সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

Swachh Bharat Abhiyan in Assamese play  

স্বচ্ছ ভাৰত অভিযানৰ বাটৰ না

swachh bharat swasth bharat poem in hindi Archives | उड़ती बात


Essay on swachh bharat swasth bharat in english

 

 

  

 Swachh Bharat Abhiyan in Assamese play 
Swachh Bharat Abhiyan in Assamese play 

য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

  Date: 28ndmarch,2019 
SCRIPT BY: DIGANTA KUMAR BHUYAN

য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা।

 Swachh Bharat Abhiyan in Assamese play

 Swachh Bharat Abhiyan in Assamese play

Sequence-1

ঘোষিকা: শুনক শুনক শুনক……..,ৰাইজ আমাৰ কথা শুনক…..,আপোনালোক তাত কিয় থিয় হৈ আছে..,আহক আহক ইয়ালৈ আহক ,আমাৰ ওচৰলৈ আহক…..আহক ৰাইজ আমাৰ কথা মনদি শুনক…,পিছত আমাক নাই কোৱা বুলি নক’ব….. আজি আমি আপোনালোকক যি কথা কম সেই কথা যে অমৃত সমান….,আহক আহক আহক….শুনক শুনক শুনক……মনদি শুনক আমাৰ কথা…..
Swachh Bharat Mission : Raipur | Gramin | Chhattisgarh | SBMGCG ...“পৰিস্কাৰ-পৰিছন্নতা হ’ল আমাৰ লক্ষ্য আমাৰ মান,
সেই লক্ষ্য আগত ৰাখিলে বাঢ়ে আমাৰ দেশৰ সন্মান,
শুৱনি আমাৰ বাতাৱৰণ, আনন্দৰে ভৰপূৰ আমাৰ জীৱন”
(ঘোষিকা ছোৱালীজনী আঁতৰি যাব)
Puppets (two) (নাচি নাচি গীত গাব)
 পৰিস্কাৰ পৰিছন্ন সুস্থ তন, তেহে থাকিব আনন্দ মন!
 চাফ-চিকুন থাকিব য’ত, মান সন্মান বাঢ়িব ত’ত।
 য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা।
 পৰিস্কাৰ ৰাখিবা বাতাৱৰণ, ঘৰ ৰাখিবা চাফ-চিকুন,
 য’ত থাকে চাফ-চিকুন,তাত থাকে হৰি ভগৱান।
 হাত ধুই খাবা আহাৰ, তেহে বেমাৰ হ’ব দুৰ।
 যাৱৰ-জোঠৰ নেপেলাবা পথত, সজতনে ৰাখিবা নিৰ্দিষ্ট স্থানত।
 হাত ধুবা চাবোনৰে, দাঁত ধুবা দাতোনৰে।
 মুকলিত শৌচ নকৰিবা প্ৰতিবাৰ, অনাময় শৌচাগাৰ কৰিবা ব্যৱহাৰ।
জীৱন কৰিবা স্বচ্ছতাৰে যাপন, তেহে হ’ব স্বাস্থ্য ৰক্ষা তোমাৰ।

(নাচি নাচি Puppets আঁতৰি যাব)

ঘোষিকা:
ৰাইজ, আমি স্বচ্ছ আৰু আৱৰ্জনামুক্ত দেশ গঢ়ো আহক……,কিন্তু কেনেকৈ ?....আমাৰ আশে-পাশে থকা বৰ্দ্বিত আৱৰ্জনা….,আমাৰ চৌদিশৰ পৰিৱেশৰ প্ৰতি থকা আমাৰ উদাসীনতা….আমি য’তে ত’তে জাৱৰ-জোথৰ পেলোৱা আমাৰ এই কু-অভ্যাসবোৰ আমি ত্যাগ কৰি…….! আমি এখন সুন্দৰ মনোৰম দেশ গঢ়ো আহক….। ৰাইজ, আপোনালোকে মন কৰিছেনে…., ৰাস্তাৰ দাঁতি, নলা-নৰ্দমা বা মুকলি স্থানত দ’ম-দ’ম হৈ পৰি থকা লেতেৰা দূৰ্গন্ধময় আৱৰ্জনাবোৰে আমাৰ পৰিৱেশ কিমান দূষিত কৰিছে…..!তাৰোপৰি অসুৰক্ষিত লেণ্ডফিল ক্ষেত্ৰত পেলোৱা বা এই আৱৰ্জনাবোৰ মুকলি ঠাইত জ্বলাই দিয়াৰ ফলত হোৱা সমস্যাবোৰ দিনক-দিনে বাঢ়ি গৈছে…..। ৰাইজ, (হাঁহি) আপোনালোকৰ উপাৰ্জন বৃদ্ধি হোৱাৰ লগে লগে ঘৰে ঘৰে আৱৰ্জনাও বাঢ়ি গৈ আছে…….আৰু আমাৰ স্বচ্ছতাৰ জ্ঞানৰ অভাবৰ বাবেই হওঁক বা আমাৰ অমনোযোগীতাৰ বাবেই হওঁক ক্ৰমাৎ আমাৰ পৰিৱেশ দূষিত হৈ আহিছে…….আমাৰ ঘৰুৱা ভাবে উৎপন্ন বিপদজনক পদাৰ্থ আৰু আন ধাতব পদাৰ্থৰ পৰিমান ক্ৰমাৎ বাঢ়ি গৈ আছে আৰু এইবোৰ আমাৰ পৰিৱেশৰ বাবে অত্যন্ত বিপদজনক।  
 (ঘোষিকা ছোৱালীজনী আঁতৰি যাব)


