Bertolt Brecht & epic theatre
বাৰ্টল ব্ৰেখট আৰু এপিক থিয়েটাৰ
-----: দিলীপ কুমাৰ বৰুৱা,তেজপুৰ
বিশ্বত আধুনিক এপিক থিয়েটাৰৰ জনক বুলি কোৱা হয় জাৰ্মানীৰ নাট্যশিল্পী বাৰ্টল ব্ৰেখটক।
নাটক কেৱল মনোৰঞ্জনৰ বাবে নহয়,নাটকৰ যোগেদি সমাজলৈ পৰিৱৰ্তন আনিব পাৰি।নাটকৰ যোগেদি দৰ্শকক নিজৰ অধিকাৰ,নিজৰ দায়িত্ববোধ জগাই তুলি এক সামাজিক ৰাজনৈতিক সংগ্ৰামলৈ আগবঢ়াই দিব পাৰি এয়া নাট্যকাৰৰ চিন্তা।
নাটকত পলায়নবাদ তেওঁ বিশ্বাস নকৰে,কৰে সাম্প্ৰতিক বাস্তৱবাদত।নাটকৰ এটি বিপ্লৱী ধাৰাৰ জন্মদি তেওঁ এডলফ হিটলাৰৰ ফেচিষ্ট শক্তিৰ চকুৰ কুতা দাঁতৰ শূলহৈ পৰিছিল।ফলত
ডেনমাৰ্ক,ফিনলেণ্ড,চুইডেন,আমেৰিকাত তেওঁ নাটকৰ বাবে নিৰ্বাসিত হ'ব লগা হয়। দ্বিতীয় মহাযুদ্ধৰ অন্ত হোৱাত ১৯৪৮ চনত তেওঁ পূৱ জাৰ্মানীলৈ ঘুৰি আহি পৰিবাৰৰ সৈতে মিলি নতুন নাট্যানুস্থানৰ (Berliner Ensemble)জন্মদি নতুন পৰীক্ষা আৰম্ভ কৰে।ইয়াৰ পূৰ্বে তেওঁ ৩৯ খন নাটক ৰচনা কৰে।
মানুহৰ বাবে নাটকৰ এই দৰ্শনকেলৈ তেওঁ জীৱন জুৰি প্ৰচেষ্টা চলায় গ'ল। তেওঁৰ মতে, Art is not a mirror held up to reality but a hammer with which sale it.
কাল মাৰ্ক্স,পাৱলো পিকাচো আদিৰ চিন্তাৰ প্ৰভাৱৰে প্ৰভাৱাম্বিত বাৰ্টল ব্ৰেখট ৰ জন্ম১৮৯৮চনৰ১০ ফেব্ৰুৱাৰী ত আৰু মৃত্যু ১৯৫৭ চনৰ ১৪ আগষ্টত।
তেওঁ প্ৰথম খন নাটক লিখে ১৯১৮ চনত Baal.তেওঁৰ কেইখনমান বিখ্যাত নাটক হ'ল দি ত্ৰিবেনী অপেৰা,দি ৰাইজ এণ্ড ফল অৱ মহাগনি চিটী,হু চেইড ইয়েছ,দি মিজাৰ টেকেন,মাদাৰ কাৰেজ ইত্যাদি৷
নাটক সমূহত তেওঁ শাসক শ্ৰেণীক ব্যংগ কৰিছে,কেতিয়াবা ফেচিষ্টৰ বিপক্ষে গৰজি উঠি সাম্যবাদী প্ৰচাৰ কৰিছে আৰু কেতিয়াবা মেলোড্ৰামা বা অতিনাটকীয়ত্বৰ সহায় লৈছে।
দি লাইফ অৱ গেলিলিও তেওঁৰ এখন বিখ্যাত নাটক ,যি খন বিশ্বনাথ চাৰিআলিৰ বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱা চাৰে অনুবাদ কৰিছে আৰু এটা কপি মোকো দিছিল।নাটকত গেলিলিওৰ মুখত এটা সংলাপ হ'ল-- মই দৃঢ় ভাৱে ঘোষনা কৰো বিজ্ঞানৰ উদ্দেশ্যে হৈছে মানুহৰ দুখ দুৰ্দশা লাঘৱ কৰা।গাদীত বহিথকা ক্ষমতাশালী ব্যক্তিৰ ভৰিচেলেকি বৈজ্ঞানিক বিজ্ঞানৰ কাৰণে যদি বিজ্ঞান চৰ্চা কৰে তেন্তে বিজ্ঞান পঙ্গুহৈ যাব।আকৌ কৈছে যি সত্য উপলব্ধি কৰিব নোৱাৰে সি মূৰ্খ।কিন্তু যি সত্য উপলব্ধি কৰি তাক মিছা বুলি অভিহিত কৰে তেওঁ পাপী।
