সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

 ফ'ৰ লেনৰ দুখ

 লেখকঃ পংকজ বৰুৱা

 ফ'ৰ লেনৰ দুখ

chowkighat bridge

খণ্ড (১ )

এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি আলুৰ ভাজি ।কিমান দিন যে তাৰ জুতি পোৱা নাই ...।গাড়ীখন ইতিমধ্যে কলিয়া ভোমোৰা দলং অতিক্ৰম কৰিছে ।সি চালকক ক'লে --পৰোৱা চাৰিআলিৰ ওচৰত অকনমান ৰাখি দিবা ।তাৰ  মন গ'ল দৰং কলেজত পঢ়ি থাকোঁতে সি তাৰ লগৰ দুটাৰ সৈতে মেচ কৰি থকা আনন্দ খুৰাৰ ঘৰটো চাই যাবলৈ ।সেই ঘৰটোক কেন্দ্ৰ কৰিও কমবোৰ স্মৃতি আছেনে ।পাইলটে ক'লে -দাদা আপুনিটো জামুগুৰিহাটলৈহে যাব ।এতিয়া তেজপুৰ হৈ যোৱাৰ প্ৰয়োজন আৰু নাই নহয় ।চকীঘাট দলং হ'ল নহয়। আপুনি আৰু ২০ মিনিটৰ পিছতেই পাবগৈ জামুগুৰিহাট ।কথাটো হয়তো ,তাৰ লাজেই লাগিল ।দেউতাকে চকীঘাট দলং মুকলি হোৱাৰ দিনটোত তালৈ দীঘলীয়া সময় ফোন কৰি এতিয়া সুন্দৰ যাতায়ত ব্যৱস্থাৰ বিষয়ে তাক কৈছিল ।সি পাহৰিলে ।হওঁক এইবাৰ যিহেতু কিছুদিন থকাকৈ আহিছে পৰোৱা চাৰিআলিৰ পথৰ কাষতেই থকা আনন্দ খুৰাৰ ঘৰখনলৈ এদিন আহিব লাগিব ।চাওঁতে চাওঁতে সি অহা গাড়ীখন এখন নতুন দলঙৰ ওপৰেৰে মাত্ৰ আগুৱাবলৈ ধৰিলে ।দাদা -এইখনেই চকীঘাট দলং ।অকণমান গাড়ীখন ৰাখিবা ।গাড়ীৰ পৰা ৰক্তাভ নামি গ'ল। কি আচৰিত পৰিৱৰ্তন !মসৃণ বহল পথছোৱাৰ মাজত ৰৈ সি দুইখন হাত মেলি গাড়ীৰ পাইলটক চিঞৰি ক'লে -তুমি আহাছোন মোৰ মোবাইলটোৰে মোক লৈ দুখনমান ফটো তুলি দিয়া ।এক অনামী আবেগত হাঁহি হাঁহি সি বিভিন্ন ভংগিমাত কেবাখনো ফটো উঠিলে ।ফটো উঠি পুনৰ গাড়ীৰে আগবাঢ়িল কিছু সময় ।আচৰিত এয়া দেখোন হঠাৎ জামুগুৰি চেন্টাৰ পালোহি ।আগৰ চেন্টাৰৰ দোকান -বজাৰবোৰ চকুৰে বিচাৰিবলৈ লাগিল সি ।