সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

Henryk Sienkiewicz and QUO VADIS


Henryk Sienkiewicz and QUO VADIS

হেনৰিক চিনকিয়েউইচ আৰু ক্যুয়ো ভাডিচ

Henryk Sienkiewicz and QUO VADIS


                                                                                                   ---:দিলীপ কুমাৰ বৰুৱা,তেজপুৰ


বিশ্বত এনে কিছু গ্ৰন্থ আছে যি সময়ৰ গতিত পবিত্ৰ গ্ৰন্থ হিচাবে মানুহে গ্ৰহণ কৰিছে, আৰু কাহিনী টো সঁচাকে এদিন হৈছিল বুলি মানুহে বিশ্বাস কৰিবলৈ লৈছে।


পোলেণ্ডৰ লেখক হেনৰিক চিনকিয়েউইচিৰ দ্বাৰা ৰচিত তেনে এখন খ্ৰীষ্টীয়ান সকলৰ পবিত্ৰ গ্ৰন্থ হ'ল ১৮৯৫ ৰ পৰা ১৮৯৬ ৰ ভিতৰত লিখা বিশ্ববিখ্যাত গ্ৰন্থ ক্যুয়ো ভাডিচ বা তুমি কলৈ যাবা  ?



গ্ৰন্থখন ৰোমৰ খৃষ্টপূৰ্ব ৬৪ ৰ পৰিৱেশত ৰচিত বুৰঞ্জীমূলক উপন্যাস আৰু লেখকে এই গ্ৰন্থৰ বাবে ১৯০৫ চনত নৱেল বঁটা লাভ কৰে। এই কাহিনীলৈ বৰ্তমানলৈ পাঁচখন চিনেমা ইটালীয়ান আৰু ইংৰাজীত ‌কৰা হৈছে।

লেখকে এবাৰ নিজৰ ৰচনাৰ ক্ষেত্ৰত কৈছিল পাঠকে কাহানিও ভৱাটো দুৰৈৰ কথা সপোনো নেদেখা বিষয়ত কাহিনী লিখাটোৱে লিখকৰ বাহাদুৰি। সচাকে প্ৰায়বোৰ মহাকাব্য তথা বিশ্বৰ আলোড়ন কাৰী গ্ৰন্থৰ কাহিনী পাঠকৰ ভাৱনাৰো অগোচৰ।এই ক্ষেত্ৰত টকা থাকিলেই কিবা কিবা লিখি প্ৰকাশ  কৰি নিজে নিজৰ যশ কিনিব বিচৰা সকলে সতৰ্ক হোৱা ভাল। এখন ভাল কিতাপ লেখকৰ অভিজ্ঞতা, মানসিক দিব্যদৃষ্টি,জীৱনবোধ আৰু অধ্যয়নৰ প্ৰসৱিত ফল।



হেনৰিক চিনকিয়েউইচৰ জন্ম ১৮৪৬‌চনৰ ৫মেত আৰু মৃত্যু ১৯১৬ চনৰ ১৫ মেত।সৰুৰ পৰা তেওঁ অত্যাধিক অধ্যয়ন প্ৰিয় আছিল আৰু পলিচ ভাষাৰ উপৰিও মনে মনে ৰাচীয়ান শিকে।স্নাতক ডিগ্ৰী নোলোৱাকৈ তেওঁ সাংবাদিকতা কৰিবলৈ লয়।বিয়া কৰায় যদিও বিয়াৰ পাঁচ বছৰতে পৰিবাৰৰ যক্ষ্মা হৈ মৃত্যু হয়।

এইবাৰ ফাৰ্ম এখন খুলি খেতি কৰে যদিও এই ক্ষেত্ৰতো তেও দেউলীয়া হয় ।তাৰ পাছত চুটি গল্প,চুটি লেখা,উপন্যাস লিখিবলৈ লয়।উপন্যাসে লেখকৰ জনপ্ৰিয়তা বঢ়াই দিয়ে।


ক্যুয়ো ভাডিচৰ মূল উপন্যাসৰ কাহিনী ত ৰোমত সেই সময়ত নীৰোৰ শাসনকালত চলা অত্যাচাৰ ৰ চিত্ৰৰ মাজৰে খ্ৰীষ্টিয়ান ধৰ্মৰ বিজয় অঙ্কিত কৰিছে।ইয়াত নেপথ্য নায়ক যীশুখ্ৰীষ্ট নিজেই।উপন্যাসৰ মাজত আছে এগৰাকী খ্ৰীষ্টিয়ান গাভৰু আৰু অখ্ৰীষ্টিয়ান সেনাপতিৰ সৈতে সুন্দৰ প্ৰেমৰ বলীষ্ট কাহিনী ।ইয়াৰ মাজতে ধৰ্মৰ বিজয় গাঁথা।
কাহিনীৰ মূল নায়িকা এগৰাকী খ্ৰীষ্টীয়ান জনজাতীয় গাভৰু নাম লিজিয়া।অতি সুন্দৰ। তেওঁৰ প্ৰেম প্ৰাৰ্থী বিশ্ববিজয় কৰি ৰোমলৈ অহা সেনাপতি মাৰ্কাচ ভিনিচিয়াচ।ৰোমৰ ৰজা নীৰো হ'ল অত্যাচাৰী,কলা-সংগীত  তেওঁৰ বাবে মনোৰঞ্জন-অত্যাচাৰী শাসকৰ মনোৰঞ্জন ।কি ভয়ানক অৱস্থা সামন্তীয় শাসকৰ হাতত জনসাধাৰণৰ ধৰ্ম ,স্বাধীনতাৰ।

