সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

Relor Alit Mritadeh ৰেলৰ আলিত মৃতদেহ (Part-8 &9)



 Relor Alit Mritadeh ৰেলৰ আলিত মৃতদেহ (Part-8 &9)

Relor Alit Mritadeh ৰেলৰ আলিত মৃতদেহ

অষ্টম দৃশ্য

Direction: ৰাজপথ। নিশাৰ পৰিৱেশ। নিশা ১০ বজাৰ ঘণ্টাধ্বনি দূৰণিৰ পৰা ভাহি আহিব, নিশাচৰ দুই এটা প্ৰাণীৰ ভয়লগা চিঞৰৰ লগতে জিলিৰ শব্দ। এনেতে দুজন মদাহীক মঞ্চত দেখা যাব।
সংলাপ:--
১ম মদাহি: চালা----, পাঁচ বটল ফটীকা খালো নিচাই নাই লগা বে---, সব চালা ভেজাল হ’ল, চাৰা দুনিয়াখনেই ভেজাল থুই-----, ঐ বন্ধু--- তোমাৰ ঘড়ীত কেইটা বাজিছে ?
২য় মদাহি: (হাতলৈ চায় এটা মিচিকিয়া হাঁহি মাৰি ক’ব)-----চালা---ঘড়ীয়েই পিন্ধা নাই বে---
১ম: আৰু দুটামান বটল খায় আহোগৈ ব’লা------
২য়: (পকেটত পইচা খেপিয়াই নাপায় আৰু এটা মিচিকিয়া হাঁহি মাৰিব)—চালা, পকেটত পইচাই নাই—
১ম: (চিগাৰেত জ্বলাব)---বন্ধু , মই যাওঁ----(যাব খোজে)
২য়: --ৰ’বা, ৰ’বা বন্ধু----এতিয়াই ঘৰলৈ গৈ কি কৰিবা ? ঘৰলৈ গ’লেই মানুহজনীক দেখাৰ লগে লগে নিচা ফাটিব-----!অলপ সময় ৰখা-----(মিচিকিয়াই) গোলাপী গোলাপী লাগি আছে ন’---
১ম: তোমাৰ অলপ মাল খালেই দেখোন লাগে বন্ধু----,তুমি বৰ দুৰ্বল, তুমি কমজোৰি আছা----চাবা—চাবা—পৰিবা---নিজক কণ্ট্ৰ’ল কৰিবা----(নিজেই পৰে)
২য়: বন্ধু---
১ম: হু---
২য়: মই কথা এটা ভাবিছো বন্ধু---!
১ম: কি কথা বন্ধু ?
২য়: বন্ধু---, ভগৱানৰ সৃষ্টিত ভুল আছে !
১ম: কিনো কোৱাহে ?
২য়: অ’ পুৰাপুৰি ভুল আছে !-----মই ভগৱান হোৱা হেতেন----
১ম: তুমি ----? হা: হা: হা: হা: ---তুমি ভগৱান হ’বা ? (ঠাত্ৰা)-
---হে ভগৱান তোমাক নমস্কাৰ !!
২য়: ঠাত্ৰা নকৰিবা বন্ধু ! তুমি কথাতো দ’কৈ ভাবি চোৱাচোন ?
১ম: তুমি পাগল হোৱা নাইতো ?
২য়: মই পাগল হোৱা নাই, তুমিহে মূৰ্খ, জধামূৰ্খ----!
১ম: ঐ---কেপেটাৰ পুতেক---, তুমি ? তুমি মোক মূৰ্খ বুলি ক’লা ---, তুমি মোক জধামূৰ্খ বুলিলা---(কান্দি কান্দি)----তুমি মোক----------
২য়: এ---এ---এ---এ-----হে—ক্ষমা ! ক্ষমা বন্ধু, ক্ষমা কৰা, মোক তুমি ক্ষমা কৰা, অজানিতে অধমৰ ভুল হৈ গ’ল !
১ম:---সঁচাকৈ তুমি ক্ষমা খুজিছাতো ? হাতজোৰ কৰি খুজিছাতো ?
২য়: হয় বন্ধু , এবাৰ নহয় এশবাৰ , ক্ষমা কৰা, হাত জোৰ কৰিছো বন্ধু ------!
১ম: হ’ব হ’ব---ঠিক আছে, তুমি ক্ষমা খুজিছা যেতিয়া মই তোমাক ক্ষমা কৰি দিছো, ক্ষমা ভিক্ষাবোলে সকলোতকৈ ডাঙৰ ভিক্ষা ।
২য়:  কিন্তু বন্ধু, মই ভগৱান হ’মেই----!
১ম: তুমিনো কি একেদাল কথাকে বাৰে বাৰে কৈ থাকা----, 
বাৰু বাৰু---তুমি ভগৱান কিয় হ’বা ?
