বৈজ্ঞানিক ষ্টিফেন হকিং আৰু পৃথিৱীৰ ভৱিষ্যত
দিলীপ কুমাৰ বৰুৱা,তেজপুৰ।
কৰুণা বিশ্ব মহামাৰীৰ সময়ত মনলৈ মাজে মাজে ভাৱ আহে পৃথিবীৰ ভবিষ্যত কি হব? মানুহকে ধৰি সমগ্ৰ বিশ্বৰ জীৱ কুল বাছিবগৈ নে? এই বিষয়ে বাৰু মহান বৈজ্ঞানিক সকলে কি ভাৱে?এই দিশত বৰকৈ চিন্তা চৰ্চা কৰিছিল ষ্টিফেন উইলিয়াম হকিঙে। তেওঁ পৃথিৱীত মানুহ তথা জীৱকুলৰ ভৱিষ্যত প্ৰসঙ্গত বৰকৈ চিন্তা চৰ্চা কৰিছিল।
কেম্ব্ৰিজৰ বিশ্ববিখ্যাত মহাকাশৰ গৱেষক জীৱন জুৰি মোটৰ নিউৰণ ৰোগী ষ্টিফেন উইলিয়াম হকিঙৰ জন্ম ১৯৪২ চনৰ ৮ জানুৱাৰীত আৰু মৃত্যু হয় ৭৬ বছৰত, ২০১৮ চনৰ ১৪ মাৰ্চত।ৰোগৰ বিপক্ষে অবিৰত সংগ্ৰাম কৰি তেওঁ মানুহৰ কল্যানৰ বাবে চিন্তা চৰ্চা কৰে।তেওঁ নিজৰ জীৱন বিজ্ঞানৰ সেৱাত উৎসৰ্গিত কৰে- I 'm not afraid of death,but I 'm in no hurry to die .I have so much,I want to do first. ষ্টিফেন হকিং একেধাৰে আছিল এগৰাকী মহাকাশৰ বিক বেঙৰ পৰা কৃষ্ণ গহ্বৰলৈ গৱেষক বৈজ্ঞানিক,জীৱন যুদ্ধা,সংগীতপ্ৰেমী,শিশুপ্ৰেমী,মানৱতাবাদী আৰু ভৱিষ্যতৰ পৃথিৱী আৰু মানুহ প্ৰসঙ্গত নতুন চিন্তাৰ বাহক।
শৈশৱত সঘন ৰোগৰ বাবে মাক দেউতাকে আন এটা ল'ৰা তুলি লয় যাৰ নাম আছিল এডৱাৰ্ড।বিদ্যালয়ৰ পঢ়া শেষ কৰি তেওঁ অক্সফোৰ্ডত পঢ়ে আৰু ২৯৬২ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি তাৰ পৰাই স্নাতকোত্তৰ উৰ্তীনহৈ তাতে গৱেষণা কৰে।১৯৭৭ চনত তেওঁ কেম্ব্ৰিজৰ প্ৰফেছাৰ নিযুক্তি হয়।তেওঁ দুবাৰ বিয়া কৰাই ,তিনিটা সন্তানৰ পিতৃ হয় আৰু দুয়োগৰাকীৰ সৈতে বিবাহ বিচ্ছেদ কৰে।
তেওঁৰ বিখ্যাত আবিস্কাৰ সমূহ হ'ল ব্লেক হল ৰহস্য,থিয়ৰিটিকেল কছম'লজী,কোৱান্টাম গ্ৰেভিটি আৰু হকিং ৰেডিয়েচন।তেওঁৰ বিখ্যাত গ্ৰন্থ সমূহ হ'ল এ ব্ৰিফ হিষ্ট্ৰি অৱ টাইম,ব্লেক হ'ল এণ্ড বেবী ইউনিভাৰচেচ,এ ব্ৰিফ হিষ্ট্ৰি অৱ টাইম ইত্যাদি।তেওঁৰ বোলছবি সমূহ হ'ল এ ব্ৰিফ হিষ্ট্ৰি অৱ টাইম,ষ্টিফেন হকিং ইউনিভাৰ্ছ,হৰাইজন দি হকিং পেৰাডক্স,বিয়ন্দ অৱ হৰাইজন,মাষ্টাৰ অৱ চাইন্স ফিকচন ইত্যাদি। তেওঁ কন্যাৰ সৈতে পাঁচ খন শিশু গ্ৰন্থও লিখে।তেওঁ বহু পুৰস্কাৰেৰেও বিভূষিত হয়।তেওঁ পুৰস্কাৰতকৈ কামতহে গুৰুত্ব দিছিল বেছি।দি ব্ৰিফ হিষ্ট্ৰি অৱ টাইম তেওঁৰ অতি বেছি জনপ্ৰিয় গ্ৰন্থ।এক কোটি কপি এই কিতাপ বিক্ৰীহৈ গৈছে।ৰাজনৈতিক ঘটনাৰ ক্ষেত্ৰত তেওঁ নিৰাসক্ত ব্যক্তি নাছিল।ভয়েটনামৰ যুদ্ধৰ সময়ত লণ্ডনত ওলোৱা সমদলত তেওঁ আগত আছিল।ইৰাকৰ যুদ্ধত আমেৰিকাৰ বিপক্ষে তেওঁ মাত মাতে।পুঁজিবাদে মানুহৰ সংকট ঘনীভূত কৰিব বুলি তেওঁ বহু বাৰ কৈছিল।
