সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

এক অনুভৱ

                  এক অনুভৱ

 

(অসম ৰেপাৰটৰীৰ স্মৃতি গ্ৰন্থ “কুশীলৱ”ৰ বিশেষ অষ্টম সংখ্যা (২০১৬চন)ত প্ৰকাশিত)

                     দিগন্ত কুমাৰ ভূঞা,তেজপুৰ

    কিছুমান এনে কথা থাকে যে,সেই কথাবোৰ হোৱাৰ সময়ত মই যিমান গুৰুত্ব দিব লাগিছিল কিন্তু দিয়া নহ’ল। এতিয়া সেই কথাবোৰ মনৰ মাজত খু-দুৱনি লগাই থাকে……….যদি! হেতেন!......এনেবোৰ শব্দাৰ্থই মনৰ ভিতৰত খেলা কৰি থাকে । মোৰ শুভাকাঙ্খী বন্ধু-দাদা-জ্যেষ্ঠসকলৰ ভিতৰত কেইজন মানে প্ৰায়ে মোক নাট্য ৰচনাৰ দিহ-পৰামৰ্শ, উপদেশ দি থাকে । তাৰ ভিতৰত এজন অপেচাদাৰী নাট্য আন্দোলনৰ সৈনিক শ্ৰদ্ধাৰ প্ৰয়াত দীপক মহন্ত দাদা। এক স্পৰ্শকাতৰ বিষয়ৰ ওপৰত তেখেতে এখন নাটক ৰচনা কৰাৰ প্ৰস্তাৱ দিছিল………, যি বিষয়ৰ ওপৰত  মোক নাট্য ৰচনাৰ বাবে দিহা দিছিল, বিষয়টো বহুত জটিল কিন্তু তেখেতে তথ্যৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু……যদি ……! হেঁতেন………………!!

              
সদা ভয় (ভক্তি) কৰা ঘৰৰ ওচৰতে বাস কৰা দাদাৰ- “উলংগ ৰজা”,”পিন হ’ল কেমেৰা”, “গজপুৰীয়া” আদি নাটকৰ দৰ্শক আছিলো যদিও মোৰ দুৰ্ভাগ্য আছিল দাদাৰ কোনো এখন নাটকতে কাম কৰাৰ সুযোগ পোৱা নাছিলোঁ। “অসম নাট্য সন্মিলন”ৰ তেজপুৰত অনুষ্ঠিত অধিৱেশনত উত্তৰ তেজপুৰ(আমাৰ অঞ্চল)ত অৰ্থ সংগ্ৰহ কাৰ্যৰ দায়িত্ব সমিতিয়ে দীপক দাদা আৰু মোৰ ওপৰত অৰ্পন কৰিছিল আৰু সেই কাৰ্য্যৰ বাবেহে তেখেতক ঘনিষ্ঠকৈ পাইছিলো, যদিও আমি দুয়ো ওচৰ চুবুৰীয়া ককাই-ভাই । মোৰ ছাত্ৰ অৱস্থাত , ৰতন কুমাৰ ঘোষৰ বাংলা নাটক “সকালেৰ জন্যে”ৰ অসমীয়া অভিযোজনা “প্ৰভাতীত প্ৰতিক্ষাত” ৰচনা কৰি দীপক দাদাক নাটকখন চকুফুৰাই দিবলৈ অনুৰোধ কৰি তেখেতৰ ঘৰত দি আহিছিলো আৰু সেইয়াই হয়তো দাদাৰ লগত মোৰ প্ৰথম কথা বতৰা । দাদাৰ লগত বিশেষ ঘনিষ্ঠতা নাছিল, কিন্তু আছিল আন্তৰিক শ্ৰদ্ধা। মই মন কৰিছিলো তেখেতৰ নাটকৰ প্ৰতি  থকা দায়িত্ববোধ,চৰ্চা,অধ্যয়ণ তথা নিৰ্দেশনা আৰু সেইবোৰ দিশ নিৰীক্ষণ কৰি মই আপ্লুত হৈ পৰিছিলো। দীনহীন, চলাই থকা স্কুটাৰখন  বিক্ৰীকৰি নাটক কৰা দীপক মহন্তই অসমত কেইবাজনো বিশিষ্ট নাট্যকৰ্মী অভিনেতা সৃষ্টি কৰি থৈ গৈছে। একঘেমিয়া নাটকৰ অৱসান ঘটাই এক নতুন  চিন্তা-চৰ্চাৰে তেজপুৰত “জংগম”ৰ দ্বাৰা অপেচাদাৰী নাট্য আন্দোলনৰ গতি দিছিল। কিছুদিনৰ বাবে তেজপুৰ ত্ৰিবেণী চাৰিআলিৰ ওচৰত ভাড়া ঘৰত থাকোতে মাজে সময়ে দাদাৰ ভাতৃৰ লগত দাদাৰ ঘৰলৈ গৈছিলো আৰু বৌয়ে দিয়া চাহ খাই আৰু বৌয়ে অঁকা চিত্ৰবোৰ চাইছিলো……………..।

১৪ নবেম্বৰ ১৯৫৮ চনত জন্ম গ্ৰহণ কৰা দীপক মহন্তৰ পৰা অসমে আৰু অনেক সৃষ্টিশীল কৰ্ম পালেহেঁতেন বুলি মই অনুভৱ কৰো!...........এৰা! এক শিল্পীসত্তাৰ অকস্মাতে স্তব্ধহৈ গ’ল। নাট্যকাৰ,পৰিচালক, সাংবাদিক দীপক মহন্ত; ২ ডিচেম্বৰ ২০১৫ তাৰিখে তেখেত কৰ্মৰত টিভি চেনেল ‘আসাম টকচ’ৰ কাম কৰি ওভতনি পথত গাড়ী দুৰ্ঘটনাত আঘাতপ্ৰাপ্তহৈ………….নাই বুলিয়েই নোহোৱাহৈ গ’ল…………..! আধৰুৱা হৈ ৰ’ল অনেক সৃষ্টিকৰ্ম……! ……কিন্তু……! …যদি……!! …হেতেন……………!!! ………………শিল্পী দীপক মহন্তৰ সৃষ্টিকৰ্ম, অৱদানক জীয়াই ৰাখিলে হয়তো দাদা সদায় আমাৰ  মাজত জীয়াই থাকিব………..।



   (অসম ৰেপাৰটৰীৰ স্মৃতি গ্ৰন্থ “কুশীলৱ”ৰ বিশেষ অষ্টম সংখ্যা (২০১৬চন)ত প্ৰকাশিত)

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়