 |
VOLTAIR |
VOLTAIR
ভল্টেয়াৰ
ভল্টেয়াৰক ফৰাচী বিপ্লৱৰ পিতা বুলি কোৱা হয়।
 |
VOLTAIR |
তেওঁ তেওঁৰ সাহসী চিন্তাৰ বাবে আজিও তেওঁ পৃথিৱী বিখ্যাত চিন্তাবিদ,লেখক,বুদ্ধিজীৱি।তেওঁ ধৰ্মীয় অন্ধতা,ৰাজনৈতিক গোড়ামী,বৌদ্ধিক শত্ৰুতাৰ বিপক্ষে ক্ষুৰধাৰ সমালোচনা কৰি সদায় ভয় আৰু গ্ৰেপ্তাৰৰ আতংকৰ মাজেৰে জীৱন অতিবাহিত কৰি জেললৈও গৈছিল আৰু নিজৰ জন্মভূমিৰ পৰা নিৰ্বাসিত হৈছিল।ফ্ৰান্সৰ বৌদ্ধিক জাগৰণৰ তেওঁ মহানায়ক আছিল।তেওঁ বিৰোধী আছিল ৰাজনৈতিক গোড়ামী,ধৰ্মীয় গোড়ামী,যৌন নিৰ্যাতন আৰু দূৰ্নীতিপূৰ্ণ ক্ষমতা লাভ আৰু ধনৱন্ত হোৱাৰ।তেওঁ কৈছিল কোনো ধৰ্মীয় চিন্তাক বা ধৰ্মীয় সংগঠনক চৰকাৰে সমৰ্থন কৰিব নালাগে।তেনে কৰিলে গণতন্ত্ৰ দুৰ্বল হ'বলৈ বাধ্য।তেওঁ বিছাৰিছিল মানুহ সদায় সহনশীল হ'ব লাগে বিশেষকৈ ধৰ্মীয় ক্ষেত্ৰত । আমৃত্যু তেওঁ নিজৰ নীতিক আপোচ কৰা নাছিল।মানুহৰ আটাইতকৈ ডাঙৰ স্বাধীনতা হ'ল বাক-স্বাধীনতা। বাক-স্বাধীনতা কোনো ৰাষ্ট্ৰই ধংশ কৰিব নালাগে বুলি তেওঁ দৃঢ়তাৰে জীৱনজুৰি প্ৰচাৰ কৰে।তেওঁ মৃত্যুৰ সময়তো কৈছিল , "এজন মানুহৰ সকলো কথা আমি অস্বীকাৰ কৰিব পাৰো,কিন্তু তেওঁৰ কোৱাৰ অধিকাৰ আমি নোহোৱা কৰিব নোৱাৰো"। তেওঁৰ প্ৰিয় বিষয় আছিল কবিতা আৰু ইতিহাস।জেলত থকা ১১ মাহতে তেওঁ সমাজ,ৰাজনীতি,ধৰ্ম আদি বিষয়ত নতুন ধৰণে চিন্তা কৰিবলৈ অৱকাশ পায় আৰু এগৰাকী সৃজনশীল স্বতন্ত্ৰ ব্যক্তি হিচাবে নিজক আবিস্কাৰ কৰে। পিতৃৰ পৰম্পৰাগত চিন্তাৰ পৰিৱৰ্তন কৰি , তেওঁ পুৰণি নাম সলনি কৰি ভল্টেয়াৰ নতুন নাম লয়। তেওঁ সকলো মানুহকে প্ৰচলিত চিন্তাৰ পৰিৱৰ্তে চিন্তা কৰিবলৈ আৰু প্ৰশ্ন কৰিবলৈ কৈছিল।
 |
কেন্দিদৰ বেটুপাত |
VOLTAIR
ভল্টেয়াৰ
মাধ্যাকৰ্ষণ শক্তি ৰ উদ্ভাৱক নিউটনৰ আপেল সৰাৰ কাৰণ উদ্ভাৱন চিন্তাৰ নতুনত্বৰ দ্বাৰাই সম্ভৱ হৈছিল বুলি তেওঁ বাৰে বাৰে কৈছিল।তেওঁৰ বিখ্যাত উপন্যাস "কেন্দিদ" ত তেওঁৰ নতুন চিন্তাবোৰ প্ৰকাশ পোৱাৰ বাবে গ্ৰন্থ খন নিসিদ্ধ কৰা হৈছিল। গ্ৰন্থ খনৰ মূল চৰিত্ৰ কেন্দিদক শিকোৱা হৈছিল, প্ৰৱল আশাবাদ হল জীৱনৰ মূল বুনিয়াদ।প্ৰেমত পৰি ৰাজমহলৰ পৰা খেদা খায় কেন্দিদে বাহিৰত জীৱনৰ বহু নতুন ৰূপ দেখিলে আৰু নানা ঘাট প্ৰতিঘাটৰ যোগেদি এইবোৰত বিজয় লাভ কৰিও কেন্দিদে জীৱনৰ সকলো কাম অৰ্থহীন অনুভৱ কৰি এখন সৰু গাঁৱত খেতি কৰি সাধাৰণ জীৱনতে জীৱনৰ ৰং বিচাৰি পালে।
VOLTAIR ভল্টেয়াৰ
উপন্যাসৰ পৰা চাৰিটা জ্ঞান হ'ল:---
(১)প্ৰৱল আশাবাদৰ বিপদ পদে পদে
(২)জীৱনত যিদৰে সমস্যা আছে তাৰ একোটা সমাধান আছে।
(৩) জীৱনত সুখৰ সন্ধান প্ৰতি পদে পদে নিৰৰ্থকহৈ পৰিব পাৰে।
৪)কেন্দিদে সকলো বৈষয়ীক সুখৰ বিজয় লাভ কৰিও নিৰৰ্থক বুলি ভাবি সকলো এৰি পেলাইছিল।
(৫)মানুহে জীৱনত নিজৰ পথাৰ নিজা ববীয়াকৈ গঢি তুলিব লাগে।
 |
Writer: Dilip Kr. Baruah
whatsapp no-94351-87665
email: dilipmti0000@gmail.com |
লেখক: দিলীপ কুমাৰ বৰুৱা
Comments
Post a Comment
If you have any doubts, please let me know.