
ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়
আমাৰ সময়ত অসম সাহিত্য সভাৰ অধিবেশন বোৰলৈ গৈ অসমৰ মুধাফুটা লেখক লেখিকাৰ পদধুলালৈ হাতৰ চেনেহৰ পৰশ পোৱাটো ডাঙৰ কথা।সেইসময়ত অকনমান মৰমে অঙ্কুৰিত হ'ব ধৰা সাহিত্যৰ গঁজালিটো ঠনধৰাত সহায় কৰে।যিহেতু মই--; কৰ্মশালা,অধিৱেশন ,নবীন লেখক শিবিৰ, সাহিত্য সভাৰ সকলো আনুষ্ঠানত সৰুৰ পৰা ঘুৰিয়ে ফুৰো গতিকে ড:বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱৰ সান্নিধ্য বহুবাৰ পাইছো ।কিন্তু চাৰে নৱকান্ত বৰুৱা,ভৱেন্দ্ৰ নাথ শইকীয়া,নগেন শইকীয়া,লক্ষ্মী নন্দন বৰাৰ দৰে খোলাকৈ কথা নাপাতি গহীনকৈ থাকে।তথাপি দেউতাৰ মুখত ভট্টাচাৰ্য দেৱৰ অসমীয়া ভাষা প্ৰেম,১৯৬০ চনত শ্বহীদ ৰনজিৎ বৰ পূজাৰীৰ হত্যাত সাংবাদিক হিচাবে লোৱা সাহসী ভূমিকাৰ কথা শৈশৱত শুনিছিলো যাৰ ফলত মোৰ মনত চাৰৰ প্ৰতি এক শ্ৰদ্ধাশীল পৰিৱেশ জিপালহৈ আছিল।তাতে তেখেতৰ ঈয়াৰুইঙ্গম (নগা ভাষাত অৰ্থ জনতাৰ শাসন Peoples rule)দেউতাৰ লগতে আমাৰ সকলোৰে প্ৰিয় কিতাপ আছিল।মিৰি জীয়ৰীৰ পিছত হেনো জনজাতীয় সমাজৰ ওপৰত লিখা সেই খনেই এখন সাৰ্থক উপন্যাস বুলি দেউতাই কৈছিল।নগা পাহাৰত চাৰি বছৰ স্কুল শিক্ষক চাকৰি কৰাৰ কালতে নগা সকলৰ জীৱনৰ ওপৰত এই বিখ্যাত উপন্যাস লিখে।পিছত শুনিছিলো তেখেতে মৃত্যুঞ্জয়ৰ তথ্য বিচাৰি আহি আমাৰ মাৰ দেউতাক আমাৰ ককা বিহগুৰিৰ মুক্তিযুদ্ধা নৰেন্দ্ৰ নাথ গোস্বামীকো লগ ধৰিছিল,তেতিয়া চাৰক আৰু ভাললগা হ'ল।
ড:বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰ জন্ম হৈছিল ১৯২৪ চনৰ ১৪ অক্টোবৰ তাৰিখে আৰু মৃত্যু হয় ১৯৯৭ চনৰ ৬ আগষ্ট তাৰিখে।যোৰহাটৰ পৰা মেট্ৰিককুলেচন পাছ কৰি তেওঁ কটন কলেজত বিজ্ঞান শাখাত পঢ়ে আৰু ১৯৪২ চনত পঢ়া এৰি ভাৰত ত্যাগ আন্দোলনত জৰিতহৈ পৰে।ইয়াৰ পিছত ১৯৪৫ চনতহে পুনৰ তেখেতে স্নাতক বিজ্ঞানৰ ডিগ্ৰী লাভ কৰি কলিকতাত পঢ়িবলৈ যায়। পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ১৯৭৭ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে।কিন্তু ১৯৪৬ চনত কলিকতাৰ সাম্প্ৰদায়ীক উত্তেজনাত বন্ধু কবি অমূল্য বৰুৱাক হত্যা কৰা ঘটনাত তেওঁ বেছি মানসিক আঘাট পায় গুৱাহাটীলৈ উভটি আহে আৰু এমাহ দুখ আৰু হতাশাত কটাই শেষত সাংবাদিক তথা সহ-সম্পাদক হিচাবে নতুন অসমীয়াত যোগ দিয়ে।