Khalil Gibran খলিল জিব্ৰান
( নতুন পুৰুষৰ বাবে লিখা)
 |
Khalil Gibran খলিল জিব্ৰান |
বিশ্ববিখ্যাত কবি,শিল্পী,দাৰ্শনিক খলিল জিব্ৰান আৰু তেওঁৰ অমৰ সৃষ্টি প্ৰফেট।
লেবাননৰ নাগৰিক আমেৰিকা লৈ গৈ শ্লামত ডাঙৰ দীঘল হোৱা খলিল জিব্ৰান একেধাৰে বিশ্বৰ অতিকৈ জনপ্ৰিয় কবি,চিত্ৰ শিল্পী,দাৰ্শনিক বিখ্যাত প্ৰফেট গদ্য- কবিতাৰ লেখক। আৰবী আৰু ইংৰাজী দুয়োটা ভাষাতে সমানে সাহিত্য চৰ্চা কৰিছিল তেওঁ আৰু নিজৰ সৃষ্টিৰে বিশ্ববন্দিত হৈছিল। তেওঁ অকাঁ ৪৪০ খন বিৰল চিত্ৰ আজিও সংৰক্ষিত।তেওঁৰ প্ৰফেট কাব্যগ্ৰন্থ বিশ্বত তৃতীয় সৰ্বাধিক বিক্ৰীহোৱা কবিতা পুথি ।এইখন গ্ৰন্থ প্ৰকাশৰ পিছতে কেৱল আমেৰিকাতে সপ্তাহত ৫০০০ কপি বিক্ৰীৰ হৈছিল।আমাৰ অসমীয়া ভাষা টো এই গ্ৰন্থখন শ্ৰী জ্যোতি প্ৰসাদ শইকীয়া দেৱৰ সুন্দৰ অনুবাদ আৰু বেনু মিশ্ৰৰ বেতুপাতৰে ১৯৯৪ চনত বাণী মন্দিৰে প্ৰকাশ কৰিছে।
ইয়াত জিব্ৰানৰ বহুবোৰ ছবিও সান্নিবিষ্ট হৈছে।আমি এই কিতাপ খনৰ বিষয়ে গাঁৱত থাকোতে একেবাৰে গমকে পোৱা নাছিলো,যেতিয়া মই নৱকান্ত বৰুৱাদেৱৰ সান্নিধ্য লাভ কৰিলোঁ তেতিয়াই উক্ত বিখ্যাত কাব্যগ্ৰন্থ কথা জানিব পাৰো আৰু লগে লগে কিনি সংগ্ৰহ কৰো,যিখন মোৰ হাতত এতিয়াও আছে।নৱকান্ত বৰুৱা চাৰে মোক কেতিয়াবা জীৱনী লেখক আৰু কেতিয়াবা বিহালীয়ান বুলি বৰ মৰম কৰিছিল।
Khalil Kibran খলিল জিব্ৰান
৭ জানুৱাৰী১৮৮৩ চনত লেবাননত জন্মহোৱা খলিল জিব্ৰানে ১২ বছৰ বয়সতে স্বাভাবিক ভাৱে চিত্ৰ আঁকি সকলোৰে মৰম পাইছিল।পিছলৈ মাকে দেউতাকক এৰি আমেৰিকালৈ শৰৰ্নাথী হিচাবে গুচি যায় আৰু শ্লামৰ জুপুৰিত শৈশৱ কটাব লগা হয়।অনবৰতে ছবি আঁকি ভালপোৱা খলিলে জুপুৰীৰ জীৱনত কেৱল দৰিদ্ৰ তাকে সাৱতি লব লগা হয়।পিছলৈ মাকে সৰু দোকান এখন আৰম্ভ কৰে আৰু দোকানৰ লাভৰে খলিলক বিদ্যালয়ত পঢাই।আৰবী ভাষাৰ বাহিৰে একোৱে নজনা খলিলে বৰ কষ্টৰে ইংৰাজী ভাষা মনপুতি পঢ়ি আৰবী আৰু ইংৰাজী দুয়োটা ভাষাতে দক্ষহৈ পৰে।শৈশৱৰ পৰাই খলিল আছিল নি:সঙ্গতা প্ৰিয় আৰু প্ৰকৃতিপ্ৰেমী।আমেৰিকাৰ ৱষ্টনৰ শিল্পী মহলত প্ৰতিভাৰে শৈশৱতে তেওঁ জিলিকি উঠে।কিন্তু হঠাতে একে বছৰতে মৰমৰ ভনীয়েক,মাক আৰু লেবানত থকা পিতৃৰ মৃত্যু হোৱাত তেওঁৰ আকাশী সৰগ ভাগি পৰে ,ফলত পঢাশুনা সকলো বন্ধ হয়।এই অৱস্থাত মেৰী হাস্কেল নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে খলিলক নি নিউয়ৰ্কত পঢ়ায়।তাতে তেওঁ আৰবী আৰু ইংৰাজী ভাষা ত সমান দক্ষতাৰে কাকত সমূহত লিখে আৰু কিতাপৰ বেতুপাতৰ পৰা বিভিন্ন নি:সঙ্গতা ,মানুহৰ দৈহিক সৌন্দৰ্য্য,প্ৰকৃতিৰ ওপৰত বিৰল ছবি আৰু স্কেচ সমুহ অঙ্কন কৰি ইমানেই জনপ্ৰিয় হৈ পৰে যে তেওঁ নিউ অৰিয়ন চচাইটি ইন নিউয়ৰ্কৰ সদস্যপদ লাভ কৰে।