সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

Olga Tokarczuk and The Flight(Biguni)ওলগা টাকাৰজোক

 Olga Tokarczuk and The Flight(Biguni)ওলগা টাকাৰজোক


পলিছ লেখিকা ওলগা টাকাৰজোক আৰু দি  ফ্লাইট

Olga Tokarczuk and The Flight(Biguni)

Olga Tokarczuk

Olga Tokarczuk


----:দিলীপ কুমাৰ বৰুৱা,তেজপুৰ।

পোলেণ্ডৰ পলিছ লেখিকা ওলগা টাকাৰজোকে ২০১৮ চনত সাহিত্যত নৱেল বঁটা লাভ কৰাত বিশ্ব জুৰি তোলপাৰ লাগে।লেখিকা আছিল ক্লিনিকেল চাইক'লজিৰ স্নাতক ডিগ্ৰী ধাৰি।চিকিৎসক  লেখিকাৰ গ্ৰাম্য জীৱনৰ  কথনশৈলি জীৱনবোধৰ লগত জৰিত।তদুপৰি তেওঁ নাৰীবাদী সমাজকৰ্মি।২৯ জানুৱাৰী,১৯৬২ ত জন্ম।লেখিকাই মানুহৰ জটিল মনোৰোগ জনিত সমস্যা সমূহ দেখিছে।মানুহৰ জীৱনৰ কোনো কথাই তুচছ বুলি আৱজ্ঞা কৰিব নালাগে,কাৰণ সৰু সৰু মনোবৈজ্ঞানিক সমস্যা সমাপ্তহীন জীৱন সমস্যা হিচাবে জটিলৰ পৰা জটিল হৈ পৰিব পাৰে,মানসিক ৰোগৰ কাৰণ হ'ব পাৰে তেওঁ ভাৱে।

               Olga Tokarczuk


 ১৯৮৯ চনত তেওঁ ৰ কবিতা কিতাপ এখন প্ৰকাশ পায়।১৯৯৩ প্ৰকাশ পায় প্ৰথমখন উপন্যাস জাৰ্নি অৱ দি বুক পিপল।গ্ৰন্থই লেখিকাক জনপ্ৰিয় কৰিলে ।তেওঁ হৈ পৰিল অঞ্চলটোৰ স্পকচমেন ৰাইজৰ প্ৰাণৰ কলম।
লেখিকাৰ ডাঙৰ বিশ্বাস আছিল সাধাৰণ মানুহৰ চিন্তা ভাৱনা,সংস্কৃতি,কথনশৈলীত।বিশ্বাস মাতৃভাষাত।এই বোৰ কথনশৈলীৰ বুটলি বুটলি লেখিকাই যেন বকুল ফুলৰ মালা হে গাঠিলে।সাধাৰণ মানুহৰ জীৱন গাথা তেওঁলোকৰ চিন্তা ভাৱনাৰে লিখি উলিয়ালে উপন্যাস।এক নতুন পদক্ষেপ হ'ল।
Olga Tokarczuk

            Olga Tokarczuk


জনসাধাৰণে লেখিকাক আদৰি ললে।অনুবাদ হ'ল।নতুন ফৰ্ম বিশ্বতে স্বীকৃত  হ'ল।
তদুপৰি মানুহে সততে আওকান কৰা মানসিক স্বাস্থ্যই কিদৰে মানুহক দীৰ্ঘকালীন পীড়া দিয়ে এই কথা ভাৱি পাঠক হতহম্ব হ'ল।
     লেখিকাৰ এখন ব্যতিক্ৰমী উপন্যাস হ'ল বিগুনি বা দি ফ্লাইট।লেখিকাই নিজস্ব গ্ৰাম্য পেৰীচ কথন শৈলীত সহজ সৰল ভাৱে বৰ্ণনা কৰিছে ভ্ৰমণ বিষয়ক এক বিচিত্ৰ টোকা।এবাৰ লেখিকাই চুটি গল্প ৰ দৰে  কয়,এবাৰ কয় প্ৰবন্ধ দৰে ,এবাৰ কয় উপন্যাস ৰ দৰে।বৰ্ণনা কেতিয়াব ৩০ পৃষ্ঠা হয়,কেতিয়াবা কেইশাৰীমান মাথোন।বিচিত্ৰ ভ্ৰমণকাৰীৰ বিচিত্ৰ চিন্তা ,বিচিত্ৰ ধাৰণা।কাৰো লগত কাৰো মিল নাই।নি:সঙ্গতাত জীৱনৰ কিবা বিচাৰে ভ্ৰমণকাৰীয়ে। কিবা বিচাৰি গৈ কোনোজনে নিজৰ ঠাইলৈ ঘুৰি যাব নিবিচাৰে। অনুস্কাই ঔষধৰ বাবে মস্কোলৈ গৈছিল,তাই ঘৰলৈ ঘুৰি যাব নিবিচাৰে,চিনাকি সমাজৰ পৰা দূৰলৈ পলাব বিচাৰে।আত্মাৰ যেন এক আধ্যাত্মিক ভ্ৰমন।জীৱনত কেৱল বিচাৰি ফুৰা,সমাজৰ পৰা পলাই ফুৰা কি বিচিত্ৰ মানুহৰ ভ্ৰমণ বিলাস।আকৌ এটা চৰিত্ৰ ভাচানিন পৰিবাৰ অকনমান শিশু সহ তিনিদিনৰ বাবে নিৰুদ্দেশ হয়,ভ্ৰমণ কৰে।ঘুৰি আহি জীৱন স্বাভাৱিক হয়।অশান্ত আত্মা শান্ত হয়।তদুপৰি ভ্ৰমনত মানুহৰ ব্যৱহাৰ বেলেগ হয়,বিমান বন্দৰৰ বিভিন্ন মানুহৰ লগত,হোটেলবোৰৰ মালিক,কৰ্মচাৰীৰ লগত বেলেগ বেলেগ ব্যৱহাৰ।কাহিনীত ব্যৱহাৰ কৰিলে লোকভাষা,গ্ৰাম্য কথন ষ্টাইল।

