সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

bharat muni natya shastra মহৰ্ষি ভৰত মুনি আৰু তেওঁৰ নাট্যশাস্ত্ৰ

  bharat muni Natty shastra  মহৰ্ষি ভৰত মুনি আৰু তেওঁৰ নাট্যশাস্ত্ৰ

মহৰ্ষি ভৰত মুনি আৰু তেওঁৰ নাট্যশাস্ত্ৰ



নাটক হ'ল এক যৌগিক ক'লা।

সংলাপ,অভিব্যক্তি,ৰং,পোছাক,

অঙ্গ সঞ্চালন,নৃত্য,গীত আৰু 

বাদ্যৰ সংমিশ্ৰন কলা।






ভাৰতবৰ্ষত খৃষ্ট পূৰ্ব ৫০০  ত প্ৰায়২৫০০ বছৰ আগেয়ে  ভাৰত মুনিয়ে ৬০০০ সংস্কৃত শ্লোক সম্বলিত ৩৬টা অধ্যায় সান্নিবিষ্ট বৃহৎ নাট্যতত্ব বিষয়ক নাট্যশাস্ত্ৰ লিখে।

 লিখাৰ সময়লৈ মতভেদ আছে।ইয়াক পঞ্চম বেদ বুলিও কোৱা হয়।সংস্কৃত আদি কাব্য বা ভৰত কাব্য বুলিও ইয়াক কোৱা হয়।পূৰ্বৰ বেদ সমূহৰ পৰাও ৮ বিধ উপাদান ইয়াত লোৱা হৈছে। কাহিনী মতে এইখন লিখে ব্ৰহ্মাই ।পিচত দেৱতা সকলৰ অনুৰোধ মতে  ব্ৰহ্মাই, ইয়াক পৰিবেশন কলা হিচাবে প্ৰৰ্দশনৰ দায়িত্ব ভৰত মুনিক দিয়ে।এই নাট্যশাস্ত্ৰ সকলো শ্ৰেণীৰ মানুহৰ বাবে বুলি কোৱা হয়। অৰ্থাত ব্ৰাহ্মন,ক্ষত্ৰীয়,বৈশ্য আৰু শূদ্ৰ ৰ বাবে লিখা হয়। সত্যযুগৰ শেষত ত্ৰেতা যুগত এই পুথি লিখা হয়। ব্ৰহ্মা যদি কাল্পনিক তেন্তে ভৰত মুনিয়ে এই বৃহৎ নাটক আৰু নৃত্যৰ কাৰিকৰী বিষয়ৰ গ্ৰন্থ নিজৰ ১০০ গৰাকী 
                                                     পুত্ৰৰ সহায়ত লিখে বুলি ধৰিব পাৰি।



বহুতৰ মতে ভৰত মুনি এজন মুনি নহৈ এলানি (একে নামৰঅনেক)মুনিও হ'ব পাৰে।

গ্ৰন্থ খন ইংৰাজীৰ লগতে অসমীয়া ভাষাতো প্ৰকাশ হৈছে।আমাৰ নাট্যকৰ্মী সকলে নপঢ়িলেও কিতাপ খনৰ ওপৰত এক ধাৰণা ৰখা মঙ্গল।
এই পুথিত নাট ৰচনা মনোৰঞ্জনৰ বাবে হ'ব লাগে আৰু সমাজ আৰু ব্যক্তিৰ মঙ্গল কৰিব লাগে বুলি কোৱা হৈছে। দুষ্টক নিন্দা আৰু সজনক প্ৰশংসা নাটকৰ মূল উদ্দেশ্যে ।নাটকৰ উৎপত্তি,নাট ৰচনাৰ কাৰিকৰী দিশ,অভিনয়,নাটকৰ পৰিচালনা,অভিনয় কলা,সাজ-সজ্জা,ৰূপ-সজ্জা,অঙ্গ সঞ্চালন,অভিনেতা আৰু দৰ্শকৰ সম্বন্ধ আদি বহু দিশৰ নীতি নিৰ্দেশনা ইয়াত দিয়া হৈছে।

সংগীত,নাটক আৰু নৃত্যৰ আদি গ্ৰন্থ বুলিও নাট্য শাস্ত্ৰক কোৱা হয়।মূল গ্ৰন্থৰ এটা অংশহে উদ্ধাৰ হোৱা বুলিও বহুতে ধাৰণা‌ কৰে।


প্ৰথম নাটকৰ বাবে বিশ্বকৰ্মাই ব্ৰহ্মাৰ নিৰ্দেশত নাট্যমণ্ডপ নিৰ্মান কৰে।স্বৰ্গৰ নিপতি ইন্দ্ৰ বিজয় উৎসৱ  ইন্দ্ৰ ধ্বজ উৎসৱত ভৰত মুনিয়ে প্ৰথম নাটক মঞ্চস্থ কৰে। 