২য়: উকিল সদানন্দ ফুকন আৰু তাৰ মগজু--- ! মই ভগৱান হৈ তাৰ মগজুটো ঠিক কৰি দিম---!
১ম: সদানন্দ ফুকন ? মগজু ? বন্ধু, তুমি এইবোৰ কি প্ৰলাপ বকিছা ? তোমাৰ নিচা বেছি হ’ল যেন পাইছো-----!
২য়: নাই নাই বন্ধু, মোৰ নিচা বেছি হোৱা নাই আৰু মই প্ৰলাপো বকা নাই , ---প্ৰলাপ বকিছে সদানন্দ ফুকনে!
১ম: কিন্তু তুমি সদানন্দ ফুকনৰ মগজুৰ কথা ক’লা যে ? তেওঁৰ মগজুতোৰ কি হ’ল ?
২য়: চোৱাচোন বন্ধু, সদানন্দ ফুকনৰ ঘৈনিয়েকজনী আহিছে, কিন্তু সদানন্দই এতিয়া ঘৈনিয়েকক চিনিয়েই নোপোৱা হ’ল ----!
১ম: কি নিচাফাটি যোৱা কথা কোৱা বন্ধু ? ফুকনৰ ঘৈনিয়েক দেখোন চুইচাইদ কৰি মৰিল, এতিয়া আকৌ এইজনী ঘৈনিয়েক ক’ৰ পৰা আহিল ?
২য়: সেই কাৰণেই কৈছো, ভগৱানৰ সৃষ্টিত ভুল আছে ! সদানন্দ ফুকনৰ ঘৈনিয়েকক ভগৱানে পঠিয়াই দিছে অথচ ফুকনৰ মগজুতো ঠিক কৰি দিয়া নাই------, ফুকনে ঘৈনিয়েকক এতিয়া হেনো চিনিয়েই নোপোৱা হ’ল !
১ম: কথাটো মইও ঘুনুক-ঘানাককৈ অলপ শুনিছো, কিন্তু বিশ্বাসহে কৰিব পৰা নাই----! বন্ধু, আপোনঘাটি হোৱা মানুহৰ আত্মা------, সঁচাকৈয়ে ফুকনৰ ঘৈনিয়েকৰ আত্মা ভূত-চূতহৈ অহা নাইতো---
২য়: ভূ---ত----? ? ----তুমি সেইটো শব্দ মুখলৈ কিয় আনিছা বন্ধু ?----ৰাম ৰাম ৰাম ৰাম ---থু থু থু---ৰাম ৰাম ৰাম-------------!
১ম: কোৱা শুনিছো আত্মহত্যা কৰা মানুহবোৰ  ভূত হৈ যায়----- !
২য়: ---তুমি সেইটো শব্দ আকৌ কিয় মুখলৈ আনিছা বন্ধু ? ---ৰাম ৰাম ৰাম ৰাম----(প্ৰেশ্ৰাৱ কৰাৰ হাতৰ আঙুলিৰ মুদ্ৰা দেখুৱাই)---বন্ধু মোৰ বৰ লাগিছে ------!
১ম: তুমি বৰ ভয়াতুৰ হে----, মোলৈ দেখিছা অলপো ভয় লগা না----ই--------(এনেতে হঠাতে সন্মুখত মেনকাক দেখে, আৰু দুইয়ো মদহি চিঞৰি উঠে)
১ম/২য়: ভূ---উ—ত---খালে ঔ---মৰিলো , বন্ধু সঁচাকৈ আমাক আজি ভূতে পালে------!
মেনকা: হেৰা হেৰা, হেৰা ভয় নকৰিবা, মই ভূত-চূত নহয়, মই জীয়া মানুহ---মোলৈ ভয় কৰিব নালাগে-----এইফালে বাৰু এজন মানুহ হাতত পিষ্টল লৈ পাৰ হৈ  যোৱা দেখিছা নেকি ?
১ম: সকলো বুজিছো------ওচৰলৈ নাহিবি----
২য়: সকলো বুজিছো আমি----ওচৰলৈ নাহিবি ভূতুনী কৈ দিছো কিন্তু----,ৰাম ৰাম ৰাম---অ’ বন্ধু তুমি ক’লৈ গ’লা-----মোৰ হাতত ধৰি থাকা---হাত এৰি নিদিবা বন্ধু-----
১ম: তই আচল নে নকল ? -----তিনি বাৰ মুখত ৰাম নাম ল’চোন তই-----!
মেনকা: আৰে----, মই ভূত-পিশাচ একো নহয় , মই উকীল সদানন্দ ফুকনৰ পত্নী-----এই ফালে----
(দুইয়ো মদাহি তৰানৰা চিঙি দৌৰি প্ৰস্থান)
মেনকা: ষ্টুপিড্‌----
(মেনকা দ্ৰুত প্ৰস্থান । বতাহ-বিজুলী-ঢেৰেকনীৰ শব্দ- লগতে বৰষুণৰ শব্দত কাণতাল মাৰি যাব। অ’চি মদন, ইন্দানীৰ প্ৰৱেশ আৰু প্ৰস্থান)Light Cut.

