RELOR AALIT MRITADEH (Detective play) ( Part-1,2) ৰেলৰ আলিত মৃতদেহ
 |
RELOR AALIT MRITADEH (Detective play)
|
তৃতীয় দৃশ্য
Direction:
নিশাৰ দৃশ্য। অতি কম পোহৰত দেখা যাব এটি দ্ৰয়িংৰূম। হাতত এটা টৰ্চ লাইট লৈ অভাৰকোট-হাণ্টাৰ
কেপ পৰিহিত এটি চাঁয়ামুৰ্ত্তিৰ প্ৰৱেশ। ছায়ামূৰ্ত্তিয়ে কিছুসময় ৰূমত ইফালে-সিফালে ঘুৰি
কিবা যেন বিচাৰিব, অলপ পিছত ভিতৰ ফালে সোমাই গৈ কিছুসময়ৰ পিছত হাতত এখন ডায়েৰীলৈ পুণৰ
মঞ্চলৈ আহে। সম্পূৰ্ণ পৰিৱেশ সংগীত আৰু পোহৰে সৃষ্টি কৰিব।ডায়েৰী খন অতি সাৱধানেলৈ
ইফালে সিফালে নিৰীক্ষণ কৰি জোৰেৰে প্ৰস্থান। এখন ৰেল পাৰহৈ যোৱাৰ শব্দ হ’ব । Light
Cut.
চতুৰ্থ দৃশ্য
 |
RELOR AALIT MRITADEH (Detective play)
|
Direction:
আগৰ দৃশ্যৰ দৰে একেই দ্ৰয়িংৰূম,মঞ্চ পোহৰ হোৱাৰ লগে লগে এখন গাড়ী আহি ৰোৱাৰ শব্দ শুনা
যাব। ক্ষন্তেক পিছত হাতত ক’লা কোট আৰু বেগলৈ উকীল সদানন্দ ফুকনৰ প্ৰৱেশ। ফুকন ভিতৰলৈ
সোমাব খোজোতেই কলিং বেল বাজে।
সংলাপ:
মদন:
(বাহিৰৰ পৰা) চাৰ, চাৰ………….!
ফুকন:
কোন ?
মদন:
চাৰ, মইহে, সোমাব পাৰোনে চাৰ ?
ফুকন:
কোন মই ?
মদন:
মই মানে মদন চাৰ ! সোমাব পাৰোনে ?
ফুকন:
কোন মদন ? দুৱাৰ খোলা আছে সোমাই আহক………………..(বিশেষ ধৰণৰ চুলিৰ কাট, সাজ-সজ্জাৰে মদনৰ
প্ৰৱেশ)
মদন:
নমস্কাৰ চাৰ!
ফুকন:(মদনক
তলৰ পৰা ওপৰলৈকে নিৰীক্ষণ কৰিব) কোন তই ? কি লাগে তোক ?
মদন:
চাৰ মই বন কৰা ল’ৰা, শুনিলো আপোনাৰ ঘৰত বোলে বনকৰা ল’ৰা এটাৰ বৰ প্ৰয়োজন সেয়েহে………
ফুকন:
তোৰ ঘৰ ক’ত ?
মদন:
মোৰ ঘৰ ক’ত মানে ? (কিছু সময় চিন্তা কৰি)…………….মোৰ চাৰ নিজৰ ঘৰেই নাই, আছিল………কিন্তু
এতিয়া নাই চাৰ, বানপানীয়ে সকলো উটাই নিলে , সেইবোৰ কথা ক’বলৈ গ’লে বৰ দীঘল কাহিনি…………
ফুকন:
তেনেহ’লে তই ক’ৰ পৰা আহিছ’ ?
মদন:
কলিবাৰীৰ পৰা চাৰ !
ফুকন:
কলিবাৰীৰ পৰা ?
মদন:
হয় চাৰ, ৰেলষ্টেচনত চাকৰি কৰা মাদ্ৰাজী মানুহ এঘৰ কলিবাৰীত ভাড়াকৰি আছে। তেওঁলোকৰ ঘৰতে
তিনিমাহ মান আগৰ পৰা কাম কৰি আছিলো।
ফুকন:
কিন্তু তই তাৰ পৰা কিয় গুচি আহিলি ?
মদন:
ভাষা আন্দোলন !
ফুকন:
ভাষা আন্দোলন ?
