সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

কাজল সনা দুচকুৰে ( চুটি গল্প)

 কাজল সনা দুচকুৰে ( চুটি গল্প)

ৰচনা: দিগন্ত কুমাৰ ভূঞা


প্ৰথম দৃষ্টিতেই যাক ধুনীয়া বুলিব পাৰি, তাতকৈওঁ‌ ধুনীয়া তাই।  কাজিৰঙাত দেখাপোৱা মৃগজনীৰ  চকুজুৰিৰ দৰে, কিন্তু কাজল সনা দুচকুৰে তাই সন্মোহন কৰিব পাৰে অনেকজনক । 

 

 বিশ্বব্যাপি মৃত্যু ৰ সন্ত্ৰাস চলোৱা
Corona virus.
ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা সুৰক্ষিত থাকিবলৈ প্ৰায় দুমহীয়া লকডাউন ব্যৱস্থাৰ কিছু শিথিলতাৰ বাবে আজি তাই ওলাই আহিল মুকলি আকাশ চাবলৈ, ঘৰৰ কাষৰে বৈ যোৱা নদীখনি চাবলৈ। মনত যে কিমান হেপাহ। ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালৰ
 ' সেউজি সেউজি '.......................................
  গীতটি মনলৈ অহাত তাই গুণ-গুণাবলৈ ধৰিলে। 

                                                               

                 

কুলি এজনীয়ে ইমানকৈ বিনাইছে,তাইৰ হঠাৎ মন বেজাৰত ভৰি পৰিল- ৰঙালী বিহুটি এইবেলি ধোল-পেঁ‌পাৰ মাত নুশুনাকৈয়ে গ'লগৈ। 

 

টিঙিচকৈ খংটো উঠিল, সকলো দোষ এই ক'ৰোনা (Corona virus.)ৰ গাত। এজাৰ জোপা ফুলিছে, তাতে আকৌ কপৌ ফুলবোৰ দেখি তাই এপাক নাচি দিবৰ মন গ'ল,কোনোবাই দেখিব নেকি বাৰু তাইক। ভাবি থাকোতেই, এটি মিহি মিহি সুগন্ধি চাৰিও ফালে আমোল-মোলাৱাৰ অনুভৱ কৰিলে, ক'ৰোনা ৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ মুখত বান্ধি লোৱা মাস্ক (Musk) খন অলপ উদঙাই দীঘল উশাটো লৈ দেখিলে,


বাটৰ ধাপত তগৰ এজোপা ফুলৰে জাতিস্কাৰ হৈ আছে। এপাহ তগৰ তাইৰ দীঘল বেণীডালত ওলোমাই ল'বলৈ বৰ মন গ'ল। হেপাহ মেলি চিঙিব ধৰোতেই, তেজীমলাৰ "হাতো নেমেলিবি, কৰেনো...." গীতটি মনত পৰি হাতখন কোচাই আনিলে। 


 কিছুদিনৰ পৰা তাই অলপ দুৰ্বল হৈ আছে, অসুখটো হ'বৰ পৰা চিনাকি মানুহবোৰেও তাইক ভালকৈ নমতা হ'ল। তাইনো কি কৰিব ডাক্তৰে কৈছে, তাইৰ ভাল হ'ব! মাহীৰ তাত থাকোতেই বেমাৰটোৱে লগ দিলে। দীলবৰ দাই খুব মৰম কৰিছিল তাইক, ইয়ালৈ মাল দিবলৈ ট্ৰাকখন লৈ আহিলেই, তাইক সি লগ কৰি বহুত মৰম কৰে, আৰু সি তাইক দুষ্টালিবোৰ কৰিলে তাই বৰ সুখ অনুভৱ কৰে, তাৰ গাৰ গোন্ধতোৱে তাইক বৰ আমনি কৰে, চকুচলচলিয়া হৈ গ'ল, কি যে কথাবোৰ তাইৰ মনত পৰে--। মাহীয়ে ক'লে, দীলবৰ মৰিল। 


খবৰটো পোৱা দিনা তাই বহুত কান্দিলে, কি আছিল তাইৰ তাৰ লগত সম্বন্ধ? মাত্ৰ তাক তাইৰ ভাল লাগিছিল। ভাল লগাতোৱেই জানো সম্বন্ধ, তাইৰ নিচিনা ছোৱালীক কোনেও সম্বন্ধৰে বান্ধিব নোৱাৰে সমাজে স্বীকৃতি নিদিয়ে, সেই বাবে তাইৰ  অৱশ্যে আক্ষেপো নাই। কিন্তু ঈশ্বৰৰ ওচৰত সি ভালে থাকিবলৈকে ধূপ-চাকি জ্বলাই  তাই প্ৰাৰ্থনা কৰে, কিন্তু ঈশ্বৰে তাইৰ কথা নুশুনিলে, তাইৰ কাষৰ পৰা দীলবৰক লৈ গ'ল। মাহীয়ে কৈছিল, তাৰ কিবা যৌনৰোগ হৈছিল। সি বৰ বেয়া বেমাৰত মৰিল ।  সি জানো তাইক ভাল পাইছিল? আন ছোৱালীৰ ফ'টো সি তাৰ ম'বাইলত চেভ কৰি ৰাখে, তাই এদিন দেখি দীলবৰক সোধোতে, সি তাইক এটা চৰ মাৰিলে। তথাপি কিয় জানো তাক তাইৰ ভাল লাগে। 