হঠাৎ ৰোম নগৰীত বিজয়ী বাহিনীক পিচদিনা সোমোবাৰ নিৰ্দেশ দিলে ৰজাই।বাঁটতে এঘৰত লগ পালে মাকাৰ্চে সুন্দৰী লিজিয়াক।দেখিয়ে প্ৰেম সাগৰত ডুব গল মাৰ্কাচ।লিজিয়াৰ স্পষ্ট মত অখ্ৰীষ্টীয়ানক তাই কোনো কাৰণতে ভাল নাপায়। ইপিনে ৰোমত বিজয় উৎসৱ হ'ল।লিজিয়াক ৰাজসভালৈ নিয়াৰ বাবে নীৰোৰ আদেশ আহিল,কাৰণ তাই যুদ্ধবন্দী আছিল।বৰ অস্বস্তিৰে লিজিয়া হাজিৰ হ'ল।তাইৰ দোষ এটাই তাই খ্ৰীষ্টীয়ান।কিন্তু কৌশলেৰে তাইক অপহৰণ কৰা হ'ল।খবৰ শুনি খঙত একোনাই হ'ল মাৰ্কাচ।চাৰিও পিনে তালাচী চলিল।শেষত সন্ধান ওলাল খ্ৰীষ্টীয়ান ধৰ্ম সভাএখনত তাই উপস্থিত।ঠাইখিনি আছিল সীমান্তৱৰ্তী।মাৰ্কাচ গোপনে চদ্মৱেশত তাত গৈ শত্ৰুক আক্ৰমন কৰি আহত হ'ল।লিজিয়াই মাৰ্কাচৰ শুশ্ৰুষা কৰিলে।

লিজিয়াক তেওঁ পাব বিচাৰে,তথাপি খ্ৰীষ্টীয়ান হ'বলৈ ৰাজি নহয় মাৰ্কাচ।ভগ্নমনেৰে ঘৰলৈ ঘুৰি গ'ল।ইপিনে খ্ৰীষ্টীয়ান ৰ ওপৰত নীৰুৰ আতিশয্যা বাঢ়িল।জ্বলাই দিয়া হ'ল ৰোম।গ্ৰেপ্তাৰ কৰা হল খ্ৰীষ্টীয়ান বোৰক।এনে বিপদত গোপনে লিজিয়াক পলাই যোৱাত সহায় কৰিলে মাৰ্কাচে।লিজিয়াক পাবৰ বাবে খ্ৰীষ্টীয়ান হ'ল মাৰ্কাচ।।বন্য সিংহ,বাঘ,কুকুৰ মেলি দিয়া হল খ্ৰীষ্টীয়ান বন্দীৰ ওপৰত।লিজিয়াও গ্ৰেপ্তাৰ হ'ল।তাইক মৃত্যুদণ্ডৰ আদেশ দিয়া হ'ল।ইপিনে অত্যাচাৰী নীৰুৰ বিপক্ষে বিদ্ৰোহ আৰম্ভ হ'ল।মাৰ্কাচ উপস্থিত হ'ল বন্দী খ্ৰীষ্টীয়ান ৰ মাজত।

এটা‌ জাৰ্মান ষাড়ৰ শিংত লিজিয়াক বান্ধি তাক মেলি দিয়া হ'ল মৃত্যুৰ বাবে।মাৰ্কাচে অতি সাহসীকতাৰে ষাড় মাৰি লিজিয়াক উদ্ধাৰ কৰিলে। ইতিমধ্যে নীৰুক বিদ্ৰোহীয়ে হত্যা কৰিলে।মাৰ্কাচ-লিজিয়াৰ মিলন হ'ল আৰু নতুন ৰজা হ'ল ৰোমত।খ্ৰীষ্টীয়ান ধৰ্মজাজক পিটাৰক নীৰুৱে ইতিপূৰ্বে ক্ৰুচত দিয়ে।শেষত শিশু যীশু ৰূপ প্ৰতীয়মান হ'ল।যীশুৰ চৰণ চুই পিটাৰে কলে-প্ৰভু তুমি ক'ত?ক্যুয়ো ভাডিচ ডোমিনি।


লেখক চিনকিয়েউইচ বৰ ৰসাল ব্যক্তি ।মানুহক যিমান পাৰি হাঁহিবলৈ কৈছিল।প্ৰতিভাই কামৰ সফলতা বঢ়াই।তেওঁৰ বিখ্যাত উক্তি Wealth is not a hindrance,but rather a help towards attaining a proper standing in a chosen field of activity.



   ---:দিলীপ কুমাৰ বৰুৱা,তেজপুৰ

 

সম্পাদনা: দিগন্ত কুমাৰ ভূঞা 

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়