মদন:
হয় চাৰ , সেই মাদ্ৰাজীবোৰে কিনো কয় মই একো বুজি নাপাও, কথাই প্ৰতি ‘আই আই ঔ’ বুলি কৈ
থাকে, তেওঁলোকৰ কথা বুজাটো দূৰৰে কথা মোৰ কথাও একো বুজি নাপায়, কিবা এটা বস্তু বিচাৰিব
মই দিম কিবা এটা । আকৌ মই ক’ম কিবা এটা, তেওঁলোকে বুজিব কিবা এটা……….., এই কিবাকিবি
বোৰৰ মাজত মই তিস্তিব নোৱাৰি কাম এৰি গুচি আহিলো চাৰ । মই আক’ চাৰ মোৰ অসমীয়া মাতৃ ভাষাটোৰ বাদেও ভেৰাইটিছ
মানুহৰ ঘৰত থাকি থাকি হিন্দি আৰু বঙালী ভাষাটো বৰ বঢ়িয়াকৈ কথা ক’ব পাৰো নহয়, ইংৰাজীতো
কথা ক’ব পাৰো কিন্তু অলপ-চলপ ভুলহৈ যায়……,চাৰ এবাৰ কৈ চাম নেকি ?
ফুকন:
(হাঁহি) বাৰু বাৰু এতিয়া নালাগে ক’ব, পিছে ক’চোন তোৰ নামটো কি ?
মদন:
মদন! হয় চাৰ, মোৰ নাম মদন শইকীয়া , চাৰ মোক ৰাখিবনে ?
ফুকন:
তই ঘৰুৱা সকলো কাম কৰিব পাৰ’ নে নাই ?
মদন:
(হাঁহি) অ’ চাৰ, মোৰ কামেই দেখোন সেইটো, নাজানিম কিয় ? ভাত ৰন্ধাৰ পৰা-বাচন ধোৱাৰ পৰা-কাপোৰ
ধোৱাৰ পৰা-ঘৰ চাফা কৰাৰ পৰা-বজাৰ কৰাৰ পৰা----এই সমস্ত কামেই মই কৰিব জানো চাৰ ! চাৰ,
কথা সুধিব পাৰিম নে ?
ফুকন:
কি কথা ?
মদন:
আপোনাৰ ঘৰত আৰু কোনো নাই নেকি ?
ফুকন:
নাই………….., মই অকলেই থাকো, আগৰ কাম কৰা ল’ৰাটো এসপ্তাহৰ আগতে কম এৰি গুচি গ’ল, এতিয়াৰ
পৰা তই থাকিবি ।
মদন:
তেনেহ’লে চাৰ, মোৰ চাকৰি হৈ গ’ল !
ফুকন:
অ’ হৈ গ’ল বুলিয়েই ধৰ, পিছে ক’চোন তোক প্ৰতিমাহে কিমান টকাকৈ দৰ্মহা
দিব লাগিব ?
মদন:
চাৰ কথা এটা সোধো বেয়া নাপাব----দৰমহা সম্পৰ্কীয় কথা !
ফুকন:
দৰমহা সম্পৰ্কীয় কথা ? ঠিক আছে কি সুধিব খুজিছ’ সোধ ।
মদন:
ঘৰুৱা বজাৰ-সমাৰ বোৰ কোনে কৰিব চাৰ ?
ফুকন:
কিয় ? বজাৰৰ লগত তোৰ দৰমহাৰ আক’ কিহৰ সম্পৰ্ক ?
মদন:
আছে, আছে চাৰ, সম্পৰ্ক আছে…….বজাৰ কৰাৰ দায়িত্ব পালে প্ৰতিমাহে ছশ টকা আৰু বজাৰ কৰিবলৈ
নিদিলে প্ৰতিমাহে আঠশ টকা দৰমহা দিলেই মই সন্তুষ্ট হ’ম ।
ফুকন:
কিয় ?
মদন:
মানে চাৰ, বজাৰ কৰিবলৈ গ’লে, বজাৰ কৰি ঘুৰি অহা খুচুৰা পইচাবোৰ মই এটা মাটিৰ টেকেলীত
ভৰাইথৈ সঞ্চয় কৰো, সেই কাৰণে বজাৰ কৰাৰ অনুমতি পালে দৰমহা কমাই দিলেও হ’ব ।
ফুকন:
অ’ হয় নেকি………, ঠিক আছে……… বজাৰ কৰিলেও তোক মই মাহে আঠশ টকা দৰমহাকে দিম ………, যা এতিয়া
ভিতৰলৈ গৈ ঘৰ-দুৱাৰ ভালকৈ চাইচিতি কামত লাগি যা………।
মদন:
চাৰ, পাকঘৰতো কোন ফালে আছে ?
