সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

কবি নজৰুল ইছলাম আৰু তেওঁৰ বিদ্ৰোহী গান-কবিতা-নাটক

 কবি নজৰুল ইছলাম আৰু তেওঁৰ বিদ্ৰোহী গান-কবিতা-নাটক

বাংলাদেশৰ জাতীয় কবি নজৰুল ইছলাম আৰু তেওঁৰ বিদ্ৰোহী গান-কবিতা-নাটক


-----: দিলীপ কুমাৰ বৰুৱা।



ভাৰতীয় স্বাধীনতা আন্দোলনৰ বিদ্ৰোহী লেখক,গায়ক আৰু দেশপ্ৰেমিক সংগ্ৰামীশিল্পী  আছিল কাজী নজৰুল ইছলাম।

 তেওঁ আছিল অশান্ত কবি,মানৱ দৰদী হৃদয়-নিসৃত সমস্ত অন্যায়- অবিচাৰৰ বিৰুদ্ধে বজ্ৰসম বিদ্ৰোহীৰ স্ফুলিঙ্গ।বাংলাদেশৰ জাতীয় কবি আছিল নজৰুল।
চল চল চল/উৰ্দ্ধ গগণে বাজে মাদল/নিম্ন উতলা ধৰণী তল/অৰুণ প্ৰাতেৰ তৰুণ দল।

অসমৰ জ্যোতি প্ৰসাদ আগৰৱালা,বিষ্ণু ৰাভা,গনেশ গগৈ,পাৰ্বতী প্ৰসাদ আদিও নজৰুলৰ লেখনিৰে প্ৰভাৱিত হৈছিল।গণশিল্পী হেমাঙ্গ বিশ্বাসৰ তেওঁ প্ৰিয় কবি।




আমি নিজেও বিশ্বনাথ মহাবিদ্যালয় ত পঢ়াৰ কালত নজৰুলৰ কবিতাৰ মোহত পৰো।


লোক জীৱনৰ পৰা সুৰ বুটলি শ্ৰমজীৱি লোকৰ প্ৰাণপৰশা শব্দ আৰু মাধুৰ্য ৰ কবিতা আৰু গীত ৰচনা কৰিছিল তেওঁ।হিন্দু-মুছলমান উভৈ সম্পদায়ৰ বাবে গীতবোৰ হৈ পৰিছিল জীৱনৰ গীত বিদ্ৰোহৰ গীত।তেওঁ একেধাৰে আছিল কবি,গীতিকাৰ,চুটি গল্প লেখক,উপন্যাসিক,মুছলিম-হিন্দু লোক সংগীতৰ সাধক,দেশপ্ৰেমীক,ৰাজনৈতিক বিপ্লৱী।
 

১৮৯৯ চনৰ২৫মেত জন্ম গ্ৰহণ কৰা নজৰুল ১৯৪৭. চনৰ পৰা১৯৭২ লৈ ভাৰতীয় নাগৰিক আৰু পিছলৈ বংলাদেশৰ অনুৰোধ মৰ্মে ১৯৭২ চনৰ পৰা ১৯৭৬ চনলৈ বাংলাদেশৰ নাগৰিক হয় আৰু দেশখনৰ সৰ্বোচ্চ সন্মান জাতীয় কবি হিচাবে ২৯ আগষ্ট,১৯৭৬ মৃত্যু বৰণ কৰে ঢাকাত।

দুখু মিঞা নামেৰেও তেওঁ জনাজাত।এটা কাজি মুছলমান পৰিয়ালত জন্ম নজৰুল ৰ শৈশৱতে পিতৃ বিয়োগ হোৱাত কিছুদিন কাজী দায়িত্ব লয়। ইয়াৰ পিছত বিদ্যালয়ত পঢ়াৰ সময়তে তেওঁ বিদ্যালয়ৰ পৰা পলায়গৈ এখন ৰুতি দোকানত ৰুতি বনোৱা কাম কৰে মাহে পাঁচ টকাত।মেট্ৰিক পাছ কৰিয়ে তেওঁ আৰ্থিক অৱস্থাৰ বাবে সেনাবাহিনীত যোগদান কৰে আৰু সৈনিক হিচাবে মধ্যএচীয়াত চাকৰি কৰে।সৈন্যবহিনীৰ পৰা ১৯১৯ চনত ওলায় তেওঁ প্ৰমীলা দেৱীক(১৯২৪-১৯৬২)বিয়া কৰায়।হিন্দু-মুছলমান উভয় সম্প্ৰদায়ে মানুহ বুজাবলৈ নিজৰ প্ৰথম সন্তানৰ নাম দিয়ে কৃষ্ণ মহম্মদ

