সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

FYODOR DOSTOEVSKY ফিওদৰ দস্তয়েভস্কি আৰু ক্ৰাইম এণ্ড পানিচমেন্ট


FYODOR DOSTOEVSKY ফিওদৰ দস্তয়েভস্কি আৰু ক্ৰাইম এণ্ড পানিচমেন্ট




আমাৰ সময়ৰ কিতাপ পঢ়ি ভালপোৱা প্ৰায় সকলোবোৰৰে এগৰাকী প্ৰিয়লেখক হ'ল ৰাছীয়ান লেখক ফিওদৰ দস্তয়েভস্কি আৰু তেওঁৰ বিখ্যাত গ্ৰন্থ 'ক্ৰাইম এণ্ড পানিছমেন্ট' বা "অপৰাধ আৰু শাস্তি"।কিতাপখন মোৰ মহা যোৰহাট বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড.নৰেন্দ্ৰ নাথ গোস্বামীয়ে মোৰ বিয়াত উপহাৰ দিছিল।আজিকালি অৱশ্যে বিয়াত কিতাপ দিয়া নচলে।কিতাপখন এখন মানুহৰ মনস্তত্ব বিষয়ক বিখ্যাত উপন্যাস।মই যিমানে কিতাপখন পঢ়ো সিমানে  আধা বুজাতে থাকি যায়।আচলতে মানুহৰ হৃদয়খনেই এখন আদালত যত জজ জন হল বিবেক আৰু মনটো হ'ল উকীল।মনে যিমানে যুক্তি নিদিয়ক বিবেকে যদি কাৰ্যটো অপৰাধ বিবেচনা কৰি শাস্তি প্ৰদান কৰে তেন্তে মানুহৰ জীৱন ধ্বজা জহিখহি পৰিব।সকলো অসাৰহৈ পৰিব।


FYODOR DOSTOEVSKY

লেখক FYODOR DOSTOEVSKY  ৰ জন্ম হয় ১৮২১ চনৰ ১১ নবেম্বৰ মস্কোত আৰু মৃত্যু হয় ১৮৮১ চনৰ ৯ ফেব্ৰুৱাৰী পিটচবাৰ্গত।দস্তয়েভভস্কিয়ে ১১ খন উপন্যাস, তিনিখন উপন্যাসিকা,১৭ এটা চুটি গল্প আৰু বহুতো ৰচনা লিখে।পেছাত মিলিটেৰী অভিযন্টা দস্তভয়েস্কি আছিল এগৰাকী অনুবাদক,উপন্যাসিক,চুটি গল্পকাৰ,প্ৰবন্ধকাৰ আৰু সাংবাদিক।তেওঁ ২৩ বছৰ বয়সতে ৰাচীয়ান ভাষাত লিখে প্ৰথমখন উপন্যাস  পওৰ ফোক বা দৰিদ্ৰ জনসাধাৰণ।যি খন উপন্যসৰ বাবে তেওঁ ৰাচীয়াৰ জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰে ।আনহাতে ৰুছ চৰকাৰ আৰু আমোলাতন্ত্ৰৰ  ৰোসত পৰি চৰকাৰ বিৰোধী লেখনিৰ বাবে চাৰি বছৰ চাইবেৰীয়াৰ জেলত বন্দী জীৱন কটায়।জেলত চাৰি বছৰ নানান লাঞ্চনা ভুগি তেওঁ কঠোৰহৈ পৰে আৰু জেলৰ পৰা ওলাই আকৌ কলম তুলি লয়।প্ৰথম পত্নীৰ বিয়োগত তেওঁ দ্বিতীয় বিবাহ কৰে আৰু তেওঁৰ চাৰিটা সন্তান আছিল।