 Swachh Bharat Abhiyan in Assamese play

 Puppets (two) আহে…..
১নং puppet:  ভাৰতত প্ৰতি বছৰে প্ৰায় ৬২ নিযূত টন আৱৰ্জনা উৎপন্ন হয় আৰু এই পৰিমান ২০৩০ চনত ১৬৫ নিযূত টন আৰু ২০৫০ চনত ৪৩৬ নিযূত টন হ’ব বুলি ধাৰণা কৰা হৈছে…।

2নং puppet:  প্ৰতিদিনে  এজন চহৰৰ মানুহে গড়ে ২০০-৬০০ গ্ৰাম গোটা আৱৰ্জনা উৎপন্ন কৰে। এই পৰিমান ২০২৫ চনত ৭০০গ্ৰাম হ’বগৈ।আৰু আমাৰ দেশৰ চহৰবোৰৰ আৱৰ্জনাৰ বছেৰেকীয়া বৃদ্ধিৰ হাৰ ১.৩০% । 


 Swachh Bharat Abhiyan in Assamese play


 Sequence-2
যদু:…হেৰৌ মৰতী ক’ত মৰিবলৈ গ’লি অ’…..…..অই মৰতী তই শুনিছ’ নে নাই……এই জহনীত যোৱা জনী ক’ত মৰিবলৈ গ’ল হয়নে……
মমী: ইমানকৈ টেটুফাঁলি চিঞৰি মৰিছে কিয়……? মই ক’তো মৰিবলৈ যোৱা নাই….ৰাতিপুৱাই ৰাতিপুৱাই ইমান কৈ কিয় টেটুফাঁলি আছিল যে, এতিয়া নকয়নো কিয় ? ওচৰ-চুবুৰীয়া মানুহৰ আগত এই মানুহটোৱে মোৰ সকলো মান-সন্মান শেষ কৰি নাক উলিয়াব নোৱাৰা অৱস্থা কৰিলে…….কওঁক কিয় মাতিছিল এতিয়া নকয় কিয়?
যদু: হেৰি…..মই গাঁতো টিউৱাৰ আগতেই আবৱৰ্জা ভৰ্তি টোপোলাটো লৈ আন গৈ যা….মই বাহিৰ পেলাই থৈ আহো……কি হ’ল ভেবা লাগি চাই আছ’ যে কি হ’ল ? যা সোনকাল নকৰ’ কিয় ?
মমী: মই আৰু কিমান ক’ম…….কৈ কৈয়েই চাগৈ বুঢ়িহৈ যামগৈ……নিজৰ ঘৰৰ বাৰিচুকতে গাঁত এটা খান্দি আৱৰ্জনা বোৰ পেলাবলৈ মই আৰু আপোনাক কিমান ক’ম ? বোলো পাকঘৰৰ পৰা ওলোৱা শাক-পাচলি, ফল-মূল আদি খোৱাবস্তুবোৰৰ পেলনীয়া অংশখিনি আৰু ৰাহি হৈ যোৱা খাদ্যবোৰ আৰু বাৰীখন চাফ-চিকুন কৰোতে ওলোৱা জৈৱিক আৱৰ্জনাবোৰ ঘৰৰ পিছফালে সুবিধাজনক ঠাই অকমান চাই গাঁত এটা খান্দি পুতি থলে সেইবোৰ সু-নিস্পত্তি হোৱাৰ লগতে তাৰ পৰা পচন সাৰ প্ৰস্তুত হ’ব ….কিন্তু আপুনি মোৰ কথাটো বুজিবলৈ এবাৰো চেষ্টা কৰি চোৱা নাই………।গাঁওখনৰ প্ৰায়বোৰ মানুহৰ ঘৰতেই তেনেকৈ আৱৰ্জনাবোৰ পুটিথৈ পচন সাৰ তৈয়াৰ কৰা দেখা নাই জানো ?…,নাই মাথো আমাৰ ঘৰত….। য’তে ত’তে আৱৰ্জনাবোৰ পেলালে ,মানুহবোৰৰ ওচৰত মইহে লাজ পাব লগা হয়……ইফালে আমাৰ পুদুলিত আপুনি পেলাই থৈ অহা আৱৰ্জনাবোৰ দেখি বাটেদি যোৱা মানুহবোৰে মুখত ৰুমাল দি আমাৰ ঘৰৰ ফালে যিটো চাৱঁনিৰে চাই যায়…আইজৌ, …সেই বোৰ দৃশ্য দেখি মোৰ কমখন কষ্ট হয়নে আৰু কম লাজ পাওঁনে……।আৰু কিমান দিনলৈ এনেকৈ লাজ-অপমান সহ্য কৰি মই জীয়াই থাকিব লাগিব সেইটো ঈশ্বৰেহে জানে…..!
যদু: কি সদাই সদাই ৰাতিপুৱাই ৰাতিপুৱাই সেই একেসোপা কথাকে তই বলকি থাক…..? সময় পালে মই গাঁত এটা খান্দি দিম ৰ’…।
মমী: আৰু হেৰি নহয়….,মই আপোনাক কিমান বাৰ কৈছো…যে চৰকাৰে মানুহৰ ঘৰে ঘৰে নিজা কৈ একোটা একোটা শৌচাগাৰ সাজি ল’বলৈ আৰ্থিক অনুদান আগবঢ়াইছে…..আমাৰ গাঁওৰ সৰহখিনি মানুহেই চৰকাৰৰ পৰা সেই সুবিধা পালে…..কিন্তু আপুনিহে কুম্ভকৰ্নৰ নিন্দাত থাকি ভূ-ভাৰস্তত কি ঘতিছে একো উৱাদিহ নাপায়………