ফুকন:
ভিতৰলৈ সোমাই যা দেখিবি ! (ৰেলৰ যোৱাৰ শব্দ) Light Cut.
 |
RELOR AALIT MRITADEH
|
পঞ্চম দৃশ্য
Direction:
দৃশ্যসজ্জা একেই থাকিব। কলিং বেল বাজিব। বেলৰ শব্দ শুনি ভিতৰৰ পৰা মদন মঞ্চত প্ৰবেশ
কৰি দৰ্জা খুলিব আৰু ফুকন সোমাই আহিব।
সংলাপ:--
মদন:
চাৰ, আজি দেখোন সোনকালে আহিল ?
ফুকন:
মোক বিচাৰি কোনোবাই ফোন কৰিছিল নেকি ?
মদন:
নাই চাৰ, ফোন কোনেও কৰা নাই, কিন্তু ৰাতিপুৱা অহা মক্কেল জনহে অলপ আগতে আহি এটা তিনিকেজি
মান ওজনৰ ৰৌ মাছ এটা দি থৈ গৈছে ।
ফুকন:
তইনো এই দুপৰীয়াখন দৰজা বন্ধ কৰি কি কৰি আছিলি ?
মদন:
পাকঘৰৰ ডিউটিত আছিলো চাৰ, মই সিফালে পাকঘৰত ৰৌ মাছৰ আঞ্জা বনাই থাকোতে যদি ইফালে কোনোবা
সোমাই , সেই বাবেই দুৱাৰ খন বন্ধ কৰি থৈছিলো।
ফুকন:
তোৰ ভাত ৰন্ধা হ’ল নে নাই ?
মদন:
হ’ল চাৰ, মোৰ ভাত ৰন্ধা কেতিয়াবাই হ’ল, এঘুমতি শুইয়ো ল’লো,আচলতে সেই বাবেহে দৰ্জাখন
বন্ধ কৰি থৈছিলো, আমাৰ ইয়াত যিহে চোৰ-দকাইতৰ দল পিয়াপি দি ফুৰে ভয়েই লাগে !
ফুকন:(
চিগাৰেট জ্বলাব) পিছে এটা কথা হ’ল নহয় মদন !
মদন:
কি কথা চাৰ ?
ফুকন:
আজি মোৰ এটা পাৰ্টী আছে , গতিকে মই ভাত নাখাও তয়েই খায় ল’ !
মদন:
কিন্তু চাৰ, বাইদেউ আহিও আপোনাৰ লগতে একেলগে ভাত খাম বুলি ৰৈ আছে !
ফুকন:(আচৰিত
হ’ব) কি ? কোন আহিছে বুলি ক’লি ?
মদন:
বাইদেউ চাৰ !
ফুকন:
বাইদেউ ? কোন বাইদেউ ? ( এনেতে ভিতৰৰ পৰা মেনকা ওলাই আহে)
মেনকা:
বেলেগ আৰু কোন বাইদেউ হ’ব ? মই………
ফুকন:
(ভূত হে যেন দেখিলে, আচৰিত হয়) ………তুমি………, মানে আপুনি ?
(মদন ভিতৰলৈ যায়)
মেনকা:
কি হ’ল ? কিয় মোৰ পিনে তুমি এনেদৰে চাই আছা ? যেন তুমি মোক
চিনিয়েই পোৱা নাই !
ফুকন:
(অতি আচৰিত) ই অসম্ভৱ ! এইয়া কেতিয়াও সম্ভৱ হ’ব নোৱাৰে !!
এইয়া কেতিয়াও সত্য হ’ব নোৱাৰে
!!!
মেনকা:
তুমি কি বলিয়ালিখন কৰিছা ?
ফুকন:
(আচৰিত ভাবৰে) আপুনি কোন ?
মেনকা:
তুমি মোক সঁচাকৈয়ে চিনি পোৱা নাই ?
ফুকন:
সত্য কথা ! সঁচাকৈয়ে মই আপোনাক চিনি পোৱা নাই !
মেনকা:
কি ক’লা ? তুমি মোক সঁচাকৈয়ে চিনি পোৱা নাই ? ………কি আচৰিত !
ফুকন:
অ’ হয় ! মই আপোনাক একেবাৰে চিনি পোৱা নাই, কওকচোন কোন আপুনি ?
মেনকা:
কিয় ? মই মেনকা ?
ফুকন:
মেনকা ? কোন মেনকা ?