অৱশ্যে নিউইয়ৰ্কৰ সমালোচক সকলে জিব্ৰানৰ সৃষ্টিক উচ্চ আসন দিয়া নাছিল যদিও তেওঁ নিজৰ সৃষ্টিৰে বিশ্বতে জনপ্ৰিয়তাৰ শিখৰ লাভ কৰিছিল।তেওঁ অনুভৱ কৰিছিল মানুহৰ কাম হল প্ৰেমৰ দৃশ্যমান ৰূপভেদ।তেওঁ কৈছিল প্ৰেমবিহীনে জীৱন ফুল-ফল বিহীন গছৰ দৰে।তেওঁ কৈছিল সৌন্দৰ্য্য মুখত নাথাকে Beauty is not in the face,beauty is a light in the heart.মানুহৰ হৃদয় সুন্দৰ নহলে অসুন্দৰৰ মলিন ছায়াই জীৱন আৱৰি ধৰে।মানুহৰ জীৱন পূৰ্ণচন্দ্ৰমাৰ দৰে এফালে পূৰ্ণিমাৰ জোনাক আনফালে ঘোপমৰা অন্ধকাৰ।তেওঁ কৈছিল তুমি কাৰ লগত হাঁহিছিলা পাহৰি যাবা,কিন্তু কাৰ লগত জীৱনত কান্দিছিলা মনত থাকিব।তেওঁ বিশ্বাস কৰিছিল ভগৱান হ'ল সকলো সৌন্দৰ্যৰ আধ্যাত্মীক ৰূপ ।
Khalil Kibran খলিল জিব্ৰান
Trust in dreams,for in them is the hidden gate to eternity.
তেওঁৰ গ্ৰন্থ সমূহ হল দি প্ৰফেট, ব্ৰকেন উইংচ্,দি মেডমেন,দি ফৰেৰুনাৰ,দি ৱানদাৰ আৰু আন এখন কবিতা পুথি হ'ল দি প্ৰচেচন।প্ৰফেট ত সান্নিবিষ্ট হৈছে ২৬ এটা গদ্য-কবিতা।এই কবিতাবোৰে মানুহৰ জীৱনবোধ সম্পৰ্কে নতুনকৈ চিন্তাৰ উদ্যেগ ঘটাই আৰু সমগ্ৰ বিশ্বতে কবিতা প্ৰেমীৰ মাজত ,সৌন্দৰ্যপ্ৰেমী,ঈশ্বৰপ্ৰেমীৰ মাজত অতি জনপ্ৰিয় হৈ পৰে।কবিতাবোৰ যেন কবিতা নহয় মানুহৰ জীৱনলৈ দেৱদূতৰ বাণী।জীৱনৰ সন্ধানত মানুহৰ জীৱনৰ দুখ,প্ৰেম ভালপোৱা আৰু ঈশ্বৰৰ প্ৰাপ্তি কৰৱাত যেন কবিতাৰ ধাৰাত বহ্নিমান হৈ পৰে।ধাৰণা হয় এয়া লেখকৰ সৃষ্টি নহয় ঐশ্বৰীক কব্যময় প্ৰৱাহ।মই ওচৰতে ৰাখো এই অমৰ সৃষ্টি প্ৰফেট,যেতিয়া মোক নি:সঙ্গতাই অবৰিধৰে,প্ৰকৃতিৰ সৌন্দৰ্য নেদেখা হওঁ,জীৱনত অন্ধকাৰ ময় পথেৰে অকলে খোজ কাঢো প্ৰফেট মোৰ লগত থাকে,ই মোৰ অন্ধকাৰ পথত পোহৰ সিচি দিয়ে জীৱনৰ আধ্যাত্মিকতাৰ ,জীৱনৰ বাৰে বাৰে ভাগি পৰা অৰ্থ বিচাৰি দিয়ে ।জীৱন কি,সন্তান কি,সংসাৰ কি,আনন্দ কি আৰু দুখ কি ,ঘৰ কি,পোছাক কি,দোষ আৰু দণ্ড কি,আইন কি,মুক্তি কি,যন্ত্ৰণা কি,শিক্ষা কি,আত্মীয়তা কি,ধৰ্ম কি আদি নানান প্ৰশ্নৰ উত্তৰ দিয়ে প্ৰফেটে।শেষত সামৰিছো প্ৰফেটৰ এটি পঙ্কতিৰে.....
Khalil Kibran খলিল জিব্ৰান
ধৈৰ্যশীল,বৰ ধৈৰ্যশীল মোৰ জাহাজৰ গুৰিয়ালজন / বতাহ বলিছে আৰু চঞ্চল জাহাজৰ পাল / গুৰি ব'ঠাই বিচাৰিছে দিশৰ নিৰ্দেশ / তথাপি মনে মনে জাহাজ চালকে মই নীৰব হোৱাৰ বাবে অপেক্ষা কৰিছে। আকৌ তেওঁৰ উক্তিৰে -এদিন তুমি সুধিবা কি বেছি আৱশ্যকীয়,মোৰ জীৱন নে তোমাৰ জীৱন।মই ক'ম মোৰ।তোমৰ জীৱনেই মোৰো জীৱন বুলি নজনাকৈ তুমি আঁতৰি যাবা।
Writer: Dilip Kr. Baruah
দিলীপ কুমাৰ বৰুৱা
whatsapp no-94351-87665
email: dilipmti0000@gmail.com
Comments
Post a Comment
If you have any doubts, please let me know.