সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ডাৱৰ জানো আতৰিব – ২ নং দৃশ্য


ডাৱৰ জানো আতৰিব নং দৃশ্য



 --: দিগন্ত কুমাৰ ভূঞা(২০০২)

মঞ্চ পৰিকল্পনা: পূজা-সেৱা কৰি শিৱ মন্দিৰৰ পৰা হাতত পূজা সামগ্ৰীৰ এখন থাললৈ কপালত দুয়োৰে তিলক অংকিত, জোনালী আৰু আকাশৰ কথোপকথন।

সংলাপ:--

আকাশ: মহাদেৱক কি খুজিলা ?
জোনালী: তুমি কি খুজিলা ?
আকাশ: মই-----! মই খুজিলো, তুমি মহাদেৱৰ ওচৰত বিচৰাটো যেন তোমাক মহাদেৱে অতি সোনকালে দিয়ে----।
জোনালী: মইনো কি খুজিলো কোৱাচোন ?
আকাশ: কিনো খুজিবা আৰু------, ছোৱালীবোৰে শিৱমন্দিৰলৈ আহি যিটো বিচাৰে তুমিও সেইটোকে বিচাৰিছা চাগৈ----।
জোনালী: নহয়---! অইন ছোৱালীয়ে কি বিচাৰে মই নাজানো, কিন্তু মই বিচাৰিছো--------,এ নকওঁ দিয়া, ভগৱানৰ ওচৰত কিবা বিচৰা কথাটো আনক ক’ব নাপায় ।
আকাশ: কিন্তু তুমি বিচৰা কথাটো মই জানো----!
জোনালী : কি ---?
আকাশ: তুমি চাগৈ ভগৱানক কৈছা-----, যে মোৰ এটা সোনকালে চাকৰি হওঁক, চাকৰিটো হোৱাৰ ছমাহমান পিছত তোমাৰ লগত মোৰ বিয়া হওঁক, বিয়াৰ এবছৰৰ পিছত এটা ধুনীয়া সন্তান হওঁক, নহয় জানো-------হা: হা: হা:----
জোনালী: চব মিছা----! মই এইবোৰ একোৱেই ভগৱানৰ ওচৰত বিচৰা নাই---, মাত্ৰ বিচাৰিছো---তুমি সদায় সুখিহৈ থাকা---,তোমাৰ হাঁহি থকা মুখখন দেখিলেই মোৰ শান্তি, তাৰ বাদে মোক অইন একো নালাগে----!
আকাশ: মোকো নালাগে ?
জোনালী: নালাগে---!
আকাশ: সঁচাকৈয়ে ?
জোনালী: কি ধেমালীখন কৰি থাকা, তোমাক নাপালে মই জীয়ায়েই নাথাকো----, আকাশ বলানা চাহ একাপ খাওগৈ---
আকাশ: ব’লা---কিন্তু ক’ত খাবা ?
জোনালী: ক’ত আৰু----টাৰ্জানৰ ৰেষ্টোৰাত-----(দুইৰো হাঁহি)
আকাশ: ব’লা তেন্তে-----Light Cut.( বাইকৰ শব্দ)


ডাৱৰ জানো আতৰিব নং দৃশ্য



 

মঞ্চ পৰিকল্পনা: নৰেন বৰাৰ ঘৰ । নৰেন আৰু পত্নী তৰালীৰ কথোপকথন, কিছু সময়ৰ পিছত চুমি আহিব আৰু তাৰ কিছু সময়ৰ পিছত আকাশ আহিব।

সংলাপ:

নৰেন: তোমাৰ কেতিয়াবা মনত পৰেনে ?
তৰালী: কি ?
নৰেণ : আমাৰ বিয়াৰ এবছৰৰ পিছত তোমাকলৈ এই ভাড়াঘৰটোলৈ অহা কেৰানী নৰেন বৰা আৰু সেইদিনাৰ পৰা আজি সম্পূৰ্ণ ত্ৰিশটা বছৰৰ পিছত আজিৰ এই পেঞ্চনাৰ নৰেন বৰা আৰু আমাৰ এই ভাড়া ঘৰটোৰ মাজত তুমি কিবা পাৰ্থক্য দেখিছানে ?
তৰালী: আপুনিনো এইবোৰ কি বলকিছে মই একো বুজা নাই---!
নৰেন: তুমি বুজা, কিন্তু তুমি নুবুজাৰ ভাও ধৰা---! তুমিতো জানাই, এই ত্ৰিশটা বছৰত মোৰ জীৱনত মই মাথো দুবেলা দুমুঠি খোৱাৰ বাদে একোৱেই কৰিব নোৱাৰিলো---!
তৰালী: সেইবোৰ কথা এতিয়া আৰু ভাবি কি লাভ ? ----পেঞ্চনৰ টকাখিনি পালে মাটি একঠা মান বিচাৰি ঘৰ এটা সজাহে ভাল হ’ব---! (ভিতৰলৈ যায়)
নৰেন: ঘৰ !----এৰা!---- একঠা মাটি, এটা ঘৰ !-------হা: হা: হা:---এই বৃদ্ধ বয়সত এটি একেবাৰে নিজৰ ঘৰ---!এডোখৰ নিজৰ মাটি-----এটা নিজৰ ঘৰ সজাৰ পৰিকল্পনা---, বাহ!----হেৰা শুনিছানে ? মই এটা ধুনীয়া আচাম-টাইপৰ ঘৰ সাজিম---! তৰালী, হেৰা তুমি শুনিছানে ? পাকঘৰতনো তুমি কি কৰি আছা ? চাও এইফালে আহাচোন----(তৰালী সোমাই আহে)
তৰালী: কি হ’লনো ?
নৰেন: চাও তুমি বহাচোন------! শুনা , মই এটা ঘৰ সাজিম !
তৰালী: ঘৰ সাজিব ? ক’ত ?
নৰেন: ক’ত, এতিয়াই তোমাক মই একো ক’ব নোৱাৰিম----, মাথো মই পৰিকল্পনাহে কৰিছোঁ !
তৰালী: আপুনি পৰিকল্পনা কৰি থাকক ,মই পাকঘৰলৈ যাওঁ—!(যাব খোজে)
নৰেন: ৰ’বাচোন--, চাও বহাচোন--!(তৰালী বহে)---ঘৰটোত মুঠতে চাৰিটা কোঠালি থাকিব ! লেট্ৰিন-বাথৰূম-পাকঘৰ-ডাইনিং ৰূম বেলেগে থাকিব আৰু মানুহবহা এটা আহল-বহল কোঠা, আলহীৰ বাবে এটা কোঠা---, চাৰিটা কোঠালীৰ এটা তোমাৰ আৰু মোৰ , এটা আমাৰ চুমিৰ পঢ়া কাঠালি আৰু এটা ষ্ট’ৰ ৰূম হিচাপে থাকিব, তাৰ কাষতেই আকাশৰ কোঠালিটো------হেৰা,  আকাশ এতিয়াও বিচনাৰ পৰা উঠা নাই নেকি ?
তৰালী: অলপ আগতে উঠি সি বাথৰূমত সোমাইছে------------,কালি ৰাতি সি ১বজাত ঘৰ সোমাইছেহি---!  ক’লৈনো যায় কিনো ক’ৰে সুধিলেও একো নকয়---!---মাজে মাজে বৰ ভয় লাগে, বেয়া বেয়া চিন্তা-ভাৱনা বোৰহে মনলৈ আহে---দিন কাল যিহে হৈছে---!
নৰেন: এৰা ! সমস্যা !! এটা জলন্ত সমস্যা!-----আকাশে এম. এ. পাছ কৰা চাৰি বছৰ হ’ল---না চাকৰি-না ব্যৱসায়,কি কৰিবা ! কাক দোষিবা ? পৃথিৱীখন দিনে দিনে সৰু হৈ গৈ আছে আৰু তাৰ লগে লগে এই পৃথিৱীত বাস কৰা মানুহবোৰৰ সমস্যাবোৰো ডাঙৰ হৈ গৈ আছে----!
তৰালী: শুনিছো, স্থানীয় বিধায়কজনৰ হাত বৰ দীঘল, আপুনি পাৰিলে আমাৰ আকাশ বাবে------
নৰেন:(খং উঠে)----তেল মাৰিম গৈ, মই মোৰ একমাত্ৰ পুত্ৰ আকাশৰ সংস্থাপনৰ বাবে এম. এল. এ. বদন হাজৰিকাৰ ভৰিত পৰিম গৈ ?--------তুমি আজি ৩০টা বছৰে মোৰ লগত প্ৰতিটো মুহূৰ্ততে ছাঁ ৰ দৰে থাকিও তুমি মোক বুজি নাপালা---! যি জন মানুহে নিজৰ স্বাৰ্থৰ বাবে জীৱনটোত কাৰো ওচৰত অনুগ্ৰহ বিচাৰি নগ’লো , সমস্ত জীৱন ভাড়াঘৰতেই পাৰ কৰি দিলো , কাৰো ওচৰত সহায়ৰ হাত নাপাতিলো-----, মোৰ পত্নী হৈ তুমি--------
তৰালী: অ’ আপোনাৰ এই অহংকাৰী স্বভাৱটোৰ বাবেই আপোনাৰ লগতে আমিও গোটেই জীৱনটো বহুত কষ্টৰ মাজৰে কটাব লগীয়া হ’ল----! নিজৰ স্বাৰ্থৰ বাবে আন বহুতেটো বহুত কৰে, মইতো আপোনাক ইমান কৰিবলৈ কোৱা নাই-----মাত্ৰ আমাৰ আকাশৰ বাবে স্থানীয় বিধায়ক জনক এবাৰ মাত্ৰ এটা অনুৰোধ কৰক, অনুৰোধ ৰাখিলে ৰাখিব নাৰাখিলে নাই বচ!-----কিন্তু---
নৰেন : অসম্ভৱ ! এই কাম মোৰ দ্বাৰা কেতিয়াও সম্ভৱ নহয়, অৰ্থাৎ মই এইখন ঘৰত জীয়াই থকালৈকে মোৰ পৰিয়ালৰ এজনো সদস্যই কাৰো অনুগ্ৰহ বিচাৰি যাব নোৱাৰিব-----,বিশেষকৈ কোনো পলিটিকেল লিডাৰৰ ওচৰত----!---অ’ এইটো মোৰ আদেশ বুলি ভাবি ল’বা !
তৰালী: তেনেহ’লে আপোনাৰ খেয়াল খুচিৰ মাজত আপুনিয়েই সোমাই থাকক----, আকাশৰ ভৱিষ্যত ধ্বংস হ’লে তাৰ বাবে দোষি কিন্তু আপুনিয়েই হ’ব লাগিব----!
 (খংৰে চুমি সোমাই আহে)


