সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

Relor Alit Mritadeh (Part- 6&7) ৰেলৰ আলিত মৃতদেহ (৬,৭ )



 Relor Alit Mritadeh(Part- 6&7)ৰেলৰ আলিত মৃতদেহ(৬,৭)    ষষ্ঠ দৃশ্য

Direction: ৰাজপথৰ দৃশ্য। চকুত চানগ্লাছ আৰু জিনচ্‌-টি-চাৰ্ট পৰিহিতা আধুনিকা যুৱতী মিচ ইন্দ্ৰানী ৰাজবংশীৰ প্ৰৱেশ। বিপৰীত ফালৰ পৰা মদনৰ প্ৰৱেশ। দুয়ো মুখা-মুখি হয়। কিছু সময় মদনে ইন্দ্ৰানীলৈ থৰ লাগি চায় ৰয় ।

সংলাপ:

ইন্দ্ৰানী: হেৰা, হেৰা………চাও শুনাচোন !

মদন: মোক মাতিছে নে ?

ইন্দ্ৰানী: হয় তোমাকেই মাতিছো, তুমি ইয়াতে থাকা নেকি ?

মদন: হয় , পিছে কিয় বা সুধিলে ?

ইন্দ্ৰানী: মই সদানন্দ ফুকনৰ ঘৰখন বিচাৰি আহিছো, তুমি চিনি পোৱা যদি অনুগ্ৰহ কৰি তেখেতেৰ ঘৰখন মোক দেখুৱাই দিয়াচোন ।

মদন: অ’ আমাৰ চাৰক বিচাৰি আহিছে ?

ইন্দ্ৰানী: তোমাৰ চাৰ মানে ? তুমি তেখেতৰ ঘৰতেই থাকা নেকি ?

মদন: হয়, পিছে কিয়বা আমাৰ চাৰক বিচাৰি আহিল ?

ইন্দ্ৰানী: সেইটো কথা মই তোমাক ক’ব নোৱাৰো ।

মদন: (অপমান বোধ কৰিব) তেনেহ’লে মইয়ো চাৰৰ ঘৰখন দেখুৱাই দিব নোৱাৰো !(যাব খোজে)

ইন্দ্ৰানী: কি আচৰিত (মিচিকীয়া হাঁহিৰে অলপ সহজ ভাবৰে ) ৰ’বাচোন, আচলতে মই তোমাৰ চাৰ অৰ্থাৎ সদানন্দ ফুকনৰ মিচেছ মেনকা ফুকনৰ বান্ধবী,মই মেনকাকহে লগ পাবলৈ আহিছো ।

মদন: তাকেইনো তাহানিৰে পৰা কোৱা নাই কিয় ?

ইন্দ্ৰানী: তুমিনো মোক ক’বৰ বাবে সুবিধাকননো দিছা কেতিয়া ? (দুয়ো হাঁহিব)

মদন: (দেখুৱাই ) এই ৰাষ্টাটোৰে চিধা গৈ সোঁফালৰ টাৰ্ণিংটোৰ লগতে থকা প্ৰকাণ্ড লোহাৰ গেইট থকা ঘৰটোৱেই আমাৰ চাৰ সদানন্দ ফুকনৰ ঘৰ।

ইন্দ্ৰানী: ধন্যবাদ, পিছে তুমি ক’লৈ যোৱা ?

মদন: থানাৰ অ’চি চাৰক আমাৰ চাৰে এতিয়াই মাতিবলৈ মোক পঠিয়াইছিল, মোৰ দেৰিয়েই হ’ল…..(প্ৰস্থান)

ইন্দ্ৰানী: (মদন যোৱাৰ ফালে চাই, এটা মৃদু হাঁহিৰে দৰ্শকৰ ফালে চাই ৰয়) Light Cut.

  সপ্তম দৃশ্য


Direction: একেই ড্ৰয়িং ৰূমৰ দৃশ্য সজ্জা। ফুকনে পাইচাৰী কৰি থাকে আৰু মেনকাই চোফাত বহি নিৰবে ফুকনক নিৰীক্ষণ কৰি থাকে।)

সংলাপ::-

মেনকা: তোমাৰ এই নতুন লগুৱাটো বেচ ভাল, তাৰ নামটো মদন বুলি আগেয়েই জানিলো,পিছে ক’ৰ পৰা জোগাৰ কৰিলা ?