তেওঁ পৃথিৱীৰ বুকুত মানুহৰ ভৱিষ্যত প্ৰসঙ্গত সদায় সন্দেহ প্ৰকাশ কৰিছিল,সেয়েহে মানুহে বাছি থাকিবলৈ পৃথিৱী এৰি বেলেগ গ্ৰহৰ সন্ধান কৰাৰ কথা বাৰে বাৰে কৈছিল।পৃথিৱীত মানুহৰ আয়ুস ১০০০ বছৰ থাকিবনে বুলিও সন্দেহ প্ৰকাশ কৰে৷ এই সন্দেহৰ কাৰণ হিচাবে তেওঁ বহুকেইটা সমস্যাৰ কথা কয় ।এই সমস্যা কেইটা হ'ল পাৰমানবিক যুদ্ধ হ'ব পাৰে ।এনে আত্মঘাটী যুদ্ধৰ ফলত পৃথিৱীৰ জীৱকুল ধ্বংশ হব পাৰে।দ্বিতীয়টো হ'ল নতুন ভাইৰাচৰ সংক্ৰমন আৰু বিশ্ব মহামাৰী ৰ ফলত মানুহ প্ৰজাতিৰ ধ্বংশ হ'ব পাৰে।তৃতীয়টো কাৰণ হ'ল জলবায়ুৰ উষ্ণতা বৃদ্ধি,যাৰ ফলত পৃথিৱীৰ জীৱকুলৰ ৬০০ বছৰৰ ভিতৰত ধ্বংশ হ'ব ।পৃথিবীৰ উতাপ ২৫০ডিগ্ৰী হ'ব আৰু সকলো জীৱ ধ্বংশহৈ শুক্ৰগ্ৰহৰ দৰে হ'ব পৃথিৱী।তদুপৰি প্ৰৱল এচিড বৰষুণৰ ফলতো পৃথিৱীত জীৱকুলৰ ধ্বংশ হ'ব।তেওঁ বাৰে বাৰে কৈছিল যে যদিও তেওঁ পৃথিৱীত মানুহ আৰু জীৱকুলৰ ভৱিষ্যত প্ৰসঙ্গত সংকা প্ৰকাশ কৰিছে,তথাপি বৰ্তমানলৈ তেওঁৰ হাতত ৰক্ষাৰ কোনো সমাধান নাই।তেওঁ কয়এই জটিল প্ৰশ্ন উত্থাপন কৰিছো ,যাতে মানুহে এই বিষয়ে ভাৱে আৰু আমি মানৱ প্ৰজাতিয়ে কি সমস্যাৰ সন্মুখিন হৈছো,তাৰ প্ৰতি সৰ্তক হয়।তেওঁৰ মতে ইয়াৰ পৰা বাচিবলৈ মানুহে হয়তো মহাকাশত ভ্ৰমন কৰি ,মহাকাশৰ অন্যগ্ৰহত বসতিৰ পৰিকল্পনা কৰিব লাগিব।
তেওঁ কৈছিল দৰ্শন মৃত হোৱাৰ পথত,কাৰণ দৰ্শনিকে বিজ্ঞান ৰ প্ৰগতিৰ লগত দৰ্শনৰ বিকাশ ঘটাব পৰা নাই।তেওঁ ভাবিছিল যে বিজ্ঞানে উত্তৰ দিব নোৱৰা একো ৰহস্য মহাকাশত নাই।Intelligence is the ability to adopt to change.তেওঁক পৰিয়ালেও নাষ্টিক বুলিছিল যদিও তেওঁ ভগৱানৰ অস্তিত্ব একেবাৰে নাই বুলি নকৈ কৈছিল ভগৱান থাকিব পাৰে,কিন্তু ভগৱানৰ সহায় নোহোৱাকৈও বিজ্ঞানে মহাকাশ তত্ব বিশ্লেষণ কৰিব পাৰে।বিজ্ঞান হ'ল জ্ঞানৰ বন্তি।The greatest enemy of knowledge is not ignorance,it is the illusion of knowledge.তেওঁৰ মতে কামেই জীৱনৰ অৰ্থ আৰু উদেশ্যে দিয়ে,কৰ্ম অবিহনে জীৱন অসাৰ।জ্ঞানৰ প্ৰতি তেওঁ বৰ বিনম্ৰতা প্ৰকাশ কৰি কৈছিল. I am just a child who has never grown up,I still keep asking these how and why questions occasionally,I find answer.People who boast about their IQ are losers.তেওঁ বিশ্ব বাসীৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন দাঙি ধৰে সেইটো হ'ল In a world that is in chaos politically,socially and environmentally,how can the human race sustained another 1000 years?l don't know the answer.That is why I asked the question,to get people to think about it ,and to be aware of the dangers we now face?
লেখক: দিলীপ কুমাৰ বৰুৱা
সম্পাদনা: দিগন্ত কুমাৰ ভূঞা
Comments
Post a Comment
If you have any doubts, please let me know.