মুঠতে উপন্যাস ৰ ফৰ্মত পৰিৱৰ্তন,লেখন ষ্টাইলত পৰিৱৰ্তন,কাহিনী উপস্থাপন কলাত পৰিৱৰ্তন,এক গৱেষনাপূৰ্ণ প্ৰকাশ।সেয়েহে এনে নতুন সাহিত্য কলাৰ সন্ধানত লেখিকা সকলোৰে চকুত পৰে।

২০০৮ চনত লেখিকাই লাভ কৰিলে পোলেন্ডৰ শ্ৰেষ্ট লেখিকাৰ সন্মান নিকজে পুৰস্কাৰ।ইয়াৰ পিছত পুৰস্কাৰ বৰষা আৰম্ভ হল।২০১৮ ত লেখিকাই তেওঁৰ উপন্যাস পেৰীছ ভাষাত বিগুনি বা  ইংৰাজীত The Flight ৰ বাবে লাভ কৰিলে মেন অৱ বুকাৰ পুৰস্কাৰ আৰু ২০১৯ত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ লেখিকাৰ সন্মান নৱেল বঁটা।

 

পিছে সন্মান পুৰস্কাৰৰ পৰিৱৰ্তে সাধাৰণ জীৱনৰ মাজত থাকি নিৰন্তৰ কাম কৰি যোৱাৰ পক্ষপাতি লেখিকা।আমি জন্মিছো,আমি মৰিম,সেয়ে যিমান পাৰি শ্ৰেষ্ট কাম কৰি যাব লাগে।বিখ্যাত হ'বলৈ,পুৰস্কাৰৰ আশাত কোনেও মানুহৰ সেৱা কৰা আনুচিত।নতুন নতুন চিন্তা দিব পৰা ,পৃথিবীক সমস্যাৰ পৰা উদ্ধাৰ কৰিব পৰা লেখনি পঢ়ি ভালপায় লেখিকাই।লেখিকাৰ মতে তেওঁ এজনী গাঁৱলীয়া সাধাৰণ ছোৱালী,মই ভাবো আমাৰ চৰকাৰে(পলেণ্ডৰ) দেশৰ ইতিহাসৰ অন্ধকাৰ দিশ সমূহ পোহৰাই তুলিবলৈ কাম কৰিব লাগে।

তেওঁ বিবাহ বিচ্ছেদ প্ৰসঙ্গ ত কয়যে এয়া বেয়া কাম নহয়,এটা কাহিনীৰ অন্ত হ'ল,এটা নতুন কাহিনী আৰম্ভ হ'ব।


লেখক হোৱা প্ৰসঙ্গত তেওঁৰ ম'ত হ'ল  লেখকৰ বাবে শব্দ হল ডাঙৰ অস্ত্ৰ যি সমাজত হিংসা আৰু আক্ৰমনাত্মক উত্থানক বাধা দিব পাৰি।কিন্তু লেখকে মানুহৰ মনস্তত্বৰ গভীৰলৈ সোমাব পাৰিব লাগিবই।জীৱনৰ অতি বাস্তৱ ঘটনাইহে শ্ৰেষ্ট কাহিনীৰ জন্ম দিব পাৰে।তেওঁ কৈছিল পেৰিচলৈ  যাবলৈ সকলোৰে মন যায়,কিন্তু হুৰমুৰকৈ ভাল সৃষ্টি নহয়।তেওঁ কোৱা ডাঙৰ শিক্ষা হল মানুহে শৈশৱ বা কৈশোৰ কালত ঘটা কোনো মানসিক আঘাট ৰ ঘটনা তুচ্চ জ্ঞান কৰিব নালাগে,নহলে এনে ঘটনাই মানুহৰ গোটেই জীৱনলৈ সমস্য বহন কৰিব পাৰে।


Writer--: Dilip Kr. Baruah


editor: Diganta Kr. Bhuyan

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়