Posts

Showing posts from May, 2020

সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

O. Henry অ' হেনৰী আৰু তেওঁৰ চুটি গল্প

Image
O. Henryঅ' হেনৰী আৰু তেওঁৰ চুটি গল্প     অ' হেনৰী আৰু তেওঁৰ চুটি গল্প         -----:দিলীপ কুমাৰ বৰুৱা,তেজপুৰ ঊনবিংশ শতিকাৰ শেষ ভাগত আৰু কুৰি শতিকাৰ প্ৰথম ভাগত বিশ্বৰ তিনি গৰাকী শ্ৰেষ্ঠ চুটি গল্প লেখকৰ জন্ম হয়,তেওঁলোক আছিল ফ্ৰান্সত মোপাছা,ৰাছীয়াত চেকভ আৰু আমেৰিকাত অ'হেনৰী।অ'হেনৰীক আমেৰিকাৰ চেকভ অথবা  মোপাছাঁ বুলিও কোৱা হয়।অ'হেনৰীৰ নাম আছিল ৱিলিয়াম চিডনি চৰ্চাৰ আৰু ১৮৬২ চনৰ ১১ চেপ্তেম্বৰত তেওঁৰ জন্ম হয় আৰু১৯১০ চনৰ৫ জুনত মৃত্যু হয়। তেওঁৰ ব্যক্তিগত জীৱন আছিল বহু ঘটানাৰে ভৰা। তিনি বছৰতে মাতৃ বিয়োগ হোৱা আৰু দেউতাক মদাহী হোৱাত পেহীয়েকে তেওঁক লালন পালন কৰে।পোন্ধৰ বছৰ বয়সতে পঢ়া আধৰুৱা কৰি তেওঁ ঔষধৰ দোকানত চাকৰি কৰে।ইয়াৰ পিছত টেক্সি চালক ,ভেৰা ৰখীয় ,বেঙ্কৰ কেৰাণী আদি বহু সৰু সৰু চাকৰি  কৰে। তেওঁ বিয়া কৰাই ,এটি কন্যাও জন্ম হয়। সেই সময়তে এটা প্ৰেছ কিনি এখন কাকত উলিয়াই যদিও বেংকে ধন আত্মসাৎ কৰা বুলি তেওঁৰ ওপৰত গোচৰ দি জুলুম কৰে।ফলত তেওঁ কন্যা পত্নী সহ পলায় যায় মধ্য আমেৰিকাৰ এখন দেশলৈ।তেওঁৰ পত্নীৰ তাতে মৃত্যু হয়।আৱশেষত ...

ভাৰতীয় নাটকৰ কিংবদন্তি বাদল সৰকাৰ আৰু থাৰ্ড থিয়েটাৰ

Image
 ভাৰতীয় নাটকৰ কিংবদন্তি  বাদল সৰকাৰ আৰু থাৰ্ড থিয়েটাৰ  ভাৰতীয় নাটকৰ কিংবদন্তি  বাদল সৰকাৰ আৰু থাৰ্ড থিয়েটাৰ      ------:দিলীপ কুমাৰ বৰুৱা,তেজপুৰ Dipak Mahanta তেজপুৰৰ মোৰ এগৰাকী প্ৰিয় বন্ধু নাট্যকাৰ,নাট পৰিচালক দীপক মহন্তৰ মুখতে শুনিছিলো প্ৰথম বাদল সৰকাৰৰ থাৰ্ড থিয়েটাৰ ৰ কথা। সত্তৰৰ দশকৰ এটা সময় আছিল মই কথা পাতিবলৈকে বিহালীৰ পৰা তেজপুৰলৈ আহি ঘুৰি যাওঁ।ঘুৰি যাবলৈ হাতত টকাৰ অভাৱ,জোটা ফটা।খুৰা এজনৰ পৰা ২০ টকালৈহে ঘুৰি যাওঁ।তথাপি নতুন চিন্তাৰ বাবে তেজপুৰলৈ বাঁহবাৰী বাছৰে আহোঁ।এবোজা কিতাপ বেগত ভৰাই পঢ়িবলৈ লৈ যাওঁ জিলা পুথিভঁৰালৰ পৰা।কিতাপ পঢ়াৰ কি নিচা আছিল আমাৰ দিনত। তেওঁৰ নতুন চিন্তাৰে উদ্বুদ্ধহৈ তেজপুৰৰ দীপক মহন্তয়ো বাণ থিয়েটাৰত এক সাহসী নাট্য পৰীক্ষা চলাই তেজপুৰৰ দৰ্শককো নতুন নাট্যধাৰাৰ নতুন চিন্তাৰ দ্বাৰা প্ৰভাৱিত কৰে।তিনিও ফালৰ পৰা দৰ্শকে চাব পৰা দীপক মহন্তৰ বাণৰ নাটক চাবলৈ আমি গাঁৱৰ পৰাও ঢপলিয়াই আহিছিলোঁ ।ক'বলৈ গলে দীপক মহন্তই আৰু কিছুদিন পৰিৱেশৰ সৈতে যুঁজ দিব পৰা হ'লে তেওঁ সৰ্বভাৰতীয় স্বীকৃতি পালে হেতেন। থ...

