সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ভাৰতীয় জ্ঞানযোগী সৰ্বপল্লী ৰাধাকৃষ্ণণ আৰু তেওঁৰ গীতা


ভাৰতীয় জ্ঞানযোগী সৰ্বপল্লী ৰাধাকৃষ্ণণ আৰু তেওঁৰ গীতা


ড.সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে আমি শৈশৱৰ পৰাই শুনি আহিছো।তেওঁ আছিল ভাৰতীয় দাৰ্শনিক,হিন্দু দৰ্শন আৰু পশ্চিমীয়া দৰ্শনৰ বিশ্লেষক পণ্ডিত,ভাৰতীয় চিন্তা-সংস্কৃতিৰ বৌদ্ধিক প্ৰৱক্তা।

       সৰ্বপল্লী ৰাধাকৃষ্ণণ

৫ চেপ্তেম্বৰ,১৮৮৮ চনত তিৰুতানীত জন্ম আৰু ১৭ এপ্ৰিল,১৯৭৫ চনত মাদ্ৰাজত মৃত্যু।তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামী নাছিল যদিও পাণ্ডিত্বৰ বাবে তেওঁ১৯৫২ক পৰা ১৯৬২ চনলৈ উপ ৰাষ্ট্ৰপতি আৰু১৯৬২ চনৰ পৰা১৯৬৭ লৈ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আছিল ।১৯৬২ চনৰ চীনা আক্ৰমনত আহত সৈনিক সকলক খবৰ লবলৈ তেওঁ ১৯৬২ চনত তেজপুৰলৈ আহে আৰু সেনা হস্পিতালত আহত সৈনিকক লগধৰে।তেওঁ ইংৰাজীত লিখা কিতাপ সমূহ হল এখন আইডেলিষ্ট লাইফ,ইণ্ডিয়ান ফিলচফি,প্ৰিন্চিপাল অৱ উপনিষদ,মাহাত্মা গান্ধী,ইষ্টাৰণ ৰিলিজন,বেদান্ত ৱেষ্টাৰ্ণ টাৰ্মচ,দি ভাগৱত গীতা ইত্যাদি।
১৯৭৫ চনত মোৰ জীৱনলৈ এক ধুমুহা নামি আহে।২৯ চেপ্তেম্বৰ দিনা দেউতা তেজপুৰ চহৰৰ পৰা হেৰাই গ'ল।অৰ্থনৈতি আকাশী সৰগ ভাগি পৰিল।হঠাৎ আমি দৰিদ্ৰ হৈ পৰিলো।কলেজৰ পঢাশুনা সামৰি বিহালীৰ ঘৰ পালোগৈ।হাতত অফুৰন্ত সময়।দেউতাই কিনা ৰাধাকৃষ্ণণৰ ইংৰাজী গীতা খন পঢ়িবলৈ ললো।ইংৰাজী বুজি নাপাওঁ,বাৰে বাৰে অভিধান মেলিব লাগে।সেই সময়ত ধাৰণা আছিল যে কম বয়সত গীতা পঢিলে পগলা হয়।মা'ৰ হকাবধা নমনাত খুৰাক মাতি আনিও মোক বুজালে।কিন্তু ইতিমধ্যে মই ৰাধাকৃষ্ণণৰ বিশ্লেষণত জীৱন সম্পৰ্কীয় নতুন তত্ব বিচাৰি পালো।মই গীতা খন আৰু বেছি মনদি পঢ়ি গলো।ৰাধাকৃষ্ণণে কৈছে গীতা বা মদভাগৱত গীতা ভাৰতীয় সনাতন হিন্দু চিন্তাৰ দাৰ্শনিক গ্ৰন্থ।মানুহৰ আধ্যাত্মিক মানসিকতা,জ্ঞান,প্ৰজ্ঞান,বিশ্বাস-অবিশ্বাৰ ,ভগৱত হিন্দু চিন্তাৰ যুগ যুগ প্ৰৱাহিত জীৱনবোধ, ধৰ্মজ্ঞান ,মহাভাৰতীয় প্ৰজ্ঞান ই এক মধুৰ ভগৱত গীত।ৰাধাকৃষ্ণৰ মতে গীতাৰ চৰিত্ৰ সমূহ মানুহৰ হৃদয়ৰ মহাভাৰতত থকা অদৃশ্য মহাশক্তি আত্মা,যাৰ জন্ম নাই মৃত্যু নাই থাকে মাথো সুন্দৰ যাত্ৰা।হিন্দুমতে মৃত্যু এক যাত্ৰা আত্মাৰ পৰমাত্মাৰ মিলন যাত্ৰা।সেয়েহে মৃতজনক চিনাকি অচিনাকি বিচাৰ নকৰি সেৱা জনোৱা হয়।
