সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

Tenali Ramaতেলেনীৰামা

Tenali Rama তেলেনীৰামা

 Tenali Ramaতেলেনীৰামা


বিশ্বৰ ১০০ খন বিখ্যাত শিশু গ্ৰন্থৰ সাৰাংস:

Tenali Ramaতেলেনীৰামা

(৮) তেলেনীৰামাৰ কাহিনী 

ভাৰতবৰ্ষৰ তেলেনীৰামাৰ কাহিনী সমূহো বিশ্ব শিশু সাহিত্য বুলি কব পাৰি।তেওঁৰ সম্পূৰ্ণ নাম  আছিল তেলানী ৰামকৃষ্ণ ১৫১৪ ত জন্ম গ্ৰহন কৰা তেলেনীৰ ১৫৭৫ চনত সাপৰ কামোৰত ৬১ বছৰত মৃত্যু হয়। তেওঁ অন্ধ প্ৰদেশৰ হাস্যবতেওঁ কৃষ্ণদেৱ ৰজাৰ ৰাজসভাৰ কবি,পণ্ডিত আৰু ৰজাৰ মুখ্য উপদ্দেষ্টা আছিল।তেওঁ বহু ভাৰতীয় ভাষা জানিছিল।বিশেষকৈ তামিল,মাৰাথী,কানাড়া,মালায়ালাম আৰু হিন্দী ভাষা জানিছিল।তেওঁ বৰ বুদ্ধিমান লোক আছিল।আকবৰৰ ৰাজসভাৰ পণ্ডিত বীৰবলৰ সমসাময়িক আছিল।শুনা যায় তেলেনীৰামা আৰু বীৰবলৰ মাজত নিজৰ পাণ্ডিত্যৰ ওপৰত  কাজিয়া হৈছিল আৰু বীৰবল তেলেনীৰামাতকৈ বুদ্ধিমান প্ৰমানিত হয়।

নদী এখনৰ পুৰণি কাজিয়া এখন মীমাংসা ৰ বাবে দুয়ো মিলিত হৈ সমাধান কৰা বুলি জনা যায়।এবাৰ ৰজা কৃষ্ণদেৱৰ স্বৰ্গ চাবলৈ মন গ'ল আৰু নিজৰ ইচ্ছা ৰাজসভাত জনাল।সকলো পণ্ডিত মৌন হোৱাত তেলেনীৰামাই কলে-হ'ব।পিছে  দহ হাজাৰ সোনৰ মুদ্ৰা লাগিব আৰু দুমাহ সময় লাগিব।সেই মতে দুমাহৰ অন্তত স্বৰ্গ দেখুৱাবলৈ তেলেনীয়ে ৰজাক নিজৰ ফুলে গছে সুন্দৰ ঠাই এখন দেখুৱালে আৰু ৰজা মোহিত হ'ল।ৰজাই শুধিলে পিছে দহ হাজাৰ মুদ্ৰা কি হ'ল।তেলেনীয়ে ক'লে সেই টকাৰে বহু গছ কিনা হৈছে নগৰৰ ওচৰটো এনে উদ্যান শিঘ্ৰে নিৰ্মাণ হ'ব।ৰজাই তেলেনীক বৰভাল পালে।সাধুবোৰ এনেধৰণৰ।

 

দিলীপ কুমাৰ বৰুৱা

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়