Nobel Laureate Samuel Beckett and Waiting for Godot

Image
নবেল বঁটা বিজয়ী নাট্যকাৰ ছেমুৱেল ব্ৰেকেট আৰু ৱেটিং ফৰ গোদ Nobel Laureate Samuel Beckett Nobel Laureate Samuel Beckett and Waiting for Godot :---:দিলীপ কুমাৰ বৰুৱা ,তেজপুৰ          Waiting for Godot ১৯৫৩ চনত ওৱেটিং ফৰ গোদো নামৰ এখন এবচাৰ্ড নাটক লিখি আইৰিছ নাট্যকাৰ ছেমুৱেল বেকেট বিশ্ব সাহিত্যত জিলিকি উঠিল আৰু তেওঁলৈ আগবঢ়োৱা হল বিখ্যাত  সাহিত্যৰ নবেল পুৰস্কাৰ ১৯৬৯চনত।  নাট্যকাৰ বেকেট আছিল আজন্ম ভগনীয়া ।অষ্ট্ৰীয়া,জাৰ্মানী,ইংলেণ্ড ,পেৰিছ আদি দেশে দেশে তেওঁ ঘুৰি ফুৰিছিল ।জাৰ্মান সকলৰ ভয়ত জীৱন বচাই ফুৰিছিল তেওঁ।লোকৰ ঘৰত হাজিৰা কৰি ভাত মোকলাইছিল তেওঁ।মাজে মাজে লিখে চুটি গল্প,কবিতা আৰু উপন্যাস ।ইংৰাজী আৰু ফৰাচী দুয়োটা ভাষাতে লেখাৰ দক্ষতা তেওঁৰ। লিখাৰ অদম্য হেপাহ তেওঁৰ।  ১৯০৬ চনৰ ১৩ এপ্ৰিলত জন্ম গ্ৰহণ কৰা চেমুৱেলৰ ১৯৮৯ চনৰ. ১৭ জুলাইত মৃত্যু হয়। তেওঁ কুৰি শতিকাৰ এগৰাকী সৰ্বশ্ৰেষ্ট নাট্যকাৰ যি এৱচাৰ্ড নাটকৰ সফল প্ৰতিস্থাপক।ৱেটিং ফৰ গোদ এখন মানৱ জীৱন আৰু সময় প্ৰসঙ্গত বিশ্বজনিন চিৰন্তন ভাৱনাৰ নাটক।মানৱ...

Bertolt Brecht & epic theatre

Image
Bertolt Brecht & epic theatre  বাৰ্টল ব্ৰেখট   আৰু   এপিক থিয়েটাৰ                                       -----: দিলীপ কুমাৰ বৰুৱা,তেজপুৰ বিশ্বত আধুনিক এপিক থিয়েটাৰৰ জনক বুলি কোৱা হয় জাৰ্মানীৰ নাট্যশিল্পী বাৰ্টল ব্ৰেখটক। নাটক কেৱল মনোৰঞ্জনৰ বাবে নহয়,নাটকৰ যোগেদি সমাজলৈ পৰিৱৰ্তন আনিব পাৰি।নাটকৰ যোগেদি দৰ্শকক নিজৰ অধিকাৰ,নিজৰ দায়িত্ববোধ জগাই তুলি এক সামাজিক ৰাজনৈতিক সংগ্ৰামলৈ আগবঢ়াই দিব পাৰি এয়া নাট্যকাৰৰ চিন্তা। নাটকত পলায়নবাদ তেওঁ বিশ্বাস নকৰে,কৰে সাম্প্ৰতিক বাস্তৱবাদত।নাটকৰ এটি বিপ্লৱী ধাৰাৰ জন্মদি তেওঁ এডলফ হিটলাৰৰ ফেচিষ্ট শক্তিৰ চকুৰ কুতা দাঁতৰ শূলহৈ পৰিছিল।ফলত ডেনমাৰ্ক,ফিনলেণ্ড,চুইডেন,আমেৰিকাত তেওঁ নাটকৰ বাবে নিৰ্বাসিত হ'ব  লগা হয়। দ্বিতীয়  মহাযুদ্ধৰ অন্ত হোৱাত ১৯৪৮ চনত তেওঁ পূৱ জাৰ্মানীলৈ ঘুৰি আহি পৰিবাৰৰ সৈতে মিলি নতুন নাট্যানুস্থানৰ (Ber...

