সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

 " প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"



 " প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"


      পৌৰাণিক শিক্ষাৰ লগত সাম্প্ৰতিক সময়ৰ শিক্ষা ব্যৱস্থাৰ তুলনামূলক আলোচনা কৰাৰ আগতে আমি শিক্ষাৰ সংজ্ঞানো কি তাক ফঁহিয়াই চোৱাটো দৰকাৰ।

 " শিক্ষা মানে কি '" বা " শিক্ষা কাক বোলে " বুলি প্ৰশ্ন কৰিলে একে আষাৰে উত্তৰ দিয়াটো কঠিন। গ্ৰীক দাৰ্শণিক প্লেটোৱে কৈছিল :- " শিক্ষা হ'ল উপযুক্ত সময়ত সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতা। ই ছাত্ৰৰ দেহ আৰু আত্মাৰ সকলো সৌন্দৰ্য্যৰ বিকাশ আৰু সম্ভাব্য পূৰ্ণতা আনি দিয়ে "

Sahitya Sofura
Aristotle

 এৰিষ্ট'টলৰ মতে " শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে" ।

ছক্ৰেটিছৰ মতে " ভুল দূৰ কৰা আৰু সত্যৰ আৱিষ্কাৰ কৰাই হ'ল শিক্ষা।"

স্বামী বিবেকানন্দৰ মতে আকৌ মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ বাহ্যিক বিকাশেই হ'ল শিক্ষা।

sahitya sofura
swami vivekananda

আনহাতে মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল, " শিক্ষাৰ দ্বাৰা মই শিশুৰ দৈহিক, মানসিক, আধ্যাত্মিক সকলো প্ৰকাৰৰ বিকাশৰ কথা বুজো "।


     শিক্ষাৰ উপৰোক্ত বিভিন্ন সূত্ৰ যিয়েই নহওঁক, দৰাচলতে শিশু সকলক শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক ভাৱে সুস্থ আৰু সবল কৰি আৰু নৈতিক  চৰিত্ৰ গঠন কৰি প্ৰকৃত মানৱ সম্পদ হিচাবে গঢ়ি তুলিব পৰাতেই শিক্ষাৰ সাৰ্থকতা নিৰ্ভৰ কৰে।


 প্ৰাচীন ভাৰতীয় শিক্ষা :-


       প্ৰাচীন ভাৰতীয় শিক্ষা বুলি ক'লে বৈদিক যুগৰ শিক্ষা ব্যৱস্থাৰ কথাই ক'ব পাৰি। বৈদিক শিক্ষাৰ মূল ভেটি হ'ল বেদ।বৈদিক শিক্ষা ব্যৱস্থাত প্ৰধানকৈ নৈতিক, আধ্যাত্মিক আৰু ধৰ্মীয় দিশৰ উৎকৰ্ষ সাধনত গুৰুত্ব দিয়া হৈছিল। বৈদিক যুগৰ জীৱন-দৰ্শন আছিল আত্মোপলদ্ধি আৰু আত্মশুদ্ধি। বৈদিক যুগৰ শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য সমূহ আছিল এনেধৰণৰ:-

 ১) আত্মাৰ উৎকৰ্ষ সাধন:-

শিক্ষাৰ দ্বাৰা মানুহক জ্ঞান প্ৰদান কৰি গূঢ় বিষয়বস্তুৰ অনুধাৱন কৰাৰ লগতে সমস্যা সমাধান কৰি আত্মাৰ উৎকৰ্ষ সাধন কৰা।

২) ধাৰ্মিক আৰু আধ্যাত্মিক মূল্যবোধৰ বিকাশ:-

বৈদিক শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য আছিল শিক্ষাৰ্থীক ধৰ্মীয় আৰু নৈতিক মূল্যবোধৰ শিক্ষা প্ৰদানৰ জৰিয়তে সমাজৰ একো একোজন সৎ, উপযুক্ত লোক ৰূপে গঢ়ি তোলা।

 ৩) চৰিত্ৰ গঠন:-

ধৰ্মীয় শিক্ষা প্ৰদানৰ জৰিয়তে নৈতিক মূল্যবোধৰ ভাৱ জগাই শিক্ষাৰ্থীৰ নৈতিক চৰিত্ৰ গঠনত জোৰ দিয়া হৈছিল।

৪) ব্যক্তিত্বৰ বিকাশ সাধন :-

আত্মবিশ্বাস, আত্মসংযম, আত্মসন্মান, আত্ম-উপলব্ধি আদি গুণবোৰৰ বিকাশৰ জৰিয়তে ব্যক্তিত্বৰ সুস্থ বিকাশ সাধন কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।

