সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

Aesop's Fablesঈছপৰ উপকথা



বিশ্বৰ ১০০ খন বিখ্যাত শিশু গ্ৰন্থৰ সাৰাংশ:

(৬ )ঈছপৰ উপকথা  Aesop's Fables


ঈছপৰ উপকথা বিশ্বৰ সকলো দেশতে শিশুৰ পৰা বুঢ়া লৈ অতি জনপ্ৰিয়,অতি উৎকৃষ্ট সাধু কথাৰ সংগ্ৰহ।গ্ৰীছৰ সাধুৰ কথক (story teller)এজনে গ্ৰীক ভাষাত. ৬২০ ৰ পৰা ৫৬৪ খৃ:পূ:ত এই নীতিশিক্ষা মূলক সাধুবোৰ ডাঙৰ মানুহৰ বাবে লিখি উলিয়াই যিবোৰ বিশ্বৰ সকলো ভাষালৈ অনুবাদ হৈছে আৰু ২৫০০ বছৰ ধৰি মানুহৰ মাজত চলি আছে।ফেৱল বা উপ কথা ৰ ইংৰাজী অৰ্থ হ'ল চুটি কাহিনী যাৰ এটা নীতিশিক্ষা থাকে।অসমীয়াত ইয়াক উপকথা নাম দিয়া হৈছে।
সিংহ আৰু নিগনিৰ সাধুটো ,শহা আৰু কাছৰ দৌৰ,এজন ভাল খৰিকঠিয়া আদি সাধু দেশে দেশে নজনা শিশু নাই।আজিকালি আকৌ ব্যৱসায়িক পাঠ্যক্ৰমটো এই সাধুকথা বোৰ নতুন নতুন অৰ্থৰে বুজুৱা হয়।শহা আৰু কাছৰ সাধুটোৰ নীতিশিক্ষা অভাৰ কনভিদেন্স বা অত্যাধিক আত্মবিশ্বাস পতনৰ মূল ধৰণে বুজুৱা হয়৷ গতিকে সাধুবোৰৰ সময় অনুযায়ী নতুন অৰ্থ আৰোপ কৰা হয়।ফলত ইয়াৰ নীতিশিক্ষা সদায় অতি সাম্প্ৰতিক আৰু সাৰ্বজনীন


জনামতে ঈছপ গ্ৰীচৰ এজন কৃতদাস আছিল।
তেওঁ পঙ্গু,লেঙেৰা আছিল।ক'লা আফ্ৰিকান 
মূলৰ আপচু লোকজন গ্ৰীচৰ দৰ্শনকো 
ব্যংগ কৰি ৰজাৰ ৰোসত পৰে।সোনৰ 
কাপ চুৰিৰ মিছা অপৰাধত এই অতি 
সাধাৰণ দাস জনক ,সাধুকথাৰে মানুহক 
মনোৰঞ্জন দিয়া লোক জনক বিচাৰত তেওঁক ৰাজাই হত্যা কৰিছিল।কিন্তু যুগে যুগে তেওঁ জীয়াই আছে তেওঁৰ সৃষ্টিৰে।







লেখক:-দিলীপ কুমাৰ বৰুৱা

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়