গামোচাৰ স্বাভিমান আৰু বৰ্তমান ইয়াৰ সামাজিক স্থান:
অসমীয়াৰ জাতীয় জীৱনৰ স্বাভিমান আৰু সাংস্কৃতিক পথাৰ খনত
গামোচাৰ মান্যতা সৰ্ব্বজন স্বীকৃত । ই অসমীয়াৰ পৰিচয়। অসমত আৰু অসমৰ বাহিৰতো গামোচাৰ
ঘৰুৱা ব্যৱহাৰ দেখিলে আমাৰ আবেগ জাগি উঠে । মৰমৰ দীঘ আৰু চেনেহৰ বাণিৰে , সাধাৰণতে
ৰঙা সুতাৰে বোৱা (কোনোৱে সেউজীয়া সুতাৰ গামোচাও বয়) গামোচা খনে পাৰস্পৰিক মৰম,চেনেহ,শ্ৰদ্ধা,সন্মান
কৰা আদি মানৱীয় গুণ সমূহ প্ৰদৰ্শন কৰে ।
ব্যৱহাৰ:
ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি গামোচাৰ
নাম বেলেগ বেলেগ । গোসাঁইৰ বাবে বিশেষ সৌন্দৰ্য্যৰে বোৱা ফুল তোলা আহল-বহল গামোচা খনৰ
বিশেষত্ব অতি সুকীয়া । আৱশ্যক অনুসৰি ইয়াক সৰু কৈয়ো বোৱা হয় । সেইদৰে বিৱাহৰ উপলক্ষে
জোঁৱাইক আদৰা গামোচা খনো চালে চকুৰোৱা । ইয়াৰ বাহিৰেও দৈনিক ব্যৱহাৰৰ বাবে স্নানান্তে
গা- মোচা গামোচা খনক সৰ্ব্বসাধাৰণ গামোচা নামেৰেই জনা যায় । কোনো ক্ষেত্ৰত ইয়াক পানী
গামোচাও বোলা হয়। সেইদৰে বোলা হয় তামোল-পাণ বন্ধা সৰুকৈ বোৱা গামোচাক হাঁচটি । গামোচা
ফুল দিয়া আৰু ফুল নিদিয়া দুয়োবিধ আছে । এবিধ গামোচা কেৱল আঁচু দি বোৱা হয় । অথালি-পথালি
কৈ আঁচু দি বোৱা গাঁৰিয়লী গামোচাৰ জনপ্ৰিয়তা ফুলাম গামোচাৰ তুলনাত কম।
সন্মান প্ৰদৰ্শন
অসমীয়া সমাজত আনক সন্মান প্ৰদৰ্শনৰ প্ৰথম
আৰু প্ৰধান মাধ্যম গামোচা খন । গামোচাক গাতলৈ, কেতিয়াবা ভক্তি ভাৱে নমস্য দেৱতাৰ সন্মুখৰ
মজিয়াত পাৰি সেঁৱা কৰাৰ ৰীতিও অসমীয়া সমাজত বৰ্ত্তমান ।
ব’হাগ বিহুৰ সময়ত গামোচা
বছৰটোৰ ভিতৰত ব’হাগ বিহুৰ সময়ত গামোচাৰ
আদৰ অত্যাধিক বেছি হয় । এই সময়তে অনা-অসমীয়া ব্যৱসায়ীয়ে অসমৰ বাহিৰৰ মিলত বোৱা অসমীয়া
গামোচাও অসমৰ বজাৰত এৰি দিয়ে। কিন্তু সুখৰ বতৰা এয়ে যে এই গামোচাৰ বোৱন অসমীয়া শালত
বোৱা গামোচাৰ লগত ফেৰ মাৰিব পৰা নহয়, কিন্তু মিলত প্ৰস্তুত কৰা সস্তীয়া গামোচাই এভাগ