    উপৰোক্ত উদ্দেশ্য সমূহৰ উপৰিও বৈদিক যুগত সৰল জীৱন, উচ্চ চিন্তা, নাগৰিকত্ব আৰু সামাজিক মূল্যবোধৰ বিকাশ, সামাজিক দক্ষতা বৃদ্ধি আদি বিষয়ত গুৰুত্ব দিয়া হৈছিল।

       শিক্ষাৰ দ্বাৰা জ্ঞান আহৰণৰ যি প্ৰক্ৰিয়া , সেইয়া ভাৰতবৰ্ষত আৰম্ভণি হৈছিল মুনি, ঋষি, উপাধ্যায়, গুৰু আদি ব্যক্তি বিশেষৰ দ্বাৰা, যি সকলে তেওলোকৰ শিক্ষালব্ধ জ্ঞান ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰি বিলাই ফুৰিছিল।সেই কালত জ্ঞান আহৰণৰ ওপৰতে বিশেষভাৱে প্ৰাধান্য দিয়া হৈছিল।শিক্ষানুষ্ঠান বিলাক বৈশিষ্ট্য অনুসৰি বেলেগ বেলেগ নামেৰে জনাজাত আছিল।যেনে :- গুৰুকুল ব্যৱস্থা, আশ্ৰম ব্যৱস্থা আৰু বৌদ্ধ বিহাৰ আদি।বৈদিক যুগত শিষ্য সকলে গুৰু-গৃহত থাকি গুৰুৰ তত্ত্বাৱধানত শিক্ষা-দীক্ষা লৈ জীৱন গঢ়ি তুলিছিল।গুৰুকুলৰ এই শিক্ষাৰ পৰাই শিষ্যসকলে বিভিন্ন শাস্ত্ৰৰ জ্ঞানৰ লগতে লাভ কৰিছিল চাৰিত্ৰিক ব্যক্তিত্ব। গুৰুকুলৰ এই শিক্ষা ব্যৱস্থাৰ বিয়য়ে বিশিষ্ট শিক্ষাবিদ ডঃ আল্টেকাৰে কৈছে :-

             " Direct personal and continuous contact with a teacher of noble character naturally produce a great affect on the mind of the scholar during the pliable period of child and adolescence "

           পৌৰাণিক কালত আত্মবিশ্বাসৰ দ্বাৰা চিন্তাৰ উদ্ৰেক, বিশ্বাসৰ দ্বাৰা উন্নতিৰ কামনা আৰু উন্নতি কামনাৰ দ্বাৰা সৃষ্টিকাৰী প্ৰতিভাৰ বিকাশেই আছিল শিক্ষা গ্ৰহণৰ লক্ষ্য। ভাৰতীয় মানসিকতা এই চিন্তাৰেই পৰিপুষ্ট আছিল।

মুঠৰ ওপৰত , পৌৰাণিক শিক্ষা গ্ৰহণৰ মূল উদ্দেশ্য আছিল মানুহ গঢ়া, প্ৰকৃত মানুহ। প্ৰাচীন ভাৰতৰ সভ্যতা, সংস্কৃতি সেয়েহে বিশ্ব-দৰবাৰত এক অতুলনীয় উদাহৰণৰে সমৃদ্ধিশালী হৈ আছিল।


 আধুনিক শিক্ষা ব্যৱস্থা:-


           ভাৰতৰ আধুনিক শিক্ষা ব্যৱস্থা বৃটিছৰ দিনতে সূচনা হৈছিল।

Sahitya Sofura
Lord Thomas Babington

 ১৮৩০ চনত লৰ্ড থমাচ বাবিংটন মেকলেই ইংৰাজী ভাষাটো ভাৰতলৈ আনিছিল আৰু তাৰ পাঠ্যক্ৰম বিজ্ঞান, গণিত, ভাষা, বুৰঞ্জী, ভূগোল আৰু পৌৰবিজ্ঞানতে সীমিত আছিল। দৰ্শণ শাস্ত্ৰ আৰু অধিবিদ্যাক বিদ্যালয় পৰ্যায়ত অদৰকাৰী বুলি ভবা হৈছিল। ভাৰতীয় শিক্ষা ব্যৱস্থাই পৰৱৰ্তী সময়ত উনৈশ শতিকাৰ পিছৰচোৱাত ৰামকৃষ্ণ মিচন আৰু ভাৰতৰ থিয়চফিকেল চোচাইটিৰ সহযোগত পশ্চিমীয়া শিক্ষা আৰু পৌৰাণিক জ্ঞানগৰ্ভ শিক্ষাৰ সংমিশ্ৰণ ঘটাই ভাৰতীয় যুৱ-মানসত বেছি গ্ৰহণযোগ্য কৰিবৰ চেষ্টা কৰিছিল। ফলস্বৰূপে শিক্ষা সাৰ্বজনীন হৈছিল আৰু জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে কাৰণে শিক্ষা প্ৰদান মুকলি হৈছিল। বৃটিছ শাসনৰ পৰা মুক্ত হোৱাৰ পিছত ভাৰতৰ শিক্ষা ব্যৱস্থাৰ ধীৰে ধীৰে উত্তৰণ ঘটিল।