মেনকা:
(দৃঢ়তাৰে) তাৰ আগতে মোক কোৱা মেনকা তোমাৰ কোন আছিল ?
ফুকন:
মোৰ পত্নী………
মেনকা:
অ’ ……… , মই সেই তোমাৰ পত্নী মেনকা, তুমি হোমৰ জুইৰ আগত
সাক্ষী কৰি বিয়া কৰাই অনা তোমাৰ
পত্নী মেনকা………!
ফুকন:
(চিঞৰি) অসম্ভৱ ! সেয়া কেতিয়াও হ’ব নোৱাৰে, ই অসম্ভৱ !
মেনকা:
মানে ?
ফুকন:
মোৰ পত্নী মেনকাৰ মৃত্যু হৈছে----চলন্ত ৰেলৰ সন্মুখত পৰি
তেওঁ আত্মহত্যা কৰিলে………!
মেনকা:
কি ক’লা ? মই ………? হা: হা:হা: হা: মই ৰেলৰ সন্মুখত
পৰি আত্মহত্যা কৰিছো, আই মিন চুইচাইদ………?
ফুকন:
নাই , আপুনি নহয়, চুইচাইদ কৰিছে মোৰ পত্নী মেনকা ফুকনে ।
মেনকা:
কিন্তু কেতিয়া ?
ফুকন:
আজিৰ পৰা দুমাহৰ আগৰ কথা, মে’ মাহৰ ১৭ তাৰিখ মংগলবাৰৰ ঘটনা।--- মই গাঁওৰ ঘৰত থকা দেউতাৰ
পৰা “মা’’ ৰ অসুখ বেছি হোৱা বুলি এখন টেলিগ্ৰাম পালো । টেলিগ্ৰাম খন পায়েই অলপো সময়
নষ্ট নকৰি মই লগে-লগে গাঁওৰ ঘৰলৈ যাত্ৰা কৰিলো, ৰাতি উভতি আহোতে অলপ পলম হৈছিল----নিশা
প্ৰায় ১২টা মান বাজিছিল, কিন্তু ঘৰলৈ আহি মেনকাক নেদেখি ইফালে-সিফালে খবৰ কৰিলো কিন্তু
মেনকাক ক’তো নাপালো, উপায় বিহিন হৈ মই থানালৈ খবৰ দিলো………, এনেতে ৰাতিপুৱা খবৰ পালো
কোনোবা এজনী মানুহে ৰেলৰ আগত পৰি আত্মহত্যা কৰিছে………! খবৰতো শুনি মোৰ অলপ সন্দেহ হ’ল,
আৰু সেইকাৰণে মই লগে লগে চুইচাইদ কৰা মানুহজনী চাবলৈ গ’লো………! মনত বহুত উৎকণ্ঠাৰে মই
সেই মানুহজনী চালো………, কিন্তু সেইয়া মই কি
দেখিলো………!! সেই মানুহজনী দেখোন সঁচাকৈয়েই মেনকা………, মোৰ পত্নী মেনকা !!! কিন্তু মেনকাই
কিয় এনে ঘৃণনীয় কাম কৰিলে মোৰ বাবে সেই কথা আজিও ৰহস্য হৈয়ে থাকিল………!!!!
মেনকা:
ৰেলৰ আগত পৰি চুইচাইদ কৰা মানুহজনী তুমি ঠিকেই চিনি পাইছিলা নে ?
ফুকন:
নিশ্চয় ! মোৰ নিজৰ পত্নীক মই চিনি নাপামনে
? পুলিচে ডাক্তৰৰ হতুৱাই
মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰি প্ৰতিবেদন দিছে, মানুহজনীয়ে চুইচাইদ
কৰিছে !
মেনকা:
তাৰ পিছত তুমি কি কৰিলা ?
ফুকন:
পুলিচৰ পৰা মৃতদেহটো মই শ্মশানলৈ নি সৎকাৰ কৰালো ।
মেনকা:
(হাঁহি)………………….কি ক’লা ?
ফুকন:
কি হ’ল আপুনি হাঁহিলে যে ?
মেনকা:
তোমাৰ কথা শুনি হাঁহি উঠিছে, মই মানুহজনী সোঁশৰীৰে তোমাৰ সন্মুখত
থিয়হৈ আছো আৰু তুমি
একেবাৰে মোৰ মৃতদেহটো সৎকাৰ কৰি আহিলাগৈো…………………
ফুকন:
এইবোৰ আপুনি কি কৈছে ?
