সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ভাৰতীয় নাটকৰ কিংবদন্তি বাদল সৰকাৰ আৰু থাৰ্ড থিয়েটাৰ


 ভাৰতীয় নাটকৰ কিংবদন্তি  বাদল সৰকাৰ আৰু থাৰ্ড থিয়েটাৰ



 ভাৰতীয় নাটকৰ কিংবদন্তি  বাদল সৰকাৰ আৰু থাৰ্ড থিয়েটাৰ


     ------:দিলীপ কুমাৰ বৰুৱা,তেজপুৰ




Dipak Mahanta
তেজপুৰৰ মোৰ এগৰাকী প্ৰিয় বন্ধু নাট্যকাৰ,নাট পৰিচালক দীপক মহন্তৰ মুখতে শুনিছিলো প্ৰথম বাদল সৰকাৰৰ থাৰ্ড থিয়েটাৰ ৰ কথা।


সত্তৰৰ দশকৰ এটা সময় আছিল মই কথা পাতিবলৈকে বিহালীৰ পৰা তেজপুৰলৈ আহি ঘুৰি যাওঁ।ঘুৰি যাবলৈ হাতত টকাৰ অভাৱ,জোটা ফটা।খুৰা এজনৰ পৰা ২০ টকালৈহে ঘুৰি যাওঁ।তথাপি নতুন চিন্তাৰ বাবে তেজপুৰলৈ বাঁহবাৰী বাছৰে আহোঁ।এবোজা কিতাপ বেগত ভৰাই পঢ়িবলৈ লৈ যাওঁ জিলা পুথিভঁৰালৰ পৰা।কিতাপ পঢ়াৰ কি নিচা আছিল আমাৰ দিনত।



তেওঁৰ নতুন চিন্তাৰে উদ্বুদ্ধহৈ তেজপুৰৰ দীপক মহন্তয়ো বাণ থিয়েটাৰত এক সাহসী নাট্য পৰীক্ষা চলাই তেজপুৰৰ দৰ্শককো নতুন নাট্যধাৰাৰ নতুন চিন্তাৰ দ্বাৰা প্ৰভাৱিত কৰে।তিনিও ফালৰ পৰা দৰ্শকে চাব পৰা দীপক মহন্তৰ বাণৰ নাটক চাবলৈ আমি গাঁৱৰ পৰাও ঢপলিয়াই আহিছিলোঁ ।ক'বলৈ গলে দীপক মহন্তই আৰু কিছুদিন পৰিৱেশৰ সৈতে যুঁজ দিব পৰা হ'লে তেওঁ সৰ্বভাৰতীয় স্বীকৃতি পালে হেতেন।

থাৰ্ড থিয়েটাৰৰ মূল চিন্তাটো বাদল চৰকাৰে দেশীয় সাজেৰে সজাই আনিছিল ১৯৬৯ চনত আৰম্ভ হোৱা প'লেণ্ডৰ গ্ৰটস্কী নামৰ নাট্যশিল্পীয়ে আৰম্ভ কৰা প'ৰ থিয়েটাৰ ( Poor Theater)আৰু ইটালীত আৰম্ভ হোৱা থাৰ্ড চিনেমাৰ বিষয়বস্তুৰ পৰা।ইয়াত প্ৰচলিত প্ৰচেনিয়াম মঞ্চক নাকচ কৰি দৰ্শক আৰু অভিনেতাক  নাটকত আৰু ওচৰ চপাই অনা হৈছে ,য'ত দৰ্শকেও পৰিৱেশত নাটকৰ মাজলৈ সোমাই যাব পাৰে।নাটকৰ কাহিনীও দৰ্শকৰে দৈনন্দিন কাহিনী।নিম্ন মধ্যবৃত্ত মানুহৰ জীৱন সংগ্ৰাম নাটকত প্ৰতিফলন ঘটে,য'ত দৰ্শক  মুকলি মঞ্চত নাট্যবিক্ৰীয়াৰ ফলত নতুন যৌগলৈ ৰূপান্তৰ হয় ।পৰিচালক,অভিনেতা ,দৰ্শক সকলো একাকাৰ হয়।প্ৰত্যেক নাটকৰ মূল আৱেদন হ'ল প্ৰতিষ্ঠানৰ বিপক্ষে এক সাহসী জেহাদ এক সন্মিলিত প্ৰতিবাদ।সচা সৰু মানুহৰ বুকুৰ গুমগুমনি ,বঞ্চনা,শোষণ,মিছা প্ৰত্যাৰণাৰ বিপক্ষে এক নাটকীয় প্ৰতিবাদ।ৰাট্ৰৰ উপেক্ষাৰ বিপক্ষে নাটকৰ যোগেদি হাস্যকৰ প্ৰলাপ।নাটকৰ সংলাপৰ ভাষা,অভিনয়ৰ ভাষাৰ পৰিবৰ্তনৰ চিন্তা কৰিছিল বাদল সৰকাৰে।তেওঁ কৈছিল প্ৰচলিত প্ৰচেনিয়াম মঞ্চত মই নাটকৰ শক্তি বিচাৰি নাপাওঁ,যিটো পাওঁ মোৰ অঙ্গনমঞ্চত(Courtyard Stage),ত।ইয়াত তেওঁৰ মতে Man to man contact হয়।মানুহৰ সৈতে নাট্যকলাৰ সংযোগ বলীষ্ঠ হয়।প্ৰচেনিয়াম মঞ্চৰ সীমাৱদ্ধতা আঁতৰোৱাৰ ওপৰত তেওঁ গুৰুত্ব দিয়ে।

