সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

PAUL ROBESON বিশ্ববিখ্যাত সংগীত শিল্পী পল ৰৱছন

PAUL ROBESON  

PAUL ROBESON   বিশ্ববিখ্যাত সংগীত শিল্পী পল ৰৱছন





বিশ্ববিখ্যাত সংগীত শিল্পী পল ৰৱছন




                   প'ল ৰৱছন আছিল এগৰাকী আমেৰিকাৰ এথেলেটচ,গায়ক,গীতিকাৰ, সংগীত শিল্পী,মঞ্চ আৰু বোলছবি অভিনেতা,বিশ্বজুৰি মানুহৰ অধিকাৰ আৰু বৈষম্যতাৰ হকে মাত মতা মানৱতাৰ কৰ্মি ।

ড.ভূপেন হাজৰিকা দেৱে এই গৰাকী শিল্পীৰ সান্নিধ্য লাভ কৰি অসমীয়া সংগীত লৈ কঢিয়াই আনে সেই বিখ্যাত গান আমি একেখন নাৱৰে যাত্ৰী We are the same boat brothers.তদুপৰি বিস্তীৰ্ন পাৰৰে গীতটো ৰ'বচনৰ  অল্ডমেন ৰীভাৰ গীতৰ প্ৰভাৱত  লিখা হৈছিল যিটো গীত পিছত হিন্দী আৰু বঙালীলৈও অনুবাদ হয়।  ভূপেনদাৰ এইগীত এক সকলোৰে হৃদয়ত তঙ্কাৰ দিয়া গীত। শিল্পী সাহিত্যিকে যেতিয়া জনতাৰ সমস্যাকলৈ তেওঁলোকৰ মাজত সংগ্ৰামী ৰাজনৈতিক শিল্পী হৈ ঠিয় দিয়ে তেতিয়া তেওঁ হৈ পৰে জনতাৰ বুকুৰ শিল্পী। জ্যোতি-বিষ্ণু-ভূপেন-প'ল ৰৱছন জনতাৰ প্ৰাণৰ শিল্পী গণ-শিল্পী।

Paul Robeson


PAUL ROBESON   বিশ্ববিখ্যাত সংগীত শিল্পী পল ৰৱছন 

দেশে বিদেশে মুক্তিকামী জনতাৰ হকে শান্তি আৰু সংগ্ৰামৰ বাবে গীত গায় সাম্ৰাজ্যবাদী,ফেচীবাদী শক্তিক ত্ৰস্তমান কৰা বিশ্বত শান্তিৰ গান গোৱা পল ৰ'বচনৰ জন্ম হয় ৯ এপ্ৰিল,১৮৯৮ চনত প্ৰিন্সটন চহৰত,আমেৰিকাত আৰু মহাপ্ৰয়ান ঘটে ৭৭ বছৰ বয়সত ২৩ জানুৱাৰী১৯৭৬ চনত ফিলাডেলফিডিয়াত। ভূপেনদাৰ দৰে তেওঁ শব্দৰ সুন্দৰ নিক্ষেপনৰে মঞ্চ কপায় তুলিছিল আৰু কৈছিল You know I am an actor and have medals for diction(শব্দ)।ভাৰতবৰ্ষৰ জনতাক তেওঁ ভাল পাইছিল কাৰণ ভাৰতে সদায় আফ্ৰিকাৰ মানুহৰ স্বাধীনতাৰ হকে ঠিয় দিছিল Four hundred million in India and million over where ,have told you preciously ,that the colored people are not going to die for anybody: they are going to die for independence.তেওঁ কয় যে  মই কহানীও আমেৰিকাৰ প্ৰতিৰোধ আন্দোলন (American Resistance Movement)সমৰ্থন কৰো বুলি ক'বলৈ ভয় নকৰো,মই মনে প্ৰাণে আমেৰিকাৰ সাম্ৰাজ্যবাদী চৰিত্ৰ,ফেচীবাদী আচৰণ বিৰোধিতা কৰো। তদুপৰি তেওঁ গীতৰ মাজতে কৈছিল মই এজন শিল্পী,মই নিশ্চয় গান গাঁও,কিন্তু সকলোৰে উদ্ধত মই এজন নাগৰিক,নাগৰিক হিচাবে মই জনতাৰ হকে মাত মতাত কৰো বাধা মানিবলৈ বাধ্য নহয়।প্ৰয়োজনত জনতাৰ হকে ঠিয়হৈ গীতগোৱা বাবে জুবিন গাৰ্গ ইমান জনপ্ৰিয়। ৰাজনৈতিক শক্তিশালী স্থিতিত থকা সাহিত্যিক,শিল্পী সকলেই যুগে যুগে জনতাৰ বুকুৰ পোৱালমনিহৈ অব্যৰ্থ আলোক যাত্ৰীহৈ চিৰস্মৰণীয় হয়।

আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বঞ্চিত মানুহৰ সংগ্ৰামী সতীৰ্থ  ৰবচন এজন ভাল অভিনেতা,বিশেষকৈ চেক্সপীয়েৰৰ অথেল' নাটকৰ মূল চৰিত্ৰ অথেলৰ অভিনয়ৰ বাবেও তেওঁ আমেৰিকাত অতি জনপ্ৰিয়।১৯৩০ চনত প্ৰথম গৰাকী ক'লা মানুহৰ প্ৰতিনিধি হিচাপে তেওঁ আমেৰিকান বগা মানুহৰ থিয়েটাৰৰ মূল চৰিত্ৰত অভিনয় কৰি সকলোৰে আদৰৰ অভিনেতা হৈ পৰে।তেওঁ অভিনয় কৰা বোলছৱি সমূহ  হ'ল দি এম্পেৰচ জন,অথেল',অল গডচ চিলান,চ'বোট ইত্যাদি।তে ওঁৰ হলিউদত অভিনয় কৰা শেষ বোলছৱি খন আছিল টেলচ অব মানহাটান(  Tales of Manhattan)।তেওঁৰ দেউতাক আছিল এজন পাদুৰী।মাত্ৰ ৬ বছৰ বয়সতে মাকৰ জুই লাগি মৃত্যু হোৱাত ৰবচন  দেউতাকৰ সৈতে আন ঠাইলৈ গৈ পঢ়া শুনা আৰম্ভ কৰে।পঢা কালত তেওঁ এজন ভাল পুৰস্কাৰ প্ৰাপ্ত ফুটবল খেলুৱৈ আৰু এথেলেট আছিল।এগৰাকী তাৰ্কিক,মেধা সম্পন্ন ছাত্ৰ হিচাবেও সুখ্যাতি লাভ কৰে।আইনৰ শিক্ষা সাং কৰি তেওঁ শিল্পী আৰু কৃষ্ণাঙ্গলোকৰ বৈষম্যতাৰ বিপক্ষে আৰু ন্যায়ৰ হকে মানৱতাবাদী কৰ্মী হিচাবে প্ৰতিস্থা লাভ কৰে।সমগ্ৰ বিশ্ব জুৰি তেওঁৰ চিন্তা,কৰ্ম,গান বিয়পি পৰিছিল।আমাৰ অসমেও অমৰশিল্পী ভূপেনদাৰ যোগেদি ৰবচনৰ মিচিচিপিৰ পাৰৰ কথা , সুৰ ,শব্দ ব্ৰহ্মপুত্ৰ ৰ পাৰত প্ৰতিধ্বনিত হোৱা শুনিবলৈ পাওঁ।তেওঁক ১৯৫৬ চনত অনা আমেৰিকান সোপন্থী সকলৰ সংগঠনে সমাজবাদত বিশ্বাস নকৰা বুলি লিখি দিবলৈ তেওঁক প্ৰৱল চাপ দিয়ে যদিও ৰবচনে দৃঢ়তাৰে অস্বীকাৰ কৰে।তেওঁ কৈছিল মই নিগ্ৰো নহয়,মই মানুহ আৰু মানুহ হৈ আগবাঢ়ি ব বিচাৰো।বগা কলাৰ বৈষমতা আঁতৰাই তেওঁ গাইছিল আমি একেখন নাৱৰে যাত্ৰী We are in the same boat brothers.

 

 

Writer: Dilip Kr. Baruah     

  দিলীপ কুমাৰ বৰুৱা

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়