ফুকন: এইবিলাক সম্পূৰ্ণ মোৰ ঘৰুৱা কথা অপোনাক কেলেই ?

মেনকা: আগলৈ জানো সি মোৰ লগতে থাকিব নালাগিব ? সেইকাৰণে সকলো কথা জানি থবলৈ বিছাৰিছো ।

ফুকন: হেৰি, মই আপোনাক হাতজোৰ কৰি কৈছো, মোক প্ৰতাৰণা কৰিবলৈ চেষ্টা নকৰি আপুনি ইয়াৰ পৰা ওলাই যাওঁক । নহ’লে পুলিচৰ হাতলৈ যাব লাগিব, আপুনি এগৰাকী মহিলা, পুলিচৰ হাতত পৰিলে বৰ কষ্ট পাব । (এনেতে কলিং বেল বাজিব)--- ইয়েছ, গেইট ইন (ইন্দ্ৰানীৰ প্ৰৱেশ)।

ফুকন/মেনকা: (একে লগে ইন্দ্ৰানীলৈ চাৱ)

ইন্দ্ৰানী: এইটো বাৰু সদননদ ফুকনৰ ঘৰ নহয়নে ?

মেনকা: ……আৰে ইন্দ্ৰানী তই, ক’ৰ পৰা আহি ওলালিহি ?

ইন্দ্ৰানী: মেনকা, তোৰেই ঘৰ বিচাৰি আহিলো,(ফুকনৰ ফালে আঙুলিয়াই)—এখেত হ’বলা তোৰ………..

মেনকা: (হাঁহি) তই ঠিকেই ধৰিছ’ ! (ফুকনক উদেশ্যি) মই যে তোমাক প্ৰায়ে কৈ থাকো মোৰ হোষ্টেল লাইফৰ বেচ ফ্ৰিয়েণ্ড ইন্দ্ৰানী বুলি, সম্পূৰ্ণ নাম ইন্দ্ৰানী ৰাজবংশী এতিয়া ব’ম্বেত(মুম্বাই) থাকে মডেলিং কৰে ।

ইন্দ্ৰানী: নমস্কাৰ ! আপোনাৰ লগত পৰিচয় হ’বলৈ পায় বৰ ভাল লাগিল ।

মেনকা: তই ঠিয় হৈয়েই থাকিলি ব’হ আক’ !

ইন্দ্ৰানী: বহিম বাৰু………., পিছে আজি তহঁতক দেখি এনে লাগিছে , নিশ্চয় তহঁতৰ মাজত কিবা এটা লাগিছে !

মেনকা: ধৰ তেনেকুৱাই, সেইবুলি তই আক’ একো নাভাবিবি !

ইন্দ্ৰানী: নাই নাই, মই আক’ কি ভাবিম! স্বামী-স্ত্ৰীৰ মাজত এইবোৰ থাকেই !

ফুকন: পিছে আমাৰ মাজত আজি ঠিক আপুনি ভবাৰ দৰে দাম্পত্য-কলহ নহয়, তাতকৈ অলপ বেছি , যাৰ বাবে মই পুলিচ মাতিব ল’গা হৈছে !

ইন্দ্ৰানী: (আচৰিত হৈ) পুলিচ মাতিব ল’গা হৈছে মানে ?—মই ঠি একো বুজিব পৰা নাই ! অসুবিধা নহয় যদি বুজাই কওঁকচোন ?

ফুকন: মানে---এখেত  আপোনাৰ বান্ধৱী হ’লেও মোৰ পত্নী নহয়! মোৰ পত্নী মেনকা ফুকনৰ মৃত্যু হৈছে !

ইন্দ্ৰানী: আপোনাৰ পত্নী………..মানে মেনকাৰ মৃত্যু হৈছে ? আপুনি এইবোৰ কি কৈছে ?

ফুকন: হয় ! যি শুনিছে ঠিকেই শুনিছে, মেনকাৰ মৃত্যু হোৱা  আজি সম্পূৰ্ণ দুমাহ হ’ল, তেওঁ চলন্ত ৰেলৰ আগত পৰি আত্মহত্যা কৰিলে !

ইন্দ্ৰানী: কিয় ?

ফুকন: সেই কথা মোৰ বাবে আজিও ৰহস্য হৈয়েই থাকিল ! মেনকাক মই মোৰ প্ৰাণতকৈওঁ বেছি ভাল পাইছিলো, কিন্তু তেওঁ কিয় এনে পথ বাচি লৈ মোক এৰি গুছি গ’ল……………..(শোকে খুন্দামাৰে, ৰুমালৰে চকু মচে)

ইন্দ্ৰানী: তেনেহ’লে এইয়া কোন ?