সকলো ঠিকেই আছিল।দুবাৰ বিহু মঞ্চত নাচি তাই পুৰস্কাৰো পাইছিল। তাই বিহুতলীৰ পৰা সেই নৰাধম টোৰ লগত পলাই আহিয়েই জীৱনৰ গতিত সকলো খেলি-মেলি হৈ গ'ল। মাহীয়ে হেনো নৰপিশাচটোৰ পৰা তাইক বহুত টকাদি কিনি লৈছে। তাই এতিয়া মাহীৰ কিনাগোলাম । ৰাতি দুপৰলৈকে মাহীৰ আদেশ পালন কৰি কৰি লবেজান হৈ পৰে তাই, তথাপি এতিয়া মাহীয়েই তাইৰ  অন্নদাতা-আশ্ৰয়দাতা।

 

 তাই এদিন মাহীৰ মুখতে শুনিছে, দূৰ্গা পুজাৰ দেৱী প্ৰতিমা সাজিবলৈ বেশ্যাৰ গৃহৰ মাটি এমুঠি নিনিলে পবিত্ৰ নহয়  বুলি, কিন্তু সমাজত  তাইৰদৰে  নাৰীবোৰ অপৃশ্য ! ভাগ্য তাইৰ ভালেই নে বেয়া আজিলৈকে তাই  ভাবিয়েই নাপালে,  তাই জীয়াই আছে  মাহীৰ আশ্ৰয়ত সেয়ে তাইৰ ভাগ্য, কিমান দিন বা তাই জীয়াই থাকিব ! আওমৰনে মৰিবলৈও তাইৰ ভয় বোৰ হেৰাল, আপোনঘাটি হ'বলৈ কৰা চেষ্টাত মাহীয়ে বাধাদি শপত দিলে পুণৰ এনে পাপ নকৰিবলৈ, আৰু তেতিয়াৰ পৰা তাই  মৰাৰ কথাবোৰ নভবা হ'ল। নহ'লে পাপ লাগিব ! পাপ ? হাঁহি উঠি গ'ল তাইৰ, এই পাপ-পূণ্য শব্দবোৰৰ  অৰ্থ তাই একোৱেই বুজি নাপায় , কিন্তু তাইৰ পৰা মৰম কিনিবলৈ অহা মানুহবোৰৰ মনবোৰ, চৰিত্ৰ বোৰ, হিংস্ৰতাবোৰ তাই ঠিকেই বুজি পায়।  

কি কথাবোৰনো তাই আজি ভাবিছে ! নিজৰ ওপৰতেই তাই  আচৰিত হৈছে।  

নদীখনৰ পাৰ কেতিয়ানো তাই পালেহি তলকিবই নোৱাৰিলে। কিমান দিন নদীখন তাই নেদেখাকৈ আছিল, হেপাহ পলুৱাই নদীখন  চাবলৈ মন গ'ল । নদীখনৰ লগত তাই নিজকে এবাৰ ৰিজাই চালে, নদীখনেও লেতেৰা বোৰ ধুই নিকাকৰি অবিৰাম প্ৰবাহিত হৈ আছে, আৰু তাই...........! 


নিৰিবিলি  দুপৰীয়াৰ  নদীৰ শব্দ আৰু চৰাই-চিৰিকতি মাত ৰ বাদে কেওঁকিছু নথকা  নদীৰ পাৰত ৰৈ তাই  এপাক সাতুৰিবলৈ মন গ'ল। 

বুকুৰ পৰা কাপোৰ খন খুলিবলৈ লওঁতেই  হঠাৎ পাঁচটা পাষণ্ডই তাইক চোঁচোৰাই হাবিৰ মাজলৈ টানি নিলে, তাইৰ চিঞৰ  বোৰ প্ৰতিধ্বনি  হৈ চৌদিশ ৰজন-জনাই গ'ল কিন্তু  সেই শব্দ শুনিবলৈ নৰাধম কেইটাৰ বাদে তাত  আন কোনো নাছিল।
এটা এটাকৈ পাঁচটা নৰপিশাচ তাইৰ দেহৰ  ওপৰত জপিয়াই  পৰিল....................... !

 নৰপিশাচ কেইটা লবেজান হৈ তাইৰ কাষত পৰি ৰ'ল, সিহঁতলৈ চাই  তাইৰ হাঁহি উঠিল, তাই জোৰেৰে  হাঁহিবলৈ ধৰিলে, হাঁহি বোৰ  প্ৰতিধ্বনি হৈ  হাবিখন ৰজন-জনাই গ'ল...................! কিন্তু কিয় তাইৰ সিহঁতক দেখি হাঁহি উঠিল ? তাইৰ পাপ হ'ব নেকি ? হওঁক এনে পাপ তাই বাৰে বাৰে কৰিবলৈ ৰাজি----! পাপিষ্ট কেইটাই উচিত শাস্তিয়ে পাইছে..........., আৰু যেতিয়া সিহঁতে তাইৰ মুখৰ পৰা শুনিলে, তাইৰ দেহত এইডছ (AIDS)আছে। তাইৰ দেহৰ পৰা সংক্ৰমিত এইডছৰ কথা জানি,  সিহঁতে প্ৰাণৰ ভয়ত চিঞৰিবলৈ ধৰিলে, কিন্তু  তাইৰ অট্ৰ্হাস্যৰ  প্ৰতিধ্বনিত সিহঁতৰ চিঞৰ বোৰ শুনিবলৈ তাত  তেতিয়া কোনো নাছিল.......।

সমাপ্ত



ৰচনা: দিগন্ত কুমাৰ ভূঞা



Comments

  1. খুউব ধুনীয়া লিখনি । লগত দিয়া ফটোখিনিয়ে কাহিনী টো আৰু উপভোগ্য কৰি তুলিছে ।

    ReplyDelete

Post a Comment

If you have any doubts, please let me know.

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়