সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

Charlie Chaplin বিশ্ববিশ্ৰুত নাট্যশিল্পী চাৰ্লি চ্যেপলিন আৰু তেওঁৰ আত্মকথা




Charlie Chaplin

বিশ্ববিশ্ৰুত নাট্যশিল্পী চাৰ্লি চ্যেপলিন আৰু তেওঁৰ আত্মকথা

               দিলীপ কুমাৰ বৰুৱা

বিশ্বনাট্য শিল্পত সদাকালৰ বাবে জিলিকি থকা ইংলণ্ডৰ একেধাৰে অভিনেতা,দক্ষ পৰিচালক ,ধেমেলীয়া হাস্য-ব্যঙ্গ নাট ৰচনা আৰু অভিনয়শিল্পক নতুন মাত্ৰা প্ৰদান কৰা,নাট পৰিচালনা আৰু প্ৰযোজনাত সাহসীকতাৰে ৰাজনৈতিক বিষয় সানিবিষ্ট কৰা প্ৰখ্যাত নাট্যব্যক্তিত্ব চাৰ্লি চ্যেপলিনক ভাল নোপোৱা লোক বিৰল।এফালে তেওঁৰ অভিনয় চাই নহহাঁ লোক যিদৰে নাই একেদৰে তেওঁৰ বিখ্যাত আত্মজীৱনী My Autobiography পঢ়ি চকুলোঁ নোটোকা লোকো বিৰল।এই আত্মকথাত দেউতাকৰ সন্দেহবাদী দীয়িত্বহীনতা,মাকৰ চৰিত্ৰদোষ,মাকৰ ৰোগগ্ৰস্থ আৱস্থাত শৈশৱৰ মনসিক কষ্ট ,তেওঁৰ দুৰ্জয় জীৱন সংগ্ৰাম লুকঢাক নোহোৱাকৈ বৰ্ণনা কৰিছে।একেবাৰে দাল দৰিদ্ৰ আৱস্থাৰ পৰা এগৰাকী ধনবন্ত শিল্পী হৈ পুনৰ হিটলাৰৰ ফেচীবাদৰ লগতে দেশৰ পুঁজিবাদী সমাজ ব্যৱস্থাৰ বিপক্ষে সাহসীকতাৰে ঠিয়হৈ তেওঁ ৰাজনৈতিক বিপ্লৱী শিল্পী  হিচাবে বহু বিপদ বিপত্তিৰ সন্মুখিন হয় আৰু কৰ্মভূমি আমেৰিকা এৰিব লগা হয়।

