সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

MOWGLI (4) মোগলীৰ দু:সাহসীক অভিযান (৪)

 MOWGLI   মোগলীৰ দু:সাহসীক অভিযান



বিশ্বৰ ১০০ খন বিখ্যাত শিশু গ্ৰন্থৰ সাৰাংশ:

(৪) মোগলীৰ দু:সাহসীক অভিযান

একেধাৰে সাংবাদিক,উপন্যাসিক,কবি ৰুডইয়াৰ্ড কিপলিং (১৮৬৫_১৯৩৬)এজন ভাৰতবৰ্ষৰ মুম্বাই ত জন্মহোৱা ইংৰাজ লেখক। তেওঁৰ১৮৯৭ চনত প্ৰকাশিত বিখ্যাত শিশু কাহিনীটো হল জাংগ'ল বুক বা মৌগলীৰ দু:সাহসীক কাহিনী।কাহিনীটো কাৰ্টুন বা চিনেমা হিচাবেও শিশুৰ মাজত বৰ জনপ্ৰিয়।শুনা যায় এই কাহিনী ইংৰাজআৰু 

ভাৰতীয়ৰ প্ৰতীকি কাহিনী ত মোগলী হেনো ইংৰাজৰ প্ৰতীক।
ইয়াৰ মূল চৰিত্ৰ হ'ল জংঘলত কুকুৰনেচীয়া বাঘৰ লগত ডাঙৰ হোৱা এটা মানব শিশু মোগলী আৰু কেইটামান কথা ক'ব পৰা অৰন্যৰ জন্তু।অৰন্যৰ ৰজা হল শ্বেৰ খান। 


সি মানব শিশু মোগলীক চকুপাৰি দেখিব নোৱাৰে। আনহাতে কুকুৰনেচিয়াই বাঘ জনীয়ে নিজৰ অকনি অকনি চাৰিটা পোৱালীৰ সৈতে সমান মৰমেৰে মোগলীক ডাঙৰ কৰে।কিন্তু মানুহৰ পোৱালী অৰন্যত থকাৰ কথাটো অৰন্যৰ ৰজা শ্বেৰখানে সমূলি দেখিব নোৱাৰে।মোগলীক হত্যা কৰাটোৱে শ্বেৰ খানৰ প্ৰধান উদ্যেশ্য।এনে দৰে অতি ৰোমান্সকৰ কাহিনী আগবাঢ়ে ।মোগলীক ৰক্ষা কৰিবলৈ সদায় তাৰ লগত থাকেএটা ক'লা বাঘ বগিৰা , এটা ভালুক  ভালু,কুকুৰনেচীয়া চৰ্দাৰ
আকেলা,বিশাল অদগৰ কথা,বনৰীয়া মহৰ চৰ্দাৰ ৰামা আৰু হাতীৰ জাক। সকলো মোগলীৰ  অৰন্যৰ সকলো বিপদৰ বন্ধু।মোগলী পদে পদে বিপদত পৰে শ্বেৰ খান নামৰ জংঙ্ঘলৰ ৰজা বাঘটোৰ পৰা। তাৰ মাজতে এবাৰ বান্দৰবোৰেও মোগলীক সিহঁতৰ ৰজাৰ ওচৰলৈ নিয়ে যদিও মোগলী বাছি আহে।শেষত শ্বেৰখান জুইত পুৰি মৰি যায় মোগলীৰ কৌশলী বুদ্ধি ৰ বলত। হিংস্ৰ ৰঙা বনৰীয়া কুকুৰৰ দলকো মৌগলীয়ে ধ্বংশ কৰে,হৈ পৰে অৰণ্যৰ প্ৰভু। মানুহৰ মাজলৈ গৈ ঘৃণা বুটলিব লগা হয়,কিন্তু আৱশেষত সি অৰণ্য এৰি মানুহৰ সমাজলৈ ঘুৰি আহে।এই কাহিনী শিশুৰ পৰা বৃদ্ধলৈ সমানে জনপ্ৰিয়।

RUDYARD KIPLING

কিপলিঙে ১৯০৭ চনত ৪১ বছৰ বয়সত প্ৰথম গৰাকী ইংৰাজ লেখক হিচাবে সাহিত্যৰ ন'ৱেল বঁটাও লাভ কৰে।
 

 MOWGLI মোগলীৰ দু:সাহসীক অভিযান (4)











WRITER: DILIP KUMAR BARUAH
দিলীপ কুমাৰ বৰুৱা
বিহালী/তেজপুৰ

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়