যদু: বোপা ককাৰ দিনৰ পৰাই আমি মুকলি আকাশৰ তলতে বহি পায়খানা কৰি আহিছো….এতিয়া ভাটি বয়সত এইবোৰ আকৌ নতুন নিয়মত কেনেকৈ কৰিব পাৰিম…..,তাতে আকৌ ঘৰ এটাৰ ভিতৰত সোমাই শৌচ কৰা মোৰ কিবা ঘিন ঘিন হে লাগে……….. থাকিবিওঁ, খাবিওঁ আৰু হাগিবিওঁ তাকো আকৌ একেটা ভেটিতে….
মমী: আৰে শুনক ৰাইজ….শুনক….আমাৰ মহা কুম্ভকৰ্ণৰ কথা শুনক….,এখেতে নিজৰ ঘৈনিয়েক জীয়েকক পৰ-পুৰুষৰ আঁৰে আঁৰে লুকাই চুৰকৈ নিজৰ আত্মৰক্ষা নিজে কৰি বাহিৰত মুকলি আকাশৰ তলত শৌচ কৰিবলৈ যাবলৈ দিব পাৰে কিন্তু তেওঁ বোপা ককাৰ সজ টোহে এৰিব নোৱাৰে……..।
যদু: তই মোৰ লগত চুপতি মাৰিয়েই থাকিবি নে ? ইফালে তোৰ চুপতি মৰা কথা শুনি থাকিলে কামলৈ যাবলৈ বেলি হ’বগৈ…..…….হেৰি শুন চোন…,চাহ এবাতি লৈ আনগৈ যা ……..(মমী আঁতৰি যায় আৰু এনেতে গাওঁবুঢ়া আহে)
বুঢ়া: যদু ঘৰত আছনে………?
যদু : অ’ গাওঁবুঢ়া দেউতা আহক আহক….,ৰাতিপুৱাই ওলালহি যে….কেহেবালৈ গৈছিল চাগৈ……
বুঢ়া: অ’ ৰাতিপুৱাই ওলালো মানে সেই শালিকী টিকাত থকা কুঁহিয়াৰণী দৰা চাই আহিলোগৈ অ’….
যদু: কুঁহিয়াৰ কাটিবৰ হৈছে চাগৈ……
বুঢ়া: কাটিবলৈতো হৈছেই…..কিন্তু বান্দৰৰ সমস্যা বুইছা…..বান্দৰে গোটেই কুঁহিয়াৰ বাৰী খন ভাঙি-চিঙি তহিলং কৰিলে……তাকে ভাবিছো কাইলৈ হাজিৰা লগাই গোটেই সোপা সামৰি পেলাম…..তুমি কাইলৈ যাব পাৰিবা নহয়…..টংকেশ্বৰ আৰু ভোলাকো কৈছো……তোমালোক তিনিতাই মিলি যেইদিনেই হওঁক কুঁহিয়াৰ খিনি কাটি পেলোৱা…..
যদু: হ’ব বাৰু গাওঁবুঢ়া দেউতা….ভালকৈ পুৰঠ হ’ল জানো ?
বুঢ়া: পুৰঠ হোৱালৈ ৰৈ থাকিলে যি খিনি আছে তাকো বান্দৰে ধ্বংশ কৰিব……। গুৰ নহ’ব বুইচা….,চহৰৰ সেই কুঁহিয়াৰ ৰস বেচা মানুহক দিব লাগিব….বান্দৰকনো কি দোষ দিবা সিহতৰো থাকিবলৈ থাই নোহোৱা হ’ল …….হাবিত থকা বান্দৰ খাদ্য বিচাৰি আহি মানুহৰ সমাজ পালেহি….সকলো আমাৰ মানুহৰ গাতেই জগৰ….জধে-মধে গছ-গছনি কাটি তহিলং কৰিলে…..প্ৰাকৃতিক ভাৰসাম্যৰ খেলি মেলি হ’বলৈ ধৰিলে…এটা কথা কি জানা ?
যদু: কি দেউতা ?
বুঢ়া: গছ-গছনি নাথাকিলো মানুহ জীয়াই নাথাকে……সেইকাৰণে আমি গছ নাকাটি গছ ৰুবহে লাগে ।বাৰু বাদ দে এইবোৰ ক’চোন তহঁতৰ খা-খবৰ কেনে ?ভালে আছ’ ?
যদু: আমাৰনো আৰু ভাল কি বেয়া কি…….পেতে-ভাতে খাই থকা মানুহ আমি…….! ছোৱালীজনীৰহে কালিৰ পৰা ৬/৭বাৰ মান পাতল পায়খানা হৈ আছে…….মানুহজনীয়ে বনদৰবৰ ৰস খুৱাইছে কিন্তু কামত অহা নাই……
বুঢ়া: বনদৰব কিয় খুৱাব লাগে…….চৰকাৰী হাস্পতাললৈ লৈ নাযাৱ কিয় ? ডাক্তৰক দেখুৱাই ঔষধ-পাতি খুৱালেহে ছোৱালীজনী সুস্থ হ’ব….।
যদু: ডাক্তৰৰ ওচৰলৈনো কি যাম……,যেতিয়াই যাওঁ তেতিয়াই খালি চাফ-চিকুনৰ কথাকৈ গালি পাৰে…আমি বোলে চাফ-চিকুনকৈ থাকিব নাজানো সেই কাৰণে আমাৰ ঘৰ বোৰত বেমাৰে বাঁহ লয়…..,আমি বোলে য’তে ত’তে থু-খেকাৰ পেলাওঁ ,য’তে ত’তে তামোল-পানৰ পিক পেলাওঁ আৰু বোলে য’তে ত’তে লেতেৰা আবৰ্জনা জাবৰ-জোথৰ পেলাওঁ……আৰু সেইকাৰণেই বোলে আমাৰ ডিচেনট্ৰি-হাইজা-কলেৰা আদি মহামাৰী ৰোগবোৰ হয়……
বুঢ়া: হয়তোন…….ডাক্তৰ বাবুৱে উচিত কথাকে কয়……চাফ-চিকুনতা হ’ল আমাৰ স্বাস্থ্য ৰক্ষাৰ পৰম বন্ধু….। 