১২০৪০০০০০ বছৰ আগেয় খৃষ্টপূৰ্ব অষ্টম /নৱম শতিকাত বেদ ব্যাস নামৰ পণ্ডিতে গীতা ৭০০ শ্লোকেৰে ৰচনা কৰে।আৱশ্যে শ্ৰুতি কাব্য হিচাবেই এই ভগৱানৰ গীতবোৰ চলি আছিল।ই সকলো সময়ৰ বাবে সকলো মানুহৰ বাবে সৰ্বৰাষ্ট্ৰৰ বাবে জীৱন দিক্ষা বা বৌদ্ধিক বুদ্ধিমত্তাৰ  সনাতনী প্ৰকাশ বুলি কৃষ্ণণে ভাৱে।গীতাৰ যুদ্ধক্ষেত্ৰ হ'ল মানুহৰ হৃদয় খন আৰু কৃষ্ণ হ'ল সকলো মানুহৰ হৃদয়তে বিৰাজ মান বিবেক।এই বিবেকেই মানুহৰ ঈশ্বৰ সত্তা আধ্যাত্মীক জ্ঞান সত্তা।আৰ্জুন হ'ল মানুহৰ হৃদয়তে বিৰাজমান যুদ্ধ নিপুন মনটো।যি মন দুৰ্বল হয়।জীৱনৰ দুৰ্বলতা বোৰকলৈ বিবেকৰ ওচৰত প্ৰশ্ন উত্থাপন কৰে।জাগ্ৰত বিবেকে মাৰ্গ দৰ্শন দিয়ে।কৃষ্ণণৰ এনে বিশ্লেষণে গীতাক বিশ্বৰ বৌদ্ধিক সমাজত উচ্চ দাৰ্শনিক আসন দিয়ে।ইয়াৰ লগত পশ্চিমীয়া দৰ্শনৰ বহু বিশ্লেষণ তেওঁ দাঙি ধৰে।জনা যায় পৰমানু বোমাৰ আবিস্কাৰৰ অপেন হাইমাৰৰ গীতা মুখস্ত আছিল।
কৃষ্ণণে ভাৱিছিল গীতাই মানুহক মনৰ স্বাধীনতা দিয়ে,আত্মীক বিশ্বাস দিয়ে,মধুৰ বৌদ্ধিক মানসিক আবেগ সৃষ্টি কৰে,মন স্থিৰ কৰে,সহনশীল কৰে আৰু চিন্তা আৰু জীৱনৰ মূল্যবোধ চহকী কৰি আধ্যাত্মীক প্ৰশান্তি দিয়ে।গীতাই জ্ঞান,ভক্তি আৰু কৰ্মৰ সন্তলন ৰক্ষা কৰি নৈতিক শৃংখলা বঢাই বিশ্বজনীন মানবীয় বীক্ষা(vision)ৰ সৃষ্টি কৰে।
তেওঁৰ মতে জীৱনৰ সকলো পথেই ঈশ্বৰ. প্ৰাপ্তি ৰ পথ।কোনো নৰক নাই।হিন্দু ধৰ্মৰ মতে সকলো ধৰ্মই সত্য।Hindusim. Is not bound up with a creed Ora book a prophet or founder.ই এক জীৱনৰ সংস্কাৰ চিন্তা,ই সৰ্বমানৱ ধৰ্ম ,সৰ্বৰাষ্ট্ৰ(Commonwealth) ধৰ্ম।The son of man becomes the son of God. জ্ঞান হ'ল Intregal experience পূৰ্ণ অভিজ্ঞতা  তদা ৰ্দ্ৰষ্টু: স্বৰূপে অৱস্থানম।
দুখ হল তপশ্চ্যা Often suffering is not punishment but discipline.ৰাধাকৃষ্ণণৰ মতে সমাজৰ বিভিন্ন মতবোৰ (প্যাচ্য-পাশ্চাত্য)এক কৰিব নালাগে।ধৰ্মৰ ক্ষেত্ৰটো আমি উদাৰ হ'ব লাগে।নিজৰ ধৰ্ম ভালদৰে বুজাবলৈও আনৰ ধৰ্ম গ্ৰন্থ পঢ়িব লাগে।মানৱ সমাজত হিন্দু ধৰ্মৰ আধ্যাত্মীকতা,ইহুদী ধৰ্মৰ অনুগত্য আৰু স্পষ্টবাদীতা,গ্ৰীক ধৰ্মৰ সৌন্দৰ্যবোধ,বৌদ্ধ ধৰ্মৰ কৰুণাময় ভাৱ,খ্ৰীষ্টান ধৰ্মৰ গভীৰ ভাগৱত প্ৰেম আৰু মুচলমান ধৰ্মৰ ঐকান্তিক আত্মনিবেদন প্ৰয়োজন।ধৰ্মই মানৱ জীৱনত প্ৰসাৰতা লাভ নকৰিলে মানৱ সমাজৰ ভৱিষ্যত ধ্বংশ হ'ব। মানুহ নিজেই বৃক্ষাণাম ফলেন পৰিচিত হ'ব লাগে।নিজৰ সৎ কৰ্মৰ দ্বাৰা প্ৰকাশিত হ'ব লাগে।God lives, feels and suffers in every one of us, and in course of time, His attributes, knowledge, beauty and love will be revealed in each of us.বৰ্তমান সময়ত মহান পণ্ডিত ৰাধাকৃষ্ণণৰ উচ্চ  চিন্তাই সংকীৰ্ণতা আতৰাই আমাক সাংস্কৃতিক কৰি তুলিব পাৰে।শেষত তেওঁৰ এষাৰ কথাৰে যতেই জন্ম নহওক কিয় জীৱন চেতনা তোমাৰ উন্নত হওক।

 লেখক: দিলীপ কুমাৰ বৰুৱা

 ১৮/৫/২০২০//9435187665//

সম্পাদনা: দিগন্ত কুমাৰ ভূঞা

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়