Victor Hugo and LA Miserable and The Hunchback of Notre Dame ভিক্টৰ হুগো আৰু লা মিজাৰেৱল আৰু দি হান্সবেক অৱ নোটৰডাম
Victor Hugo and LA Miserable and The Hunchback of Notre Dame
----: দিলীপ কুমাৰ বৰুৱা,তেজপুৰ।
উনবিংশ শতিকাৰ এগৰাকী শ্ৰেষ্ট ফৰাচী লেখক আছিল ভিক্টৰ হুগো, আৰু তেওঁৰ বিখ্যাত উপন্যাস খন আছিল লা মিজাৰেৱল।উল্লেখ যোগ্য যে ভিক্টৰ হুগোৰ সান্নিধ্য আৰু আলোচনা লগতে তেওঁৰ উপন্যাস পঢ়ি টলষ্টয়ে তেওঁৰ জগত বিখ্যাত উপন্যাস যুদ্ধ আৰু শান্তি লিখাৰ পৰিকল্পনা কৰে আৰু লিখে।
উল্লেখযোগ্য যে ফৰাচী লেখক ১৫ জনে বৰ্তমানলৈ সাহিত্যত নৱেল বঁটা লাভ কৰিছে।হুগো আছিল উনবিংশ শতিকাৰ ফ্ৰান্সৰ এগৰাকী অতি ৰোমান্তিক শক্তিশালী জনপ্ৰিয় লেখক,ৰাজনৈতিক আৰু মানৱতাবাদী কৰ্মী। ফ্ৰান্সৰ ৰাজনীতিটো তেওঁৰ শক্তিশালী স্থিতি আছিল।নেপলিয়নৰ শাসন কালত তেওঁৰ বাক স্বাধীনতা হৰণ আৰু গণতান্ত্ৰিক অধিকাৰ হৰণৰ সিদ্ধান্ত বিৰোধীতা কৰি তেওঁ পেৰিচৰ পৰা নিৰ্বাসিত হয়।পিচত পেৰিচলৈ ঘুৰি আহি তেওঁ নিজেই নিজক গৃহবন্দী কৰি লেখামেলা,চিত্ৰ আঁকা আৰু সংগীত সাধনাত নিমৰ্জিত হয়।তেওঁ ৪০০০ খন ছবি আঁকে আৰু ১০০০ অধিক গীত লিখে।তেওঁ একেধাৰে বিখ্যাত কবি,ঔপন্যাসিক,চিত্ৰকৰ , সংগীত শিল্পী,জাতীয় প্ৰহৰী( Statesmen) আৰু সামাজিক-ৰাজনৈতিক শক্তিশালী নেতা।দি হান্সবেক অৱ নটৰডাম (ইংৰাজীত নাম আৱাৰ লেডী অৱ পেৰিচ)(১৮৩১)আৰু লা মিজাৰেৱল(১৮৪৫ অসমীয়াত অৰ্থ কম কৃপন) তেওঁৰ বিশ্বৰ অতি জনপ্ৰিয় উপন্যাস ।১৮০২ চনৰ ২৬ ফেব্ৰুৱাৰীত জন্ম হোৱা হুগোৰ ১৮৮৫ চনৰ ২২মেত মৃত্যু হয়।আলবেয়াৰ ক্যেমু,চালৰ্চ ডিকেন্সৰ বৰভক্ত আছিল হুগো।
লা মিজাৰেৱল উপন্যাস লিখিবলৈ তেওঁৰ ১৭ বছৰ সময় লাগে।এই উপন্যাস ৰ মূল চৰিত্ৰ এজন ব্ৰেড চুৰিৰ অপৰাধত ১৯ বছৰ ফ্ৰান্সত জেলখাটি ওলাই অহা প্ৰাক্তন কয়েডীৰ হৃদয় বিদাৰক কাহিনী।ভতিজাক আৰু ভনীয়েকৰ ভোকত থকাৰ বাবে এজন দৰিদ্ৰ যুৱকে এটা ব্ৰেড চুৰি কৰি পুলিচৰ হাতত ধৰা পৰি জেললৈ গৈছিল।জেলৰ পৰা ওলাই এখন হোটেলত দাম দি ভোকত খাবলৈ গৈ কয়েডী জাঁ ভালজিয়ান সমাজৰ লোকৰ দ্বাৰা অৱজ্ঞাৰ সন্মুখিন হ'ল।মালিকে তেওঁক গতিয়াই হোটেলৰ পৰা উলিয়াই দিলে।আইনক পৰা মুক্তি পায়ো ৰাইজৰ মনস্তত্বত কয়েডীজন অপৰাধী হৈয়ে থাকি গ'ল।এজন দয়ালু পাদুৰীয়ে তেওঁক ভোকত বৰফত পৰি থকা পায় তুলি আনি গীৰ্জাতআশ্ৰয় দিলে।কিন্তু খোৱাৰ টেবুলত ৰূপৰ দামী প্লেট দেখি চুৰি কৰি ধনী হবলৈ মন গ'ল কয়েডীজনৰ।