ফুকন: সেই কথা তেখেতেই জানে, সোধক তেখেতক….., হয়তো আপুনিওঁ জানে !

ইন্দ্ৰানী: আপুনি কি ক’বলৈ বিছাৰিছে ?

ফুকন: ষড়যন্ত্ৰ !--- নিশ্চয় কিবা এটা পৰিকল্পনা কৰিয়েই আজি আপোনালোক মোৰ ঘৰলৈ আহিছে, কিন্তু সেয়া নহ’ল মিচ্‌…….মিচ্‌ ৰাজবংশী, তাৰ আগতেই মোৰ হাতত ধৰা পৰি গ’ল !

ইন্দ্ৰানী: চাওঁক মিষ্টাৰ ফুকন, আপোনালোকৰ এইবোৰ কথা মই একো নাজানো , কাৰণ যোৱা তিনিটা বছৰেই মই ব’ম্বেত(মুম্বাই) আছিলো----,অসমলৈ অহা আজি এসপ্তাহো হোৱা নাই ! এই মেনকাজনী মোৰ হোষ্টেল জীৱনৰ বান্ধৱী, তাৰোপৰি তাই আৰু মই আপোন বাই-ভনীতকৈ কোনো গুণে কম নহয়, আৰু  এই মোৰ অতি মৰমৰ বাবেই আজি মই তাইৰ ঘবৰ ল’বলৈ আহিছিলোঁ, ইফালে মই ব’ম্বেত থকা বাবে তাইৰ বিয়াতো আহিব নোৱাৰিলো, কিন্তু এতিয়া মই ইয়ালৈ আহি আপোনালোকৰ এইবোৰত সোমাই পৰি বৰ দু:খিত ! তথাপি আপোনাৰ জ্ঞাতাৰ্থে এষাৰ কথা কওঁ…………

ফুকন: ঠিক আছে কওঁক ।

ইন্দ্ৰানী: যোৱা তিনিটা বছৰ দেখা নাই যদিও, আজি মই ঠিকেই চিনিব পাৰিছো যে, এইয়া সঁচাকৈয়ে মোৰ বান্ধৱী মেনকা, মোৰ ভুল হোৱা নাই !

ফুকন: তেনেহ’লে কাৰ ভুল হৈছে ? মোৰ ? ---মেনকাৰ ডেড্‌বডি পুলিচৰ  ওচৰত মই নিজেই চিনাক্ত কৰিছো , তাৰ পিছতো আপুনি যদি ক’ব খোজে মোৰহে ভুল হৈছে , তেনেহ’লে ঠিক আছে-----পুলিচ আহক আৰু পুলিচ আহিয়েই সিদ্ধান্ত কৰি দিয়ক কাৰ ভুল হৈছে------!

(বাইক এখন আহি ৰোৱাৰ শব্দ। এনেতে মদন সোমাই আহে)

মদন: চাৰ, চাৰ থানাৰ পৰা অ’চি চাৰ আহিছে…….(ফুকন দুৱাৰৰ ফালে আগবাঢ়ি যায়, মদন ভিতৰলৈ যায়, অ’চি হাজৰিকা সোমাই আহে )

ফুকন: অ’ হাজৰিকা, আহক আহক হাজৰিকা, বহক………..

অ’চি: হ’ব হ’ব বহিম বাৰু (বহে)……………..,কি হ’ল ফুকন হঠাৎ দেখোন মোক মাতি পঠিয়ালে ?

ফুকন: মই এটা ডাঙৰ বিপদত পৰিছো হাজৰিকা ! সেই বাবেহে আপোনাক এনেকৈ হঠাতে মাতি পঠিয়ালো। (মদনক মাতে) মদন, মদন ( মদন সোমাই আহে )

মদন: চাৰ, কিয় মাতিলে চাৰ ?

ফুকন: যা চোন মদন চাহৰ ব্যৱস্থা কৰগৈ !

মদন: হয় চাৰ ।(প্ৰস্থান)

অ’চি: নাই নালাগে, চাহ-তাহ পিছতো হ’ব , আগতে আচল কথাটো কওঁক ? বিপদত পৰাৰ কথা ক’লে যে কিহৰ বিপদত পৰিছে ?

