সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

Secret Seven চিকৰেট চেভেন

  Secret Seven চিকৰেট চেভেন


বিশ্বৰ ১০০ খন বিখ্যাত শিশু গ্ৰন্থৰ সাৰাংশ:

(৭ )সপ্তৰথীৰ দু:সাহসীক অভিযান Secret Seven or Secret Seven Society

 এনিড ব্লাইটন (,  Enid Blyton written between 1949 to1963)নামৰ ইংৰাজ লেখক এগৰাকীয়ে লিখা এই শিশু গ্ৰন্থ চিৰিজটো মূলত ৰহস্যময় কাহিনী যাক বিশ্বৰ শ্ৰেষ্ট এলানি শিশু গ্ৰন্থ হিচাবে অতি বেছিকৈ সমাদ্ৰিত। এই লানি শিশু চিৰিজত মুঠ ১৫ খন গ্ৰন্থ আছে আৰু প্ৰায়বোৰ কাহিনীতে চিকৰেট চেভেনে বা সমাজৰ সপ্তৰৰ্থীয়ে একোটা অতি ৰহস্যময় ঘটনা অনুসন্ধানৰ জৰিয়তে পোহৰলৈ আনি সমাজখনৰ মঙ্গল সাধন কৰে।কাহিনীবোৰ সুন্দৰ সুন্দৰ চিত্ৰৰে সজাইছে জৰ্জ ব্ৰুক(George Brook)নামৰ চিত্ৰকৰে,ফলত গ্ৰন্হবোৰ বৰ মনোগ্ৰাহীহৈ পৰিছে।
প্ৰত্যেক কাহিনীৰে মূল চৰিত্ৰ সাতটা হ'ল পিটাৰ,জানিট,জেক,বাৰবাৰ,জৰ্জ,পম আৰু কলিন।জেনিট হ'ল লিটাৰৰ ভনীয়েক আৰু পিটাৰ হ'ল সমাজৰ মূৰুবী বা Head of the Society.মাজে মাজে ভুমুকি মাৰে জেকৰ ভনীয়েক চুচী আৰু তাইৰ ৱেষ্ট ফ্ৰেন্ড বিনকী। আমাৰ শিশু সকলে গ্ৰন্থ সমূহ পঢ়ি আনন্দ পাব।

লেখক: দিলীপ কুমাৰ বৰুৱা

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়