Leonardo DA Vince
জ্ঞান পিপাসু শিল্পী লিওনাৰ্দো দা ভিঞ্চি
 |
Leonardo DA Vince
|
ৰচনা: দিলীপ কুমাৰ বৰুৱা
লিওনাৰ্দো দা ভিঞ্চিৰ দৰে সৰ্ৱগুনাকৰ (polymath)শিল্পী এগৰাকী যে পৃথিৱীত জন্ম হৈছিল ১৪ ৫২ চনৰ ১৫ এপ্ৰিলত আৰু ৬৭ বছৰ বয়সত ২ মে১৫১৯ চনত বহু শিল্পকৰ্মৰ অন্তত মহাপ্ৰয়ান ঘটিছিল বিশ্বাস নহয়।তেওঁৰ সম্পূৰ্ণ নাম আছিল লিওনাৰ্দো দা ছেৰ পীয়েৰ' দা ভিঞ্চি।
 |
মনালিছা
|
মনালিচা তেওঁৰ শ্ৰেষ্ট শিল্প কৰ্ম যাকলৈ দেশে দেশে আলোচনা বিতৰ্কৰ অন্ত নাই।শিল্পৰ সাৰ্বজনীনতাত তেওঁ বিশ্বাসী আছিল।ভিঞ্চি আজিৰ পৰা প্ৰায় ৫৬৮ বছৰ আগতে জন্ম হৈ একেধাৰে আছিল চিত্ৰকৰ,ভাস্কৰ্য শিল্পী,জ্যামিতিবিদ,মানুহৰ শৰীৰ তত্বৰ(Anatomy) গৱেষক,লেখক ,অভিযন্তা,চিন্তাবিদ । তদুপৰি তেওঁ কাৰিকৰী বিদ্যাৰ দ্বাৰা পৃথিৱী পৰিৱৰ্তন কৰিব পাৰি বুলিছিল।আকাশত উৰা মেচিন,সৌৰ শক্তিৰ আহৰণ,টেঙ্ক,হেলিকপ্তাৰ,যুদ্ধ যান আদিও আবিস্কাৰ কৰি নিৰ্মান কৰিছিল বুলি জনা যায়।।দি লাষ্ট চাপাৰ (১৪৯৫-৯৮)আৰু মনালিচা(১৫০৩-১৯) তেওঁৰ শ্ৰেষ্ঠ চিত্ৰ।জ্ঞানৰ প্ৰতি তেওঁৰ আছিল অদম্য হেঁপাহ।অভিজ্ঞতাই মানুহক ভুলৰ পৰা বচাই।Experience never errs.All our knowledge has its origins in our perceptions.(অনুভুতি)জ্ঞান পিপাষু ভিঞ্চিয়ে সদায় পকেটত নট বুকলৈ ফুৰে।
 |
Leonardo DA Vince
|
তেওঁ নট কৰে সকলো বিষয়ৰ জ্ঞান সংগীত,শিল্প,দৰ্শন,গণিত,শৰীৰ বিদ্যা,ভূতত্ব,আলোকতত্ব,জলবিদ্যা,উদ্ভিদবিদ্যা,ভৰবিদ্যা,স্থাপত্য,কলা,ধ্বনিতত্বত,জ্যোতিবিদ্যা,ৰসায়ন সকলো।জ্ঞান অন্বেষণ আৰু নতুন উদ্ভাৱন তেওঁৰ সপোন।মানুহৰ দেহৰ বিষয়ে জানিবলৈ তেওঁ বহু মৃতদেহ কাটি পৰীক্ষা কৰি ছবি আঁকিছে মানুহৰ দেহক ভিতৰৰ অংশৰ।জনামতে তেওঁ মৰিশালীৰ পৰা ৩০ টা মৃতদেহ খান্দি ব্যৱছেদন কৰি ভিতৰৰ অংশৰ ছবি আঁকে।বুঢা হলে মানুহ মৰে কিদৰে এইলৈ তেওঁ বহু পৰীক্ষা কৰে আৰু এশ বছৰীয়া নিৰোগী লোক এজন মৰাৰ লগে লগে দেহাটো ফালি মৃত্যুৰ কাৰণ উলিয়াব বিচাৰে,তেওঁ লক্ষ কৰে যে নাড়ী আৰু শিৰাবোৰ দুৰ্বল হৈ গৈছে।তেওঁৰ মতে ঈশ্বৰৰ সৃষ্টিত কোনো অপপ্ৰয়োজনীয় বস্তু নাই।দৰব আৰু বেমাৰ ওপৰত লিখিছে Medicine is the restoration of elements out of equilibrium ,illness is the discord of elements infused into the living body.