ফুকন: (ব্যংগ কৰি) মোৰ শ্ৰীমতী আহিছে হাজৰিকা……………

অ’চি: আপোনাৰ শ্ৰীমতী আহিছে , তেন্তে বেচ আনন্দৰ কথা , পাৰ্টী-চাৰ্টী এটাৰ যোগাৰ কৰক !

ফুকন: আজিৰ পৰা দুমাহৰ আগতে চলন্ত ৰেলৰ আগত পৰি মোৰ পত্নী মেনকাই চুইচাইদ 
কৰিলে !

অ’চি: (আচৰিত হৈ, বহাৰ পৰা উঠি যাব) তেতিয়া হ’লে……….আজি হঠাৎ আপোনাৰ শ্ৰীমতী আহিল কৰ পৰা ?

ফুকন: সেই বাবেইতো আপোনাক মাতিছো, আতিগুৰি বিচাৰ কৰি সমস্যাটোৰ সমাধান এটা কৰি দিয়ক ।

মেনকা: (অ’চিৰ উদেশ্যি) আপুনিয়েই তেনেহ’লে থানাৰ নতুন অ’চি ?

অ’চি: হয় !

মেনকা : এওঁ চিনাকি কৰি নিদিলে যেতিয়া মই নিজেই চিনাকি হওঁ, নমস্কাৰ!

অ’চি: নমস্কাৰ, কিন্তু আপুনি ?

মেনকা: মইয়েই মেনকা ফুকন, এখেতৰ পত্নী ।

অ’চি: পিছে ফুকনে ক’লে দেখোন তেওঁৰ পত্নীয়ে আত্মহত্যা কৰিলে ?

মেনকা: কথাটো আপুনিয়েই ভাবি চাওঁকচোন , আত্মহত্যা কৰা হেতেন আজি মই সোঁ-শৰীৰেৰে আপোনাৰ সন্মুখত ঠিয়হৈ থাকিব পাৰিলো হেতেন জানো ?

অ’চি: (ইন্দ্ৰানীৰ ফালে দেখুৱাই) আপোনাৰ লগত এখেত কোন ?

মেনকা: অ’ মোৰ বান্ধৱী, ইন্দ্ৰানী ৰাজবংশী ।

ইন্দ্ৰানী: নমস্কাৰ হাজৰিকা ! (মেনকা বহে)

অ’চি: নমস্কাৰ ! বাৰু ৰাজবংশী, আপুনি এই কেচটোৰ বিষয়ে কি ক’ব খোজে ?

ইন্দ্ৰানী: মই কি ক’ব খোজো মানে ?

অ’চি: এখেত বাৰু মিছেচ ফুকন হয়নে ?

 ইন্দ্ৰানী: মিছেচ ফুকন মানে আপুনি মেনকাৰ কথা শুধিছেতো ?

অ’চি: জানো ! ফুকনৰ পত্নীৰ নাম কি আছিল !!

ফুকন: হয়, মোৰ পত্নীৰ নাম মেনকা ফুকন আছিল ।

ইন্দ্ৰানী: তেনেহ’লে মই নিসন্দেহে ক’ব পাৰো যে এয়া মেনকা ফুকন, অইন কোনো হ’ব নোৱাৰে !

অ’চি: বাৰু মিচ্‌ ইন্দ্ৰানী, শ্ৰীমতী ফুকনে যে চুইচাইদ কৰিছে সেইকথা আপুনি আগতে শুনা নাছিল নেকি ?

ইন্দ্ৰানী: নাই ! মই যোৱা তিনিটা বছৰেই ব’ম্বেত(মুম্বাই) আছিলো, আজি এসপ্তাহৰ আগতে অসমলৈ আহিছো , আজি মেনকাক লগ পোৱাৰ উদেশ্যৰেই তাইৰ ঘৰলৈ আহিছিলো, আৰু আহি যি অবস্থাৰ সন্মুখীন হ’ব লগা হৈছে সেইয়া আপুনিও দেখিছে ।

অ’চি: আপুনি মিছেছ মেনকা ফুকনক ঠিকেই চিনি পাইছেতো ?