ইংৰাজ সাম্ৰাজ্যবাদৰ বিপক্ষে ‌নজৰুলে বিপ্লৱী গীত কবিতাৰে জনগনক উদ্বুদ্ধ কৰে।লেটোগান নামৰ নৃত্য-গীতৰ অনুষ্ঠানত চাকৰি কৰা কালতে তেওঁ লোকগীতৰ প্ৰতি ধাউতি বাঢ়ে।সেনা বাহিনীৰ পৰা ওলাই তেওঁ সাংবাদিক হিচাবে কৰ্ম জীৱন আৰম্ভ কৰি ইংৰাজ সাম্ৰাজ্যবাদৰ বিপক্ষে লেখনিৰে গৰ্জন আৰম্ভ কৰে।ফলত ইংৰাজ চৰকাৰৰ দাঁতৰ শূলহৈ পৰে নজৰুলৰ কলম।১৯২০ ক পৰা ১৯২৪ চনলৈ ইংৰাজৰ বিপক্ষে যি সন্ত্ৰাসবাদী আন্দোলন গা-কৰি উঠে তাত নজৰুলৰ হাত আছিল।১৯২২ চনৰ ২৩ নবেম্বৰত তেওঁক গ্ৰেপ্তাৰ কৰি জেলত দিয়া হয় আৰু ধূমকেতু পত্ৰিকা,প্ৰবন্ধ সংকলন যুগবাণী বাজেয়াপ্ত কৰে।জেলত তেওঁক কাগজ-কলম ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাছিল।গান গাবলৈ দিয়া ন'হৈছিল।জেলৰ অত্যাচাৰ নিৰ্য্যাতনৰ প্ৰতিবাদ কৰি তেওঁ ৪০ দিন অন্নশন কৰে।ইয়াৰ পিছতহে তেওঁক কাগজ-কলম আৰু গীত গোৱাৰ অনুমতি দিয়ে। 

ক্ৰুদ্ধ ভয়াল বিদ্ৰোহী কবি হিচাপে ইংৰাজে নজৰুলক ভয় কৰিছিল।বিদ্ৰোহী তেওঁৰ বিখ্যাত কবিতা।১৯২৪ চনত তেওঁৰ বিষেৰ বাঁহী ,প্ৰলয় শিখা,চন্দ্ৰবিন্দুআৰু ভাঙাৰ গান কাব্য ইংৰাজে বাজেয়াপ্ত কৰে।লগতে তেওঁৰ অগ্নি-বীণা,ফণী-মনসা,সৰ্বহাৰাও ৰাজৰোসত পৰে।জেলৰ পৰা মুক্তিৰ পিছতে সমাজবাদী বা কমিউনিষ্ট হোৱা ৰ অপৰাধত পুনৰ চাৰি বছৰ জেল হয় যদিও ভগ্ন স্বাস্থ্যৰ বাবে১৯২৫ চনত তেওঁ মুক্তি পায়।


ব্যথাৰ সাঁতাৰ-পানী-ঘেৰা/চোৰাবালিৰ চৰ/ওৰে পাগল!কৈ বেঁধেছিস/সেই চৰে তোৰ ঘৰ?
তেওঁ কয় মোৰ জীৱন যিমানেই দু:খময় নহওক কিয়,মই আনন্দ আৰু বেদনাৰ গান গায়ে যাম।
সকল কাপোৰ সকল দেশে সকল মানুহ আমি/এক মোহনীয় দাড়াইয়া শুন এক মিলনেৰ বাঁশী।
ৰবীন্দ্ৰনাথৰ মহাপ্ৰয়ানৰ পিছত ৰেডিঅ'ত ৰবিহাৰা নামৰ ‌কবিতা আবৃতিৰ মুহূত্ততে ৪৩ বছৰ বয়সত ১৯৪২ চনত হঠাৎ মস্তিস্ক বিকল হৈ পৰি নজৰুলে চিৰদিনৰ বাবে কন্ঠ আৰু স্মৃতিশক্তি হেৰুৱাই পেলাই।
ধৰ্মীয় গোড়ামী বিৰোধী,সাম্ৰাজ্যবাদ,লিংগ বৈষম্যতাৰ বিৰোধী মহাবিপ্লৱী কবি-গীতিকাৰ,কথাশিল্পী গৰাকী আছিল মানৱতাৰ পূজাৰী ।ইছলামীয় সাহিত্য তেওঁ সৃষ্টি আৰু অনুবাদৰে চহকী কৰি তোলে।পৰ্চিয়ান হাফিজ তেওঁ অনুবাদ কৰে।বংলাভাষী মুছলমানৰ প্ৰাণৰ গীতি কবি নজৰুল।একেদৰে হিন্দু বঙালীৰো প্ৰাণৰ গীতি কবি তেওঁ।ৰবীন্দ্ৰনাথে এখন কাব্য নজৰুলৰ নামত উচৰ্গা কৰিছে।তেওঁ মুছলমানত্ব আৰু হিন্দুত্বৰ গাণ্ডী চেৰাই গাইছিল
মানুষেৰ চেয়ে বড় কিছু নাই,নহে কিছু মহীয়ান/নাই দেশ কাল পাত্ৰেৰ ভেদ,অভেদ ধৰ্ম জাতি,/সৰ্ব দেশে সৰ্ব কালে,ঘৰে-ঘৰে তিনি মানুষেৰ জ্ঞাতি! 


যে দিন আমি হাৰিয়ে যাব বুজবে সেদিন বুঝবে/অস্ত পাৰেৰ সন্ধ্যা তাৰায়আমাৰ খবৰ পুছবে/বুঝবে সেইদিন বুঝবে....

 এই কবিতাত নজৰুলে নিজকে বৰ্ণনা কৰে-

-----: দিলীপ কুমাৰ বৰুৱা।

 

Editor: Diganta Kr. Bhuyan

 

 


Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়