সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু গীতাঞ্জলি

কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু গীতাঞ্জলি

কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু গীতাঞ্জলি

কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু গীতাঞ্জলি

 


                                                       --দিলীপ কুমাৰ বৰুৱা




কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু গীতাঞ্জলিকবিগুৰু ৰবীন্দ্ৰনাথ নাথ ঠাকুৰে তেওঁৰ কাব্য গ্ৰন্থ গীতাঞ্জলি বাবে প্ৰথম গৰাকী ভাৰতীয় হিচাবে সাহিত্যত ১৯১৩ চনত নৱেল বঁটা লাভ কৰে।

 মানুহৰ একতাৰ ওপৰত পৰম বিশ্বাসী আৰু প্ৰকৃতিৰ ওপৰত গভীৰ অনুৰাগী ৰবীন্দ্ৰ নাথ আছিল এগৰাকী বিশ্বৰ  শ্ৰেষ্ঠ কবি আৰু বিশ্বৰ চিন্তাদূত। একেধাৰে তেওঁ আছিল কবি,চুটি গল্প লেখক,নাট্যকাৰ,উপন্যাসিক,গীতিকাৰ, চিত্ৰ শিল্পী ,চিঠি লেখক,অভিনেতা আৰু শান্তি নিকেতনৰ জন্মদাতা।

কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু গীতাঞ্জলি১৮৬১ চনৰ ৭মেত আঢ্যৱন্ত বঙালী পৰিয়ালত জন্ম হোৱা ৰবীন্দ্ৰনাথ ১৯৪১ চনৰ ৭ আগষ্টত  মৃত্যু হয়।তেওঁ বঙলা সাহিত্যলৈ ৫২ খন কাব্য,৬0 খন নাটক,১৩ খন উপন্যাস,৯৫ এটা চুটি গল্প,৩০০০বিৰল চিত্ৰ,২০০০ গীত ,চিঠি আদিৰে যাউতি যুগীয়া  অৱদান আগবঢ়াই।

মাত্ৰ ৮ বছৰ বয়সতে তেওঁ কাব্য ৰচনা কৰে আৰু ১৭ বছৰ বয়সতে ইংলণ্ডলৈ যায়।১৮৮৩ চনত মৃৰ্নালিনী দেৱীৰ সৈতে বিবাহ পাশত আৱদ্ধ ৰবীন্দ্ৰনাথ ১৯০৫ চনৰ বঙ্গভঙ্গ আন্দোলনত জৰিত হয়।ভাৰতৰ স্বাধীনতা সংগ্ৰামত ৰবীন্দ্ৰনাথৰ ভূমিকালৈ পৰস্পৰ বৰোধী মত আছে।তেওঁৰ লেখনিত এটাও ইংৰাজ বিৰোধী শব্দ নাই বুলি আলোচনা আছে।স্বাধীনতা সংগ্ৰামত গোপন পন্থাক তেওঁ সমালোচনা কৰিছিল।ইংৰাজ চৰকাৰে তেওঁক নাইট উপাধী দিয়ে যদিও ,১৯১৯ চনত ইংৰাজ চৰকাৰৰ নৃশংসতাৰ বলীহোৱা জালিয়ানৱালাবাৰ্গ হত্যাকাণ্ডত তেওঁ ইয়াৰ প্ৰতিবাদত নাইট পদ ঘুৰাই দিয়ে।
কবিতাৰ গভীৰ ভাৱ গধুৰতা আৰু মধুৰ লয়ৰ বাবে তেওঁক The myrial minded poet  বা বিশাল অন্তৰৰ কবি বোলা হয়। ভাৱ গভীৰতা,গতিধৰ্মিতা,প্ৰকৃতিপ্ৰেম,সৌন্দৰ্য, চেতনা 
কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু গীতাঞ্জলিতেওঁৰ কবিতাৰ নান্দনিকতা ।
গীতাঞ্জলিত মুঠ ১৫৭ টা গীতি কবিতা আছে আৰু ইয়াৰ মাজেৰে কবিয়ে জীৱন প্ৰসঙ্গত নিজস্ব দৃষ্টিভঙ্গি প্ৰকাশ কৰিছে।তেওঁৰ গদ্যৰ ভাষা কাব্যিক ।কেইখনমান নাটকৰ প্ৰতীক ধাৰ্মিক প্ৰকাশ চিৰশ্বাসত ।




বঙালী ভাষাৰ গীতাঞ্জলিৰ মূল কপি এটা তেজপুৰৰ এগৰাকী প্ৰগতিশীল সমাজ কৰ্মি শ্ৰী অশোক দাসে কেই মাহ মান আগেয়ে মোক উপহাৰ দিয়ে।আমি দুয়ো লগ পালে ৰবীন্দ্ৰ নাথ প্ৰসঙ্গত বহু কথা পাতো।তদুপৰি আমাৰ শৈশৱৰ বিহালী ঘৰখনতলভৰি আছিল বিখ্যাত ইংৰাজী,বঙালী আৰু অসমীয়া কিতাপৰে।দেউতাৰ প্ৰিয় কবি আছিল ৰবীন্দ্ৰনাথ।আমাৰ পেহী আতাইকেজনীয়ে বঙালী উপন্যাস বৰকৈ পঢ়িছিল।কিৰণ পেহীয়ে ফুৰিবলৈ গলেও হাতত কিতাপলৈহে গৈছিল।



কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু গীতাঞ্জলি

ৰবীন্দ্ৰনাথে গীতাঞ্জলি কাব্যৰ ইংৰাজী অনুবাদৰ (নিজে কৰা)বাবে নৱেল বঁটা পোৱা কলৈ সেই সময়ত এচাম বঙালী লেখকে বিৰোধ ভাৱ প্ৰকাশ কৰিছিল।ৰবীন্দ্ৰনাথ এনে এজন মহান কবি যাৰ দুটি গীত দুখন ৰাষ্টৰ ৰাষ্ট্ৰীয় সংগীত হয়।জনগন মন অধিনায়ক জয়হে ভাৰতবৰ্ষৰ আৰু বাংলাদেশৰ আমাৰ সোনাৰ বাঙলাদেশ।শুনা যায় ৰবীন্দ্ৰনাথৰ সৃষ্টিৰ ওপৰত ড.সৰ্বপল্লী ৰাধাকৃষ্ণনে ইংৰাজীত যি লেখা লিখিছিলে সি নৱেল বঁটা লাভত সহায়
 কৰে ।ৰবীন্দ্ৰনাথ ৰ একলা চলৰে গীত ...মাহাত্মাৰ অতি প্ৰিয় গীত আছিল।
কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু গীতাঞ্জলি




কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু গীতাঞ্জলিতেওঁ প্ৰায় ৬০ খন নাটক লিখে।১৮৮৯ তেওঁ প্ৰথম লিখে ৰাজা- ৰাণী।ৰবীন্দ্ৰনাথ ৰ ডাকঘৰ আৰু ৰক্তকৰবী নাটক দুখন বান থিয়েটাৰত চাইছিলোঁ ।মনিপুৰৰ পৰা ৰতন থিয়ামৰ পৰিচালনাত ডাকঘৰ তেজপুৰত হৈছিল।মূল চৰিত্ৰ অমলে মানৱ আত্মাৰ প্ৰতিনিধিত্ব কৰে।ৰজাৰ চিঠিৰ বাবে তেওঁৰ অপেক্ষা যত নিহিত থাকিব স্বাধীনতা।শেষত ৰজাই দুৱাৰ খোলে।জন্ম আৰু মৃত্যুৰ সুন্দৰ নাটকীয় প্ৰতীকি প্ৰকাশ।সেয়েহে তেওঁ লিখে মৰনৰে তুহুঁ মম শ্যাম সমান।আনহাতে  ৰক্তকৰবীত পশ্চিমীয়া সমাজৰ ললসা ৰ প্ৰতীকি প্ৰকাশ।
কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু গীতাঞ্জলি


তেওঁ লিখে হে মোৰ দুভাগ্যদেশ,যাদেৰ কৰেচ অপমান/অপমান হতে হবে তাহাদেৰ সবাৰ সমান।
ৰবীন্দ্ৰ এগৰাকী  প্ৰখ্যাত চিত্ৰকৰো।অৱনিন্দ নাথ ঠাকুৰ,ৰাম কিঙ্কৰ বেজৰ পিছতে ৰবীন্দ্ৰ চিত্ৰ স্থান।
নৃত্য নাটিকাৰ জন্মদাতা আছিল ৰবীন্দ্ৰনাথ।তেওঁ এগৰাকী অভিনেতাও।ৰবীন্দ্ৰনাথ আছিল সাম্ৰাজ্যবাদ বিৰোধী,অস্পৃশ্যতা বৰোধী,ধৰ্মীয় গোড়ামী আৰু ধৰ্মান্ধতা বৰোধী।তেওঁ বঙালী জাতীয়তাবাদী লেখকৰ পৰা ভাৰতীয় জাতীয়তাবাদ লৈ আৰু পিছত বিশ্ব মানৱতাবাদী-আন্তজাতিকতাবাদী-বিশুদ্ধ বিশ্বপ্ৰেমী লৈ ৰূপান্তৰ হয়।তেওঁ কৈছিল পাপ আঁতৰাবলৈ একো নকৰাটোৱেটো পাপ।আকৌ কয় মানুহৰ ওচৰত বিশ্বাস হেৰুৱাতো ডাঙৰ পাপ।তেওঁ কয় মানুহক উপদেশ দিয়া সহজ কিন্তু উপায় দিয়া টান। ৰবীন্দ্ৰনাথৰ মতে মানৱতাৰ শিক্ষাই মানুহৰ শ্ৰেষ্ঠ শিক্ষা,যি নিজৰ অধীন।
কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু গীতাঞ্জলি

তেওঁ কবিতাই জীৱন সম্পৰ্কে কয়-বেচে থাকা সেই যেন একটা ৰোগ/একৰকম কবিৰাজী ,কতই মুষ্ঠিযোগ/একটুমান অসাৱধানেই বিষম মৰ্মভোগ।
ৰবীন্দ্ৰ নাথ আছিল মৃত্যুঞ্জয়ী কবি,তেওঁৰ ভাৱনাৰে.…...যত বড়ো হও,/তুমিতো মৃত্যুৰ চেয়ে বড়ো নও।/আমি মৃত্যু চেয়ে বড়ো এই শেষ কথা ব'লে/যাব আমি চলে।

ৰবীন্দ্ৰনথে নিজৰ সৃষ্টিৰে চিন্তাৰে প্ৰদান কৰি গ'ল তেওঁ মৃত্যুতকৈ ডাঙৰ  যুগে যুগে ডাঙৰ



 লেখক: দিলীপ কুমাৰ বৰুৱা



সম্পাদনা: দিগন্ত কুমাৰ ভূঞা

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়