Narad Muni
নাটকৰ নাম দেৱাসুৰ সংগ্ৰাম ।ইয়াত ভৰত মুনিৰ ১০০ জন পুত্ৰই ভাগ লয় আৰু নাৰী চৰিত্ৰ ত স্বৰ্গৰ অপেস্বৰা ই অংশ লয়।অসুৰ ৰাজ বিৰোপাক্ষ দানব অসুৰ সকলক লৈ আৰু স্বৰ্গৰাজ ইন্দ্ৰ দেৱতা সকলক লৈ উপস্হিত থাকে।আৰম্ভনিতে অসুৰ সকলে তেওঁলোকক নিন্দা কৰা বুলি প্ৰতিবাদ কৰে।ব্ৰহ্মাই বুজাই দিয়ে যে কৰ্মৰ দ্বাৰাহে অসুৰ দেৱতা নিৰ্বাচিত হয়।জৰ্জৰা বা ধ্বজা উৰাই ইন্দ্ৰই নাটকৰ আৰম্ভনি কৰে।এসপ্তাহ আগতে নাটকৰ ভূমি পূজন কৰা হয়।নাটকৰ আৰম্ভনি নান্দী পাঠেৰে আৰম্ভনি ।নান্দী হ'ল মঙ্গলাচৰণ বা ঈশ্বৰৰ স্তুতি বা প্ৰাৰ্থনা।নাটকৰ মনোৰঞ্জনৰ বাবে সপ্তদ্বীপৰ ভাৱ অনা বুলি কোৱা হৈছে।চাৰিখন বেদৰ ভাৱটো আছেই।গন্ধৰ্ৱ নাৰদ নাটকৰ গায়ন অৰ্থাৎ নৃত্য-গীতৰ পৰিচালক।


 
অধ্যায় ৬ত নাটকৰ বিভিন্ন ৰসৰ বৰ্ণনা আছে।
ৰসবোৰ হ'ল শৃংগাৰ,হাস্য,কৰুণা,ৰৌদ্ৰ,বীৰ,ভয়ানক,বিভৎস আৰু অদ্ভূত।
প্ৰত্যেক ৰসৰে ভিন্ন দেৱতা আৰু বিভিন্ন ৰং।
ৰঙবোৰে অভিনেতাৰ চৰিত্ৰ প্ৰকাশ কৰে।
যেনে ভয়ানক ৰসৰ ৰঙ ৰঙা,অদ্ভূত ৰসৰ ৰঙ হালধীয়া।
সপ্তম অধ্যায়ত ভাৱৰ আলোচনা আছে।ভাৱ সুখ অথবা দুখৰ উপৰিও বহু প্ৰকাৰ হ'ব পাৰে।
 

গ্ৰন্থৰ পিছৰ অধ্যায়ত সঙ্গীত,বাদ্য আৰু 
তাৰ প্ৰকাৰৰ ওপৰত আলোচনা আছে।
আচৰিত লাগে যেতিয়া বিশ্বৰ বহুবোৰ 
দেশত মানুহে কাপোৰ পিন্ধিবলৈ শিকা 
নাছিল,সেই সময়ত ভাৰতবৰ্ষই মনোৰঞ্জনৰ
 বাবে নাটকৰ ব্যাকৰণ লিখিছিল।



 


আমাৰ অসমতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নামঘৰৰ মুকলি মঞ্চৰ যোগেদি চিহ্নযাত্ৰাৰ যোগেদি সংস্কৃত নাটকৰ অনুকৰণত নাট ভাওনাৰ সৃষ্টি কৰে।মাধৱদেৱে আকৌ ঝুমুৰাৰ যোগেদি অসমীয়া শিশু নাটকৰ জন্ম দিয়ে।






আমি ১৯৮০ চনতে ডিব্ৰুগড়ৰ প্ৰথম অসম সাহিত্য সভাৰ নাট কৰ্মশালাত ভাগ লওঁ আৰু সত্য প্ৰসাদ বৰুৱা,যোগেন চেতীয়া,প্ৰফুল্ল বৰুৱা,মহেন্দ্ৰ বৰা আদি নাট্য ব্যক্তিত্বৰ সান্নিধ্য লাভ কৰো আৰু নাট্যশাস্ত্ৰ প্ৰসঙ্গত বহু কথা শিকো।ইয়াৰ পাচত শিশু নাটকৰ প্ৰথম খন কৰ্মশালাত ভাগলৈ অৰুণ শৰ্মা,জাহ্নু বৰুৱা আদিৰ সান্নিধ্য পাওঁ।এই সকল মনীষাৰ মুখতে ভৰত মুনিৰ নাম বাৰে বাৰে শুনিছিলো আৰু নাটকৰ গৌৰৱ গাঁথালৈ ভাৰতীয় হিচাবে গৌৰবান্বিত হওঁ।


নাট্যশাস্ত্ৰত ব্যক্তিৰ তিনিটা ভাগ বুলি কোৱা হৈছে।সেয়া হ'ল উত্তম মধ্যম আৰু অধম।তিনিও ভাগৰ ব্যক্তি নিৰ্দ্ধাৰণ কৰা হয় কৰ্মৰ যোগেদিহে।বৰ্ণৰ দ্বাৰা নহয়।কৰ্মৰ দ্বাৰা অসুৰো দেৱতা হয়,দেৱতাও অসুৰ হয়।জীৱনৰ নীতি শিক্ষাৰ মাজৰে ব্যক্তিৰ কৰ্মৰ উত্তোৰণ ঘটোৱা হল নাটকৰ মূল নীতিশিক্ষা।গ্ৰন্থ খনিৰ এক তিপিতক ভাৱহে আলোচনা কৰা হ'ল।মূল কিতাপ অধ্যয়নে পাঠকৰ নুবুজা ভাৱ মুকলি কৰিব ।




 লেখক : দিলীপ  কুমাৰ বৰুৱা





সম্পাদনা-- দিগন্ত কুমাৰ ভূঞা

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়