ইন্দ্ৰানী: চাওঁক হাজৰিকা, মেনকা আৰু মই সম্পূৰ্ণ চাৰিটা বছৰ একেটা হোষ্টেলতে প্ৰায় সকলো সময়তে একে লগে কটাইছিলো, আমি দুইয়ো বান্ধৱীৰ বাদেও আপোন বাই-ভনীৰ দৰে, গতিকে আমি দুয়োজনীয়ে দুয়োজনীক ভালদৰে চিনি পাওঁ আৰু বুজি পাওঁ ! অৱশ্যে যোৱা তিনিটা বছৰে মেনকাৰ লগত মোৰ দেখা-দেখি হোৱা নাছিল, আগৰ তুলনাত তাইৰ চেহেৰাৰ কিছু পৰিবৰ্তন ঘটিছে সঁচা তথাপি মই ঠিকেই চিনি পাইছো, এইয়া  মেনকা, বৰ্তমানৰ মিছেছ মেনকা ফুকন, মোৰ ভুল হোৱা নাই বুলি দাঠি ক’ব পাৰো ।

অ’চি: ফুকন, আপোনাৰ মিছেছৰ কিবা ফ’টো আপোনাৰ লগত আছে নেকি ?

ফুকন: হয় আছে !

অ’চি: তেনেহ’লে আনকচোন, এখেতৰ লগত মিলাই চাওঁ

ফুকন: এক মিনিট ৰ’ব ! ( ফুকন ভিতৰলৈ যায়, ক্ষন্তেক পিছত হাতত এটা ফ’টো এলবাম লৈ সোমাই আহে আৰু এলবামটো হাজৰিকাক দিয়ে)

অ’চি: (এলবামটো নিৰীক্ষণ কৰি এবাৰ ফুকনৰ মুখলৈ এবাৰ মেনকাৰ মুখলৈ চায়)---ফুকন, আপুনি এইবোৰ কি নাটক আৰাম্ভ কৰিছে ?

ফুকন: (আচৰিতহৈ)- নাটক আৰাম্ভ কৰিছো মানে ?

অ’চি: এলবামটোত আপোনাৰ লগত থকা কেইবাখনো ফ’টো এখেতৰ , চাওক এইয়া—(এলবামটো ফুকনক দিয়ে, এলবামত চকু ফুৰাই ফুকন আচৰিত হয় )

ফুকন: কিন্তু……! এইয়া দেখোন…..!!

অ’চি: কি হ’ল ফুকন ?

ফুকন: ষড়যন্ত্ৰ ! মোৰ বিৰুদ্ধে কিবা এটা সাংঘাতিক ষড়যন্ত্ৰ চলিছে হাজৰিকা !! মই ঘৰত নথকাৰ সুযোগ বুজি ফ’টোবোৰ সলাই পেলাইছে…………(চিন্তা কৰিব) ৰ’ব ৰ’ব, মোৰ মানিবেগত এখন মেনকাৰ ফ’টো আছে…………….(মানিবেগৰ ফ’টো চাই আচৰিত হ’ব)………মই পাগলহৈ যাম হাজৰিকা, এইখনো এই মানুহজনীৰ ফ’টো ! (হাজৰিকাই ফ’টোখন চাই ফুকনক ঘুৰাই দিয়ে আৰু খংত ফুকনে ফ’টোখন ফালি পেলাই )

অ’চি: ফুকন, আৰু কিবা প্ৰমাণ দেখুৱাব পাৰিব নেকি ? বাৰু, আপোনাৰ মিছছৰ হাতত আখৰ থকা কিবা লিখা কাগজ-পত্ৰ বা চিঠি-পত্ৰ লগত আছে নেকি ?

ফুকন: হয় হয়, আছে আছে, মেনকাই দৈনিক ডায়েৰী লিখিছিল ।

অ’চি: তেনেহ’লে ডায়েৰীখন আনকচোন, ডায়েৰীৰ হাতৰ আখৰৰ লগত এখেতৰ হাতৰ আখৰ মিলাই চাওঁ !

ফুকন: ঠিক আছে, ৰ’ব ( ভিতৰলৈ যায়, কিছু সময়ৰ পিছত মঞ্চলৈ ওলাই আহি ডায়েৰীখন বিচাৰিবলৈ ধৰে, বিচাৰি নাপায় খংৰে মদনক চিঞৰি মাতিব)-----মদন মদন, (মদন আহে)

মদন: কি হ’ল চাৰ ?

ফুকন: (খংৰে) মই নথকা অৱস্থাত ঘৰৰ ভিতৰত কোন সোমাইছিল ?