শৈশৱৰ পৰা সাধাৰণ মানুহৰ দুখ,দৰিদ্ৰতা ,নিৰ্যাতন,নীপিড়ন অতি ওচৰৰ পৰা তেওঁ দেখিছিল ( চাহ বাগিচাত জন্ম হৈছিল )আৰু সেইবোৰে তেওঁৰ মনস্তত্বত গভীৰ প্ৰভাৱ পেলাইছিল।আনহাতে ঘৰৰ অৱস্থাও ভাল নাছিল।সেয়েহে গোটেই জীৱনজুৰি তেখেতে সমাজবাদী আদৰ্শৰে এনে লোকৰ পক্ষত কলমেৰে প্ৰতিবাদীহৈ লিখিবলৈ লয়।তেওঁ এবাৰ কৈছিল সকলো বিদ্ৰোহী মানুহৰ লগত মই এগৰাকী চিৰ বিদ্ৰোহী লেখক। প্ৰতিবাদ উপন্যাসত তেখেতে তৈলক্ষেত্ৰৰ শ্ৰমিকৰ আন্দোলনৰ সপক্ষত লিখে ।প্ৰথমবাৰলৈ তেখেতে উত্তৰ পূৰ্বাঞ্চলৰ জনজাতি,সাধাৰণ খাটিখোৱা মানুহৰ সংগ্ৰাম ,শ্ৰমজীৱিলোকৰ সংগ্ৰামক উপন্যাস,নাটক,চুটি গল্পৰ কাহিনীৰ মাজলৈ আনি অসমীয়া সাহিত্য চিন্তা ভাৰত মুখিৰূপ আৰু বিশ্বমুখি ধাৰাৰ সংযোগ স্থাপন কৰে।অসমীয়া সাহিত্যৰ এই নতুন গতিধাৰা সৃষ্টিৰ বাবে তেখেত ভাৰতীয় সাহিত্যত জিলিকি উঠে।লেখক হিচাবে ।তেওঁৰ আন এটা বিশেষ গুণ হল গান্ধীবাদী বিচাৰ আৰু জীৱনবোধ ।

তেখেত আছিল একেধাৰে সাংবাদিক,নাট্যকাৰ(বহু কেইখন ৰেডিঅ' নাট লিখে),ঔপন্যাসিক,চুটিগল্প কাৰ,কবি,নিবন্ধকাৰ।তেখেতৰ ঈয়াৰুইঙ্গম উপন্যাস ৰ বাবে ১৯৬০ চনত সাহিত্য অকাদেমি পুৰস্কাৰ আৰু ১৯৭৯ চনত ভাৰতবৰ্ষৰ স্বাধীনতাৰ পটভূমিত নগাঁৱ কামপুৰ অঞ্চলৰ সংগ্ৰামী ঐতিহ্যৰ ওপৰত লিখা ২৯০ পৃষ্টাৰ অতি জনপ্ৰিয় উপন্যাস "মৃত্যুঞ্জয়"ৰ বাবে ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা লাভ কৰে।১৯৮৩-৮৫ চনলৈ অসম সাহিত্য সভাৰ সভাপতি পদ অলঙ্কিত কৰা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱে প্ৰথম গৰাকী অসমীয়া হিচাবে জ্ঞানপীঠ পুৰস্কাৰ পোৱাৰ উপৰিও প্ৰথম গৰাকী অসমীয়া হিচাবে সাহিত্য অকাদেমি ৰ সভাপতি পদ অলঙ্কিত কৰি ভাৰত সভাত উজ্জ্বলি উঠে।
মৃত্যুঞ্জয় নামৰ উপন্যাস খনিৰ মূল বক্তব্য হ'ল নগাৱৰ কামপুৰৰ ।ভাৰতৰ স্বাধীনতা আন্দোলনত সঁচা সৰু মানুহৰ সাহসী আত্মত্যাগ,গ্ৰাম্য নি:স্ব মহিলাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰতি ত্যাগ ,ইংৰাজ প্ৰশাসন ৰ নিৰ্যাতন ৰ ভয়াৱহ দৃশ্য।