নৱেল বঁটা বিজয়ী লেখিকা পাৰ্ল বাক আৰু গুড আৰ্থ
 |
Pearl Buck
|
নৱেল বঁটা বিজয়ী লেখিকা পাৰ্ল বাক আৰু গুড আৰ্থ
Nobel Laureate Pearl Buck and Good Earth
:-------দিলীপ কুমাৰ বৰুৱা,তেজপুৰ।
পেটৰ ভোকে প্ৰত্যেক মানুহকে চুৰি কৰিবলৈ শিকাই।এই বিখ্যাত উক্তি আগবঢ়াই বিশ্বৰ চতুৰ্থ গৰাকী নৱেল বঁটা পোৱা আমেৰিকাৰ অতি জনপ্ৰিয় লেখিকা পাৰ্ল বাকে।
তেওঁ ১৯৩২ চনত পুলিৎজাৰ বঁটা আৰু১৯৩৮ চনত প্ৰথম গৰাকী আমেৰিকান লেখিকা হিচাবে সাহিত্যত নৱেল বঁটা লাভ কৰে পাৰ্ল বাকে।নৱেল বঁটাৰ ধন তেওঁ মানুহৰ সেৱাত আগবঢ়াই আৰু নিজও তেনে এটা মানুহৰ সেৱামূলক সংগঠন খুলি বিশ্বৰ দেশে দেশে মানৱতাৰ সেৱাত ঘুৰি ফুৰে।তেওঁ ভাৰতবৰ্ষলৈও আহে।
 |
Pearl Buck
|
১৮৯২ চনৰ ২৬ জুনত জন্ম হোৱা এই বিখ্যাত লেখিকা গৰাকী ১৯৭৩ চনৰ ৬ মাৰ্চত মৃত্যু হয়।গোটেই জীৱনজুৰি মানৱ অধিকাৰৰ কামত নিজকে নিয়োজিত কৰে।১৯১৭ চনত বিয়া হোৱা পাৰ্লৰ ১৯৩৫ চনত বিবাহ বিচ্ছেদ হয় যদিও সকলো কিতাপ পূৰ্বৰ স্বামীয়ে প্ৰকাশ কৰে ।তেওঁৰ গ্ৰন্থ সমূহ হ'ল চাইনা স্কাই,দি ড্ৰেগন চীড,দি ৱাটাৰ ৱাফেলো চিলড্ৰেন,দি খ্ৰীষ্টীয়ান ঘষ্ট,চাইনা এজ আই চি ইট আৰু গুড আৰ্থ।
১৯৩১ চনত লিখা গুড আৰ্থৰ বাবে লেখিকা বিশ্ব জুৰি অতি জনপ্ৰিয় হৈ পৰে।লেখিকাৰ মতে, I am a mentally bifocal.সচাকে সমাজৰ ঘটনাবোৰক বিভিন্ন ধৰণে বিশ্লেষণ কৰাত লেখিকা বৰ পাকৈত ।
আমি জানো যে খেতিয়ক এজন মাটি বিনে অসহায়,
মাটি তেওঁৰ আই ,ধৰিত্ৰী আই।নিজা কৃষি মাটি খেতিয়কৰ প্ৰাণত কৈও আপোন -গুড আৰ্থ সুন্দৰ মাটি।চীনৰ ওয়াং লাং এজন পৰিশ্ৰমী দৰিদ্ৰ কৃষক।জমিদাৰৰ মাটিত খেতিকৰে।বিয়া পতাৰ মন।কিন্তু দৰিদ্ৰ কৃষকে বিয়া কৰাব পাৰে জমিদাৰৰ ঘৰত বন কৰা ছোৱালীহে।ওয়াঙেও ঠিক কৰিলে তেনে এজনী ছোৱালী ওলানক।দেখাত তাই আপচু।জমিদাৰৰ ঘৰৰ পৰা পৰিবাৰ হিচাবে লৈ আহিল ওলানক।সুখৰ সংসাৰ,সহজ খেতিয়কৰ জীৱন।আকালো নাই,ভঁৰালো নাই।দুটা ল'ৰা পোৱালীও হ'ল সিহঁতৰ ।আকৌ গৰ্ভাৱতী হ'ল ওলান।এই বাৰ তীব্ৰ খৰাং আৰম্ভ হ'ল।নিজৰ বলধ হালো মাৰি খাব লগা অৱস্থা হ'ল ।
উপায়বিহীনহৈ সকলো এদিন ৰেলত উঠি চহৰ পালেগৈ।বৰ কষ্টৰে সময় বাগৰিল।ওলানে তিনিটা লৰা-ছোৱালীলৈ ভিক্ষা কৰে,সি হাজিৰা কৰে। হঠাৎ বিপ্লৱ আৰম্ভ হ'ল।সেনা বাহিনীৰ অত্যাচাৰৰ জমিদাৰৰ ঘৰত লুটপাত।এজন জমিদাৰৰ ঘৰত লুটকৰি ওয়াং ধনী হ'ল।আকৌ সি গাওঁ পালেহি।মাটি কিনি ধনী হ'ল।নদন বদন জীৱন।এদিন ওলান মৰিল।
ল'ৰা দুটাই বিয়া কৰালে।ওয়াং নি:সঙ্গ হ'ল।সিহঁতে খেতি মাটি বেছি উদ্যোগ গঢ়িব।আৰু ধনী হ'ব।কথাটো শুনি ওয়াং হুক হুকাই কান্দি কান্দি ক'লে কি মাটি বেছিবি?মোক কলিজাৰ হাড়,ধমনীৰ তেজ,মাটি বেছিবি?জান এই মাটি আমাৰ আই বোপাই সকলো।কথা কৈ কৈ কপি কপি মাটিত খামুচি ওয়াং পৰি গ'ল। নহয় দেউতা নহয় বুলি কৈ ল'ৰা দুটাই ব্যংগ হাঁহি মাৰিলে ।কাহিনীৰ যৱনিকা পৰিল।
কিতাপখন কুমাৰী পৃথিৱী নামৰে বহু বছৰৰ আগেয়ে অনুবাদ হৈছিল।
জীৱন বৰ বিচিত্ৰ।অৰ্থনৈতিক উন্নতিয়ে সুখী জীৱনলৈ মাৰাত্মক দুখৰ বীজানু কঢ়িয়াই আনে।আকৌ মানুহ অকলশৰে থাকিবও নোৱাৰে।নি:সঙ্গহৈ থাকিব নোৱাৰে।হৃদয়ে হৃদয় বিচাৰে।কেৱল নিজৰ শব্দ,নিজৰ চিন্তা,নিজৰ উদ্যমৰ প্ৰতিধ্বনি শুনি জীয়াই থকা নাযায়।
এয়া লেখিকাৰ মত।লেখিকাৰ মতে সত্য অবিহনে জীৱন পুতলা সদৃশ,গতিকে সত্য প্ৰকাশ কৰা।জীৱন জটিল নকৰিবা। শেষত তেখেতৰ বাক্যৰে Every great mistake has a halfway moment, a split second when it can be recalled and perhaps remedied.
:-------দিলীপ কুমাৰ বৰুৱা,তেজপুৰ।
editor: Diganta Kr. Bhuyan
সুন্দৰ । ভাল লাগিল পঢ়ি
ReplyDelete