স্বাধীনোত্তৰ কালত ভাৰত চৰকাৰে শিক্ষাৰ প্ৰসাৰৰ কাৰণে ভালেমান পদক্ষেপ গ্ৰহণ কৰিলে।সংবিধানৰ ৪৫ নং অনুচ্ছেদ অনুসৰি ১৪ বছৰৰ তলৰ সকলো শিশুলৈ মুক্ত আৰু বাধ্যতামূলক শিক্ষা প্ৰৱৰ্তন কৰিলে। শিক্ষাক গতি দিয়াৰ উদ্দেশ্যে বিভিন্ন পঞ্চ- বাৰ্ষিক পৰিকল্পনাত শিক্ষাৰ শিঁতানত পৰ্যাপ্ত পুজি মোকলাই শিক্ষাৰ প্ৰসাৰৰ কাৰণে চেষ্টা কৰিছে।

          বৰ্তমান ভাৰতত প্ৰাথমিক স্তৰৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পৰ্যায়লৈকে প্ৰয়োজনীয় বিষয়সমূহৰ উপৰিও বিভিন্ন ধৰণৰ কাৰিকৰী আৰু পেচাগত শিক্ষা বিভিন্ন স্তৰত প্ৰদান কৰা হয়। এইবোৰ হ'ল প্ৰাক্ প্ৰাথমিক, প্ৰাথমিক, মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষা। তাৰোপৰি পৰম্পৰাগত শিক্ষা আৰু বৈকল্পিক শিক্ষাও আধুনিক শিক্ষাৰ অন্তৰ্গত।

        সম্প্ৰতি কুৰি শতিকা অতিক্ৰমি আমি একবিংশ শতিকাত ভৰি দিছো আৰু এই শতিকাত শিক্ষাৰ অগ্ৰগতিও দ্ৰুততৰ হৈছে। আজিৰ শিক্ষানীতিৰ পাঠাগাৰ, পাঠ্যক্ৰম, শিক্ষন পদ্ধতি তথা আদৰ্শৰ দিশত এক আমুল পৰিৱৰ্তন হ'ল।বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অৱদানৰ ফলত মানুহৰ জীৱনধাৰাৰ প্ৰণালীলৈ এক অভাৱনীয় পৰিৱৰ্তন আহিল।


পৌৰাণিক শিক্ষা বনাম সাম্প্ৰতিক শিক্ষা :-

  

পৌৰাণিক শিক্ষা ব্যৱস্থাত  সামাজিক আৰু প্ৰাকৃতিক বাতাবৰণৰ মাজত ওতঃপ্ৰোত সম্বন্ধ আছিল। তাহানিৰ দিনত শিষ্যসকলে গুৰুৰ আশ্ৰয়ত থাকি শিক্ষা গ্ৰহণ কৰিছিল। তাহানিৰ শিক্ষাদান কুলত বা টোলত , মুকলি পাঠশালাত, নামঘৰ, সত্ৰ, মোক্তাব আদিত প্ৰদান কৰা হৈছিল। গুৰু বিহীন শিক্ষা সফল হ'ব নোৱাৰে। ' গু' মানে আন্ধাৰ আৰু 'ৰু' মানে পোহৰ। অৰ্থাৎ যিজনে অজ্ঞান আন্ধাৰৰ পৰা পোহৰৰ দিক্দৰ্শণ দিয়ে সেইজনেই গুৰু। সাম্প্ৰতিক শিক্ষা গুৰু- গুৰুত্বহীন বুলিলে ভুল কোৱা নহয়। বৰ্তমান বিশ্বায়নৰ প্ৰতি আকৰ্ষিত অভিভাৱক সকলেও বস্তুবাদী আৰু ব্যক্তিবাদী মত পোষণ কৰাৰ ফলস্বৰূপে সামাজিক চিন্তাধাৰা, মানবতা, দয়া, ক্ষমা আদি গুণবোৰ সমাজৰ পৰা নাইকিয়া হৈছে।  

ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, " The end product of education should be a free creative man, who can battle against historical circumstances and adversities of nature "

         কিন্তু আজিৰ শিক্ষা ব্যৱস্থাই ছাত্র-ছাত্ৰীক এই সাহস, শক্তি আৰু সুক্ষ্ম চিন্তা-চৰ্চা প্ৰদান কৰা নাই যেন লাগে।

           আজিৰ ছাত্ৰ- ছাত্ৰীয়ে নম্বৰৰ পিছত দৌৰিব লগীয়া হৈছে কাৰণে মানৱীয় উৎকৰ্ষ সাধনৰ শিক্ষা ক'ৰবাতে এৰিবলগীয়া হৈছে।আজি কালি প্ৰতিযোগিতাৰ যুগত ছাত্ৰ-ছাত্ৰীৰ মাজত এক নম্বৰ কেন্দ্ৰিক মানসিকতাৰ জন্ম হৈছে।

    বৰ্তমান শিক্ষা ব্যৱস্থাৰ দ্বাৰা অকৃতকাৰ্য হোৱা বা ভালদৰে উত্তীৰ্ণ হ'ব নোৱাৰা ছাত্ৰ-ছাত্ৰী সকল মানৱ সম্পদ হৈয়ো উচ্চ শিক্ষা লোৱাৰ বা চৰকাৰী চাকৰিত কৰ্ম সংস্থানৰ পৰা বঞ্চিত। কাৰণ চৰকাৰী চাকৰি সীমিত।অথচ এই অকৃতকাৰ্য লোকসকলৰ মাজতো নিহিত আছে বিৰাট সম্ভাৱনাপূৰ্ণ বিভিন্ন দিশৰ প্ৰতিভাশালী লোক যিসকলে সংগীত, খেলজগত, কলা-কৃষ্টি , সমাজ সেৱা , বেপাৰ-বানিজ্য আৰু অন্য উৎপাদনশীল কৰ্মত বিশেষ অৰিহনা যোগাব পাৰে। কিন্তু উপযুক্ত প্ৰশিক্ষণ অবিহনে তেওলোক কৰ্ম সংস্থাপনৰ পৰা বঞ্চিত হয়।কিন্তু আজিৰ গতানুগতিক শিক্ষা ব্যৱস্থাই শ্ৰমৰ মৰ্যদা দিবলৈ শিক্ষা দিয়া নাই।

       মানৱ সভ্যতাৰ বিকাশৰ লগে লগে শিক্ষা ব্যৱস্থাতো গতিশীলতা আৰু পৰিৱৰ্তন অনাটো অৱশ্যম্ভাৱী হৈছে। শিক্ষা মাত্ৰ বন্ধ কোঠালীতে আবদ্ধ থকা বস্তু নহয়।শিক্ষা হ'ল এনে এক মাধ্যম, যাৰ দ্বাৰা এখন সমাজ, এখন দেশ, এটা জাতি, এটা প্ৰজন্মক আন এটা প্ৰজন্মলৈ বিকাশ ঘটাই লৈ যায়। ব্যক্তিৰ বিকাশ হলেহে সমাজ বিকশিত হয়। ব্যক্তিৰ দায়বদ্ধতাৰ অবিহনে সমাজত বিশৃংখলতাৰ সৃষ্টি হয়।সেই দৃষ্টি কোণৰ পৰা বিশ্লেষণ কৰিলে এই কথা কব পৰা যায় যে গতিশীল আৰু পৰিৱৰ্তনশীল শিক্ষা ব্যৱস্থাইহে নতুন পথত নতুন প্ৰজন্মক আগুৱাই নিব পাৰিব।

           চৰিত্ৰ গঠন, নৈতিক শিক্ষা আৰু স্বাধীন চিন্তা যুক্ত মানৱ সম্পদ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি পাঠ্যপুথি প্ৰনয়ণ আৰু সমগ্ৰ শিক্ষা-ব্যৱস্থাটোৰ সকলো দোষ- ত্ৰুটি বিশ্লেষণ কৰি এক সুস্থ আৰু গতিশীল শিক্ষানীতি গ্ৰহণ কৰাটো আজি সময়ৰ দাবী হৈ পৰিছে।


লেখকঃ  হৰেশ্বৰ গোস্বামী,তেজপুৰ


Sahitya Sofura
Writer: Hareswar Goswami



















editor: Diganta Kumar Bhuyan

Sahity Sofura সাহিত্য সঁফুৰা

Comments

Post a Comment

If you have any doubts, please let me know.

Popular posts from this blog

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়