 Swachh Bharat Abhiyan in Assamese play

(এনেতে ঘোষিকা আহে)

ঘোষিকা: য’তে ত’তে পেলোৱা আৱৰ্জনা দ’ম হ’ল, বিভিন্ন ৰোগৰ বীজানুৰ উৎপত্তিৰ স্থল ।এই আৱৰ্জনাৰে দ’ম হৈ থকা ঠাইবোৰ হ’ল ৰোগৰ বিজানু বাহক মাখি,পোক-পতংগ,পইতাচোঁৰা,এন্দুৰ-নিগনিৰ বাসস্থান, আৰু এইবোৰ মহ-মাখি-নিগনিয়ে ৰোগৰ বিজানু কঢ়িয়াই আনি মানুহৰ ডায়েৰিয়া, জণ্ডিছ, গ্ৰেষ্ট্ৰিক,এনকেফেলাইটিছ, প্লেগ, পীতজ্বৰ, ডেংগি ইত্যাদি ৰোগ বিস্তাৰ ঘটাত সহায় কৰে ।আৰু আমি মুকলিত পেলোৱা বা জ্বলাই দিয়া আৱৰ্জনাই আমাৰ পৰিবেশৰ ওপৰতো বেয়া প্ৰভাৱ পেলাই। (ঘোষিকা ছোৱালীজনী আঁতৰি যাব)


 Swachh Bharat Abhiyan in Assamese play

Puppets (two) (নাচি নাচি গীত গাব)
 পৰিস্কাৰ পৰিছন্ন সুস্থ তন, তেহে থাকিব আনন্দ মন!
 চাফ-চিকুন থাকিব য’ত, মান সন্মান বাঢ়িব ত’ত।
 য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা।
 পৰিস্কাৰ ৰাখিবা বাতাৱৰণ, ঘৰ ৰাখিবা চাফ-চিকুন,
 য’ত থাকে চাফ-চিকুন,তাত থাকে হৰি ভগৱান।
 হাত ধুই খাবা আহাৰ, তেহে বেমাৰ হ’ব দুৰ।
 যাৱৰ-জোঠৰ নেপেলাবা পথত, সজতনে ৰাখিবা নিৰ্দিষ্ট স্থানত।
 হাত ধুবা চাবোনৰে, দাঁত ধুবা দাতোনৰে।
 মুকলিত শৌচ নকৰিবা প্ৰতিবাৰ, অনাময় শৌচাগাৰ কৰিবা ব্যৱহাৰ।
(Puppets settle back in the audience)
যদু: এই বিলাক কথাকে ডাক্তৰ বাবুৱে আমাক কয়…..,মুকলি আকাশৰ তলত শৌচ নকৰিবা, চাবোনৰে হাত ধুই পৰিস্কাৰ কৰিবা……য’তে ত’তে জাবৰ-জোঠৰ নেপেলাবা,থু-খেকাৰ, তামোল পনৰ পিক নেপেলাবা……অ’ তেতিয়াহে বোলে ঔষধে দেহাত কাম কৰিব আৰু আমাৰ দেহা নিৰুগী হৈ থাকিব ।
বুঢ়া: ডাক্তৰে সত্য কথা কৈছে…আৰু তেতিয়াহে আমাৰ শৰীৰ সুস্থ থাকিব যেতিয়া আমি গাঁওৰ পৰা বেমাৰক দূৰ কৰিব পাৰিম।(এনেতে চাহ দুবাতি লৈ মমী আহে আৰু দুয়োজনক দিয়ে)
যদু: গাওঁবুঢ়া দেউতা….এই বেমাৰ বোৰক আমাৰ গাঁওৰ পৰা কেনেকৈ দুৰ কৰিব পৰা যাব?
মমী: ঘৰত অনাময় শৌচাগাৰ সাজি……
যদু: তই মনে মনে থাক…..,মই গাওঁবুঢ়া দেউতাৰ লগত কথা পাতি আছো দেখা নাই নেকি মাজতে কেটেপ কৈ মাতদাল মাতি নিদিবি……। বাৰু গাওঁবুঢ়া দেউতা….., এটা কথা মোক কওঁকচোন…..মানে আমি মুকলিত পেলোৱা আৱৰ্জনাবোৰৰ লগত এই বেমাৰবোৰৰ কি সম্পৰ্ক ?
বুঢ়া: তই এটা কথা দ’কৈ চিন্তা কৰি চাচোন…, আমি মুকলিত বা য’তে ত’তে পেলোৱা আৱৰ্জনাৰ দ’মবোৰে আমাৰ চহৰ খনৰ পৰিবেশ আৰু সৌন্দৰ্য নষ্ট কৰা নাইনে ? আৰু বাৰিষা নলা-নৰ্দমাত পৰি থকা আৱৰ্জনাই পানী বৈ যাব নোৱাৰ অৱস্থা কৰি কৃত্ৰিম বানপানী হোৱাত সহায় কৰা নাই জানো ?
মমি: সিদিনাখন বাটত হোৱ নাটক এখন চাওঁতে তাত দেখিলো নহয় স্বচ্ছতাৰ অভাবৰ বাবে আমাৰ যে কি কি নহয় । থূ-খেকাৰ, তামোল-পানৰ পিক মুকলিত বা নলা-নৰ্দমাত আৱৰ্জনাবোৰ পেলোৱা ফলত বেমাৰৰ বিজানু বিয়পে…এজন ৰূগীয়া মানুহৰ শৌচত পৰি থকা মহ-মাখি উৰি আহি আমাৰ খাদ্য বস্তুৰ ওপৰত পৰি ৰোগৰ বিজানু বিয়পায়….,আৰু বোলে পোহনীয়া জীৱজন্তুৱে সেইবোৰ ভক্ষণ কৰিলে মৃত্যু প্ৰৰ্যন্ত হ’ব পাৰে…,আৰু কি জানে’ মুকলি পথাৰ পুখুৰি আদিত শৌচ কৰাৰ ফলত বাৰিষা বৰষুণৰ পানীৰ লগত সেইবোৰ উটি গৈ আমাৰ খাদ্য ৰ লগত মিহলি হৈ একাকাৰ হয় আৰু ফলত হাইজা-কলেৰা-পাতল পাইখানা-শৌচবমী-তেজবমী আদি বেমাৰহৈ মানুহৰ মৃত্যু প্ৰৰ্যন্ত হ’ব পাৰে।
যদু: কি ভয় লাগি যোৱা কথা কৈছ’ অ তই, নাটক খনত এইবোৰ কথা দেখুৱাইছে ? এনেবোৰ ভয়ংকৰ ভয়ংকৰ বেমাৰ হয়….! মানুহৰ মৃত্যু প্ৰৰ্যন্ত হয়……কৃষ্ণ কৃষ্ণ…মোৰ ভয়েই লাগি গৈছে গাওঁবুঢ়া দেউতা……!
বুঢ়া: এৰা ভয় কৰিব লগীয়া কথাই…..
মমী: সঁচাকৈ চাফ-চিকুনতাৰ অৱাভত আমাৰ ইমান ডাঙৰ বেমাৰবোৰ হয় বুলি আমি জনাই নাছিলো পায়……
বুঢ়া: যদি তহঁতৰ ঘৰৰ পৰা আৰু আমাৰ গাঁও খনৰ পৰা এই বেমাৰ বোৰ নোহোৱা কৰিব লাগে তেন্তে চৰকাৰৰ এই স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীক আমি আন্তৰিকতাৰে গ্ৰহন কৰিব লাগিব….।
যদু: কিন্তু গাওঁবুঢ়া দেউতা…..,য’তে খাবা তাতেই হাগিবা….ই কেনে লেতেৰা কথা….
মমী: মুকলিলৈ গৈ মতামানুহৰ আঁৰ লৈ লৈ অসুৰক্ষিত হৈ হাগিবলৈ যোৱাৰ দৰে লেতেৰা কথা নহয়…!
বুঢ়া: এতিয়া কথা হ’ল আমি সুৰক্ষিত হৈ থাকিবলৈ কি কৰা উচিত…..