চুমি: মা’ মা-----দেউতা--, তোমালোকে এনেকৈ চিঞৰ-বাখৰ কৰি থাকিলে ওচৰৰ মানুহে কি ভাবিব ? (খিৰিকি বন্ধ কৰিব,পৰ্দাবোৰ টানিব)----ছি:----, তোমালোকৰ বাবে আমাৰ নাক-কাণ কটা যাব—এই বয়সত-------------
তৰালী: (উচ্চস্বৰে) খিৰিকী কিয় বন্ধ কৰিছ’ ? লাজ লাগে নহয়----, মাৰ-বাপেৰৰ কাজিয়া ওচৰ
 চুবুৰীয়াই শুনে বুলি খিৰিকী বন্ধ কৰিছ’----আমাৰ কাজিয়া দেখি তহঁতৰ নাক-কাণ যায় হা---,ঐ খিৰিকী খোল বুলি কৈছো----খিৰিকী খোল-----

নৰেন: তৰালী, হেৰা তুমিন মনে মনে থাকা-----তাইনো কি বুজি পায় ?
তৰালী: তাই একো বুজি নাপায়, ওঠ চেপিলে তাইৰ ওঠৰ পৰা এতিয়া গাখীৰ নোলাই---আপুনি একো বুজি নাপায়----, ---ইহঁত এতিয়া ডাঙৰ মানুহ হ’ল , বহুত ডাঙৰ হ’ল---মাক-বাপেকক জ্ঞান দিব পৰা হ’ল---! ঘৰত কুটা এগজ কৰিব নোৱাৰ’----আমাক জ্ঞান দিবলৈ আহ’-----এটাতো গুৰু গোঁসাই নমনা ঘৰগোনা হ’লেই আৰু তইয়ো সমানে সমানে বাঢ়ি গৈছ’----
চুমি: মা’-----
নৰেন: চুমি যা---তই ভিতৰলৈ যা----। হেৰা, তুমিও পাকঘৰলৈ যোৱা------(চুমি-তৰালীৰ প্ৰস্থান আৰু আকাশৰ প্ৰৱেশ)
আকাশ: দেউতা, কথাটো কি হ’ল ?
নৰেন: কি ? কি কথা ?
আকাশ: বাইক খনৰ কথাটো------!

