সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

Richard Bachজনপ্ৰিয় লেখক ৰিচাৰ্ড বাক আৰু জনাথন লিভিংষ্টন চিগাল


Richard Backজনপ্ৰিয় লেখক ৰিচাৰ্ড বাক আৰু জনাথন লিভিংষ্টন চিগাল




জনপ্ৰিয় লেখক ৰিচাৰ্ড বাক আৰু জনাথন লিভিংষ্টন চিগাল


১৯৭২ চনত এজন লেখকৰ মাত্ৰ ১০০০০ শব্দৰ উপন্যাসৰ এবছৰতে দহলাখ কপি বিক্ৰীহৈ বিশ্ব অভিলেখ সৃষ্টি কৰিলে।বিশেষকৈ ডেকাচামৰ মাজত ই  ইমানেই জনপ্ৰিয় হ'ল যে আমাৰ কিতাপ নপঢ়া দেশত কথাটো বিশ্বাস কৰিবলৈ টান।


আমি আলোচনা কৰা কিতাপ খন হ'ল ৰিৰ্চাড বাগৰ ,(Richard Back )ৰ উপন্যাস জনাথন লিভিংষ্টন চিগাল (Jonathan Livingston Seagull).১৯৩৬ চনৰ২৩ জুনত জন্ম হোৱা লেখক গৰাকীয়ে নিজৰ জীৱন দৰ্শনকে প্ৰতিকীৰূপত এটা চিগালকলৈ এই কাহিনী ৰচনা কৰিছে।

 এই প্ৰসঙ্গতে উল্লেখ কৰা হ'ল যে তেজপুৰ অধ্যাপক ৰাজু পোখ্ৰেল আমাৰ বিহালীৰ মোৰএকে গাঁৱৰে ওচৰ চুবুৰীয়া ।আমি শৈশৱৰ পৰা ককাই ভাই সম।তেওঁৰ পৰিবাৰ শ্ৰীপদ্মজা গোস্বামী তেজপুৰৰ এগৰাকী নিৰৱ সাহিত্য সেৱী।পৰিবাৰে অনুবাদ কৰা কিতাপ এখন মোক দিয়া বহু  বছৰেই হ'ল।তেওঁ অনুবাদ কৰিছে ৰিচাৰ্ড বাক ৰ ৭০ দশকৰ আমেৰিকাৰ নহয় বিশ্বৰ এই অতি জনপ্ৰিয় উপন্যাস খন জনাথন লিভিং ষ্টন চিগাল(Jonathan Livingston Seagull)lতাতোকৈ আচৰিত আৰু গৌৰৱৰ কথা এই গ্ৰন্থখনৰ পাতনি লিখিছে খুচৱন্ত সিঙৰ দ্বাৰা একমাত্ৰ অসমীয়া ভাল অনুবাদক বুলি প্ৰশংসা কৰা প্ৰদীপ আচাৰ্য্য দেৱে।আচাৰ্য্য দেৱে লিখিছে যে এই অনুবাদ ডেকাচামৰ খোৰাকী যোগোৱাৰ উপৰিও এতিয়া ৰ নিউ এইজ বা নতুন যুগৰ চিন্তা,বিশ্বাস,বাগধাৰা বা চখৰ কথা আমাক সৃষ্টিধৰ্মিতাৰে জনাব পাৰিছে।

এই কিতাপে ডেকাচামৰ মাজত ৰহস্যবাদে কি দৰে দলৈকে শিপাইছে আৰু যুক্তিৰ উদ্ধৰ এক বাস্তৱৰ সন্ধান,এক alterityৰ স্পৃহা জগাই তুলিছে তাক দাঙি ধৰিছে,যাৰ ফলত বিশ্বৰ ডেকা চামৰ মাজত কিতাপ খন অতি জনপ্ৰিয়হৈ পৰিছে।

কিতাপখনৰ চিগালজনী অনুবাদিকাই গঙ্গা চিলনী লৈ ৰূপান্তৰ কৰিছে।ফলত অসমীয়া সমাজৰ চিনাকি পৰিৱেশ ৰচনা হৈছে।লেখকৰ মতে পৃথিৱীত এটা নতুন সফলতাৰ দিশত নিজকে প্ৰতিস্থা কৰিবলৈ এলাহ এৰিব লাগিব,পৰম্পৰা এৰি,ৰক্ষনশীল সামাজিক চিন্তা দলিয়াই পেলাই নিজক নতুন জ্ঞানৰে সমৃদ্ধ কৰি ধাৰাবাহিক অনুশীলন চলাই নিব লাগিব।সফলতা নোহোবাৰ কাৰণ নাই।সাম্প্ৰতিক সমাজত ডেকাচামৰ চিন্তাৰ প্ৰতিফলন ইয়াত ঘটিছে।