ইয়াৰ মূল চৰিত্ৰ হল ধনপুৰ লস্কৰ,মহদা গোঁসাই,গোঁসাই পৰিবাৰ,দিমি,ভিবিৰাম,সুভদ্ৰা,কলীবাইদেউ,ৰূপনাৰায়ন ইত্যাদি৷ ৰেল বগৰোৱাৰ পৰিকল্পনাৰে কাহিনী আগবাঢ়ে।হিংসা আৰু অহিংসা দুয়ো পথেৰে আন্দোলন আগবাঢ়ে।শেষত ধনপুৰ আৰু গোসাঁই ৰ মৃত্যু হয়৷ মিলিটাৰী য়ে গাওঁ জ্বলাই দিয়ে,অবৰ্ণনীয় নিৰ্যাতন ভোগ কৰে ৰাইজে।অনুপমাৰ পুলিচ স্বামী ৰো হানি হয় যদিও সেই সন্তাপো তাই সহ্যকৰে দেশৰ ৰাইজৰ স্বাৰ্থত।চাহপাত,খাৰুৱাতেল,কয়লাৰ ওপৰত অসমীয়া মানুহৰ অধিকাৰ সাব্যস্ত হ'ব,এখন স্বাৱলম্বী দেশ লাভ কৰিব জনতাই,য'ত দেশ,মাটি,সংস্কৃতি সুৰক্ষিত হ'ব।কামপুৰ তথা নগাঁৱৰ স্বাধীনতা সংগ্ৰামৰ জীয়া ইতিহাস এই উপন্যাস ।অসমীয়া খাটি খোৱা মানুহৰ আত্মত্যাগ আৰু সপোনৰ ইতিহাস মৃত্যঞ্জয় ,যি ভৰতৰ সাধৰণ জনতাৰো ইতিহাস।
মাহাত্মা গান্ধী ক হত্যাত দুখতে তেওঁ কবিতা এটা লিখে গান্ধীজী:তিনি জাই গুলী।ই তেওঁৰ এটা উত্তম কবিতা ।বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি তেওঁৰ সুন্দৰ কবিতা।
ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য ই কৈছিল যে ভাৰতীয় সাহিত্যত ভাৰতীয় মাটি ,মানুহ ,সমাজ আৰু সংস্কৃতিৰ প্ৰতিফলন থাকিব লাগিব(Indian Literary Thinking) ।লেখক সকল সদায় Voice of the voiceless people হ'ব লাগিব।পশ্চিমৰ অধ্যয়ন লাগে ,অন্ধ অনুকৰণ নালাগে।মামনি ৰয়ছম গোস্বামীৰ মতে ভট্টাচাৰ্য দেৱৰ পৰা নতুন লেখকে শিকিব লগা দুটা প্ৰধান কথা হ'ল সদায় এজন লেখক সমাজৰ উপেক্ষিত লোকৰ মানৱীয় উত্তৰণৰ পক্ষত স্হিতপ্ৰজ্ঞহৈ থাকিব লাগে আৰু সকলো সমস্যাতো নিৰন্তৰ সাহিত্য সৃষ্টি কৰি যাব লাগে। তেখেতে বহু সমস্যাৰ মাজত নিয়মীয় চৰ্চা অব্যাহত ৰাখে।ভট্টাচাৰ্য্য ৰ মতেও লেখক সকল আঞ্চলিক সমাজিক বাস্তৱতাৰ পক্ষত থকাৰ লগতে সৰ্ম্পূৰ্ণ বাস্তৱতাৰ পক্ষটো থাকিব লাগিব।জীৱন আৰু মানৱীয়তা,শান্তি আৰুএকতাৰ লগতে বঞ্চিত মানুহৰ সামাজিক উত্তোৰণ আছিল লেখকৰ সৃষ্টি আৰু জীৱন আৰ্দশ।অতি দুখৰ কথা এনে এগৰাকী মহান অসমীয়া লেখককে যেন আমি ক্ৰমে পাহৰিবলৈ লৈছো,ই জানো ভাল লক্ষণ হয়?
-----:দিলীপ কুমাৰ বৰুৱা,তেজপুৰ
সম্পাদনা: দিগন্ত কুমাৰ ভূঞা 'সাহিত্য সঁফুৰা"
Comments
Post a Comment
If you have any doubts, please let me know.