গ্ৰাহকক বাৰুকৈয়ে আকৰ্ষণ কৰে। অৱশ্যে অসম চৰকাৰে সময়ে সময়ে বৰ্হিৰাজ্যৰ গামোচা বিক্ৰীৰ
ক্ষেত্ৰত কঠোৰ নিয়ণত্ৰণ জাৰি কৰি অসমীয়া শিপিনিৰ আৰ্থিক ক্ষতি পুৰুৱাৰ চেষ্টা নকৰা নহয় । পুণৰ উভতি আহিছো ব’হাগৰ বতৰলৈ—
সাধাৰণতে মানুহ-বিহুৰ দিনটোত স্নানান্তে
, পুৰণি গামোচাক আঁতৰাই নতুন গামোচা ব্যৱহাৰ কৰা হয় । অৱশ্যে মৰম-চেনেহ-আদৰ-শ্ৰদ্ধা
আদি প্ৰদৰ্শন কৰিবলৈ গোটেই বছৰ জুৰি পৰস্পৰৰ মাজত গামোচাৰ আদান-প্ৰদান হয় । উল্লেখযোগ্য
কথা এয়ে যে আন বস্ত্ৰ ফাটি গ’লে সী লোৱাৰ প্ৰথা থাকিলেও গামোচা ফাটিলে কেতিয়াও সীয়নি
দিয়া নহয়, ইয়েই প্ৰমাণ কৰে অসমীয়া সমাজত গামোচাৰ মাহাত্ম্য আৰু মান্যতা কিমান ।
 |
Hima Das |
গামোচাখনৰ লগত অসমীয়া জাতিৰ গৌৰৱো
জড়িত হৈ আছে । সেয়ে কোনো বিজয় উৎসৱত জয় লাভ কৰিলে প্ৰতি অসমীয়া ডেকা গাভৰুৰ অন্তৰত
আবেগ উথলি উঠে । তেনে মুহূৰ্ত্ত আহিছিল অসমৰ এগৰাকী আন্তৰ্জাতিক খেলুৱৈ ধিং একপ্ৰেচ
হিমা দাসৰ ক্ষেত্ৰত । তেওঁ ২০১৮ চনৰ এচিয়ান গেমচ্ত মহিলাৰ 4 × 400 mtr. ৰিলে ৰেচত
স্বৰ্ণ আৰু মিস্ক 4 × 400 mtr. Relay ৰেচত ৰূপৰ পদক জিনাৰ পিছত (মুঠতে ৫টা সোনৰ মেডেল
লাভ), যি দৰে ভাৰতৰ জাতীয় পতাকা খন দাঙি ধৰিছিল,সেইদৰে দাঙি ধৰিছিল অসমৰ গামোচ খনো
। অৰ্থাত সেই মুহূৰ্তত তেওঁৰ জাতীয় চেতনাৰে উদ্বুদ্ধ হৈছিল।
 |
Tarun Saikia |
সেইদৰে ২০১৩ চনৰ ১৮ মে’ত অসমীয়া ডেকা শ্ৰীতৰুণ
শইকীয়াই (আৰু ইয়াৰ এসপ্তাহৰ ভিতৰত শ্ৰীমনিষ ডেকাও ) পৃথিৱীৰ উচ্ছতম শৃংগ গৌৰী শংকৰত আৰোহণ কৰি পৃথিৱীৰ মুধচটিত অসমীয়াৰ হিয়াৰ আমঠু গামোচাখন
উত্তোলনৰ দ্বাৰা অসমৰ জয়ৰ নিচান উৰুৱাৰ লগতে অসমীয়া হিচাবে নিজকে ধন্য মানিছিল।
এনেদৰে জাতীয় চেতনাৰে মহীয়ান অসমীয়া
জাতিৰ গামোচাক অসমীয়া মানুহেই কোনো কোনো ক্ষেত্ৰত যোগ্য স্থান নিদিয়া যেন লেখিকাৰ অনুভৱ
হয়। লেখিকাৰ মনৰ এই অনুভৱটি এই সুযোগতে পাঠকৰ আগত দাঙি ধৰিব বিচৰা হৈছে।
অসমৰ মুখ্যমন্ত্ৰীকে মুখ্য কৰি বিশেষ বিভাগীয় বিষয়া সকলে তেখেত সকলৰ বিভাগীয়