 Swachh Bharat Abhiyan in Assamese play

(All three characters pause. Puppets re enter.)
Puppets:
১) ঘৰৰ বাবে সংগ্ৰহ কৰা বয়-বস্তু ভালদৰে ব্যৱহাৰ কৰি আৱৰ্জনাৰ পৰিমান হ্ৰাস কৰিব লাগে।
২)ৰাস্তাৰ দাঁতিত বা নলা-নৰ্দমাৰ কাষত বা আন মুকলি ঠাইত আৱৰ্জনা পেলাব নালাগে।
১)আমি ওচৰ চুবুৰীয়াকো এই বিষয়ে জনাব লাগে।
২)শাক-পাচলি, শস্য, খাদ্যৰ অৱশিষ্ট, প্লাষ্টিক কাগজ, ভঙা কাচ, আন ধাতু, পুৰণি বেটাৰী, ৰৈ যোৱা ঔষধ, পুৰণি বা ভঙা-চিঙা ইলেকট্ৰিক সামগ্ৰী, ভঙা বাল্ব-টিউব আদি পৃথকে পৃথকে জমা কৰি ৰাখি নিস্পত্তিৰ ব্যৱস্থা কৰিব লাগে ।
১)পাকঘৰৰ পৰা ওলোৱা শাক-পাচলি, ফল-মূল আদি খোৱাবস্তুবোৰৰ পেলনীয়া অংশখিনি আৰু ৰাহি হৈ যোৱা খাদ্যবোৰ আৰু বাৰীখন চাফ-চিকুন কৰোতে ওলোৱা জৈৱিক আৱৰ্জনাবোৰ ঘৰৰ পিছফালে সুবিধাজনক ঠাই অকমান চাই গাঁত এটা খান্দি পুতি থলে সেইবোৰ সু-নিস্পত্তি হোৱাৰ লগতে তাৰ পৰা পচন সাৰ প্ৰস্তুত হ’ব
২)যদি ঘৰৰ চৌহদত গাত খান্দিবলৈ সুবিধা নাথাকে ,তেন্তে বজাৰৰ পৰা সহজলভ্য ড্ৰাম বা জাবৰি পেলোৱা বাকচ ব্যৱহাৰ কৰি এই জৈৱিক আৱৰ্জনাবোৰৰ পৰা পচন সাৰ প্ৰস্তুত কৰিব লাগে ।
১)যি বোৰ পুণৰ ব্যৱহাৰ কৰিব পৰা আৱৰ্জনা সেইবোৰ পুণৰ ব্যৱহাৰ কৰি আৱৰ্জনাৰ পৰিমান হ্ৰাস কৰিব লাগে।
২) প্লাষ্টিক জাতীয় আৱৰ্জনা কেতিয়াও পুৰিব নালাগে ।
১) প্লাষ্টিক পুৰিলে তাৰ পৰা নিৰ্গত ধোঁৱাই বায়ু প্ৰদূষণ ঘটোৱাৰ লগতে আমাৰ স্বাস্থ্যৰো যথেষ্ট ক্ষতি কৰে।
Both Puppets: আৱৰ্জনাৰ সু-ব্যৱস্থাপনাৰ সমগ্ৰ পক্ৰিয়াটো অধিক কাৰ্য্যক্ষম কৰি তুলিবলৈ ৰাইজৰ মনত দায়িত্ব বোধৰ ভাব আৰু সজাগতা সৃষ্টি কৰাটো অত্যন্ত জৰুৰী।
আমি আমাৰ দেশত বেমাৰ হ’বলৈ নিদিওঁ ,এতিয়াৰ পৰা আমাৰ দেশ লেতেৰাহৈ থাকিবলৈ নিদিওঁ, দেশত ৰোগৰ বিজানু বিয়পিবলৈ নিদিওঁ……(আঁতৰি যাব)
মমী: (যদুক উদেশ্যি)এতিয়া বুজি পালেনে কুম্ভকৰ্ন মহাশয়।বোলো পাকঘৰৰ পৰা ওলোৱা শাক-পাচলি, ফল-মূল আদি খোৱাবস্তুবোৰৰ পেলনীয়া অংশখিনি আৰু ৰাহি হৈ যোৱা খাদ্যবোৰ আৰু বাৰীখন চাফ-চিকুন কৰোতে ওলোৱা জৈৱিক আৱৰ্জনাবোৰ ঘৰৰ পিছফালে সুবিধাজনক ঠাই অকমান চাই গাঁত এটা খান্দি পুতি থলে সেইবোৰ সু-নিস্পত্তি হোৱাৰ লগতে তাৰ পৰা পচন সাৰ প্ৰস্তুত হ’ব ….কিন্তু আপুনি……..! “ ঘৰ খন যদি লেতেৰা হয় ,গাঁওখন যদি লেতেৰা হয়,চহৰখন যদি লেতেৰা হয় তেন্তে সমস্ত দেশৰ বাবেই বিপদ”
যদু: কথাবোৰতো মই এতিয়া বুজি পালো….মই বুজিলো যে আমাৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিবলৈ হ’লে স্বচ্ছতাক আকোৱালী লোৱাটো অতি জৰুৰী…….( মমীৰ হাতত থকা তামোলৰ বঁতাৰ পৰা তামোল লৈ খাই আৰু ওচৰতে পিক পেলাই)