মেনকা:
তুমি দেখিছো এজন সুন্দৰ অভিনেতা , বৰ সুন্দৰ অভিনয় কৰি দেখুৱালা দেই,
এতিয়া ব’লা আমি
ভাত খাওগৈ, মোৰ বৰ ভোক লাগিছে…………………
(ভিতৰলৈ যাবলৈ ধৰে,ফুকনে খংৰে খেদিগৈ ভিতৰলৈ যাবলৈ
নিদি বাধা দিব)
ফুকন:
নাই নাই…………………, আপুনি মোৰ ঘৰৰ ভিতৰলৈ যাব নোৱাৰে …………………
মেনকা:
(থমকি ৰয়) মই ঘৰৰ ভিতৰলৈ যাব নোৱাৰো ? কিন্তু কিয় ?
ফুকন:
কৈছো নহয়, আপোনাক মই চিনি নাপাও,গতিকে আপুনি মোৰ ঘৰৰ পৰা ওলাই যাওক, আপুনি মোৰ পত্নী
মেনক কেতিয়াও হ’ব নোৱাৰে,অসম্ভৱ !
মেনকা:
তেনেহ’লে মই কোন ?
ফুকন:
সেই কথা মই কেনেকৈ জানিম, আপুনিহে জানিব !
মেনকা:
(আঙুলিত পিন্ধি থকা আঙুঠিটো দেখুৱাব)…………………….
তুমি এই আঙুঠিটো নিশ্চয় চিনি পাবা,চোৱাচোন
!
ফুকন:(আচৰিত
হৈ) এই আঙুঠিটো……………………, এই আঙুঠিটো আপুনি ক’ত পালে ?
মেনকা:
কিয় ? এদিন জনো তুমিয়েই মোৰ আঙুলীত আঙুঠিটো পিন্ধাই দিয়া নাছিলা ?
ফুকন:
নাই নাই হ’ব নোৱাৰে, মই এতিয়াও কৈছো আপোনাৰ প্ৰকৃত পৰিচয় দিয়ক ?
নহ’লে মই পুলিচ মাতিম
!
মেনকা:
কি ? তুমি পুলিচ মাতিবা ? কিন্তু পুলিচক কিয় লাগে ?
ফুকন:
আপোনাক চিনাক্ত কৰিবলৈ ।
মেনকা:
মোক চিনাক্ত কৰিবলৈ তুমি পুলিচ মাতিবা ? ঠিক
আছে ,
সেইয়াই হওক তেনেহ’লে……………………
ফুকন:……পুলিচ
আহিয়েই কওক আপুনি সঁচাকৈয়ে মেনকা ফুকন,
মোৰ পত্নী………(Change) …মদন, মদন (মদনৰ প্ৰৱেশ)
মদন:
চাৰ কিয় মাতিলে ?
ফুকন:
তই এতিয়াই থানালৈ যা, থানাৰ অ’চি ফাৰুক ইছলাম হাজৰিকাক
চিনি পাৱ নহয় ? নতুনকৈ বদলিহৈ
অহা অ’চি জন………………
মদন:
হয় চাৰ পাওঁ, দুদিনমান আগতে ইয়ালৈ আহিছিল নহয় !
 |
RELOR AALIT MRITADEH (Detective play)
|
ফুকন:
অ’ তেখেতক মই এতিয়াই মাতিছো বুলি কবি যা………………
মদন:
অ’চি চাৰক কিয় মাতিব লাগে চাৰ ?
ফুকন:
তোক যি কৈছো তাকে কৰ, পেকপেকাই নাথাকিবি !
মদন:
ইয়েচ চাৰ……………………Light cut.
ক্ৰমশঃ......