নাই সেই দোকান ,সেই বজাৰ দেখোন নাই ।চৌদিশে নতুন নতুন দোকান ,নতুন ঘৰ ।এক আচহুৱা পৰিবেশ এৰি থৈ সি কুসুমতলাৰ ঘৰলৈ বুলি আগবাঢ়িল ।হেম বৰুৱা কলেজখন হঠাত পাৰ হওঁতে কিবা অচিনাকি যেন লাগিল ।চাইনবৰ্ডখন নেদেখা হ'লে সি কলেজখন ধৰিবই নোৱাৰিলেহেতেন ।এইবাৰ সি আৰু আচৰিত হ'ল সিহঁতৰ ঘৰলৈ সোমাই যোৱা ৰাস্তাটো দেখোন নাই ।ৰাস্তাটোৰ দুইফালে থকা প্ৰকাণ্ড পাকৰি আৰু আহত জোপাও দেখোন নাই ।পাইলতক গাড়ী ৰখাবলৈ ক'লে সি ।আমি সকলোৱে আড্ডা মৰা মন্টুদাৰ দোকানখনো দেখোন নাই ।ৰাস্তাৰ কাষৰ সেই পকী পুলটো ক'লৈ গ'ল ?গৰমৰ দিনত সেই পকী পুলটোত বহি বতাহৰ জুৰ লোৱা ,ৰবাৱ টেঙাৰ সোৱাদ লোৱা ,নাটকৰ বচন আওৰোৱা ,লয় -তাল বিহীন গীতবোৰ গুণগুণোৱা পকী পুলটো ক'লৈ গ'ল !গংগোত্ৰীহঁতৰ তামোল -নাৰিকল ,আম ,কঠাল,মধুৰীআমেৰে ভৰি থকা ঘৰখনো দেখোন দেখা নেপালোঁ ।নিজৰ ঘৰখনলৈ যোৱা পদুলি হেৰুৱাই সি গুৱাহাটীৰ গাড়ী চালকটোৰ ওচৰত বৰ লাজ অনুভৱ কৰিলে ।নিৰূপায় হৈ সি ভায়েক নয়নলৈ ফোন কৰিলে ।নয়নৰ কন্ঠত ভাঁহি আহিল -অলপ ৰখিদে ।এতিয়া আগৰ ৰাস্তা নাই ।বহুত পৰিৱৰ্ত্তন হ'ল ।মই বাইকখন লৈ গৈ আছোঁ ।তই কি ৰঙৰ কি গাড়ীত আহিছ ?মনটো হঠাৎ সেমেকি গ'ল ৰক্তাভৰ ।সি আহোতে দেউতাক -খুৰাহঁতে মাছ ধৰা সৰু বিলকেইনোটো সি দেখা নেপালে ।তাৰমানে মাকৰ হাতৰ সেই জীয়া মাছৰ আঞ্জা খাবলৈ পাবনে সি ।ৰাস্তাটো বহুত বহল হ'ল ।কিন্তু আগৰ সেই সেউজীয়াবোৰ নোহোৱা হ'ল ।আগৰ গাঁও গাঁও লগা,বোকা মাটিৰ গোন্ধ থকা সেই আপোন গাঁওখন ক'ৰবাত যেন হেৰাই গ'ল ।সকলো হেৰাওঁক -মনবোৰ নেহেৰালেই হ'ল !মনবোৰ হেৰাই গ'লে ফ'ৰ লেনে জানো যোৰা লগাব পাৰিব !তেজপুৰৰ পৰোৱাৰ ৰাস্তাৰ কাষৰ আনন্দ খুৰাৰ সেই ঘৰখনো বাৰু নাই নেকি এতিয়া ?!