নৱম দৃশ্য:

Direction :- এখন শ্মশান । শৱযাত্ৰা এটি পাৰ হৈ যোৱা দেখা যাব। শ্মশানৰ এটি লাইট পোষ্টত জ্বলি থকা বাল্বৰ পোহৰৰ মাজে মাজে বুজুলী-ঢেৰেকনিৰ পোহৰ-শব্দ মাজে মাজে আহি থাকিব। নিশাচৰ প্ৰাণীৰ ভয়লগা চিঞৰ, দুই এটি সমাধি দেখা পোৱা যাৱ। এটা সমাধিৰ সন্মুখত আঠুকাঢ়ি সদানন্দ তলমুৰকৈ থাকিব, লাহে লাহে মুৰ তুলি একেথৰে সমাধিলৈ চাই থাকিব, মুখত স্পট লাইট পৰিব, সৰ্বশৰীৰৰ কাপোৰ বৰষুণত ভিজি থকা। হাতত থকা পিষ্টলটো সমাধিৰ ওপৰত থৈ হুক হুকাই কান্দি উঠিব। ক্ষন্তেক পিছত এজন এজন কৈ----; অ’চি, ইন্দ্ৰানী, মেনকাৰ প্ৰৱেশ আৰু কিছু সময়ৰ পিছত বৃদ্ধৰ প্ৰৱেশ)