 ১০ এপ্ৰিল,১৮৮৯ ত  জন্ম গ্ৰহণ কৰা চ্যেপলিনৰ মাকৰ এটি অবৈধ্য সন্তান চিডনী জন মাকৰ লগতে আছিল চ্যেপলিনকো বাপেকৰ সন্তান নহয় বুলি সন্দেহ কৰা হয়।জন্মৰ পিছতে দুবছৰ পিছত বাপেক আঁতৰি যোৱাত অতি কষ্টৰে মাকে দুয়োকো ডাঙৰ কৰে।তেওঁৰ মাক দেউতাক দুয়ো অপেৰা সদৃশ থিয়েটাৰৰ গীত নৃত্যৰ শিল্পী আছিল।৯ বছৰ বয়সত মাকৰ অসুখ হোৱা চ্যেপলিনে মঞ্চত গীত গাব লগা হয় টকাৰ বাবে।পিছলৈ মাক মানসিক ৰোগত ভোগাত দুয়োটা ল'ৰা বিপদত পৰে  ।পঢ়া দুৰৈৰ কথা খাবলৈ আহাৰ নোপোৱা অৱস্থা হয়।প্ৰায় ১৯ বছৰ বয়সৰ পৰা পূৰ্ণকালীন থিয়েটাৰ শিল্পী হিচাবে চ্যেপলিন ফ্ৰেড নামৰ এটি নাট্যদলত চুক্তিবদ্ধ হয়।দা ট্ৰাম্প চৰিত্ৰত তেওঁ অভিনয় চলায় যায়।তাৰপিচত তেওঁ ১৯১৯ চনত আমেৰিকাৰ এটি নাট্যদলক যোগদি নিজৰ অভিনয় প্ৰতিভাৰ দ্বাৰা জিলিকি উঠে।পিছলৈ তেওঁ নিজৰ নাট্যদলক আৰম্ভ কৰি মঞ্চৰ লগতে বোলছবি জগতত প্ৰতিস্থিত হৈ পৰে আৰু বহুবোৰ বোলছবি নিৰ্মান কৰে।এ কিড(১৯২১),এ ৱমেন অৱ পেৰিচ(১৯২৩),দা গল্ড ৰাছ(১৯২৫),দা চাৰ্কাচ(১৯২৮),দা গ্ৰেট ডিক্টেটৰ আদি।দি গ্ৰেট ডিটেক্টৰত তেওঁ ব্যংগ ভাবে হিটলাৰৰ ফেচীবাদ বিৰোধীতা কৰে।এই সময়ত আমেৰিকাত কমিউনিষ্ট সমৰ্থক বুলি তেওঁৰ ওপৰত প্ৰশাসনক হেঁচা পৰে যদিও তেওঁ নিজৰ মতত অটুত থাকে।কিন্ত প্ৰৱল চাপত তেওঁ আমেৰিকা এৰি চুইজাৰল্ণ্ডলৈ যাব লগা হয়।দেশত তেওঁৰ প্ৰভাৱ‌ কমে যদিও বিশ্বত বয়পি পৰে।তেওঁ বহু কেইটা গোচৰৰ সন্মুখিন হ'ব লগা হয়।যুদ্ধ আৰু পুঁজিবাদৰ বিপক্ষেও তেওঁ সঘনে প্ৰতিবাদ কৰে।সমস্যাৰ  কলীয়া ডাৱৰ আঁতৰাত তেওঁ শিল্পত আকৌ জৰিত হয়।উল্লেখযোগ্য যে এডলফ হিটলাৰৰ ফেচীবাদ বিৰোধী বোলছবি দি গ্ৰেট ডিক্টেটৰ বাবে তেওঁ শ্ৰেষ্ট চলচিত্ৰ,শ্ৰেষ্ট মৌলিক চিত্ৰনাট্য,শ্ৰেষ্ট অভিনেতাকে ধৰি ৫টা পুৰস্কাৰ লাভ কৰে,বিশ্ব বন্দিতহৈ পৰে।
তেওঁৰ আত্মজীৱনী দি অট'গ্ৰাফী এখন সাংঘাটিক ধৰণৰ আত্মজীৱনী ।কোৱা হয় এই আত্মজীৱনী ৰ বহু সত্য ঘটনাই তেওঁ ব্যংগ ভাৱে মঞ্চত পৰিৱেশন কৰে আৰু তেওঁৰ কৰুণ জীৱনগাঁঠা চাই দৰ্শক আত্মহাৰা হয়।তেওঁ কৈ ছিল Laughter is the tonic,the relief,the success for pain. জীৱনৰ দুখৰ মূহুৰ্ত্তবোৰতে দৰ্শকে হাঁহি বিচাৰি পায়।তেওঁ কয় মই সদায় বৰষুণত খোজ কাঢ়ি ভাল পাওঁ যাতে কোনো মানুহে মই কান্দি থকাটো নেদেখে।তেওঁ কৈছিল Audiences really want to see live actors on a stage.তেওঁ বাৰে বাৰে কৈছিল এই দুষ্ট পৃথিৱীখনত  কোনো বস্তুৱেই স্থায়ী নহয় আনকি আমাৰ কষ্টবোৰো।মানৱ জীৱনটো ওচৰৰ পৰা চালে দুখৰ আৰু দূৰৈৰ পৰা চালে ধেমেলীয়া যেন লাগে।চ্যেপলিনৰ অভিনয়  ধেমেলীয়া ,জীৱন বৰ দুখৰ।মানুহক তেওঁ হাঁহিবলৈ কৈছিল,হাঁহিবিহীন এটা দিনো মানুহ কটাব নালাগে তেওঁৰ অনুভৱ।

  তেওঁ আছিল নিৰ্বাক চলচিত্ৰ একমাত্ৰ মৌলিক অভিনেতা।সচাক সচাবুলি ক'বলৈ বা তাক ব্যংগতাৰ চাবুকেৰে কোৱাই মানুহ সচেতন কৰিবলৈ তেওঁ নাট্যমাধ্যম অৰণি হিচাবেলৈ আগুৱাই গৈছিল। নিজৰ অভিনয় প্ৰসঙ্গত তেওঁৰ মত হল I had no idea of the character ,but the moment I was dressed the clothes and make up made me feel the person he was.তেওঁ চাৰিবাৰ বিয়া কৰাই আৰু ১১ টা সন্তানৰ পিতৃ আছিল। চতুৰ্থ গৰাকী বিয়াৰ সময়ত তেওঁ বৰ বিপদত পৰে।১৯৭৭ চনৰ ২৫ ডিচেম্বৰত এই মহান শিল্পীজনৰ মহাপ্ৰয়ান ঘটে আৰু তেওঁৰ দীৰ্ঘতম ৭৫ বছৰীয়া নাট্য যাত্ৰাৰ অৱসান ঘটে।জীৱন সৰ্ম্পকে তেওঁৰ গভীৰ অনুভৱ: মানৱ জীৱন ভয় নকৰিলেই সুন্দৰ হয় Life can be Wonderful if you not afraid of it।জীৱন সম্পৰ্কে এক প্ৰশ্নত তেওঁ কৈছিল What do you want a meaning for?Life is a desire,not a meaning. আকৌ কয়. In the end,everything is a gag 
 জীৱনৰ শেষত সকলো মিছা

লেখকঃ দিলীপ কুমাৰ বৰুৱা,তেজপুৰ।

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়