মদন: নাই চাৰ, আজি কোনো সোমোৱা নাই ।

ফুকন: আজি নহয়, আগতে কোনোবা সোমাইছিল নেকি ?

মদন: নাই চাৰ, আগতেও কোনো সোমোৱা নাই, মই দেখোন অনবৰতে দুৱাৰ বন্ধ কৰিয়েই 
ৰাখো ।

ফুকন: (পাগলৰ দৰে)—নাই অসম্ভৱ, তই ক’লেই হ’ল নেকি ?নিশ্চয় কোনোবা সোমাইছিল, নহ’লে আলমাৰিৰ ভিতৰৰ পৰা ডায়েৰিখন ক’লৈ যাব ?

মদন: সেইবোৰ কথা মই কেনেকৈ জানিম ?

ফুকন: তই নাজানিলে কোনে জানিব ? ষ্টুপিড্‌ ! ঘৰত মই থাকো নে তই থাক’ ? তোক মই আজি…..(খংৰে মাৰিবলৈ খেদি যায়)

মেনকা:…..ৰ’বা ৰ’বা, ডায়েৰিখন পোৱা নাই নেকি ? মই আনি দিছো ৰ’বা….
(ভিতৰলৈ সোমাই যায়)

ফুকন: আপুনি মোৰ ঘৰৰ ভিতৰলৈ কিয় গৈছে ?

মেনকা: (কিছুসময়ৰ পিছত হাতত ডায়েৰি এখন লৈ আহি মেনকাই ফুকনৰ হাতত দিয়ে)----লোৱা এইখন, তুমিনো ক’ত বিচাৰিছিলা, মই ৱ’ড্ৰবৰ ছেফত ৰাখিছিলো-----

মদন: চাওকচোন বাইদেউ, চাৰে মোক মিছাকৈয়েই মাৰধৰ খন কৰিবলৈ বিচাৰিছিল, বস্তু আছে এঠাইত বিচাৰিছে এঠাইত, মিছামিছিকৈ এই নতুন মানুহবোৰৰ আগত গালি-শপনিবোৰ পাৰি মোৰ প্ৰেষ্টিজটো নষ্ট কৰিলে…………

মেনকা: দুখ নকৰিবি মদন, তোৰ চাৰৰ মাজে-মাজে এনেকুৱা হয়েই ।

মদন: হোঁস (উচাৎ মাৰি ভিতৰলৈ যায়)

অ’চি: (ফুকনৰ পৰা ডায়েৰিখন লৈ পাত লুতিয়াই)----মিছেছ ফুকন, এইখন বাৰু আপোনাৰ ডায়েৰি হয়নে ?

মেনকা: হয় !

অ’চি: (পকেতৰ পৰা কলম এটা উলিয়াই মেনকাক দিব)---এতিয়া ইয়াত অলপ আখৰ লিখি

দিয়কচোন , যাতে মই আখৰবোৰ ডায়েৰিৰ আখৰৰ লগত মিলাই চাব পাৰো, লগতে আপোনাৰ চহী এটাও কৰি দিব, (মেনকাই ডায়েৰিখন লৈ কিবা অলপ লিখি হাজৰিকাক ঘুৰাই দিব )

মেনকা: লওক হাজৰিকা ।

ইন্দ্ৰানী: (হাজৰিকাৰ কাষ চাপি গৈ)—মিলিছেনে নাই হাজৰিকা ?

অ’চি: মিলিছে, হুবহু একেই আখৰ,একেই চহী !

ইন্দ্ৰানী: তেনেহ’লে কি ইয়াৰ পিছতো আপুনি সন্দেহ কৰিব নেকি যে, এইজনী মোৰ বান্ধবী মিছেছ মেনকা ফুকন নহয় বুলি ?

অ’চি: নাই নাই, মিচ ৰাজবংশী, সন্দেহ কৰিব লগা একোৱেই নাই, এখেত যে শ্ৰীমতী মেনকা ফুকন তাত মোৰ কোনো সন্দেহ নাই , আৰু থাকিব নোৱাৰে !

ফুকন: আপুনি বাৰু কিয় বুজিবলৈ চেষ্টা কৰা নাই হাজৰিকা ? এইবোৰ সকলো ষড়যন্ত্ৰ!