অ’চি: ( পিষ্টলটো ৰুমালৰে সামৰিলৈ  ফুকনৰ গাত হাত দিব)----ফুকন ফুকন---!
ফুকন: (Direction:-লাহে লাহে ঠিয় হ’ব আৰু প্ৰতিহিংসাৰ চাৱনিৰে এজন এজন কৈ সকলোলৈকে চাব-)
সংলাপ:--
ফুকন: ----এইয়া চাওক হাজৰিকা-----, এইটো-----এইটো মোৰ পত্নী মেনকাৰ সমাধি চাওক--! মোৰ পত্নী যে মৃতা তাৰ জলন্ত প্ৰমাণ----!
অ’চি: কিন্তু---?
ফুকন: কোনো কিন্তু নাই হাজৰিকা, সকলো (মনকা উদেশ্যি) এই মানুজনী আৰু (ইন্দ্ৰানি উদেশ্যি) এখেতৰ ষড়যন্ত্ৰ----!    (বৃদ্ধৰ প্ৰৱেশ)
বৃদ্ধ: সদা, বোপা সদা----, তই ভুল কৰিছ’----, তোৰ মতিভ্ৰংশ হৈছে ,তোৰ স্মৃতিশক্তি লোপ পাইছে, এই জীৱন্ত মানুহজনীক তই পাহৰি গৈছ’ কিয় ?-----হে ঈশ্বৰ, তুমি মোৰ ল’ৰাটোৰ এইয়া কি অৱস্থা কৰিলা প্ৰভু, তাৰ স্মৃতি শক্তি ঘুৰাই দিয়া প্ৰভু, তাৰ সংসাৰখন নাভাঙিবা প্ৰভু------(দুখ)
মেনকা: নাকান্দিব দেউতা---, নাকান্দিব, মোৰ কপালত হয়তো এইয়াই লিখা আছিল----(হুকহুকাই কান্দে)
ফুকন: ( হঠাতে, কোনেও তলকিব নোৱাৰাকৈ একে কোবে মেনকালৈ খেদি গৈ ডিঙিত চেপি ধৰে---, হাজৰিকাই চাৰ্ভিচ ৰিভলভাৰ উলিয়াই ফুকনক জব্দ কৰে। ফুকনে পগলাৰ দৰে চিঞৰি উঠিব)----মোৰ মেনকা মৰিল, এই মানুহজনী মোৰ মেনকা কেতিয়াও হ’ব নোৱাৰে---কেতিয়াও হ’ব নোৱাৰে------হা: হা: হা: হা: হা:-----কেতিয়াও হ’ব নোৱাৰে-------
ইন্দ্ৰানী: কিন্তু কিয় ? কিয় ?
অ’চি: কিয় কওক ফুকন ?
ফুকন: কাৰণ------কাৰণ----, “মোৰ পত্নী মেনকাক মই নিজ হাতৰে ডিঙি চেপি হত্যা কৰিলো!”---(কান্দি উঠিব)----মোৰ পত্নীক মই নিজে ডিঙি চেপি মাৰিলো------!(সংগীত আৰু পোহৰৰ খেল)
বৃদ্ধ: সদানন্দ ???
ফুকন: সঁচা দেউতা----সঁচা দেউতা---মেনকাই আত্মহত্যা কৰা নাছিল---, মইহে মাৰি ৰেললাইনৰ ওপৰত পেলাইথৈ আহিছিলো-----!
(এনেতে হাত চাপৰি বজাই বজাই মাৰ্জিত সাজসজ্জাৰে মদনৰ প্ৰৱেশ)
মদন: সাংঘাতিক, কি আচৰিত------!! মি: ফুকন-----
ফুকন: মদন ?
মদন: ফুকন, মই এতিয়া আপোনাৰ লগুৱা মদন নহয়---।
ইন্দ্ৰানী: হিয়াৰ দি কালপ্ৰিট কনফেচেচ্‌ হিজ ক্ৰাইম, কংগ্ৰেছুলেচন্‌ টু ইউ, কাৰণ মি: ফুকনৰ ঘৰত নিশা মনে মনে প্ৰৱেশ কৰি ফুকনৰ পত্নীৰ ডায়েৰিখন চুৰি নকৰা হেতেন---, তাৰোপৰি ফুকনৰ লগত ইমান দিন লগুৱা হিচাপে থাকি সকলো তথ্য সংগ্ৰহ নকৰা হেতেন এই ৰহস্য চিৰদিনৰ বাবেই ৰহস্যহৈ থাকিল হেতেন, কোনো দিনেই উদঘাটন নহ’ল হেতেন-----(মেনকাৰ উদেশ্যি)---আৰু মধুমিতা---
মেনকা: স্বপ্নালী, তোমাৰ অভিনয়ো নিখুত হৈছে তাৰ বাবে তোমাকো ধন্যবাদ-----
অ’চি: কিন্তু আপোনালোক ?
ইন্দ্ৰানী: আই এম চৰী হাজৰিকা, আমাৰ পৰিচয় আপোনাক আগতে দিয়া নাছিলো---, মই লেডি চি.আই.ডি. ইন্সপেক্টৰ স্বপ্নালী বৰুৱা, আৰু এখেত চি. আই. ডি. চাব ইন্সপেক্টৰ বিৰিঞ্চি কুমাৰ কাকতি,আৰু এখেত স্পেচিয়েল ব্ৰাঞ্চৰ লেডি চি. আই. ডি. ইন্সপেক্টৰ মধুমিতা বৰা। 
বৃদ্ধা: সদা---, এইয়া তই কি কৰিলি বোপাই ----?(দুখ)
ফুকন: মেনকা চৰিত্ৰহীনা আছিল দেউতা----! কেইবাদিনো মই তাইক বেয়া পৰিস্থিতিত পায় ধৰা পেলাইছিলো------, সেইয়ে মোৰ আৰু সহ্য নহ’ল----!
বৃদ্ধ: (মেনকাক উদেশ্যি)---বোৱাৰী---তুমি---, মানে আপুনি ?
মেনকা: দেউতা ক্ষমা কৰিব, আপোনাৰ মৃতা বোৱাৰীৰ চেহেৰাৰ সৈতে মোৰ চেহেৰাৰ কিছু সাদৃশ্য আছে, গতিকে আপোনাৰ ভুল হোৱাতো স্বাভাবিক---,তাৰোপৰি অত্যাধুনিক মেক্‌আপৰ সহায়তেই মই সকলোৰে চকুত ধূলি দিবলৈ সক্ষম হৈছিলো---।
ইন্দ্ৰানী: তাৰোপৰি আমাৰ অপাৰেচন আৰাম্ভ কৰাৰ আগেয়ে ফুকনৰ ঘৰৰ পৰা নিশা আমি মেনকাৰ ডায়েৰিখন চুৰি কৰি মেনকাৰ চৰিত্ৰৰ বিষয়ে বহুখিনি আয়ত্ব কৰি লৈছিলোঁ ।
অ’চি: কিন্তু আপোনালোকে কেনেকৈ গম পাইছিল যে মেনকা ফুকনৰ মাৰ্ডাৰ কৰা হৈছিল----?
ইন্দ্ৰানী: সেই কথা পোষ্টমৰ্টেম ৰিপোৰ্টৰ পৰা আমাৰ সন্দেহ হয়। ৰেলখন গৈছিল নিশা তিনি বজাৰ পিছত, অথচ পোষ্টমৰ্টেম ৰিপোৰ্ট মতে মেনকা ফুকনৰ মৃত্যু হৈছিল ৰাতি বাৰ (১২) বজাৰ আগতে---, তাৰ পৰাই সন্দেহ কৰি আমি সদানন্দ ফুকনৰ পিছত লাগো----।
অ’চি: মিচ্‌ মধুমিতা, আপোনালোক ইণ্টেলিজেন্সৰ মানুহ হৈ আমাৰ চকুৰ পৰা আতৰি ফুৰিছিল কিয় , মানে আমাৰ সহায় নোলোৱাৰ কাৰণ কি ?
মধুমিতা: (হাঁহি)----এইটো এটা নতুন চাল খেলিলো------, হাজৰিকা এৰেষ্ট হিম--!
 
