সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

Through the Looking Glass(Lewis Carol) এখন আইনাৰ ভিতৰেদি

   Through the Looking Glass(Lewis Carol) 

Through the Looking Glass

  এখন আইনাৰ ভিতৰেদি

 


বিশ্বৰ ১০০ খন বিখ্যাত শিশু গ্ৰন্থৰ সাৰাংশ:
 ৯)এখন আইনাৰ ভিতৰেদি
Through the Looking Glass(Lewis Carol)

 

১৮৭১ চনত ৰচিত এইখন এখন বিশ্বৰ সকলো শিশুৰে অতিকৈ প্ৰিয় শিশু গ্ৰন্থ


ইয়াৰ মূল চৰিত্ৰ এলিছ নামৰ অকনমানি ছোৱালীজনী আৰু তাইৰ মৰমৰ বন্ধু মেকুৰী পোৱালী  টিনা,টিটি আৰু স্নো-দ্ৰপ। এদিন হঠাতে খেলি থাকোতে তাৰ কোঠাৰ আইনা খনৰ মাজেৰে এখন আজৱ জগতলৈ এলিছ সোমাই গ'ল। তাতে প্ৰথমে তাই এটা ঘৰ পালে। এলিছে আইনাৰ এই আজৱ জগতত অদৃশ্যহৈ গ'ল। তাতে লগ পালে হোৱাইট কুইন আকু ৰজাক। ৰজাই প্ৰকাণ্ড পেঞ্চিলেৰে লিখে সকলো ওলোটাকৈ অৰ্থাৎ মীৰৰ ৰাইটিং। এলিছ এইবাৰ ঘৰৰ পৰা ওলাই বাহিৰলৈ গ'ল। ফুলৰ বাগান এখন পালে।আচৰিত ফুলবোৰে কথা ক'ব পাৰে। ফুলবোৰে নানান ব্যংগ কথাৰে এলিছৰ সৈতে কথা পাতিলে। এইবাৰ এগৰাকী ৰেড কুইন লগ পালে।ইয়াৰ পাছত তাই গৈ গৈ পাহৰি যোৱা অৰণ্য পালে,য'ত সকলো কথাই পাহৰি যায়,এলিছেও নাম পাহৰিলে।ইয়াৰ অকনমানি শহা পোৱালিটোৱেও নাম পাহৰিলে।তাতে অদভূত টুটলে দাম আৰু টুটলে দিক লগ পালে। সেইখন ৰাজ্যত শাস্তি আগতে তাৰ পিছত বিচাৰ তাৰ পিছত অপৰাধ কৰে। তদুপৰি এটা কনীৰ দা পাঁচ টকা দুটাৰ দাম দুটকা।সকলো ওলট পালট ।গৈ  গৈ তাই এইবাৰ  পালে সঁচা সঁচি ডবা খেলৰ ৰাজ্য ।ইয়াত এলিছ ৰানী হ'ব খোজে। তাই হোৱাইট কুইন আৰু ৰেড কুইনৰ মাজত ৰাণী সাজি বহে।এখন ভোজ সভা হয়। এলিছে ভোজ সভা লণ্ডভণ্ড কৰে। হঠাৎ তাই সাৰ পায় বিছনাত নিজকে উদ্ধাৰ কৰে।সপোনৰ মাজতে ইমানবোৰ ঘটনা। 
 

মুঠতে এইখন এখন সুন্দৰ ৰূপক মাল্টিডাইমেনচন  বিশ্বৰ আজৱ শিশু কাহিনী।






  লেখক:দিলীপ কুমাৰ বৰুৱা
সম্পাদনা: দিগন্ত কুমাৰ ভূঞা

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়