সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

Nobel Laureate Samuel Beckett and Waiting for Godot


নবেল বঁটা বিজয়ী নাট্যকাৰ ছেমুৱেল ব্ৰেকেট আৰু ৱেটিং ফৰ গোদ

Nobel Laureate Samuel Beckett


Nobel Laureate Samuel Beckett and Waiting for Godot


:---:দিলীপ কুমাৰ বৰুৱা ,তেজপুৰ



         Waiting for Godot

১৯৫৩ চনত ওৱেটিং ফৰ গোদো নামৰ এখন এবচাৰ্ড নাটক লিখি আইৰিছ নাট্যকাৰ ছেমুৱেল বেকেট বিশ্ব সাহিত্যত জিলিকি উঠিল আৰু তেওঁলৈ আগবঢ়োৱা হল বিখ্যাত  সাহিত্যৰ নবেল পুৰস্কাৰ ১৯৬৯চনত। 




নাট্যকাৰ বেকেট আছিল আজন্ম ভগনীয়া ।অষ্ট্ৰীয়া,জাৰ্মানী,ইংলেণ্ড ,পেৰিছ আদি দেশে দেশে তেওঁ ঘুৰি ফুৰিছিল ।জাৰ্মান সকলৰ ভয়ত জীৱন বচাই ফুৰিছিল তেওঁ।লোকৰ ঘৰত হাজিৰা কৰি ভাত মোকলাইছিল তেওঁ।মাজে মাজে লিখে চুটি গল্প,কবিতা আৰু উপন্যাস ।ইংৰাজী আৰু ফৰাচী দুয়োটা ভাষাতে লেখাৰ দক্ষতা তেওঁৰ। লিখাৰ অদম্য হেপাহ তেওঁৰ।
 ১৯০৬ চনৰ ১৩ এপ্ৰিলত জন্ম গ্ৰহণ কৰা চেমুৱেলৰ ১৯৮৯ চনৰ. ১৭ জুলাইত মৃত্যু হয়।


তেওঁ কুৰি শতিকাৰ এগৰাকী সৰ্বশ্ৰেষ্ট নাট্যকাৰ যি এৱচাৰ্ড নাটকৰ সফল প্ৰতিস্থাপক।ৱেটিং ফৰ গোদ এখন মানৱ জীৱন আৰু সময় প্ৰসঙ্গত বিশ্বজনিন চিৰন্তন ভাৱনাৰ নাটক।মানৱ জীৱনৰ কেতিয়াবা অৰ্থ থাকে,কেতিয়াবা নাথাকে।

 Waiting for Godot


আমি সকলোৱে আশাৰে ৰৈ থাকো কিবা এটাৰ বাবে।কিহৰ বাবে আমাৰ অপেক্ষা তাকো আমি কেতিয়াবা পাহৰি যাওঁ।আমাৰ অপেক্ষা মানুহ অনুযায়ী বেলেগ বেলেগ।তথাপি আমি ৰৈয়ে থাকো।বেয়া পাওঁ বুলি কোৱাজনৰ বাবে চিন্তা কৰি লগৰ জনক এৰি দিব নোহাৰো।আত্মহত্যা কৰিম বুলি ভাবিও কৰিব নোৱাৰো।এইবোৰ সকলোৰে জীৱনতে সদায় ঘটে।এজনৰ আনজনৰ প্ৰয়োজন হয়।দৰকাৰ নোহোৱা বান্ধোনবোৰো ৰক্ষা কৰো।কিবা এটা আশাত এই ৰৈ থকাটোও কেতিয়াবা প্ৰহসনত পৰিণত হয়,হাস্য ব্যংগত পৰিণত হয়।

Waiting for Godot

Waiting for Godot

সময়ৰ লগত জীৱনৰ কি নিৰন্তৰ অপেক্ষা।
নাটকে দৰ্শকক চিন্তাক জোকাৰি যায়।
জীৱনটোৱে যেন এবচাৰ্ড।
এবচাৰ্ড থিয়েটাৰ এক নতুন ধৰণৰ নাট্য কলা। 
 ইয়াত জীৱনৰ অৰ্থহীনতা প্ৰৰ্দশন কৰা হয়।
চুটি সংলাপ।কাহিনী কেতিয়াবা নাথাকে,চৰিত্ৰ কম থাকে।হাস্যৰসৰ ব্যৱহাৰ হয়।সংলাপ কেতিয়াবা অবোধ্য হয়।আয়োনেস্কোৱে চৰিত্ৰৰ কথা বাৰ্তাত আলস্য,চিন্তাহীনতা,অসংলগ্নতা,যুক্তিহীনতা,ৰিক্ততা এবচাৰ্ড নাটকৰ এক বৈশিষ্ট বুলিছে।

