সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

CLASSIC STARTS (The Adventures of Huckleberry Finn)

CLASSIC STARTS (The Adventures of Huckleberry Finn)

 বিশ্বৰ ১০০ খন বিখ্যাত শিশু গ্ৰন্থৰ সাৰাংশ:-----

 CLASSIC STARTS (The Adventures of Huckleberry Finn) no-1

 (১)হাকেলবাৰী ফিনৰ দু:সাহসীক অভিযান


মাৰ্ক টোৱাইনৰ এখন বিখ্যাত শিশু গ্ৰন্থ হল 'হাকেলবাৰী ফিনৰ দু:সাহসীক অভিযান' , যিখন প্ৰথম ইংলেণ্ডত প্ৰকাশ হয়,১৮৮৪ চনত আৰু আমেৰিকাত,১৮৮৫ চনত ।কাহিনী আগবাঢ়ে প্ৰথম পুৰুষত, হাক নামৰ এটা  শিশুৱে  তাৰ কথা প্ৰথম পুৰুষত কৈ যায়, যি মদাহী অত্যাচাৰী দেউতাকক চকুপাৰি দেখিব নোৱাৰে আৰু দুজনী তোলনীয়া বায়েকৰ দ্বাৰা লালিত হয়। মনৰ দুখতে হাকেলবাৰী অৰন্যলৈ গৈ বন্ধু টমক লগ পায় আৰু চোৰৰ গেং খোলাৰ পৰিকল্পনা কৰি ঘৰলৈ ঘুৰি আহে। নিশা এটা শব্দ শুনি বাজলৈ ওলায় সি গেটত  টমক লগ পায় আৰু সিহঁতৰ চাকৰজনে দেখে। চাকৰ জন শোৱাৰ পিছত দুয়ো হাতত সাৰে ভৰিত সাৰে পলায় নদী পাৰহৈ এটা গুহা পায় আৰু লগৰ লগত চোৰৰ গেং খোলাৰ শপতলৈ ঘৰলৈ ঘুৰি আহে। হাকৰ দেউতাকে হাকক বিচাৰি আহি থকাত তোলনীয়া বায়েক অতিষ্ঠ হয়,তেনে সময়তে হাকক দেউতাকে কিডনেপ কৰি অৰণ্যৰ ঘৰ এটাত বন্দী কৰি অত্যাচাৰ কৰে।এদিন বাপেকৰ চকুত ধুলি মাৰি হাক পলাই গৈ বাটতে বনৰীয়া গাহৰি এটা হত্যা কৰে।ফলত গাহৰিৰ তেজ দেখি হাক মৰা বুলি ভবা হয়।

Mark Twine

            বাটত হাকে দুটি ঠগ সমনীয়াক লগ পায় ডিউক আৰু জিম।দুয়ো পুলিচৰ হাতত পৰি জেললৈ যায়।তেনে সময়তে গম পায় যে টমৰ খুৰাৱকে জিম নামৰ এজন দাস শিশু কিনিছে ।‌জিমক উদ্ধাৰৰ পৰিকল্পনা কৰি টমৰ খুৰাৱেকৰ গাঁৱলৈ যায় হাক।সেই সময়তে বান আহে।নদীৰ নাৱত বাপেকৰ মৃতদেহ কোনোৱে মাৰি উটাই দিয়া দেখা পায়।জিমক উদ্ধাৰৰ বাবে গাৱ পায় হাকে নিজকে টম বুলি চিনাকি দিয়ে।টমো আহি ওলায় আৰু জিমক সিহঁতে পলুৱাই নিওঁতে গাঁৱৰ মানুহে দেখি গুলি কৰাত টমৰ ভৰিত গুলি লাগে। টমক  ডাক্টৰ তালৈ নিয়ে।ডাক্টৰেও সিহঁত বদমাচ বুলি ভাৱে ।তেওঁক  বুজাই সিহঁতে দাস শিশু জিমক উদ্ধাৰ কৰি নিয়ে।
      অতি হাস্য ব্যংগ এই কাহিনীয়ে মাৰ্ক টোৱেইনক অতি জনপ্ৰিয় বিশ্ববন্দিত লেখকলৈ পৰিণত কৰে।
                                                                        (শিশু বা পাঠকে মূল কিতাপখন পঢ়িব)।



লেখক: দিলীপ কুমাৰ বৰুৱা
লেখক:দিলীপ কুমাৰ বৰুৱা,
তেজপুৰ,
ফোন 9435187665

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়