গীৰ্জাৰ ৰূপৰ প্লেট চুৰি কৰি কয়েডীজন নিশা পলাই গ'ল। পুলিচে পুনৰ তেওঁক গ্ৰেপ্তাৰ কৰে।পুলিচে প্ৰমাণৰ বাবে তেওঁক পুনৰ গীৰ্জালৈ লৈ অনাত পাদুৰীয়ে কয়েডী জনক বন্ধু বুলি চিনাকি দিলে।চুৰি সামগ্ৰী তেওঁক দান দিয়া সামগ্ৰী বুলি কৈ ৰক্ষা কৰিলে।কয়েডীজন পাদুৰীৰ কথাত আচৰিত হ'ল।এইবাৰ তেওঁ সচাকে অনুতপ্ত হ'ল আৰু তেওঁৰ দোষৰ বাবে ক্ষমা বিচাৰিলে।পাদুৰীৰ মহানুভৱতাৰ বাবে তেওঁ সচাকে নিজকে ভাল মানুহলৈ পৰিণত কৰিলে আৰু এজন ভাল মানুহ হিচাবে এটা কাৰখানা খুলি তাৰ মালিক হল।এদিন এই কয়েডী জন চহৰৰ নামী মেয়ৰ হ'ল।মানুহৰ সেৱাত তেওঁ নিজকে উৎসৰ্গা কৰিলে।চমুকৈ উপন্যাস ৰ কাহিনী ইমানেই।এনে ঘটনাই অপৰাধ নকৰাকৈ অপৰাধী হোৱা ঘটনাই জীৱনত এবাৰ মোকো স্পৰ্শ কৰিছিল।

আনখন উপন্যাসত কোৱাইচিমদ'(Quaisimodo) নামৰ এজন নটাৰডাম গীৰ্জাৰ ঘন্টা বজোৱা ডেকাৰ এগৰাকী পিতৃ পৰিচয় নথকা বেশ্যাৰ কন্যা লা এছমেৰেলডাৰ ( LA Esmeralda)সৈতে প্ৰেম কাহিনী।ইয়াৰ মাজৰে লেখকে পোন্ধৰ
শতিকাৰ পেৰিচৰ সামাজিক পৰিৱেশৰ
,সামাজিক বিশ্বাসৰ ,অন্ধবিশ্বাসৰ চিত্ৰন ঘটাইছে।
ভিক্টৰ হুগোৱে বহু বিচিত্ৰ ধৰণে জীৱন দেখিছিল।নিজৰ ডাঙৰ জীয়েক পানীত পৰি মৰাৰ পিছত জীয়েকক উদ্ধাৰ কৰিবলৈ গৈ জোৱায়েকো পানীত ডুবি মৃত্যু হয়।হুগোৰ মন ভাঙি চূৰ্ণাকৃত হ'ল।ইয়াৰ প্ৰতিফলন দেখা গল উপন্যাস ত সাহিত্যত ।সামাজিত দুখ,অন্যায় কাহিনীত জিলিকি উঠিল।তেওঁ অনুভৱ কৰিলে যি জীৱনত কন্দা নাই তেওঁ জীৱন দেখা নাই।তদুপৰি বুদ্ধিমানৰ নৰক মূৰ্খৰ স্বৰ্গ তকৈ বেচি উত্তম।সকলো মানুহৰে জীৱনত দুখ থাকিলে,আনন্দও এদিন নিশ্চয় আহিবই Even the darkest night will end and sun will rise.মানুহৰ ভবিষ্যত ৰ বিষয়ে কৈছিল The future has several names,for the weak,it is impossible,for the fainthearted,it is unknown,but for the valiant,it is ideal. তেওঁ আমাক কৈছিল Change your opinions,keep to your principles,change your leaves,keep intact roots.,গছৰ পাত সলনিৰ দৰে চিন্তা,ধাৰণা,কৰ্ম সলনি হব,হব লাগিবই কিন্তু জীৱনৰ নীতিবোধে গছৰ শিপাৰ দৰে মজবুতহৈ থাকিব লাগিব।নিজৰ শিপা মাটিত মজবুত হ'লে জীৱনৰ হাজাৰ ধুমুহায়ো জীৱনক উভালি পেলাব নোৱাৰে।জনা নজনাকে মহান মনিষী জনৰ আলোচনা সমৰিলো।
Writer: Dilip Kr. Baruah
editor: Diganta Kr.Bhuyan
Comments
Post a Comment
If you have any doubts, please let me know.