নৰেন: তোক কৈছো নহয়----এতিয়া মোৰ হাতত পইচা-পাতি নাই পিছত লবি যা----
আকাশ: এইটো চান্স দুনাই নাপাবও পাৰো----!
নৰেন: কিহৰ চান্স ?
আকাশ: দামটোও কম, কণ্ডিচনো ভাল আৰু মডেলটোৱো প্ৰায় নতুন---!
নৰেন; তোক কৈছো নহয় বৰ্তমান সেইখনৰ আশা বাদ দে, পিছত লবি -----, এইখন পৃথিৱীত এইবোৰ বস্তৰ কিবা অভাৱ আছে নে-----,আৰু অভাৱ যদি আছে তেন্তে এইবোৰ বস্তুৰ নহয়, অভাৱ এইবোৰ চলাই ঘুৰি ফুৰা মানুহৰহে !------ তাৰোপৰি তোকনো হঠাতে মটৰ চাইকেল এখন কিয় লগা হ’ল ?
আকাশ: Business কৰিবলৈ----!
নৰেন: Business কৰিবলৈ ? Business ৰ লগত তোৰ মটৰ চাইকেলৰ কি সম্পৰ্ক ?
আকাশ; এজন অনাঅসমীয়া ব্যৱসায়ীয়ে আমাৰ ইয়াৰ পৰা ১৫/২০ কি:মি: মান দূৰৈত এটা বাঁহ আৰু কাঠৰে তৈয়াৰ কৰা সামগ্ৰীৰ এখন ফাৰ্ম বনাব খুজিছে, সেই ফাৰ্মহাউচ খনৰ চোৱাচিতা আৰু লগতে তাত উৎপন্ন সামগ্ৰীৰ প্ৰফিটৰ এটা ভাগ মোকো দিব, গতিকে সেই ফাৰ্ম হাউচলৈ অহাযোৱা কৰিবলৈ এখন মটৰ চাইকেলৰ মানে বাইক এখনৰ প্ৰয়োজন---।
নৰেন; তোৰটো এখন ভাল কোম্পানীৰ চাইকেল আছে, সেইখন চলাইয়েটো প্ৰথমে তই অহা-যোৱা কৰিব পাৰ’-----!
আকাশ: তুমি ইমান চিন্তা কৰিব নালাগে দেউতা, তুমি বাইকখন এতিয়া কিনি দিলে মই ছমাহৰ ভিতৰত মোৰ বিজিনেচৰ পৰা হোৱা প্ৰফিটৰে তোমাৰ টকা পৰিশোধ কৰিব পাৰিম। বৰ্তমান তুমি মোক ধাৰ হিচাপে টকা কেইটা দিলেই হ’ল-----!
নৰেন: গছত কঠাল ওঁঠত তেল নৌ পকোতেই চেল-ভেল----, আগতে টকা ঘটি দেখুৱাচোন---!
আকাশ: মই সেইবোৰ নাজানো দেউতা-----, মই বাইকখন আনক বিক্ৰী নকৰিবলৈ মানুহজনক কৈ থৈছো, তেখেতে মোৰ কথা ৰাখি বেলেগ কাষ্টমাৰ পাইয়ো সেইখন বিক্ৰী নকৰি মোৰ কাৰণে ৰাখি থৈছে, এতিয়া যদি মই পিছত লম বুলি কওঁ তেন্তে মানুহজনৰ ওচৰত মোৰ কথাৰ কি ভেলু থাকিব ?
নৰেন : ভেলু---? লোকক কথাদি ভেলু ৰাখিবলৈ হ’লে সেই কথা ক’বৰ বাবে নিজৰ যোগ্যতাও থকাটো দৰকাৰ----, নহ’লে য’তে ত’তে ভেলু হেৰুৱাব লগাত পৰে------কথাটো মনত ৰাখিবি ! ----আৰু যদি নিজৰ পকেটত ধন নাথাকে তেন্তে আনৰ পকেটৰ ধনৰ ওপৰত ভৰসা কৰি আনক কথা দি সেই কথাৰ ভেলুও ৰাখিব নালাগে---।