গাওঁবুঢ়া: অ’… তামোল চোবাই তই ইয়াত কিয় পিক পেলালি ?
যদু: অ’….এইটো আকৌ কি নতুন কথা হ’ল ? আমি দেখোন এনেকৈয়ে য’তেই মন যায় ত’তেই পিক পেলাওঁ…..
বুঢ়া: গালো বালো খোলাগুটি দাল হ’ল……! হেৰৌ য’তে ত’তে যে পান-তামোল খাই পিকালে বা য’তে ত’তে থূ-খেকাৰ পেলালে সেইবোৰৰ ওপৰত মহ-মাখি পৰি সেই মহ-মাখি আমাৰ খাদ্য বস্তুৰ ওপৰত পৰি আমাৰ দেহলৈ বেমাৰৰ বুজানু নিবিয়পাবনে তাৰোপৰি থূ-খেকাৰত মিহলি হৈ থকা ৰোগৰ বিজানু বতাহত উৰি আহি আমাৰ উশাহৰ দ্বাৰা শৰীৰৰ ভিতৰলৈ সোমাই আমাক ৰুগী নকৰিবনে ? জধামূৰ্খ চালা লেতেৰা….
যদু: খং কৰিছে কিয়…..গাওঁবুঢ়া দেউতা..মোৰ ভুল হৈ গ’ল…..
বুঢ়া:(মুখে মুখে)মোৰ ভুল হৈ গ’ল…কথা ক’বলৈ আহিছ’…..আজিকালি প্ৰায়ে দেখিবলৈ পাওঁ মানুহ কিছুমানে গুটকা চুফাৰী পান তামোল চোবাই য’তে ত’তে পিক পেলাই সুন্দৰকৈ সজাই থোৱা ৰাষ্টাৰ কাষৰ বেৰ-ওৱাল আৰু ৰাষ্টা বাট-পথ বোৰ অপৰিস্কাৰ আৰু অসুন্দৰ কৰি তোলে….।নাপায় নাপায়….সেইবোৰ কাম কৰিব নাপায়…,এইবোৰৰ পৰা বেমাৰৰ বিজানু সংক্ৰমন হোৱাৰ উপৰিওঁ এইবোৰে আমাৰ চহৰ-নগৰ গাঁৱে-ভূঞে অপৰিস্কাৰ পৰিৱেশৰ সৃষ্টি কৰে আৰু আমাৰ দেশৰো সৌন্দৰ্য নষ্ট কৰে…! বেলেগ দেশৰ মানুহ আহি আমাৰ এনে অপৰিস্কাৰ পৰিৱেশ দেখি আমাক নাহাঁহিব নে ?
যদু: ঠিক ঠিক আপুনি ঠিক কথা কৈছে গাওঁবুঢ়া দেউতা…মোৰ ভুল হ’ল মই আজি আপোনাৰ গাত চুই শপত খালো এনে কাম মই পুণৰ আৰু কেতিয়াওঁ নকৰোঁ….আৰু আজিৰ পৰা এইবোৰ বস্তু মুখলৈওঁ নিনো…অ’ ………মই আপোনাৰ গাত ধৰি শপত খাইছো দেউতা…..
মমী: আওঁ….,আমাৰ কুম্ভকৰ্ন দেখোন তোপনিৰ পৰা সাৰ পালে…..
বুঢ়া: অকল যদুৱেই নহয়….আমি সকলোৱেই কুম্ভকৰ্ন নিন্দাৰ পৰা সাৰ পাব লাগিব…আৰু ভাৰত চৰকাৰৰ  দ্বাৰা প্ৰচাৰিত স্বচ্ছ ভাৰত অভিযানত আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব লাগিব…
যদু: মই চৰকাৰৰ এই অভিযানত সহযোগিতা আগবঢ়াব খোজো গাওঁবুঢ়া দেউতা কিন্তু মই কেনেকৈ সহযোগিতা আগবঢ়াম ?(স্বচ্ছ ভাৰত অভিযানৰ চৰকাৰী সেৱক জয়া আহে)
জয়া: মই কৈছো শুনক.., ঘৰত শৌচালয় সাজিব লাগিব….শৌচ কৰি অহাৰ পিছত হাত চাবোনৰে ভালকৈ ধুই পৰিস্কাৰ কৰিব লাগিব, য’তে ত’তে থূ-খেকাৰ আৰু তমোল পান চুফাৰী গুটকা আদিৰ পিক পেলাব নালাগিব, ঘৰত ওলোৱা জাবৰ-জোথৰ য’তে ত’তে বা বাট-পথত নেপেলাই বাতাবৰণ পৰিস্কাৰ কৰি ৰাখিব লাগিব, আৰু সমাজত স্বচ্ছতাৰ বিষয়ে সজাগতা গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব…।
