সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

O. Henry অ' হেনৰী আৰু তেওঁৰ চুটি গল্প


O. Henryঅ' হেনৰী আৰু তেওঁৰ চুটি গল্প

 

  অ' হেনৰী আৰু তেওঁৰ চুটি গল্প


        -----:দিলীপ কুমাৰ বৰুৱা,তেজপুৰ

ঊনবিংশ শতিকাৰ শেষ ভাগত আৰু কুৰি শতিকাৰ প্ৰথম ভাগত বিশ্বৰ তিনি গৰাকী শ্ৰেষ্ঠ চুটি গল্প লেখকৰ জন্ম হয়,তেওঁলোক আছিল ফ্ৰান্সত মোপাছা,ৰাছীয়াত চেকভ আৰু আমেৰিকাত অ'হেনৰী।অ'হেনৰীক আমেৰিকাৰ চেকভ অথবা  মোপাছাঁ বুলিও কোৱা হয়।অ'হেনৰীৰ নাম আছিল ৱিলিয়াম চিডনি চৰ্চাৰ আৰু ১৮৬২ চনৰ ১১ চেপ্তেম্বৰত তেওঁৰ জন্ম হয় আৰু১৯১০ চনৰ৫ জুনত মৃত্যু হয়।


তেওঁৰ ব্যক্তিগত জীৱন আছিল বহু ঘটানাৰে ভৰা। তিনি বছৰতে মাতৃ বিয়োগ হোৱা আৰু দেউতাক মদাহী হোৱাত পেহীয়েকে তেওঁক লালন পালন কৰে।পোন্ধৰ বছৰ বয়সতে পঢ়া আধৰুৱা কৰি তেওঁ ঔষধৰ দোকানত চাকৰি কৰে।ইয়াৰ পিছত টেক্সি চালক ,ভেৰা ৰখীয় ,বেঙ্কৰ কেৰাণী আদি বহু সৰু সৰু চাকৰি  কৰে।

তেওঁ বিয়া কৰাই ,এটি কন্যাও জন্ম হয়।
সেই সময়তে এটা প্ৰেছ কিনি এখন কাকত উলিয়াই যদিও বেংকে ধন আত্মসাৎ কৰা বুলি তেওঁৰ ওপৰত গোচৰ দি জুলুম কৰে।ফলত তেওঁ কন্যা পত্নী সহ পলায় যায় মধ্য আমেৰিকাৰ এখন দেশলৈ।তেওঁৰ পত্নীৰ তাতে মৃত্যু হয়।আৱশেষত পলাতক আচামী হিচাবে তেওঁ গ্ৰেপ্তাৰ হয় আৰু পাঁচ বছৰ জেল হয়।জেলৰ পৰা মুক্তি হোৱাত তেওঁ চদ্ম  নাম  ললে অ'হেনৰী।১৯০২ চনত নিজৰ চহৰ নিউয়ৰ্কলৈ আহি এখন আলোচনীত সোমাই আৰু ধাৰাবাহিক ভাৱে চদ্ম নামত গল্প লিখা আৰম্ভ কৰে।গল্প লিখিয়ে বহু ধন পোৱাত(যিটো ভাৰতত আজিও অসম্ভৱ) তেওঁ আনকো দান দিয়ে।
দ্বিতীয় বাৰ তেওঁ বিয়া কৰাই যদিও অলপদিনতে বিবাহ বিচ্ছেদ হয়৷


উল্লেখযোগ্য যে মোৰ জেঠাইৰ লৰা তেজপুৰ পলফিল্ডৰ ইঞ্জিনীয়াৰ শ্ৰী ৰাজেন্দ্ৰ শৰ্মাই(আমাৰ ৰাজু দাই)অ'হেনৰীৰ এলানি চুটি গল্প অনুবাদ কৰে।দাদা অসমৰ কথা বঁটা পোৱা গল্পকাৰ।তেওঁ নিৰবে লিখামেলা কৰে আৰু এগৰাকী সাহিত্যৰ উচ্চ চিন্তাশীল লেখক।তেওঁ কিতাপ খন ১০ বছৰ আগেয়ে মোক দিছিল আৰু গল্পবোৰ তাহানিতে মনদি পঢ়া।



অ' হেনৰীৰ চুটি গল্প শিল্পত প্ৰতিভাত হৈছে সৰু  মানুহৰ মৰ্মদ কাহিনী । নিজস্ব ষ্টাইল ,নতুন উপস্থাপন ৰীতিয়ে চুটি গল্প সমূহৰ সাৰ্বজনীনতা প্ৰকাশ কৰি বিশ্বৰ পাঠকৰ মনোগ্ৰাহী কৰিছে।শুনা যায় প্ৰায় ৪০ লাখ তেওঁৰ সুহৃদ পাঠক আছিল।তেওঁৰ কেইটামান চুটি গল্প হ'ল পূৰ্বভাষ,কলাগুৰু,পৰিভ্ৰমন,দোলক ,উপহাৰ,বন্ধন,ৰবপান্তৰ, ইত্যাদি।

নিউয়ৰ্ক চহৰৰ সেই সময়ৰ গেছ চালিত বিজুলীবাতি,ঘোঁৰাবাগী,জুৱা,মদৰ আড্ডা শৰনাৰ্থী জীৱনৰ যি চিত্ৰ অ'হেনৰীয়ে গল্প শিল্পৰে ধৰি ৰাখিলে সি আজিও সাহিত্যৰ মাজেৰে যুগ যুগলৈ জিলিকি থকা ইতিহাস।দু:সাহসীক অভিযান,মৰ্মস্পৰ্শী মমত্ববোধ,ৰহস্যৰ মায়াজাল,ধেমেলীয়া ঘটনা সৰু মানুহৰ জীৱনৰ মাজেৰে তেওঁ হাস্য ব্যংগ ৰূপত তেওঁ কাহিনী সমূহত চিত্ৰিত কৰি পাঠকৰ মনত সোমাই পৰিছে।সংবেদনশীলতা আৰু মানবীয় প্ৰমূল্যবোধৰো সুন্দৰ সংমিশ্ৰন ঘটিছে গল্প সমূহত।

তেওঁৰ মতে মানুহৰ বন্ধুত্ব এটা দুৰ্ঘটনা নহয়।লেখকৰ প্ৰতি তেওঁৰ মন্তব্য যি মন যায় তাকে লিখা Write what you like,there is no other rule.সময়ৰ ক্ষেত্ৰত লেখক বৰ সচেতন আছিল।কৈছিল  We can't buy one minute of time with cash,if we could ,rich people would live longer. তেওঁৰ জীৱন সম্পৰ্কীয় এটা বাক্য হ'ল Life is made up of  sobs,sniffles and smiles ,with sniffles predominating.

  লেখক:- দিলীপ কুমাৰ বৰুৱা,তেজপুৰ














Editor: Diganta Kr. Bhuyan.



Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়