খণ্ড (২)

বাছখনৰ হৰ্ণ শুনি সেই আগৰদৰেই মণি ক'ব নোৱাৰাকৈয়ে দৌৰি আহি পদুলিৰ সন্মুখ পালেহি ।দুপৰীয়া সাজৰ বাবে প্ৰেছাৰ কুকাৰত দাইলখিনি বহাইছিলহে মাত্ৰ ।মণিয়ে আন দিনাৰ দৰে শুনা পালে সেই আপোন বাছখনৰ চালকে বজোৱা হৰ্ণ ।সেয়েহে সাউৎকৈ পাকঘৰৰ পৰা দৌৰি ওলাই আহি পদূলিমুখ পালেহি ।ঘৰৰ পৰা এটা পাহাৰৰ ওপৰেৰে পাৰ হৈ যোৱাৰ দৰে বাছখন পাৰ হৈ গুছি গ'ল ।যেন মুছৰি থৈহে গ'ল মণিৰ অন্তৰখন ।কিয় বাছখনৰ ড্ৰাইভাৰ ,কন্দাক্টৰ ,হেন্দিমেনৰ আজিকালি পিয়াহ নেলাগে নেকি ?অভিমান ভৰা মনটোৰে মণিয়ে নিজকে নিজে প্ৰশ্ন কৰিলে ।কিন্তু কোনে দিব ইয়াৰ উত্তৰ ।বেছ কিছুদিনৰ পৰা এই উত্তৰহীন প্ৰশ্নই মণিক একপ্ৰকাৰ অস্হিৰ কৰি ৰাখিছে ।হঠাৎ মণিৰ সেই দিনটোলৈ মনত পৰিল ।বাছখনৰ কিবা বিজুতি হৈছিল সিহঁতৰ ঘৰৰ সন্মুখতেই ।মেৰামতিৰ বাবে বহু সময় লাগি লাগি ভাগৰুৱা হৈ পৰাত ড্ৰাইভাৰ ,কণ্ডাকটৰ আৰু হেন্দিমেনে অলপ পানী বিচাৰি সিহঁতৰ ঘৰলৈ আহিছিল ।মণিয়ে পানী খাবলৈ দিওঁতে হঠাৎ কণ্ডাক্টৰজনৰ কথা -বতৰাত আপোন কিবা এটা অনুভৱ কৰিছিল ।অন্তৰৰ কোনোবা খিনিত চুই থৈ গৈছিল ।কলেজ পাছ কৰাৰ পিছতো বাধ্যত পৰি কণ্ডাকটৰ হ'ব লগা হোৱা খামিডাঠ যুৱকজনৰ প্ৰতিটো কথাই মণিৰ অন্তৰত সাঁচ বহুৱাই গৈছিল ।পানীৰ পিছত সেইদিনা চাহ -জলপানেৰেও তিনিওজনক মণিয়ে আপ্যায়ন কৰি কিবা এটা তৃপ্তি পালে ।সেয়াই আৰম্ভণি ।সেই নিৰ্দিষ্ট বাছখন ৰহাৰ জোঙাল বলহুৰ সেই ঠাইখন পোৱাৰ পিছতেই প্ৰায়েই যাত্ৰী নমোৱাৰ অচিলাত কিছু সময় ৰৈ সিহঁতৰ ঘৰত পানী খাই যোৱা হ'ল বাছখনৰ ড্ৰাইভাৰ ,কণ্ডাকটৰ আৰু হেন্দিমেনে ।কেতিয়াবা কেতিয়াবা চাহৰ পৰ্বও চলা হ'ল ।কাৰণ মণিয়ে জনা হ'ল বাছখন অহাৰ সময়টো ।সেয়েহে প্ৰায়েই ৰেডীয়েই থকা হ'ল চাহ -জলপান।ড্ৰাইভাৰ -হেন্দিমেনেও কণ্ডাক্টৰ -মণিৰ চাৰি চকুৰ ভাষা বুজি পোৱা হ'ল ।সেয়েহে সিহঁতৰ বাবে সেই ক্ষণটো বৰ হেপাহৰ ক্ষণ হৈ পৰিল ।সেই নিৰ্দিষ্ট ষ্টপেজটো পোৱাৰ আগতেই তাত নমা যাত্ৰী থাকক বা নেথাকক ড্ৰাইভাৰৰ সোঁ ভৰিয়ে ব্ৰেক স্পৰ্শ কৰা হ'ল ।সেই স্পৰ্শ এক সুখানুভূতিৰ স্পৰ্শ ।যাত্ৰীৰ কোঢ়াল ,ভাড়াৰ দৰ -দাম ,তেল -ম'বিল ,ৰেঞ্চ -হাতুৰি ,ধাবাৰ খানা ,কৰ্কশ যাত্ৰীৰ ৰূঢ় ব্যৱহাৰৰ মাজত ব্ৰেকৰ সেই স্পৰ্শই কঢ়িয়াই আনে সিহঁতৰ বাবে অনন্য সুখানুভূতি ।কিন্তু এতিয়া নতুন বহল চাৰিশৰীয়া সুন্দৰ পথটিয়ে সিহঁতৰ সেই সুখানুভূতিক কাঢ়ি লৈ গ'ল ।নতুন ৰাস্তাটো বহুত ওখ হ'ল ।মণি হঁতৰ ঘৰখন বহুত তললৈ গ'ল ।ঘৰৰ পৰা মূৰ উঠাইও ,ডিঙি মেলিও ভালকৈ দেখা নোপোৱা হ'ল নতুন পথৰ ওপৰেৰে অহা -যোৱা কৰা গাড়ীবোৰ ।সেই ষ্টপেজটোৰেই এতিয়া চিন মোকাম নোহোৱা হ'ল ।হো হোৱাই পাৰ হৈ যোৱা গাড়ীবোৰ দেখিলে আজিকালি মণিৰ সেয়েহে সঘনাই খং উঠা হ'ল ।এক অব্যক্ত বেদনাত প্ৰায়েই মণি চটফটাই থকা হ'ল ।ৰাস্তাটো বেছ ওখ,মসৃণ ,বহল হ'ল থিকেই কিন্তু চাপৰ ,খহতা আৰু ঠেক হৈ পৰিল সেই অনামী সম্পৰ্ক !!

