সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

হবিব তনবীৰ আৰু চৰণ দাস চোৰ



হবিব তনবীৰ আৰু চৰণ দাস চোৰ
Habib Tanvir and Charan Das Chour

--:দিলীপ কুমাৰ বৰুৱা,

হিপক্এচি (Hypocrisy)  শব্দটোৰ অভিধানিক অৰ্থ অসমীয়া  দিয়া হৈছে ভণ্ডামি বুলি।হিন্দীত কোৱা হৈছে পাখণ্ড বুলি।বৰ্তমান যান্ত্ৰিক সমাজিক ব্যৱস্থাত আমি লগপোৱা ৰাজনৈতিক নেতাৰ পৰা সাধাৰণ কেৰাণী মহৰীলৈ এচামক আমাৰ হিপক্ৰেটচ যেন লাগে।বহুতে ব্যৱস্থাত টিকি থাকিবলৈ হিপক্ৰেটচৰ অভিনয় কৰা বুলি কয়।মই যিজন মানুহ বুলি আনক পতিয়ন নিয়াইছো, সেই জন মই বাস্তৱত নহয়।মই যিবোৰ কথা কৈ আছো,যিবোৰ কথা আনক বিশ্বাস কৰিবলৈ উপদেশ দিছো,সেইবোৰ মই নিজৰ ক্ষেত্ৰত পালন নকৰো।জীৱনটোৱে নাটকতকৈ বেছি অভিনয় সদৃশহৈ পৰিছে।কোনজন অভিনেতা ,কোন জন সঁচা মানুহ চিনিব নোৱৰা আৱস্থা।

এই বিষয়ত এগৰাকী ভাৰতীয় নাট্যকাৰ হবিব তানবীৰ ৰ নাটক চৰণ দাস চোৰ এক ডাঙৰ উদাহৰণ।সমগ্ৰ বিশ্বতে এই খন নাটকৰে মানুহৰ হিপক্এচিৰ বিপক্ষে এক প্ৰতিবাদ হিচাবে যুগ যুগলৈ ই জীয়াই থাকিব।প্ৰায় এবছৰ মান আগতে মূল নাটক খন আমি বাণ থিয়েটাৰত চাবলৈ পাওঁ।
মূল কাহিনীটো হবিব তনবীয়ে ৰাজস্থানীলোক কথাৰ পৰা লয়।এই কাহিনী প্ৰথম লিখে বজয়ভান দেহেঠাদেৱে।১৯৭৫ চনত ইয়াক চোৰ চোৰ নাম দি মঞ্চস্থ কৰা হয়,পিছত ইয়াক বহু পৰিমানে নতুন পৰীক্ষা ৰ অন্তত নাম দিয়ে চৰণ দাস চোৰ।


কাহিনীৰ নায়ক চৰণ দাস এজন গভাইত চোৰ।চৌৰ্যবৃত্তি কৰি সি চলি থাকে।চুৰি বস্তু সি দৰিদ্ৰক বিলাই দিয়ে।পুলিচে সদায় তাক খেদি ফুৰে যদিও সি ধৰা নপৰে।এবাৰ চুৰি কৰি পলায় ফুঁৰোতে এজন বাবাজী পাই শৰণ ল'ব বিচাৰিলে।গুৰুৱে তাক চুৰি এৰিবলৈ ক'লে যদিও, বৰ নিষ্ঠাৰে কৰা তাৰ বৃত্তি সি কোনো কাৰণতে এৰিবলৈ অস্বীকাৰ কৰে ।সি কাহানিও মিছা নকওঁ বুলি প্ৰতিশ্ৰুতি দিয়াত তাক গুৰুৱে শৰণ দিলে।সি গুৰুক চাৰিটা বচন দিলে - সি প্ৰতিজ্ঞা কৰিলে কোনো দিন সি সোনৰ থালত আহাৰ নাখায়,হাতীত উঠি কোনো শোভা যাত্ৰাত ভাগ নলয়,কোনো ৰাজকুঁৱৰীক সি বিয়া নকৰায় আৰু কোনো দিন দেশৰ ৰজা নহয়।গাঁওত চুৰ কৰি কৰি সি লাহে লাহে চহৰলৈ গ'ল আৰু ৰাজ ভঁৰালতে  সোনৰ মুদ্ৰা চুৰি কৰিলে আৰু ধৰা পৰিল।তাৰ বিচাৰ হ'ল সি ১০টা নহয় ৫টা সোনৰ মুদ্ৰাহে চুৰি কৰা বুলি বিচাৰত স্বীকাৰ কৰিলে।বিষয়াসকলে কিদৰে ৫টা মুদ্ৰা তাৰ নামত হৰলুকি কৰিলে প্ৰমাণ ওলাল।চৰণ দাসে সততাৰ বলতে এদিন ৰজাৰ লোভনীয় পদ পায়ো উপেক্ষা কৰিলে,কাৰণ গুৰুৰ বচন সি এৰিব নোৱাৰে।ৰাজকুঁমাৰীয়ে চৰণ দাসক ভাল পায় বিয়াৰ প্ৰস্তাৱ দিয়ে,তাকো সি প্ৰত্যক্ষান কৰি শেষত মৃত্যুকে আকোৱালী লয়।নিজৰ প্ৰতিজ্ঞা আখৰে আখৰে পালন কৰি চৰণ দাস নাটকৰ শেষত মৃত্যুহৈও এক মৃত্যু বেদীত ৰজা প্ৰজাৰ শ্ৰদ্ধা লাভ কৰে।