তেওঁৰ ক্ৰাইম এণ্ড পানিচমেন্টৰ যোগেদি ক'ব বিচাৰে যে মানুহৰ আত্মগৌৰৱে মানুহক সমাজৰ পৰা আঁতৰাই আত্মভিমানী ‌কৰে ফলত বেয়া কাম কৰিবলৈ মনত বেয়া শক্তি পায়।এদিন নিজৰ অপৰাধ,দূৰ্নীতিৰ বাবে নিজৰেই বিবেকৰ সন্মুখিন হ'ব বুলি এনে লোকে নাভাৱে।কিন্তু সুপ্ত মনস্কতাই মনৰ ভিতৰতে ইয়াৰ শাস্তি লাভ কৰিব পাৰে,যাৰ বাবে জীৱন্ত হৈয়ো মানুহৰ জীৱন মৃতপ্ৰায় হৈ পৰে, ইয়াক শয্য কৰা কেতিয়াবা টান হৈ পৰে।
ক্ৰাইম এণ্ড পানিচমেন্টত মুখ্য চৰিত্ ৰাচকোলনিভ যি এজন আইনৰ প্ৰাক্তন ছাত্ৰ ,অতি ধৰুৱাহৈ দৰিদ্ৰ জীৱন কটাই ।আকৌ ধাৰ বিচাৰি প্ৰয়োজনীয় ধাৰ নোপোৱাত নিজৰ আৰ্থিক সন্তলন ৰক্ষা কৰিবলৈ গোপনে এগৰাকী ধাৰ দিয়া মহিলা এলিউনাক হত্যা কৰি ধনসোন লুটি আনে।তেজলগা হাত ধুই হত্যাৰ প্ৰমান নোহোৱা কৰি সাৰি যায়।কিন্তু হত্যাৰ অপৰাধবোধ জাগি উঠাত তেওঁ শাস্তিৰ বাবে উদগ্ৰীব হৈ পৰে। কিন্তু প্ৰমান নোহোৱাকৈ পুলিচে শাস্তি দিবও নোৱাৰে।এনে বহু ঘটনাৰ মাজেৰে কাহিনী আগবাঢি আত্মস্বীকাৰ উক্তি ভিত্তিত পুলিচে হত্যাকাৰীক লঘু শাস্তি দিয়ে।  উপন্যাসৰ পটভূমি নিৰ্বাচন লৈ বহু কথা পোৱা যায়।
শৈশৱত লেখকে নিজৰ অত্যাচাৰী দেউতাকক কোনোলোকে হত্যা কৰা ভাল বুলি ভাৱে,সচাকে বাস্তৱত সেই ঘটনা ঘটে আৰু এদল মানুহে দেউতাকক হত্যা কৰে।ফলত শৈশৱৰ মনস্ততত ৰেখাপাত কৰা ঘটনা পিছত শ্ৰেষ্ট উপন্যাসহৈ কলমেৰে ওলাই আহে।লেখকৰ মতে ভগৱান আৰু চৈতান প্ৰত্যেক মানুহৰ হৃদয়তে থাকে আৰু দুয়ো অহৰহ যুদ্ধ কৰি থাকে। Nothing in this world is harder than speaking the truth ,nothing easier than flattery গতিকে better than to go right in someone else's.অপৰাধ কৰি নিজৰ বুদ্ধিৰে বাচিব পাৰিলেও নিজৰ বিবেকে মনটো খুলি খুলি খাবই। Pain and suffering are always inevitable for large intelligence and deep heart.তেওঁ কৈছ্ল Deeper the grief ,the closer is God.আকৌ কৈছিল The darker the night ,brighter the star.

তেওঁৰ আন আন ৰচনা সমূহ হ'ল হাউচ অব দি ডেড(১৮৫১,),দি ইদিয়ট,গ্ৰেম্বলাৰ,দা ব্ৰাদাচ কাৰামাচভ ইত্যাদি।দি ইদিয়টো তেওঁৰ এখন শ্ৰেষ্ট উপন্যাস ।শেষ অৱস্থাত দস্তয়েভস্কি জুৱা খেলি দৰিদ্ৰ হৈ পৰে।তেওঁৰ বিখ্যাত উক্তি কোনো কাৰণতে নিজক মিছা নকবা  Don't Speak lie yourself.আকৌ কয় All is in a man's hands and he lets it all slip from cowardice, that's an axiom. It would be interesting to know what it is men are most afraid of. Taking a new step, uttering a new word is what they fear most."


লেখক: দিলীপ কুমাৰ বৰুৱা

সম্পাদনা: দিগন্ত কুমাৰ ভূঞা

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়