খণ্ড (৩)

প্ৰতিবছৰৰ দৰেই পূৰ্ণিমা তিথিত সত্যনাৰায়ণ পূজা ভাগ কৰাৰ দৰে এইবাৰো দিন -বাৰ চাই সেই পুণ্য তিথিত নবীন শৰ্মাই সত্যনাৰায়ণ পূজা ভাগ সুকলমে পাৰ কৰিলে ।চাৰিকুৰিৰ দেওনা পাৰ হওঁ হওঁ সময়লৈকে নবীন শৰ্মাই আত্মীয় ঢুকুৱাৰ সেই বছৰ কেইটাৰ বাহিৰে অতি উৎসাহ আৰু সাত্বিক ভাৱে সত্যনাৰায়ণ পূজা ভাগ পাতি আহিছে ।পথটোৰ দুইকাষে থকা নিজৰ চুবাৰ বয়সস্থ কেইজনকো সেই পূজা ভাগলৈ নিমন্ত্ৰণ জনাই আহিছে ।নিমন্ত্ৰণ নকৰা কেইঘৰক পূজা ভঙাৰ পিছত ৰাতিয়েই ঘৰতে গৈ মাহ -প্ৰসাদ আৰু অলপ অলপ ঘোল দি থৈ অহাটো নবীন শৰ্মাৰ যেন এক অভ্যাসত পৰিণত হৈছে ।নিজে প্ৰসাদ মুঠি খালে নে নেখালে ঘৰ -ঘৰোৱাহই তলকিব নোৱাৰোঁতেই নবীন শৰ্মাই ৰাস্তা পাৰ হৈ চুবাটোৰ সকলোৰে ঘৰত পূজাৰ প্ৰসাদ ,ঘোলৰ দোণাটো দি আজৰি হয় ।পূজাভাগ পাতিবলৈ নবীন শৰ্মাৰ মনত যিমান আনন্দ তাৰ দুগুণ আনন্দ এই কামটোত ।আনন্দৰ পিছে কথাও আছে ।তেওঁলোকৰ চুবাটোৰ ইঘৰে সিঘৰৰ প্ৰতি থকা আত্মীয়তা সাতামপুৰুষীয়া ।বিপদ -আপদৰ সময়ত ইজনে সিজনক সহায় কৰা ।বিয়া -বাৰু ,শ্ৰাদ্ধ -সকামত গৃহস্থক পৰস্পৰে পৰস্পৰক উদ্ধাৰ কৰা চুবাটোৰ প্ৰত্যেকেই যেন আজিও বজাই ৰাখিছে ।অকল এয়াই নহয় ঘৰলৈ আলহী আহিলে চাহ একাপ দিবলৈ গাখীৰ নেথাকিলে সাউতকৈ গৈ ওচৰৰ ঘৰৰ পৰা গাখীৰ একাপ লৈ অহা ,হঠাৎ ৰাতি ভাত ৰান্ধি থাকোতে নিজৰ ঘৰৰ খোৱা তেলৰ বটল খালী দেখিলে দৌৰমাৰি গৈ পথৰ ইপাৰৰ ঘৰৰ পৰা দুআঙল তেল ধাৰলৈ অনা কথাবোৰটো আছেই ।বেবেজীয়া গাঁৱৰ এই চুবাটোৰ ইঘৰ সিঘৰৰ প্ৰতি থকা এনে আত্মীয়তাৰ মাজত নবীন শৰ্মা এইভাগ পূজাৰ দিনটোতহে নিৰুৎসাহ যেন দেখি কাষৰ ঘৰখনৰ ৰতন বৰাৰ মনটো চেবালে ।কৈয়েই পেলালে ৰতন বৰাই -দদাইদেউ আজি আপোনাৰ গাতো বেয়া নেকি ?ৰতন কাইটিৰ কথা শুনি সন্ধিয়াৰ পৰা দেউতাকক লক্ষ্য কৰি সুধিম সুধিম বুলি ভাৱি থকা ডাঙৰ বোৱাৰীয়েকেও একেটা প্ৰশ্নকে কৰিলে ।কিন্তু উত্তৰ দিয়াৰহে প্ৰয়োজনবোধ নকৰিলে নবীন শৰ্মাই ।পূজাভাগত উপস্থিত থকা নিমন্ত্ৰিত চুবুৰীয়া এজন এজনকৈ বিদায় লৈ যাবলৈ আৰম্ভ কৰিলে ।তেতিয়ালৈকে কিন্তু নবীন শৰ্মাই মুখত প্ৰসাদ এটাও দিয়া দেখা নোপোৱা সৰু পুত্ৰ ধীৰাজে জোৰ কৰিয়েই দেউতাকক সুধিলে -আপোনাৰ গা বেয়া নেকি ?এইবাৰ তপৰাই উত্তৰ দিলে নবীন শৰ্মাই -গা থিকেই আছে বোপাই ।মনটোহে বেয়া অ'।সদায় কৰি অহা কাম এটা যে এনেদৰে হঠাৎ বন্ধ হৈ যাব ভাৱিবই পৰা নাছিলোঁ অ'!ধীৰাজে বন্ধ হোৱা কামটো জানিবলৈ উৎকন্ঠিত হৈ পৰিল ।কি কাম দেউতা ?পথৰ সিপাৰৰ সিহঁতবোৰৰ ঘৰত ৰাতিয়েই দি থৈ অহা প্ৰসাদৰ টোপোলা আৰু ঘোলৰ দোণাটো বন্ধ হৈ গ'ল অ' বোপা ।ৰাস্তাটো বৰ ওখ হ'ল !