ভিঞ্চি কোনো বিদ্যালয়ত পঢ়া নাছিল।তেওঁ মাক দেউতাকৰ বৈধ্য সন্তান নাছিল বাবে বিদ্যালয়ত নামভৰ্তি কৰিব পৰা নাছিল।ভিঞ্চিয়ে নিজেও বিয়া কৰোৱা নাছিল যদিও তেওঁৰ তিনিটা অবৈধ্য ( legitimate)সন্তান আছিল। সেয়া সেই সময়ৰ ব্যৱস্থা বুলিও ভাবিব পাৰি।বিদ্যালয়ত আনুস্থানিক শিক্ষা নাথাকিলেও গুৰু আন্দ্ৰে দাই চায়ন ৰ পৰা চিত্ৰ অঁকা শিকিছিল ।ভিঞ্চিয়ে সোঁ ফালৰ পৰা বাঁও ফাললৈ দুয়োটা হাতৰে লিখিছিল আৰু মিৰৰ লেখন(Mirror Writing) অথাৎ ওলটাকৈ আখৰ খৰকৈ লিখিব পৰিছিল।এখন কিতাপো তেওঁ মিৰৰ ৰাইটিং কৰিছিল।তেওঁৰ বেচিভাগ লেখা ,নট মিৰৰ ৰাইটিং,যাক আইনাৰ আগত ৰাখিহে পঢ়িব পাৰি।জীৱ জন্তুৰো স্বাধীনতা বিচাৰি তেওঁ সঁজাত বন্দী চৰাই কিনি মুকলি কৰি দিছিল।দীঘল দাড়ি অসংলগ্ন পোছাক পিন্ধা খেয়ালি স্বভাৱৰ ১৬ শতিকাৰ ইটালীৰ ৰেনেছাঁ যুগৰ তেওঁ অতি প্ৰতিভাধৰ শিল্পী।তেওঁ হমচেক্সুৱেল আৰু নিৰামিস ভোজী আছিল। ২৪ বছৰত এক যৌন অপৰাধত তেওঁ অভিযুক্ত হৈছিল যদিও সি প্ৰমানিত নহল।তেওঁ জীৱনত ধন -সম্পতিক একেবাৰে গুৰুত্ব দিয়া নাছিল,দিছিল বন্ধু আৰু সহকৰ্মীক আৰু সকলোতকৈ বেছি জ্ঞানক।মৃত্যুৰ সময়ত তেওঁ দুখ কৰিছিল এই বুলি যে মই ভালদৰে পৃথিৱীত কাম নকৰি ঈশ্বৰ আৰু মানৱতাৰ বাবে মই ঘোৰ অন্যায় কৰিলোঁ।এই ধাৰণা আমি ল'ব. পৰা হলে?তেওঁ মানুহৰ জীৱনৰ চাৰিটা শক্তিৰ কথা কৈছিল যি হ'ল স্মৃতিশক্তি,বৌদ্ধিক শক্তি,ইচছা শক্তি আৰু লোভ শক্তি(Cautiousness)।

অসমীয়া ভাষাত জনাৰ্দন গোস্বামীৰ "লিওনাৰ্দো দি ভিঞ্চ এক কিংবদন্তিৰ জীৱন -গাথা " নামৰ এখন গ্ৰন্থ ২০১৩ চনত প্ৰকাশ পাইছে। গ্ৰন্থখন আৰু অলপ স্পষ্ট আৰু সৰলকৈ লিখাৰ প্ৰয়োজন আছিল বুলি মোৰ ধাৰণা।তেওঁৰ ওপৰত বিশ্বত বহু গ্ৰন্থ প্ৰকাশ হৈছে আৰু তেওঁ ৰ নটবুক সমূহো সংৰক্ষন কৰা আছে।মুঠ ২০ খন বিৰল চিত্ৰ,অসংখ্য দেৱাল চিত্ৰ,বহু ভাস্কৰ্য তেওঁ নিৰ্মান কৰে।তেওঁ বাৰে বাৰে কৈছিল এটা ধুনীয়া শৰীৰো ধ্বংশ হ'ব,কিন্তু সফল সৃ্ষ্টি কাহানীও ধ্বংশ নহয়।তেওঁ কৈছিল অতি উচ্চাকাংক্ষী লোকে সদায় জীৱনত দৰিদ্ৰতা অনুভৱ কৰে।আকৌ দৰিদ্ৰ হয় তেওঁ যি মালিকক অধিক লাভ আনিদিব নোৱাৰে Poor is the puple who does notsurpass his master.তেওঁ কৈছিল -I love thouse who can smile in trouble,who can gather strength from distress and grow brave by reflection.আকৌ কয় Simplicity is the ultimate sophistication.Love without love is no life at all. তেওঁৰ এটা জীৱন সৰ্ম্পকীয় বিখ্যাত উক্তি Life well spent is long.
লেখক: দিলীপ কুমাৰ বৰুৱা
Comments
Post a Comment
If you have any doubts, please let me know.