যদু: এইবোৰ নিয়ম মই আখৰে আখৰে পালন কৰিম বাইদেউ….কাৰণ মোৰ দেহা নিৰোগী ৰাখিবলৈ হ’লে মই গাঁওখনো নিৰোগী কৰি ৰাখিব লাগিব, তাৰ বাবে ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানক সফল কাৰাত সজাগতা সৃষ্টিৰে সহায় কৰি তুলিব লাগিব….(এনেতে মমীয়ে খৰাহী এটাত থকা শাক-পাচলিৰ যাৱৰ পেলাব ধৰে)
জয়া: কি কৰে কি কৰে ? কি পেলাবলৈ ধৰিছে আপুনি ?
মমী: (সেমেনা সেমেনি ভাবত)মানে গৰু-ছাগলীয়ে খাব বুলি ভাবি শাক-পচলিৰ জাবৰি বোৰ ইয়াতেই পেলাম বুলি ভাবিছিলো……..
জয়া: ভুল কৰিছে…এনেকৈ য’তে ত’তে নহয়…..তাৰোপৰি এইবোৰ য’তে ত’তে নেপেলাই পানী জমা হ’ব নোৱাৰা এটি নিৰ্দিষ্ট পাত্ৰত ৰাখি পচিবলৈ দিলে পিছত ই উৎকৃষ্ট পচন সাৰ হৈ পৰিব…আৰু খেতি-পথাৰৰ বাবে ই হ’ব উপযুক্ত জৈৱিক সাৰ...লগতে আমাৰ পৰিৱেশতোৱো, আমাৰ ঠাই খনো পৰিস্কাৰ হৈ থাকিব….আৰু এটা কথা…,গছৰ পৰা সৰি পৰা ফুল পাত আদিওঁ আমি এনেকৈ সংৰক্ষণৰ দ্বাৰা পচন সাৰ তৈয়াৰ কৰি ল’ব পাৰো ।
মমী: মানে ফলো সৰিব লাঠিয়ো নাভাঙে….হা: হা: হা:…বৰ সজ উপদেশ দিলে আপুনি….এতিয়াৰ পৰা ঠাই সাৰোতে ওলোৱা গছৰ ফুল-পাতৰ জাবৰি, শাক-পাচলিৰ পেলনীয়া জাবৰি আদি সকলো একগোট কৰি আপুনি কোৱাৰ দৰেই পচন সাৰ তৈয়াৰ কৰিম। কিন্তু বাইদেউ…ঘৰত আৰু কিছুমান জাবৰি ওলাই যেনে ফঁটা কাপোৰ কাগজ খাদ্য বস্তু অনা খালি পেকেট,প্লাষ্টিক কেৰি বেগ, বটল, ভঙা-চিঙা সামগ্ৰী আদি তাৰোপৰি ধোৱা পখলা লেতেৰা এৰা ফেনেকা, পেলাব লগা খাদ্য বস্তু আদি আমি ক’ত পেলাম ?
জয়া; বৰ ভাল কথা শুধিছা…, এইবোৰ আবৰ্জনাও আমি য’তে ত’তে নেপেলাই আজি-কালি চৰকাৰে বিভিন্ন আঁচনিৰ দ্বাৰা এই আবৰ্জনা বোৰ সংগ্ৰহ কৰি লৈ যোৱাৰ ব্যৱস্থা কৰিছে…আমি সেই চৰকাৰী বিভাগৰ সহায় লোৱা উচিত…তাৰোপৰি চৰকাৰী বিভাগীয় কৃতপক্ষই নিৰ্দিষ্ট কিছুমান স্থানত এনেবোৰ জাবৰ-জোথৰ পেলোৱাৰ বাবে ডাঙৰ ড্ৰাম স্থাপন কৰি ৰাখিছে ৰেই ড্ৰামত এইবোৰ পেলাব লাগে….লগতে শুকান জাবৰি আৰু ভিজি থকা জাবৰি পেলাবলৈওঁ কিছু ব্যৱস্থা চৰকাৰী কৃতপক্ষই নিৰ্দিষ্ট কৰি দিছে….গতিকে চৰকাৰৰ এই সুবিধা আমি উপভোগ কৰিব লাগে..।মুঠৰ ওপৰত আমি পৰিস্কাৰ হৈ থাকিব লাগে ,আমাৰ চৌপাশ পৰিস্কাৰ পৰিচন্ন হৈ থাকিব লাগে আৰু আমাৰ সু স্বাস্থ্য ৰ লগতে আমাৰ দেশ উজ্জ্বল হৈ থাকিব লাগে।
যদু: তেতিয়াহ’লে সেয়ে হওঁক বাইদেউ……এতিয়াৰ পৰা গাঁৱে-ভূঞে,চহৰে-নগৰে সকলোৰে ঘৰে ঘৰে হওঁক স্বচ্ছ ভাৰত অভিযান কাৰণ আমি প্ৰতিজনে সহযোগিতা আগবঢ়াই স্বচ্ছ ভাৰত গঢ়িলেহে স্বচ্ছ ভাৰত অভিযান সফল হ’ব।