এপিক থিয়েটাৰৰ জনক বুলি কোৱা হয় ব্ৰেখটক।আৱশ্যে এৰউইন পিচকেটৰ,ভল্ডামিৰ মায়কভস্কি আদিয়ে এই কুৰি শতিকাৰ ব্যতিক্ৰমী নাট্য চিন্তা আৰম্ভ কৰে আৰু ব্ৰেখটৰ হাতত ই পূৰ্ণতা প্ৰাপ্ত হয়।এপিক থিয়েটাৰে প্ৰথম বাৰলৈ মানুহৰ অৰ্থনৈতিক,সামাজিক,ৰাজনৈতিক সমস্যা সমূহ মুকলিকৈ নাটকৰ মাজলৈ আনিলে।
বাস্তৱবাদ আৰু কবিতাৰ সংযোগ ঘটালে।ইয়াৰ মূল দৰ্শন হ'ল Alinatio effect বা বিচিন্নতাৰ প্ৰভাৱ। তদুপৰি এনে নট্যকলাত ব্যৱহাৰ হয় Context,Gestus,Exaggeration,Demonstrative,Narrative Effect আৰু Humer(এইবোৰ নাটকৰ নতুন কৌশল)তদুপৰি নাটকত আপ্ৰাকৃতিক পৰিৱেশ বুজাবলৈ শব্দ আৰু পোহৰৰ সঞ্চালনৰ ওপৰত গুৰুত্ব দিয়া হয়।ব্ৰেখটে কৈছিল নাটক মনোৰঞ্জন বাবে নহয়।দৰ্শক অভিনেত অভিনয়ৰ লগত নাটকত সংপৃক্ত হব লাগিব।দৰ্শকে নাটক চাই একোটা সিদ্ধান্তৰ ভৰ ঘৰলৈ ,সমাজলৈ লৈ যাব লাগিব।নাটকৰ কাহিনী, পকিচালনা,অভিনয় সমাজৰ বাস্তৱ পৰিস্থিতিৰ বাবে দায়বদ্ধ।নাটক হ'ল এক হেমাৰ যাৰ দ্বাৰা মানুহৰ চিন্তাক এক নতুন বিপ্লৱী আকৃতি দিয়া যায়।কলা কলাৰ বাবে নহয়।নাটক নাটকৰ বাবে নহয় মানুহৰ বাবে নীপিড়ীত,বঞ্চিত,শোষিত মানুহৰ বাবে।দৰ্শকৰ অন্তৰত নাটকৰ দ্বাৰা এক নতুন চিন্তাৰ প্ৰাণ সঞ্চাৰ কৰা যায়।ব্ৰেখতে কৈছিল মানুহৰ ডাঙৰ নীৰক্ষৰতা হ'ল ৰাজনৈতিক নীৰক্ষৰতা ,যাৰ বাবে মানুহে ৰাজনৈতিক কথা নুশুনে,নকয় আৰু কোনো আলোচনাত ভাগ নলয়।
১৯৬৪ চনত বঙালী নাট্যব্যক্তিত্ব সত্যজিৎ ৰায় আৰু উৎপল দত্ত মিলি জন্ম দিয়ে দা বাৰ্টল ব্ৰেখট চচাইটি অৱ ইণ্ডিয়া আৰু প্ৰকাশ হয় এপিক থিয়েটাৰ পত্ৰিকা।
১৯৭১ লৈ সমগ্ৰ ভাৰতত এনে বহু নতুন এপিক নাটকৰ জন্ম হয় ।আমাৰ অসমীয়া নাট্যধাৰাকো এনে নাটকে বিধৌত কৰে।সত্যপ্ৰসাদ বৰুৱা,অৰুণ শৰ্মা আদি নাট্যকাৰৰ জন্ম হয়।ব্ৰেখটৰ বলীষ্ট মত অসুখী সমাজক সুস্থ চিন্তাৰ ৰাজনৈতিক জন নায়কৰ প্ৰয়োজন।আকৌ তেওঁ কৈছিল ভোকাতুৰ মানুহে কিতাপ পঢ়িবই,কাৰণ কিতাপ পৰিৱৰ্তনৰ শানিত অস্ত্ৰ।
writer :----Dilip Kr. Baruah
editor: Diganta Kr. Bhuyan
Comments
Post a Comment
If you have any doubts, please let me know.