Direction: মধুমিতাই ফুকনক ধৰি হাজৰিকাৰ ওচৰলৈ গতা মাৰি দিয়ে--, আৰু চকুৰপচাৰতে ফুকনে হাজৰিকাৰ ককালত ওলমি থকা ৰিভলভাৰটো আজুৰি লৈ নিজৰ মূৰত লগাই গুলি ফুটাই দিয়ে---, সকলোৱে হতবাক হৈ মাথো ফুকনৰ মূৰৰ পৰা বৈ থকা তেজবোৰ অবাকহৈ চাই থাকে ।

সমাপ্ত

বিশেষ তথ্য বিৱৰণি :- তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ---- (পৰিচালনা: সুদিপ্ত তামুলী) ,তেজপুৰ ঐশ্বৰ্যমণ্ডিত বাণ থিয়েটাৰত তিনিবাৰ মঞ্চস্থ----(পৰিচালক ক্ৰমে; সুদিপ্ত তামুলি, তপন দাস, নাট্যকাৰৰ নিজা পৰিচালনা ), গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰ--- (পৰিচালনা-মুকুট পটংগীয়া) আৰু তেজপুৰ অনাতাঁৰ কেন্দ্ৰ যোগে সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় নাটক, “ৰেলৰ আলিত মৃতদেহ” ।
ৰেলৰ আলিত মৃতদেহৰ ৰচনা: দিগন্ত কুমাৰ ভূঞা ।ৰচনাকাল: এপ্ৰিল,১৯৯৬ চন।)