উপন্যাসৰ মূল চৰিত্ৰ জনাথন যি বিশ্বাস নকৰে কেৱল আহাৰ সংগ্ৰহ আৰু খোৱাৰ বাবে আকাশত উৰা প্ৰাণী চিগালৰ জন্ম বুলি।কিন্তু তাকেই তাক সমাজে শিকাইছ শৈশৱৰ পৰা।শিকাইছে তাৰ বংশ পৰিয়াল আনকি দেউতাকেও।তাক শিকোৱা হৈছে  তাৰ লিমিটেচনৰ কথা।সি নিবিচাৰে পৰমপৰা,পুৰনি মূল্যবোধ সাৱতি ডাঙৰ হ'বলৈ।সি বিচাৰে তাৰ উৰণৰ গতিবেগ বঢাবলৈ আকাশৰ বহু ওপৰত উৰি নতুন সম্ভাৱনাৰ সৈতে ফেৰ মাৰিবলৈ। ইয়াৰ ফলতে জনাথন সমাজ চ্যুত হ'ল।অকলশৰীয়া হ'ল। তথাপি জনাথনৰ চিগালৰ গতি জানিবলৈ প্ৰৱল হাবিয়াস।সি প্ৰশিক্ষন ললে কঠোৰ প্ৰশিক্ষন ।তাৰ উৰণ গতি দ্ৰুত বঢিল,৭০ কি মি আৰু তাৰ পাচত ৯০ কিমি।পৰম্পৰাগত ধাৰনা ভাগি গ'ল।লিমিটেচন ভাগি গ'ল।তথাপি সি জ্ঞান বঢালে,অনুশীলন বঢালে।এইবাৰ ২০০০ কিমি গতিত উৰাৰ অভিলেখ ৰচনা কৰিলে।আনৰ অভিজ্ঞতাৰ পৰা সি নিজৰ পাখিবোৰকো নিয়ন্ত্ৰিত কৰিলে ।স্থিতাৱস্থা ভাগি গ'ল,সমাজৰ প্ৰচলিত ধাৰনা ভাগি গ'ল,লিমিটেচনৰ অহৈতুক হকাবধা ৰক্ষনশীলতা ভাগি নতুন গতিৰ অভিলেখ ৰচনা হ'ল।সুন্দৰ প্ৰতীকি উপন্যাস। নতুন পুৰুষক উদ্বুদ্ধ কৰিব পৰা উপন্যাস।ধন্যবাদ তেজপুৰীয়া অনুবাদিকা পদ্মজা গোস্বামী ।সঁচাকে নতুন পুৰুষৰ বাবে জীৱনৰ কোনো লিমিটেচন নাই,আছে সম্ভাৱন।তেওঁ কৈছিল নিজৰ সফলতাৰ কাহিনী প্ৰশ্ন আকাৰে নিজৰ পৰা উত্তৰ শুনা আৰু অনুশীলন আৰম্ভ কৰা।Strong beliefs win strong  man and make them stronger.সভ্যতাই পৃথিৱী সমুদ্ৰপৃষ্টৰ পৰা ষ্টটচফিয়েৰলৈ নিছে।গতানুগতিক প্ৰশ্ন আৰু উত্তৰ যেনে ঘৰ ক'ত?কোন ঠাইত?ৰ পৰা নতুন. প্ৰশ্ন,নতুন উত্তৰলৈ প্ৰস্তুত হোৱা।Argue for your limitations and sure enough they's yours. অজ্ঞানতাই জীৱনত দু:ভাগ্য বঢাব,নিজৰ প্ৰতি অন্যায় বঢাব।পৃথিৱী পখিলাই ধ্বংশ কৰিৱ বুলি অবান্তৰ চিন্তাতে অভিমুন্যৰ দৰে ঘুৰি ফুৰিব লাগিব।গতিকে নিজৰ লিমিটেচন নিজে ভাঙি নতুন নতুন জ্ঞানৰে নিজক সমৃদ্ধ কৰা হে নতুন পুৰষ।জনাথন হোৱা।গতি বঢাই যোৱা।জীৱনৰ কোনো লিমিটেচন নাই।আছে কেৱল সম্ভাৱনা।হ'ব তোমাৰেই জয়।শেষত লেখকৰ এটা সুন্দৰ উক্তিৰে সামৰিছো Happiness is the reward we get for living to the highest right we know.

Writer: Dilip Kr. Baruah

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়