হবিব তনবীৰ জন্ম হয় এক ধনী ব্যৱসায়ী মুছলিম পৰিয়ালত।তেওঁৰ আচল নাম আছিল হবিব আহমদ খান।১৯২৩ চনৰ ১চেপ্তেম্বৰ তাৰিখে ছতীশগড়ৰ ৰায়পুৰ চহৰত তেওঁৰ জন্ম।প্ৰায় ১১ বছৰ বয়সতে তেওঁ বহু কেইখন নাটকত অভিনয় কৰে।শৈশৱতে হবিব তনবীৰ চদ্মনামত তেওঁ কবিতা লিখি জনপ্ৰিয় হয়,পিছলৈ এই নামৰে বিখ্যাত হৈ পৰে।১৯৪৪ চনত নাগপুৰৰ পৰা স্নাতক ডিগ্ৰী লৈ তেওঁ বোম্বাইলৈ যায় চিনেমা,নাটক কৰাৰ সপোন বুকুতলৈ।১৯৫৫ চনত ইণ্ডিয়ান পিপ'লচ থিয়েটাৰ বা আই পি টি আইৰ লগত জৰিত হয়।১৯৫৬ চনত এটা বৃত্তিলৈ তেওঁ ইংলণ্ডৰ ৰয়েল অকাডেমি অৱ  ড্ৰামাত পঢ়িবলৈ গৈ মাজতে ৮ মাহ কাল জাৰ্মানীৰ বাৰ্লিন লৈ গৈ পশ্চিমীয়া নাটকৰ সকলো দিশৰ ওপৰত জ্ঞান লাভ কৰে। ১৯৫৮ চনত হবীব ভাৰতলৈ ঘুৰি আহি ছতীশগড়ৰ গাওঁ অঞ্চলত ঘুৰি লোক ভাষা,লোক সংস্কৃতিৰ সন্ধান কৰে।নিজৰ পৰিবাৰ মনিকা মিশ্ৰৰ লগ লাগি নয়া থিয়েটাৰ জন্ম দিয়ে।ভিতৰুৱা গাঁৱৰ খেতিয়কক লৈ নাটকৰ আখৰা আৰু পিছত মঞ্চস্থ কৰে।খেতি চপোৱাৰ সময়ত নাট্যশিল্পী আকৌ গাঁৱলৈ যায়।নাটক তেওঁলোকৰ পেছা যদিও পেছা নহয়।লোক ভাষা,লোকগীত,লোক জীৱন নাটকৰ কাহিনী হ'ল।সঁচা সৰু গঞালোকৰ এই কাহিনী।গল্পৰ দৰে এই কাহিনী।জীৱনে নিজস্ব ধাৰাত গঢ়ি তোলা এই কাহিনী।জীৱনে সৃষ্টি কৰা শিল্প,সংস্কৃতি,নাটক।

এনেদৰে তনবীয়ে পৰিৱেশন কৰিলে প্ৰায় ১০০ খনৰ অধিক নাটক।পশ্চিমীয়া নাট্যকলা- ছতীশগড়ৰ লোককলাৰ যৌগিক বিক্ৰীয়াহৈ সৃষ্টি হ'ল নাটক।এগৰাকী সুদক্ষ নাট্যকাৰ,নাট পৰিচালক,গীতিকাৰ,সংগীত পৰিচালক মুঠতে পূৰ্ণ পৰ্যায়ৰ নাট্যশিল্পী হিচাবে জিলিকি উঠিল হবিব তনবী।১৯৮৩ চনত সংগীত নাটক অকাডেমি ৰ পুৰস্কাৰ,১৯৮৩ চনত পদ্মশ্ৰী,১৯৯০ চনত কালিদাস পুৰস্কাৰ,১৯৯৬ চনত সংগীত নাটকৰ ফেলোশ্বিপ,২০০২ চনত পদ্মভূষণ সন্মান লাভ কৰিলে হবিব তনবীয়ে।১৯৭২ চনৰ পৰা ১৯৭৮ লৈ তেওঁক ৰাজ্য সভাৰ সদস্যও মনোনিত কৰা হ'ল।২০০৯ চনৰ ৮ জুনত ভূপালত পাঁচ দশক কপাই ৰখা ভাৰতীয় বিখ্যাত নাটশিল্পী তনবীৰ মহাপ্ৰয়ান ঘটে।তেওঁ বিশ্বাস কৰিছিল নাটক সমাজ পৰিৱৰ্তনৰ শক্তিশালী অস্ত্ৰ,নাটকে সমাজৰ প্ৰকৃত সমস্যা দাঙি ধৰি গণ চেতনা সৃষ্টি কৰিব পাৰে।নাটকে সমাজ নতুনকৈ গঢ়িব পাৰে।চৰণ দাস চোৰ হ'ল তেওঁৰ অপূৰ্ব সৃষ্টি।যি সময়ত হিপক্এচিয়ে সমাজত ঘিট ঘিটাই ফুৰিছে,সেই সময়ত চৰণ দাস চোৰে যেন এক পূৰ্ণহতীয়া চৰ দিছে হিপক্এচিৰ গালত।নাটকে সমাজৰ ভণ্ড সকলক এটা চৰ দিব পৰাটোও এক ডাঙৰ সাফল্য।



লেখক: দিলীপ কুমাৰ বৰুৱা ,তেজপুৰ


 Edited by: Diganta Kr.Bhuyan

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়