সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ALBERT CAMUS & The Outsider এলবাৰ্ট ক্যেমু আৰু দি আউটচাইদাৰ

ALBERT CAMUS & The Outsider এলবাৰ্ট ক্যেমু আৰু দি আউটচাইদাৰ

নৱেল বঁটা বিজয়ী ফৰাচী লেখক 
এলবাৰ্ট ক্যেমু আৰু দি আউটচাইদাৰ

                                                                                                 :দিলীপ কুমাৰ বৰুৱা

 ১৯৫৭ চনত অতি কম ৪৪ বছৰ বয়সতে মানুহৰ চেতনাক জোকাৰি যোৱা বিৰল সৃষ্টিৰ বাবে সাহিত্যত নৱেল পুৰস্কাৰ পোৱা বিশ্ববিখ্যাত ফৰাচী লেখক গৰাকী আছিল এলবাৰ্ট ক্যেমু।তেওঁৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ খন হ'ল ফৰাচী ভাষাত লেত্ৰঁজে আৰু ইংৰাজীত দি আউটচাইদাৰ বা দি ষ্ট্ৰেঞ্জাৰ। কিতাপখন প্ৰকাশৰ লগে লগে ইয়াৰ নতুন দৰ্শনে ইউৰোপৰ সভ্যতা,সংস্কৃতি চিন্তাত ভূমিকম্প আনে।মই জীৱনত পঢ়া উপন্যাস সমূহৰ ভিতৰতে এইখন এখন অতি ভয়লগা উপন্যাস য'ত মানুহৰ সভ্যতা ,জীৱনৰ অস্তিত্ব ,পৰম্পৰা  আদিক নতুন ধৰণে ভৱাই তোলে।মই আজিও কেতিয়াবা এইখন পঢ়ি জীৱনৰ অস্তিত্বৰ চিন্তাত সন্দেহ প্ৰকাশ কৰোঁ।কিতাপখন অসমীয়াত আমাৰ সময়ত স্নাতকোত্তৰ শ্ৰেণীত পঢা সকলোৱে পাঠ্যক্ৰম হিচাবেও পঢ়িছে।

ALBERT CAMUS


১৯১৩ চনৰ ৭ নবেম্বৰত জন্ম গ্ৰহণ কৰা ক্যেমুৱে ১৯৩৯ চনত মাত্ৰ ২৬ বছৰ বয়সত লেত্ৰঁজ লিখে, যি ফৰাচী সমাজক জোকাৰি যায় আৰু এনে কাহিনী নিলিখিবলৈ পাঠকে প্ৰৱল হেঁচা দিয়াত তেওঁ দ্বিতীয় খন উপন্যাস দি প্লেগ লিখে ১৯৪৭চনত। আউটচাইদাৰত ধ্বংশ হোৱা আশাবাদ প্লেগৰ মৃত্যু আতংকৰ মাজটো লেখকে কিছু ৰক্ষা কৰে।একেধাৰে সাংবাদিক,দাৰ্শনিক আৰু লেখক প্ৰেম,ন্যায় আৰু মানৱতাবাদৰ পূজাৰী ক্যেমুৰ মাত্ৰ ৪৪ বছৰ বয়সতে ১৯৬১ চনৰ ৪ জানুৱাৰীত এক শোকাৱহ মটৰ দুৰ্ঘটনাত মৃত্যু হয়।