 Swachh Bharat Abhiyan in Assamese play

All Characters.
পৰিস্কাৰ হওঁক দেহা,তেহে থাকিব বেহা।
ঘৰে ঘৰে নাথাকিব সংক্ৰামক,বেমাৰ মুক্ত হওঁক আমাৰ দেশ…!
স্বচ্ছ হওঁক ভাৰত, সু স্বাস্থ্য ,পৰিস্কাৰ বাতাৱৰণৰে হৈ পৰক আমাৰ দেশ উজ্জ্বল….,
আমাৰ জীৱন হওঁক, আনন্দৰে ভৰপুৰ…!
শুৱনি আমাৰ বাতাবৰণ , আনন্দৰে ভৰপুৰ আমাৰ জীৱন।

  

 Swachh Bharat Abhiyan in Assamese play

                                                               

  সমাপ্ত

 Swachh Bharat Abhiyan in Assamese play

SLOGAN:
1)পৰিস্কাৰ হওঁক দেহা,তেহে থাকিব বেহা।
2)ঘৰে ঘৰে নাথাকিব সংক্ৰামক,ৰোগ মুক্ত হওঁক আমাৰ দেশ…!
3)স্বচ্ছ হওঁক ভাৰত, হওঁক সুস্বাস্থ ,পৰিস্কাৰ বাতাৱৰণৰে হওঁক দেশ উজ্জ্বল….,
  
4)শুৱনি আমাৰ বাতাবৰণ , আনন্দৰে ভৰপুৰ আমাৰ জীৱন।পৰিস্কাৰ পৰিছন্ন সুস্থ তন, তেহে থাকিব আনন্দ মন!
 5)চাফ-চিকুন থাকিব য’ত, মান সন্মান বাঢ়িব ত’ত।
 6)য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা।
 7)পৰিস্কাৰ ৰাখিবা বাতাৱৰণ, ঘৰ ৰাখিবা চাফ-চিকুন,
 8)য’ত থাকে চাফ-চিকুনতা ,তাত থাকে ভাগ্-বিধতা।
 9)হাত ধুই খাবা আহাৰ, তেহে বেমাৰ হ’ব দুৰ।
 10)যাৱৰ-জোঠৰ নেপেলাবা পথত, সজতনে ৰাখিবা নিৰ্দিষ্ট স্থানত।
 11)হাত ধুবা চাবোনৰে, দাঁত ধুবা দাতোনৰে।
 12)পৰিস্কাৰ-পৰিছন্নতা হ’ল আমাৰ লক্ষ্য আমাৰ মান,
  সেই লক্ষ্য আগত ৰাখিলে বাঢ়ে আমাৰ দেশৰ মান,
 13) শুৱনি আমাৰ বাতাৱৰণ, আনন্দৰে ভৰপূৰ আমাৰ জীৱন।
 14) মুকলিত শৌচ নকৰিবা প্ৰতিবাৰ, অনাময় শৌচাগাৰ কৰিবা ব্যৱহাৰ।
 15)জীৱন কৰিবা স্বচ্ছতাৰে যাপন, তেহে হ’ব স্বাস্থ্য ৰক্ষা তোমাৰ।


 Swachh Bharat Abhiyan in Assamese play

চৰিত্ৰ সমূহ:
১) ঘোষিকা/ জয়া (চৰকাৰী কৰ্মী)২) যদু  ( এজন বিবাহিত ডেকা বয়সৰ দৰিদ্ৰ ব্যক্তি)
৩) মমী  ( যদুৰ ঘৈনিয়েক)৪)গাওঁবুঢ়া  ( ডেকা বয়স)৫) Puppet-1 ( ছোৱালী)
৬) Puppet-2 (ছোৱালী)

 Swachh Bharat Abhiyan in Assamese play




Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়