অ’চি: চাওক ফুকন, মই পুলিচৰ মানুহ , সকলো কথা সাক্ষী আৰু প্ৰমাণৰ মাজেৰেহে বিচাৰ কৰি চাও, এখেতে যি খিনি প্ৰমাণ দিলে , তাৰ পিছত মই স্বীকাৰ কৰিবই লাগিব যে, এখেত মেনকা ফুকন আপোনাৰ পত্নী আৰু আদালতেওঁ হয়তো নিশ্চয় সেই কথাকে ক’ব !

ফুকন: নাই নকয় হাজৰিকা, আদালতে সেই কথা  কেতিয়াও নকয়, কাৰণ মেনকাই যে চুইচাইদ কৰিছে তাৰ সকলো ৰেকৰ্ড-পাতি থানাত আজিও সাক্ষী হৈ আছে ।

অ’চি: তেনেহ’লে মই একো নকওঁ, কেছটো আদালতে বিচাৰ কৰিব !

ফুকন: ইমানৰ পিছতো মই কৈছো, এখেত মোৰ পত্নী মেনকা নহয়, হ’ব নোৱাৰে !

মেনকা: এতিয়া দেখিছো মইহে বিপদত পৰিলো, কিন্তু মইনো এতিয়া কাক দোষীম, সকলো মোৰ কপালৰ দোষ।

ফুকন: (অনুনয়-বিনয় কৰি) --- মোৰ সকলো সম্পত্তি , টকা-পইচা, ঘৰ-দুৱাৰ আৰু বেংকত থকা সকলো টকা আপোনৰ নামত মই লিখি দিওঁ, মোৰ সকলো আপুনি লৈ যাওক, কিন্তু তাৰ বিনিময়ত আপুনি মোক ৰেহাই দিয়ক, মোক মুক্তি দিয়ক, মোক এৰি দিয়ক Please !

মেনকা: নাই--, তোমাৰ টকা-পইচা, সা-সম্পত্তি এইবোৰ মোক একো নালাগে, মাথোঁ তোমাৰ পত্নী মেনকা ফুকন বুলি মোক স্বীকৃতি দিয়া………..

ফুকন: আপোনক মই কিমান বাৰ কৈছো যে, আপুনি মোৰ মেনকা নহয়---তাৰপিছতো কিয় মোক এনেদৰে আমনি কৰি আছে ? মই পুণৰ কৈছো, এতিয়াও সময় আছে---আপুনি মোৰ ঘৰৰ পৰা ওলাই যাওঁক—(হাজৰিকা কাষলৈ গৈ)---হাজৰিকা , হাজৰিকা, মোক দয়া কৰি এই মানুহজনীৰ ষড়যন্ত্ৰৰ পৰা মুক্তি দিয়াওক, এই মানুহজনী মোৰ পত্নী কেতিয়াওঁ হ’ব নোৱাৰে………..!

(এনেতে সদানন্দৰ পিতৃ এজন বৃদ্ধৰ প্ৰৱেশ)

বৃদ্ধ: সদা----সদা---, সদা----!

ফুকন: দেউতা !

বৃদ্ধ: সদানন্দ, মই মোৰ বোৱাৰীক লৈ যাবলৈ আহিছো !

ফুকন: দেউতা তুমি এইবোৰ কি কৈছা ?

বৃদ্ধ: অ’ বোৱাৰীক এনেকৈ অস্বীকাৰ কৰিছ’ কিয় ?

ফুকন: দেউতা, তোমাৰ বোৱাৰী দেখোন আপোনঘাটি হৈছে----

বৃদ্ধ: (মেনকালৈ চাই)----তেনেহ’লে এইয়া কোন ? ঠিক সেই মুখ, সেই নাক, সেই একেই মানুহজনী---

মেনকা: দেউতা---(কান্দি কান্দি বৃদ্ধৰ ভৰি চুই সেৱা কৰিব )

বৃদ্ধ: নাকন্দিবা বোৱাৰী, নাকান্দিবা, মই আহিছো নহয় চিন্তা নকৰিবা , ইয়াৰ চিন্তাশক্তি লোপ পাইছে, ই পগলা হৈছে !

মেনকা: মইও আপোনাৰ লগতে গাঁওৰ ঘৰলৈ যাম দেউতা----!