কুৰি শতিকাৰ এৱৰ্ছাড দৰ্শন বা উদ্ভত চিন্তাৰ জনক আছিল ক্যেমু।তেওঁৰ মতে পৃথিৱীৰ সকলো কথাই যুক্তিপূৰ্ণ নহয়।জাগতীয় চিন্তাবোৰৰ কোনো অৰ্থ নাই।জন্ম আৰু মৃত্যু ৰ কোনো অৰ্থ নাই।স্বাধীনতা মানুহৰ অতি ব্যক্তিগত অধিকাৰ,বিদ্ৰোহো ব্যক্তিগতই।সুখৰ সন্ধান নিবিচৰাকৈ সুখি হ'বও নোৱাৰি,জীৱনৰ অৰ্থ বিচাৰি ফুৰিলে জীয়াই থাকিব নোৱাৰি।কোনো দৰ্শন নোহোৱাকৈ জীয়াই থকাটো জন্তু সদৃশ জীৱন মাথো।A man without ethics is a wild beast loosed upon this world. তেওঁৰ মতে পৃথিৱীত স্বাৰ্থ নথকাকৈ কোনো কাম নচলে।সমাজ,আইন,পৰমপৰা,প্ৰচলিত ধাৰণা,জীৱনৰ মূল্যবোধ সকলো স্বাৰ্থপৰতাৰ নামান্তৰ মাথোন।যুদ্ধ,বিগ্ৰহ,নিষ্ঠুৰতা ,প্ৰত্যাৰণা পণ্যসমাজৰ অন্ত:সাৰশূণ্যতা মাথোন।
কেলিগুলা ক্যেমুৰ এখন ভাল নাটক।
দি আউটচাইদাৰ বিখ্যাত উপন্যাসৰ মূল চৰিত্ৰ মাৰশোল এজন অদ্ভূদ দৰ্শনৰ যুৱক ,যি মাকৰ মৃত্যুৰ দিনাও দুখত ভাগি নপৰি চিনেমা উপভোগ কৰি মদখাই জিৰণি ল'ব পাৰে।তদুপৰি মাৰশোলাই গৰম লগা বাবেই এজন আৰবৰ লোকক কোনো শত্ৰুতা নথকাকৈ গুলিয়াই হত্যা কৰে।পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰে।বিচাৰ চলে দোষী সাব্যস্ত হয় তেওঁ।কিন্তু পুলিচ,আইন,বিচাৰ,অনুতাপ,ধৰ্ম একোৰ প্ৰতি বিশ্বাস নাই  মাৰশোলৰ কাৰণ তেওঁ আউটচাইদাৰ ।ব্যক্তিগত জীৱনবোধ প্ৰেম,অনুশাসন একো বিশ্বাস নকৰে তেওঁ ,কিন্তু তেওঁ পগলা বা উন্মাদ নহয়।আইনে তেওঁক শাস্তি নিৰ্বাসন দিয়ে হত্যাৰ বাবে  , কিন্তু মানুহজনৰ বিবেকে এনে শাস্তি গ্ৰহণ নকৰে।এইবোৰত বিশ্বাস নাই তেওঁৰ।কি অদ্ভূত চৰিত্ৰ।কি বিদ্ৰোহী মনস্কতা তেওঁৰ।সমগ্ৰ পৃথিৱীৰ বুকুতে আছিল এক নতুন ভয়লগা চৰিত্ৰ।মানুহ হত্যা কৰি অনুসূচনাত  বিৰক্তি পাই পাদূৰিক গতিয়াই দিয়া এক চৰিত্ৰ।সমাজত ডাঙৰ বীৰহৈ প্ৰতিষ্ঠা নিবিচৰা ভাল মানুহ হ'ব নিবিচৰা এক এৱৰ্চাড চৰিত্ৰ মাৰশোল।দ্বিতীয় খন উপন্যাসত বৰ্তমান আমাৰ দৰে অৱস্থাৰ দৰে আলজেৰিয়ান চিটি অ'ৰানত হঠাতে প্লেগ মহামাৰীৰ পৰিৱেশত গোটেই চহৰখনেই চেনিটাইজেচন কৰি কোৱান্টাৰিন কৰা হয়।
মই ভালে আছো আপোনালোকৰ মৰমত আজিৰ দৰে মৰণ কাটৰ পৰিৱেশ।ভৱিষ্যত কি হ'ব কোনেও নাজানে।নিজৰ অধিকাৰ হেৰুৱাই ৰাইজ উত্তেজিতহৈ পৰে।কেইজন মান লোকৰ সাহস,কৰ্তব্য নিষ্ঠাৰ বাবে চহৰ খনৰ পৰা ভয়াবহ মহামাৰী আঁতৰে আৰু লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘুৰি আহে অ'ৰাণ। এই খন উপন্যাস মই এবাৰেই পঢিছো আৰু মহামাৰীৰ ভয়াৱহতাই কি দৰে স্বাভাৱিক চহৰ এখনক মৃত্যু উপত্যকত পৰিণত কৰি মহাযুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি কৰি মানুহৰ মৌলিক অধিকাৰ নোহোৱা কৰে আৰু পিচত স্বাভাৱিক জীৱন মানুহৰ আশাবাদ প্ৰতিষ্ঠিত হয় সেয়া বৰ মৰ্মদ।মুঠতে দুখন উপন্যাস ৰে পৃথিৱীৰ বৌদ্ধিক সমাজৰ মাজত মানৱতাৰ বাণী বিলোৱা ক্যেমু যুগে যুগে জীয়াই 
থাকিব ।
শেষত তেওঁৰ ভাষাতে কওঁ, Men must live and create. Live to the point of tears.


Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়