(ৰহস্যঘন ডিটেকটিভ নাটক)
ৰচনা:
দিগন্ত কুমাৰ ভূঞা
বিশেষ
তথ্য বিৱৰণি :- তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ---- (পৰিচালনা: সুদিপ্ত
তামুলী) ,তেজপুৰ ঐশ্বৰ্যমণ্ডিত বাণ থিয়েটাৰত তিনিবাৰ মঞ্চস্থ----(পৰিচালক ক্ৰমে; সুদিপ্ত
তামুলি, তপন দাস, নাট্যকাৰৰ নিজা পৰিচালনা ), গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰ--- (পৰিচালনা-মুকুট
পটংগীয়া) আৰু তেজপুৰ অনাতাঁৰ কেন্দ্ৰ যোগে সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় নাটক, “ৰেলৰ আলিত
মৃতদেহ” ।
ৰেলৰ
আলিত মৃতদেহৰ
ৰচনা: দিগন্ত কুমাৰ ভূঞা ।ৰচনাকাল: এপ্ৰিল,১৯৯৬ চন।)
প্ৰথম
মঞ্চস্থ: তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ---
দ্বিতীয়
মঞ্চস্থ: বাণ থিয়েটাৰ তেজপুৰ।
নাট্যকাৰ:
দিগন্ত কুমাৰ ভূঞা
পৰিচালনা:
সুদিপ্ত তামুলী
অভিনয়ত:
অলক শৰ্মা, প্ৰহ্লাদ মহন্ত, প্ৰশান্ত কুমাৰ দাস, মুকুট পটংগীয়া, সুৰভী ডেকা, ৰশ্মী
দেৱী, ভুট্টু, ৰমজান, ভোগৰাম ডেকা আদি।
পোহৰ:
বিপুল নাথ , আৱহ সংগীত: ৰঞ্জন কুমাৰ ভট্ৰচাৰ্য
, ৰূপসজ্জা আৰু দৃশ্যসজ্জা: কুলেন বৰা।
মাইক:
লেঙেৰা।
তৃতীয়
মঞ্চস্থ: বাণ থিয়েটাৰ,তেজপুৰ
প্ৰযোজনা:
অৰিন্দম নাট্য গোষ্ঠী,তেজপুৰ।
তাৰিখ:
১৬ নবেম্বৰ,২০০৪ চন(16/11/2004)
সময়:
সন্ধিয়া: ৭ বজাত।
পৰিচালনা:
তপন দাস।
সংগীত:
দিগন্ত কুমাৰ ভূঞা
অভিনয়ত:
তপন দাস, পবিত্ৰ আগৰৱালা, বুলবুল দাস, বাপুকন বৈশ্য, ৰামেশ্বৰ ডাউকা, প্ৰহ্লাদ তালুকদাৰ,
ৰাতুল মহন্ত, সংগীতা মহন্ত আদি।
পোহৰ:
বিপুল নাথ।
চতুৰ্থ
মঞ্চস্থ:
বাণ
থিয়েটাৰ,তেজপুৰ।
নাট্যকাৰ আৰু পৰিচালক
: দিগন্ত কুমাৰ ভূঞা
প্ৰযোজনা:
ইফক্ৰ,তেজপুৰ।
নিবেদন:
সুন্দৰম,তেজপুৰ
তাৰিখ:২৪
আগষ্ট,২০১৪ (24/08/2014), সময়: সন্ধিয়া: ৬-৪৫ বজাত।
অভিনয়
শিল্পী আৰু কলাকুশলী:
১)
উজ্জ্বল শইকীয়া- (উকীল সদানন্দ ফুকন) ২) ফিৰোজ
আখটাৰ আনচাৰী (ইন্সপেক্টৰ) ৩)দিগন্তৰাজ ভূঞা ওৰফে বাবু ( মদন ) ৪) পলাশ দত্ত (বৃদ্ধ)
৫) অচুৎ শৰ্মা (১ম মদাহী) ৬) সুশীল দাস (২য় মদাহী)
৭)অশ্বিনি
বৰা (ছাঁয়ামূৰ্তি আৰু ১ম ২য় মদাহীৰ সহযোগী ) ৮) জিতুমণি দেৱচৌধুৰী ( কাৱাৰীৱালা)
৯)
দৰ্শনা বাইলুং : (মেনকা) ১০) শ্যামলিমা বৰুৱা : (ইন্দ্ৰানী)
কাৱালী
দল আৰু শ্মশান যাত্ৰী: নিলম, ভাৰ্গৱ, দীপু, কৃষ্ণম আৰু বিশাল।
পোহৰ:
বিপুল নাথ। সংগীত: গৌতম পাঠক। কৰিঅ’গ্ৰাফ: দৰ্শনা বাইলুং। মঞ্চসজ্জা: অৰূপ চৰকাৰ। শব্দ:
ৰঞ্জন(বাণ থিয়েটাৰ), ব্যৱস্থাপনা: সুন্দৰমৰ হৈ, দেৱব্ৰত শৰ্মা আৰু মহেন্দ্ৰ নাথ। প্ৰচাৰ:
পংকজ বৰুৱা।
আখৰাগৃহ:
বাণ থিয়েটাৰ, কলেজিয়েট স্কুল, তেজপুৰ।
Comments
Post a Comment
If you have any doubts, please let me know.