বৃদ্ধ: অ’ বোৱাৰী, মই তোমাক লৈ যাবলৈকে আহিছো----

ফুকন:---কিন্তু দেউতা ----

বৃদ্ধ: নহয় সদানন্দ, তই ভুল কৰিছ’, মই তহঁতৰ মাজৰ এইবোৰ খেলিমেলিৰ কথা একোৱেই জনা নাছিলো নহয়----, এখন বেনামী চিঠি পাইহে লৰালৰিকৈ আহিছো---, আহি দেখো কান্দকাৰখানা সকলো সঁচা---, সদা, সদা অ’---, তোৰ কৰবাত ভুল হৈছে বোপাই----,ৰেলৰ আগত পৰি আপোনঘাটি হোৱা মানুহজনী আমাৰ বোৱাৰী নাছিল----, এইজনীহে আমাৰ বোৱাৰী---!

ফুকন: তেনেহ’লে তুমি মানি লৈছা যে—এইজনীয়েই তোমাৰ বোৱাৰী ?

বৃদ্ধ: অ’ , মানি নল’বলৈ কিটো আছে , এইজনীয়েই মোৰ বোৱাৰী, সকলো চাই-চিতি ময়েই তোলৈ ঠিক কৰিছিলো !

ফুকন: দেউতা, তুমি এইবোৰ একো বুজি পোৱা নাই , এইবোৰ সকলো ষড়যন্ত্ৰ !

বৃদ্ধ: বল সদানন্দ, বোৱাৰীক লৈ আমি এবাৰ ঘৰলৈ যাওঁ ব’ল, মা’ৰে তহঁত দুয়োতাৰ বাবে কান্দি-কাতি বাটলৈ চায় ৰৈ আছে……………

অ’চি: এখেত যে আপোনাৰ পত্নী মেনকা ফুকন তাত কোনো সন্দেহ নাই ফুকন ।

ইন্দ্ৰানী: আমি সকলোৱে ভাবিম এইটো এটা বেয়া সপোন আছিল……।

অ’চি: আৰু পলম নকৰিব ফুকন, আপোনাৰ শ্ৰীমতীক লৈ এবাৰ গাঁওৰ ঘৰৰ পৰা আহকগৈ !

ফুকন: আপোনালোক সকলোৱেই লগ হৈ দেখিছো মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে, মোক পাগল কৰিবলৈ বিচাৰিছে…………….

অ’চি: তেনেহ’লে ইমানৰ পিছতো এখেতক আপুনি মানি ল’ব খোজা নাই ?

ফুকন: মই ভগৱানৰ নামত শপত খাই কৈছো, এখেত মোৰ পত্নী মেনকা নহয় আৰু কেতিয়াও হ’ব নোৱাৰে ( বলিয়া হৈ পৰিব)……….

অ’চি: সেই কথাৰ প্ৰমাণ দিয়ক ?

ফুকন: প্ৰমাণ………….?.......অ’..........অ’.............অ’ মই প্ৰমাণ দিম ! প্ৰমাণ মই দিম………………

(ফুকনে কথা কৈ কৈ ভিতৰলৈ দৌৰ মাৰে, মঞ্চত থকা আটাইবোৰ যেন হতবম্ব হৈ পৰে, কিছু সময়ৰ পিছত হাতত এটা পিষ্টল লৈ ওলাই আহে, সকলোৱে ফুকনলৈ আচৰিত হৈ চাব আৰু ফুকনে পিষ্টল দেখুৱাই সকলোকে আচৰিত কৰাই বাহিৰলৈ দৌৰ মাৰে, সকলো হতবম্ব হৈ পৰে। সংগীতে পৰিৱেশ সৃষ্টি কৰিব) Light Cut.

ক্ৰমশঃ………………………………..

 

ৰচনা: দিগন্ত কুমাৰ ভূঞা
বিশেষ তথ্য বিৱৰণি :- তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ---- (পৰিচালনা: সুদিপ্ত তামুলী) ,তেজপুৰ ঐশ্বৰ্যমণ্ডিত বাণ থিয়েটাৰত তিনিবাৰ মঞ্চস্থ-(পৰিচালক ক্ৰমে; সুদিপ্ত তামুলি, তপন দাস, নাট্যকাৰৰ নিজা পৰিচালনা ), গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰ--- (পৰিচালনা-মুকুট পটংগীয়া) আৰু তেজপুৰ অনাতাঁৰ কেন্দ্ৰ যোগে সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় নাটক, “ৰেলৰ আলিত মৃতদেহ” ।
ৰেলৰ আলিত মৃতদেহৰ ৰচনা: দিগন্ত কুমাৰ ভূঞা ।ৰচনাকাল: এপ্ৰিল,১৯৯৬ চন।



































Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়