আমাৰ সময়ত বহু একাংঙ্কিকাত এই ধৰণৰ নাট সৃষ্টি হৈছিল যদিও পিচলৈ দৰ্শকে এনে নাটক চাব নিবিচাৰা হ'ল।


Waiting for Godot

ৱেটিং ফৰ গোদ এখন মঞ্চ সফল এবচাৰ্ড বা উদ্ভত নাটক।মূল চৰিত্ৰ ভ্লডামিৰ আৰু এষ্টাগন।দুয়োটাৰ নাম আকৌ দিদি আৰু গগ'।আন দুটা চৰিত্ৰ লাকী আৰু প'জ।মঞ্চত এজোপা পাতহীন গছ।তাৰ তলত ভ্লা়ডামিৰ আৰু এষ্টাগন।দুয়ো ৰৈ আছে গোদ নামৰ এজন মনুহ লৈ।দুুয়ো মঞ্চত অসংলগ্ন কথা পাতে,কাজিয়া কৰে,আত্মহত্যাৰ কথা ভাবে,ঠাই খিনি এৰিথৈ যোৱাৰ কথা ভাৱে কিন্তু এৰি নাযায়।গোদলৈ ৰৈ থাকে এষ্টাগনে সঘনে কথা পাহৰে ,সি বুদ্ধিহীন আনহাতে ভ্লাডামিৰ চালাক, সি এষ্টাগনৰ পাহৰা কথা মনত পেলাই দিয়ে।দুয়ো বাবে দুয়োৰ প্ৰয়োজন।তেনেতে পাশ্বচৰিত্ৰ লাকী আৰু প'জ আহে।প'জ লাকীৰ মালিক।নানান কথাৰ্বাত্তা।শেষত এটা ল'ৰা আহি খবৰ দিয়ে গোদ পিছদিনাহে আহিব ।

Waiting for Godot

দ্বিতীয় অংকত ভ্লডামীৰে নাচে,এষ্টাগন সোমায় আহে।গছত ৪/৫টা পাত লাগে।একেই কথা ।সময় ৰৈ থাকে।ধৰ্মলৈও কথা হয়।এষ্টাগনে এক প্ৰাকৃতিক শব্দ শুনে এইবাৰ লাকী অন্ধ আৰু প'জ বোবা হয়।এষ্টাগনৰ দৰে প'জও সকলো পাহৰে।শেষত ল'ৰাটো আহে সেইদিনাও গোদ নাহে বুলি জনায়।তথাপি সকলো সমস্যা নেওচি দুয়ো গোদ আহিব বুলি ৰৈ থাকে।এনেদৰে এক অনিশ্চয় হৈয়ো দুয়ো ৰৈ থাকে।প্ৰৱল আশা গোদ এদিন আহিব।আহিলে কি কৰিব,কি কথা পাতিব তাকো সিহঁতে নাজানে।অসমাপ্ত কথাৰে নাটক যৱনিকা পৰে।এই কাহিনীক লৈ বহু নতুন কাহিনী লিখা হৈছে।পথমতে নাটক খন ফৰাচী ভাষাত ১৯৪৮ চনত মঞ্চস্থ হয়।পিচত লেখকে নিজেই অনুবাদ কৰে ইংৰাজীত,মঞ্চস্থ হয় লণ্ডনত।বিশ্ব জুৰি নাটকৰ কাহিনীয়ে তোলপাৰ লগায়।
লেখকৰ মতে সদায় মানুহে আনন্দ কৰিব লাগে,চিন্তা-ভাৱনা পিচত কৰিলেও হয়।Dance first,thinks later.পৃথিৱীৰ চকুলো সদায় স্থিৰ,কোনোৱে জীৱন চকুলোৰে আৰম্ভ কৰে,কোনোবাজনে বন্ধ কৰে।হাঁহিৰ ক্ষেত্ৰটো একেই। লেখকৰ মতে লিখিব পৰা সকলে লিখি যাব লাগে,নীৰৱতাত এটা ডাগ লগাব লাগে।তেওঁৰ এটা বিখ্যাত উক্তি হ'ল  Every tried,every failed,No matter try again,fail again,fail better.



Dilip Kr. Baruah

 

 




editor--Diganta Kr.Bhuyan

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়