মানুহ জীয়াই থাকিলে সকলো সম্ভৱ এই  মূলভৱলৈ তেওঁৰ বিখ্যাত নাটক পগলা ঘোঁৰা।তদুপৰি পিতৃতান্ত্ৰীক সমাজৰ‌ প্ৰতীকি ৰূপ ইয়াত দেখুৱা হৈছে।শম্ভূ মিত্ৰই বহুৰূপী নাট্যদলৰে এই নাট পৰিৱেশন কৰে।ভাৰতীয় প্ৰায় সকলো ভাষালৈ অনুবাদ হোৱা এই নাটকত মৰিশালীৰ নিৰ্যনতাত চাৰিটা পুৰুষ চৰিত্ৰ।খৰি দিবলৈ সমৱেত চাৰিও।হঠাৎ মৰিশালীৰ পৰা উঠি আহে সেই নাৰী চৰিত্ৰ যাক খৰি দিবলৈ অনা হৈছে।নাৰী চৰিত্ৰই প্ৰেমত বিফলহৈ আত্মহত্যা কৰে।ইয়াৰ পিছত প্ৰত্যেক পুৰুষ চৰিত্ৰই নিজক পূৰ্বৰ বেয়া কাম বোৰ প্ৰকাশ কৰে।নাৰী গৰাকীৰ প্ৰতি সহৰ্মমিতাৰে নাটক যৱনিকা পৰে। পাগলা ঘোঁৰা চিনেমা হৈছে।পচেনিয়াম নাট্যধাৰাৰ দ্বাৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল বাদল সৰকাৰ। বঙালী নাট্যব্যত্তিত্ব শম্ভূ মিত্ৰ আৰু উৎপল দত্তৰ সমানেই জনপ্ৰিয় আছিল বাদল সৰকাৰ।জন্মদত ভাৱে খ্ৰীষ্টিয়ান ,সৰকাৰে পিছলৈ হিন্দুহৈ আই পি টি আই আন্দোলনত জৰিত হয়।






বাদল সৰকাৰে থাৰ্ড থিয়েটাৰত প্ৰথম বাৰলৈ নাট্যকলাত সকলো ধৰণৰ দূৰত্ব নোহোৱা কৰে,মঞ্চ আৰু দৰ্শকৰ মাজৰ পাৰ্থক্য নোহোৱা কৰে,ছাঁ আৰু পোহৰৰ প্ৰতীকি ৰূপ ব্যৱহাৰ কৰে।ইয়াক আন এক বৈশিষ্ট হল থাৰ্ড থিয়েটাৰ যতে তাতে যিকোনো পৰিৱেশতে প্ৰৰ্দশন কৰিব পাৰি ।এনে নাটকত প্ৰথমতে অভিনেতা-অভিনেত্ৰীয়ে দৰ্শকৰ সন্মুখলৈ আহি নিজৰ পৰিচয় দাঙি ধৰে,প্ৰতীকি ৰূপত মঞ্চ সজোৱা হয়,শাৰীৰিক ভঙ্গীমা এটা মূল আকৰ্ষণ হয় আৰু অভিনয়ৰ স্বাধীনতা সকলোকে দিয়া হয়।নাট মঞ্চস্থৰ বাবে আঙ্গনমঞ্চ আৰু মুক্তমঞ্চ ব্যৱহাৰ কৰা হয়।থাৰ্ড থিয়েটাৰৰ ওপৰত বিশ্বজুৰি বহু গৱেষণা হৈছে।আমাৰ নাট্যশিল্পীয়ে সেইদিশত পঢ়াশুনা কৰা মঙ্গল।শেষত ১৯৪৫ চনৰ পৰা২০১১‌চনলৈ থাৰ্ড থিয়েটাৰৰ যোগেদি বিশ্বৰ নাট্যজগতত আলোড়ন তোলা বাদল সৰকাৰলৈ শ্ৰদ্ধাৰে এই লেখা সামৰিলোঁ।

 : Dilip Kr. Baruah



edit: Diganta Kr.Bhuyan

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়