ন, তই অহা বহুত দেৰি হ’ল নেকি ?

নয়ন: তই ইমান দেৰি কৰিলি কিয় ?

দীপক: তই জানই দেখোন, তিনিআলিৰ মুৰত ৰখি আছিলো।  ঐ নয়ন, এইফালে তাই আহিছিল নেকি ?

নয়ন: কোন ? অ’ তোৰ প্ৰেমিকাৰ কথা শুধিছ’ , অহাৰ সময়বোৰ এতিয়াও পাৰহৈ যোৱা নাই, আহিব………

দীপক: কালিও অহা নাই, কিবা অসুখ বিসুখ হ’ল নেকি ?

নয়ন: অধৈৰ্য হ’ব নালাগে , আহিব ।

দীপক: আজি কিন্ত মই তাইক ৰখাইলৈ তাইৰ নামটো সুধিমেই, পিছত যি হয় হ’ব !

নয়ন: আজি এমাহ এইটো ডাইলগ তই মোৰ আগত বহুত বাৰ মাৰিলি, কিন্তু ক’বলৈ সাহস হ’লে গোটাব নোৱাৰিলি !

দীপক: নহয় অ’ , আচলতে কি জান’ ?

নয়ন: মই চব জানো , ক’চোন এইজনী কেই নম্বৰৰ ?

দীপক: ধেৎ , তই উল্টা বুজিছ’ , এইজনী আগৰ কিজনীৰ দৰে নহয় অ’ , এইৰ গাত কিবা এটা বিশেষ ধৰণৰ এক আকৰ্ষণ আছে, মই সঁচাকৈয়ে তাইক বৰ ভাল পাওঁ ! বহুত ভাল পাওঁ !!

নয়ন: তেতিয়া হ’লে দেৰি কৰিছ’ কিয় ? লগ ধৰি ভাল পাওঁ বুলি কৈ নিদিঅ’ কিয় ?

দীপক: আজি কমেই, তোৰ শপত…….

নয়ন: কিন্তু চাবি ভাই দোষ্ট, এইবোৰ লাফ্ৰালৈ হ’লে মোক নাটানিবি,  মোৰ ছোৱালীৰ চেন্দেলৰ চৰ খোৱাৰ হেপাহ নাই।

দীপক: মই কিন্তু তাইক নাপালে Suicide কৰিম………….

নয়ন: Suicide  ? হা: হা: হা: তই চুইচাইদ কৰিবি ? হা: হা: Please তই মোক ব’ৰ নকৰিবি ।

দীপক: ৰ’ ৰ’ ৰ’, আবে তোক কোৱাই নাই……

নয়ন: কি ?

দীপক: উকীল এটাৰ ঘৈনিয়েকে চুইচাইদ কৰিলে ।

নয়ন: চুইচাইদ কৰিলে ? কেতিয়া ?

দীপক: আজি, মই তিনিআলিত ৰৈ থাকোতে চুইমিং ক্লাৱৰ চেক্ৰেটাৰীজনক লগ পাইছিলো, তেখেতে ক’লে, ৰেল গেটৰ ওচৰত বহুত মানুহ জমা হৈছে, পুলিচ আহিছে….খবৰটো লৈ আহিবিগৈ নেকি ?

নয়ন: আবে বাদ দে এইবোৰ, মানুহ নমৰাতোহে আজি কালি খবৰ , টিভি-পেপাৰত হত্যা-ধৰ্ষণ- আত্মহত্যা-অপহৰন- এইবোৰ খবৰেই ভৰ্তিহৈ থাকে………..

দীপক: দোষ্ট, ঐ আজিও নাহিব নেকি অ ?

নয়ন: তোক কথা এটা কওঁ শুন, এইবোৰ ধান্দা বাদ দে বুজিছ’ ---প্ৰেম,ছোৱালী এইবোৰ চিন্তা বাদদি পঢ়াশুনাত মন দে , নহ’লে যোৱা বাৰৰ দৰে এইবাৰো গেৰা মাৰিবি ।

দীপক: (দেখা পাই)--- আব্বে দোষ্ট ৰ’ ৰ’ , আহিছে আহিছে-----

নয়ন: যা যা দৌৰ মাৰ , চেনি খাগৈ যা ৰৈ আছ’ কিয় ? হাতত থাপ মাৰি ধৰি আই লাভ ইউ কৈ দেগৈ ।

(এনেতে মঞ্চত প্ৰৱেশ দুজনী যুৱতী, কথা পাতি পাতি প্ৰস্থান কৰে। যুৱতীক দীপকে একো সুধিব নোৱাৰিলে।)

দীপক: আজি আৰু বাদ দে দোষ্ট, কাইলৈ কিন্তু মই সুধিমেই।

নয়ন: তোক কিন্তু মই এতিয়া গোৰ এটা সোধাম দেই----(ব্যায়াম বাবে লৈ অহা কাপোৰ কানি আদি সামৰিব, দীপকলৈ চাব, সি মন মাৰি বহি থাকে,) মন মাৰি থাকিব  নালাগে  , ঐ ব’ল চুইচাইদ হোৱা জেগাতো চাই আহোগৈ ব’ল---

দীপক: পাঁচ মিনিট মান ৰ’চোন , সিহঁত দুজনী এইফালে আকৌ উভতি আহিব নহয়----

নয়ন: হে হৰি ! ঐ ডাণ্টে , তোৰ ব্ৰিয়েটিছ এতিয়াই নাহে ব’ল, সিহঁত ষ্টেডিয়ামলৈ যাব , ৰৈ থাকি লাভ নাই-----

দীপক: অলপ ৰ’চোন !

নয়ন: ধেই, তই থাক মই যাওঁ (যায়)

দীপক: (ঘুৰি ঘুৰি চাই চাই) ৰ’ নয়ন ৰ’, মইও গৈছো ৰ’…………….Light cut.



   ক্ৰমশঃ……………






 নাট্যকাৰ: দিগন্ত কুমাৰ ভূঞা






ৰেলৰ আলিত মৃতদেহ (Part-1&2)

ক্ৰমশঃ……………

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়