Nobel Laureate Pearl Buck and Good Earth

Image
নৱেল বঁটা বিজয়ী লেখিকা পাৰ্ল বাক আৰু গুড আৰ্থ Pearl Buck নৱেল বঁটা বিজয়ী লেখিকা পাৰ্ল বাক আৰু গুড আৰ্থ Nobel Laureate Pearl Buck and Good Earth :-------দিলীপ কুমাৰ বৰুৱা,তেজপুৰ। পেটৰ ভোকে প্ৰত্যেক মানুহকে চুৰি কৰিবলৈ শিকাই।এই বিখ্যাত উক্তি আগবঢ়াই বিশ্বৰ চতুৰ্থ গৰাকী নৱেল বঁটা পোৱা আমেৰিকাৰ অতি জনপ্ৰিয় লেখিকা পাৰ্ল বাকে। তেওঁ ১৯৩২ চনত পুলিৎজাৰ বঁটা আৰু১৯৩৮ চনত প্ৰথম গৰাকী আমেৰিকান লেখিকা হিচাবে সাহিত্যত নৱেল বঁটা লাভ কৰে  পাৰ্ল বাকে।নৱেল বঁটাৰ ধন তেওঁ মানুহৰ সেৱাত আগবঢ়াই আৰু নিজও তেনে এটা মানুহৰ সেৱামূলক সংগঠন খুলি বিশ্বৰ দেশে দেশে মানৱতাৰ সেৱাত ঘুৰি ফুৰে।তেওঁ ভাৰতবৰ্ষলৈও আহে। Pearl Buck ১৮৯২ চনৰ ২৬ জুনত জন্ম হোৱা এই বিখ্যাত লেখিকা গৰাকী ১৯৭৩ চনৰ ৬ মাৰ্চত মৃত্যু হয়।গোটেই জীৱনজুৰি মানৱ অধিকাৰৰ কামত নিজকে নিয়োজিত কৰে।১৯১৭ চনত বিয়া হোৱা পাৰ্লৰ ১৯৩৫ চনত বিবাহ বিচ্ছেদ হয় যদিও সকলো কিতাপ পূৰ্বৰ স্বামীয়ে প্ৰকাশ কৰে ।তেওঁৰ গ্ৰন্থ সমূহ হ'ল চাইনা স্কাই,দি ড্ৰেগন চীড,দি ৱাটাৰ ৱাফেলো চিলড্ৰেন,দি খ্ৰীষ্টীয়ান ঘষ্ট,চাইনা এজ আই চি ইট আৰু গুড আৰ্থ। ১৯৩১ চন...

ডাৱৰ জানো আতৰিব – ২ নং দৃশ্য

Image
ডাৱৰ জানো আতৰিব – ২ নং দৃশ্য  --: দিগন্ত কুমাৰ ভূঞা(২০০২) মঞ্চ পৰিকল্পনা: পূজা-সেৱা কৰি শিৱ মন্দিৰৰ পৰা হাতত পূজা সামগ্ৰীৰ এখন থাললৈ কপালত দুয়োৰে তিলক অংকিত, জোনালী আৰু আকাশৰ কথোপকথন। সংলাপ:-- আকাশ: মহাদেৱক কি খুজিলা ? জোনালী: তুমি কি খুজিলা ? আকাশ: মই-----! মই খুজিলো, তুমি মহাদেৱৰ ওচৰত বিচৰাটো যেন তোমাক মহাদেৱে অতি সোনকালে দিয়ে----। জোনালী: মইনো কি খুজিলো কোৱাচোন ? আকাশ: কিনো খুজিবা আৰু------, ছোৱালীবোৰে শিৱমন্দিৰলৈ আহি যিটো বিচাৰে তুমিও সেইটোকে বিচাৰিছা চাগৈ----। জোনালী: নহয়---! অইন ছোৱালীয়ে কি বিচাৰে মই নাজানো, কিন্তু মই বিচাৰিছো--------,এ নকওঁ দিয়া, ভগৱানৰ ওচৰত কিবা বিচৰা কথাটো আনক ক’ব নাপায় । আকাশ: কিন্তু তুমি বিচৰা কথাটো মই জানো----! জোনালী : কি ---? আকাশ: তুমি চাগৈ ভগৱানক কৈছা-----, যে মোৰ এটা সোনকালে চাকৰি হওঁক, চাকৰিটো হোৱাৰ ছমাহমান পিছত তোমাৰ লগত মোৰ বিয়া হওঁক, বিয়াৰ এবছৰৰ পিছত এটা ধুনীয়া সন্তান হওঁক, নহয় জানো-------হা: হা: হা:---- জোনালী: চব মিছা----! মই এইবোৰ একোৱেই ভগৱানৰ ওচৰত বিচৰা নাই---, ম...