সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

The Adventures of TO SAWYER টম চায়াৰৰ দু:সাহসীক অভিযান

The Adventures of TO SAWYER টম চায়াৰৰ দু:সাহসীক অভিযান


The Adventures of TO SAWYER (no-2)


টম চায়াৰৰ দু:সাহসীক অভিযান (২)



বিশ্বৰ ১০০ খন বিখ্যাত শিশু গ্ৰন্থৰ সাৰাংশ:

টম চায়াৰৰ দু:সাহসীক অভিযান(২)

এইখন এখন মাৰ্ক টোৱাইনৰ বিখ্যাত শিশু উপন্যাস য'ত আমেৰিকাৰ শিশুৰ শৈশৱৰ আনন্দ,দুষ্টামি,ৰোমান্সকৰ কাম কৰাৰ যি প্ৰচণ্ড আবেগ আৰু শৈশৱতে শিশুৰ ডাঙৰ মানুহৰ আচৰণ কৰাৰ কৌশল আদিক লৈ সুন্দৰ ৰচনা।

কল্পনা আৰু দুষ্টামি অহৰহ ব্যস্ত থকা এটি অনাথ শিশু নাম টম যি পেহীয়েক পলীৰ লগত লালিত হয় ।সি ভাল নাপায় স্কুললৈ যোৱা,ভাল পায় টলৌভটৌ ঘুৰি শৈশৱৰ নানান সপোনত ওপঙি থকা, ৰোমান্সকৰ ঘটনাত বন্ধু হাকৰ সৈতে সাহসেৰে জৰিত হোৱা।পেহীয়েকে তাক বিদ্যালয়ত কাজিয়া কৰাৰ শাস্তি হিচাবে ঘৰৰ চাৰিও কাষৰ দীঘল পকীবেৰখন ৰং কৰাই কষ্টদি এসিকনি দিব বিচাৰে,তাকো সি লগৰবোৰৰ পুতলা কাঢ়ি সিহঁতৰ দ্বাৰা কৰাই পেহীক আচৰ্য কৰে।

এনিশা কবৰলৈ বন্ধু হাকৰ সৈতে গৈ দুয়ো এক হত্যাকান্ড দেখি ভয়তে এটা দ্বীপলৈ পলাই যায়।ইপিনে দুয়ো মৰিল বুলি গীৰ্জাত সকাম পতাৰ দিনাই দুয়ো ওলায় পৰিয়ালৰ মৰম বোটলে।এনে সময়তে বিদ্যালয়ৰ ছাত্ৰী বেকীক জোৰকৈ ভাল পাবলৈ গৈ মাষ্টৰৰ কোব খায়।

এইবাৰ সিহঁতো সমাধিত দেখা হত্যাকান্ডৰ বিচাৰত উপস্থিতহৈ প্ৰকৃত দোষীক ধৰাত সহায় কৰে যদিও দোষী পলায় যায়।ফলত জীৱনৰ ভয়ত টম আৰু হাকগৈ গুহাত লুকাই থাকে।তাতে হত্যা কাৰী জনক দেখি আকৌ বিপদত পৰে।অৱশেষত গুহাৰ দুৱাৰত তলা লগায় পলায় অহে।হত্যাকাৰী তাতে মৰে।এনেদৰে যৱনিকা পৰে এই শৈশৱৰ কল্পনাৰে ভৰা সুন্দৰ কাহিনী ভাগ। 

(মূল কিতাপ খন পঢিবা)

দিলীপ কুমাৰ বৰুৱা,তেজপুৰ ফোন 9435187665

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়