লেখকঃ পংকজ বৰুৱা

ফোন নম্বৰ -৯৪৩৫৫ ৬৩১০৪













লেখকঃ পংকজ বৰুৱা

ফোন নম্বৰ -৯৪৩৫৫ ৬৩১০৪

সম্পাদনাঃ দিগন্ত কুমাৰ ভূঞা, "সাহিত্য সঁফুৰা"

Comments

  1. তিনিওটি খণ্ড পঢ়ি বৰ ভাল লাগিল। প্ৰথম খণ্ডটি পঢ়ি নষ্টালজিক হৈ পৰিলোঁ। দ্বিতীয় আৰু তৃতীয়টি পঢ়ি আবেগিক হৈ পৰিলোঁ, এটা নতুন পথ নিৰ্মাণত ৰাইজৰ সুবিধাৰ আঁ‌ৰতো সৰু সৰু অথচ কিমান আন্তৰিকতাৰে ভৰা নিবিড় সৰ্ম্পক কিছুমানো যে শেষ হৈ যায়, সেই অনুভৱ গল্পটিৰ পৰা নভবাকৈও ভাবিবলৈ বাধ্য কৰালে। সঁ‌চাই ভাল লাগিল, আৰু ৰচনা আশা কৰিলোঁ।

    ReplyDelete

Post a Comment

If you have any doubts, please let me know.

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়