আকাশ: তুমি ক’বলৈ বিচাৰিছা দেউতা---, তাৰমানে তুমি মোক বাইকখন 
কিনিবলৈ টকা নিদিয়া ?
নৰেন: নিদিউ---! কোনো এটা কাম ধাণ্ডা নাই, দুবেলা খাইছ’-শুইছ’ আৰু এতিয়া মই তাক  ফূৰ্তি কৰি ঘূৰি ফুৰিবলৈ মটৰ বাইক কিনি দিব লাগে----! চখ কৰিবলৈ মন থাকিলে নিজে ঘটি চখ কৰিব লাগে--!
আকাশ: চখ কৰি ঘুৰিবলৈ মই বাইকখন কিনিব বিচৰা নাই দেউতা----, অইন লগৰ ল’ৰাৰ দৰে ছোঁ ৰূমত সজাই থোৱা নতুন মডেলৰ বাইকো কিনিবলৈ বিচৰা নাই-----, এখন সাত বছৰৰ পুৰণি লোকে চলোৱা চেকেণ্ডহেণ্ড পুৰণা বাইকহে কিনিব বিচাৰিছো------(বাহিৰলৈ প্ৰস্থান)
(তৰালী ভিতৰৰ পৰা আকাশক মাতি মাতি সোমাই আহে)
তৰালী; আকাশ আকাশ আকাশ---! হেৰি, আকাশ ক’লৈ গ’ল ?
নৰেণ: তোমাৰ ল’ৰাই বিজিনেচ কৰিবলৈ গৈছে----!
তৰালী: ( বাহিৰলৈ ভুমুকিয়াই চাই)-----আপুনি তাক কিবা ক’লে নেকি ? চাহ-তাহ একো মুখত
নিদিয়াকৈ  সি বাৰু এই ৰাতিপুৱাই ক’লৈ ওলাই গ’ল ?
নৰেন: তোমাৰ ল’ৰাৰ খবৰ তুমিহে জানিবা----, কেতিয়া ঘৰত সোমাই কেতিয়া ঘৰৰ পৰা ওলাই—মোকতো সি সুধি আজিলৈকে ঘৰত ওলোৱা সোমোৱা কৰা নাই---, অ’ তুমিতো জানিব লাগে সি ক’লৈ গৈছে----?
তৰালী: মই জানো নহয়----, আপুনি চাগৈ তাক কিবা-কিবি ক’লে---,নিশ্চয় আপুনি এই ৰাতিপুৱাই কিবা কথাত গালি পাৰিলে----, দেখিছো নহয় মানুহটো ৰিটিয়াৰ্ড হোৱাৰ পিছৰ পৰা খালি খেচ-খেচ কৰি ঘৰখনত হুলস্থুল লগাই ফুৰে----! মোৰ আৰু এইখন ঘৰত উশাহ বন্ধ হৈ যাবলৈ ধৰিছে----কৰবালৈ গুছি যামগৈ ৰ’ব-------!
নৰেন: যোৱা যোৱা-----! তোমালোক সকলোৱে যোৱা---, মোক ক্ষন্তেক অকলশৰে থাকিবলৈ দিয়া-----!
তৰালী: বলক বলক ভিতৰলৈ বলক------ভিতৰত জলপান দি থৈছো------ আহক (প্ৰস্থান)
তৰালী: (ভিতৰৰ পৰা)------নাহেনো কিয় ? চাহ-জলপান বৰফ হ’ব এতিয়া--------
নৰেন:---গৈছো ৰ’বা---! Light Cut.