আসন খনক একোখন ফুলাম গামোচাৰে সজ্জিত কৰি তাত আসন গ্ৰহণ কৰে । যিহেতু গামোচাই পৰস্পৰৰ
মাজত মৰম-চেনেহ-আদৰ-শ্ৰদ্ধা আদি আনৱীয় গুণ সমূহ প্ৰতিফলিত কৰাৰ উপৰিও অসমীয়া সমাজৰ
বিৱাহ-সম্বৰ্ধনা-পূজা-সেৱা-নাম-কীৰ্ত্তন আদি সকলো ধৰ্মীয় আৰু সাংস্কৃতিক দিশক প্ৰতিফলিত
কৰে , সেয়ে লেখিকাৰ অনুভৱত গামোচাৰ ব্যৱহাৰ উক্ত ক্ষেত্ৰ সমূহতহে প্ৰযোজ্য হোৱা উচিত।
অসমীয়া জাতি ক্ষন্তেকীয়া আবেগত চলা জাতি বুলি এটা জাতীয় বদনাম নথকা নহয় । ই সত্য বুলি
বহু ক্ষেত্ৰত প্ৰমাণিতও হৈছে। আমি ফেশ্যনৰ নামতো উটি যাব পাৰো । সেয়ে আমি মহিলাৰ সাজ
হিচাবে গামোচাৰ আৰ্হিৰ ( এনে লাগে যেন এখন গামোচা কটা হৈছে ) ব্লাউজ,এনেকি মেখেলা চাদৰ,
পুৰুষৰ চাৰ্ট,পাঞ্জাবী, কুৰ্টা ,জেকেট আদি চিলোৱা দেখো । যিহেতু এই সাজবোৰ দেখিলে আমাৰ অসমীয়াৰ এটা জাতীয়
প্ৰতীক ফুলাম গামোচা একোখনলৈ মনত পৰে, সেয়ে ফেশ্যনৰ নামত এনে উৎসাহ বৰ্জন কৰিব পৰা
নাযায়নে ?
শেহতীয়াকৈ কৰ’না বীজানুৰ সংক্ৰমণক
বাধা দিয়াৰ উদেশ্যে ফুলাম গামোচা কাটি মাস্ক তৈয়াৰ কৰাৰ প্ৰাচুৰ্য্য দেখা গৈছে । গামোচা যদি নি:সংকোচে কাটিব পাৰি ,তেনে আমাৰ এই
প্ৰতীকৰ প্ৰতি হৃদয়ৰ তাৰণা ক’ত ? সম্ভৱ , গামোচাৰ লগত আমাৰ অতি সুক্ষ্ম অনুভূতি
জড়িত
হৈ থকাৰ বাবেই লেখিকাৰ অন্তৰত এনে প্ৰশ্নৰ উদয় হয় ।
এই প্ৰশ্ন অনুভৱ কৰাৰ এটা সুদূৰ প্ৰসাৰী
দিশো আছে । গামোচা কটাৰ এই সুদূৰ প্ৰসাৰী দিশটোৰ বহু জাতিক কোম্পানিয়ে বহু মূল্যৰ বিনিময়ত
ক্ৰয় কৰি গামোচাৰ ফুলক আপত্তি জনক ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰে । এই আপত্তিজনক ক্ষেত্ৰসমূহ
কি সময়েহে ক’ব । ই হ’ব ব্যৱসায়ৰ গোলকীকৰণৰ ফল
। সেয়ে সময় থাকোতেই গামোচাৰ ব্যৱহাৰ ইয়াৰ উচিত ক্ষেত্ৰ সমূহতে সীমাবদ্ধ ৰখা
উচিত নহবনে ?
---------0000000000000000---------
লেখিকা:
মায়া শৰ্মা, ভৈৰৱ নগৰ,তেজপুৰ,ফোন নং: ৭৮৯৬৫৫৪৪২৮.
Comments
Post a Comment
If you have any doubts, please let me know.