প্ৰথম মঞ্চস্থ: তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ---

দ্বিতীয় মঞ্চস্থ: বাণ থিয়েটাৰ তেজপুৰ।

নাট্যকাৰ: দিগন্ত কুমাৰ ভূঞা
পৰিচালনা: সুদিপ্ত তামুলী
অভিনয়ত: অলক শৰ্মা, প্ৰহ্লাদ মহন্ত, প্ৰশান্ত কুমাৰ দাস, মুকুট পটংগীয়া, সুৰভী ডেকা, ৰশ্মী দেৱী, ভুট্টু, ৰমজান, ভোগৰাম ডেকা আদি।
পোহৰ: বিপুল নাথ ,   আৱহ সংগীত: ৰঞ্জন কুমাৰ ভট্ৰচাৰ্য , ৰূপসজ্জা আৰু দৃশ্যসজ্জা: কুলেন বৰা।
মাইক: লেঙেৰা।

তৃতীয় মঞ্চস্থ: বাণ থিয়েটাৰ,তেজপুৰ

প্ৰযোজনা: অৰিন্দম নাট্য গোষ্ঠী,তেজপুৰ।
তাৰিখ: ১৬ নবেম্বৰ,২০০৪ চন(16/11/2004)
সময়: সন্ধিয়া: ৭ বজাত।
পৰিচালনা: তপন দাস।
সংগীত: দিগন্ত কুমাৰ ভূঞা
অভিনয়ত: তপন দাস, পবিত্ৰ আগৰৱালা, বুলবুল দাস, বাপুকন বৈশ্য, ৰামেশ্বৰ ডাউকা, প্ৰহ্লাদ তালুকদাৰ, ৰাতুল মহন্ত, সংগীতা মহন্ত আদি।
পোহৰ: বিপুল নাথ।

 চতুৰ্থ মঞ্চস্থ:

বাণ থিয়েটাৰ,তেজপুৰ।
নাট্যকাৰ/পৰিচালক : দিগন্ত কুমাৰ ভূঞা
প্ৰযোজনা: ইফক্ৰ,তেজপুৰ।
নিবেদন: সুন্দৰম,তেজপুৰ
তাৰিখ:২৪ আগষ্ট,২০১৪ (24/08/2014), সময়: সন্ধিয়া: ৬-৪৫ বজাত।
অভিনয় শিল্পী আৰু কলাকুশলী:
১) উজ্জ্বল শইকীয়া-  (উকীল সদানন্দ ফুকন) ২) ফিৰোজ আখটাৰ আনচাৰী (ইন্সপেক্টৰ) ৩)দিগন্তৰাজ ভূঞা ওৰফে বাবু ( মদন ) ৪) পলাশ দত্ত (বৃদ্ধ) ৫) অচুৎ শৰ্মা (১ম মদাহী) ৬) সুশীল দাস (২য় মদাহী)
৭)অশ্বিনি বৰা (ছাঁয়ামূৰ্তি আৰু ১ম ২য় মদাহীৰ সহযোগী ) ৮) জিতুমণি দেৱচৌধুৰী ( কাৱাৰীৱালা)
rehearsal mood
৯) দৰ্শনা বাইলুং : (মেনকা) ১০) শ্যামলিমা বৰুৱা : (ইন্দ্ৰানী)
কাৱালী দল আৰু শ্মশান যাত্ৰী: নিলম, ভাৰ্গৱ, দীপু, কৃষ্ণম আৰু বিশাল।
পোহৰ: বিপুল নাথ। সংগীত: গৌতম পাঠক। কৰিঅ’গ্ৰাফ: দৰ্শনা বাইলুং। মঞ্চসজ্জা: অৰূপ চৰকাৰ। শব্দ: ৰঞ্জন(বাণ থিয়েটাৰ), ব্যৱস্থাপনা: সুন্দৰমৰ হৈ, দেৱব্ৰত শৰ্মা আৰু মহেন্দ্ৰ নাথ। প্ৰচাৰ: পংকজ বৰুৱা।

আখৰাগৃহ: বাণ থিয়েটাৰ, কলেজিয়েট স্কুল, তেজপুৰ।


 










দিগন্ত কুমাৰ ভূঞা









Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়