ক্ৰমশঃ…….





কাহিনি/চিত্ৰনাট্য/সংলাপ-দিগন্ত কুমাৰ ভূঞা।



ডাৱৰ জানো আতৰিব

তথ্য বিৱৰণ:

 (চিত্ৰনাট্য ৰচনা: জানুৱাৰি,২০০২ নাট্যৰূপ: চেপ্তেম্বৰ,২০০২)---দিগন্ত কুমাৰ ভূঞা

(তেজপুৰ অগ্নিগড় চেনেল (প্ৰ্তিদিন সন্ধিয়া ৭-৩০ বজাত) তেজপুৰ বাণ চেনেল( প্ৰ্তিদিন সন্ধিয়া ৮ বজাত সম্প্ৰচাৰণ হৈছিল, ২০০২ চন ।) 

কাহিনি/চিত্ৰনাট্য/সংলাপ-দিগন্ত কুমাৰ ভূঞা। 

 প্ৰযোজনা: ঔঁ শম্ভু প্ৰডাকচন ( প্ৰথম নিবেদন), পৰিচালনা- বাবন পাল। সহ-পৰিচালনা: প্ৰশান্ত কুমাৰ দাস।

 অভিনয়ত: কাকু গোস্বামী,তাজ হুছেইন , সুদিপ্ত তামুলি, ,দিগন্ত কুমাৰ ভূঞা, বাপুকন বৈশ্য, , প্ৰশান্ত কুমাৰ দাস,তপন দাস,স্বাগত সেন, অৰূপ চহৰীয়া, সোনটি দাস,বাবন পাল, ৰামেশ্বৰ ডাউকা, ললিতা লহকৰ ,অনামিকা বৰুৱা বৰদলৈ, ৰশ্মী দেৱী, লিপি শইকীয়া,মিতালী ৰয়, প্ৰদ্যুত বৰ্মন, জয় দত্ত, মানিক শীল,বুল্টন সেনগুপ্ত,বুবুল ডেকা,দিলীপ কাকতী, জ্যোতি প্ৰসাদ শইকীয়া,দিলু ৰাভা, দেৱজিত বোস, প্ৰশান্ত দে, বিকাশ দে আদি।

সম্পাদনা আৰু আৱহ সংগীত: গৌতম মেধি
গায়ক: স্বাগত সেন
সংগীত: প্ৰবাল
ৰূপ সজ্জা: জয়ন্ত
কেমেৰা: ভেবেল
 



















































































Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়