সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

Dr.Sheela Borthakur

 

Dr.Sheela Borthakur

ড০ শীলা বৰঠাকুৰ


লেখিকা সকলৰ মণিকোঠাৰ কোঠালিয়ে কোঠালিয়ে ভূমুকি মাৰি অগ্ৰণী সকলক এখন চালৰ তললৈ আনি একত্ৰিত কৰা আটাইতকৈ চৰ্চিত মহিলা গৰাকীয়ে হ'ল, ড০ শীলা বৰঠাকুৰ। বিশিষ্ট নৃত‍্য শিল্পী বিষ্ণু ৰাভা বঁটা প্ৰাপক ষড়ানন বৰঠাকুৰৰ সহধৰ্মিনী ড০ শীলা বৰঠাকুৰ আছিল দৰং মহাবিদ‍্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ‍্যাপিকা । তেজপুৰ কণ‍্যা মহাবিদ‍্যালয়ৰ প্ৰাক্তন অধ‍্যক্ষা আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিস্থাপক। 


Dr. Sheela Borthakur
পদ্মশ্ৰী সন্মানেৰে  সন্মানিত  শীলা বাইদেউ আছিল তেজপুৰৰ যশ আৰু খ‍্যাতিৰ এটি সেউজীয়া নাম। ১৯৩৫ চনত যোৰহাটৰ সাংস্কৃতিক পৰিয়াল এটিত  জন্ম লাভ কৰা তেওঁৰ বাল‍্যকাল পাৰ হৈছিল বাংলাদেশৰ ঢাকাত। পিতৃৰ চাকৰি সূত্ৰে তাতে থাকি পাছলৈ যোৰহাটৰ বালিগাৱত পঢ়াশুনা কৰি জগন্নাথ বৰুৱা মহাবিদ‍্যালয়ত নাম লিখায়। সৰুৰে পৰাই নৃত‍্য, গীতত পাৰ্গত আৰু অভিনয় শিল্পৰে মৰম বুটলিবলৈ সক্ষম হোৱা তেওঁৰ কলেজতে  পৰিচয় হয় তেজপুৰীয়া শিল্পী ষড়ানন বৰঠাকুৰৰে। বাইদেৱে ভাটখাণ্ডেৰ পৰা ভায়োলিন বাদ‍্যতো বিষাৰদ উপাধি লৈ  তেখেতৰ বুৎপত্তি প্ৰকাশ কৰে। তেজপুৰৰ বোৱাৰী হৈ অহাৰ দিনাৰে পৰা তেজপুৰৰ অগ্ৰণী মহিলা সকলৰ সান্নিধ‍্যত আহি তেওঁৰ যেন মনৰ দূৱাৰ খন মুকলি হৈ পৰিল। সৃজনিশীল মনে তেওঁক লৈ গ'ল অসমৰ নাৰী শক্তিক মজবুত কৰাৰ দিশলৈ। একত্ৰিত কৰিলে লেখিকা সকলক আৰু এদিন ১৯৭৫ চনৰ আন্তৰ্জাতিক মহিলা বৰ্ষৰ পূণ‍্য তিথিত গঠন কৰিলে "সদৌ অসম লেখিকা সমাৰোহ সমিতি"। ব‍্যস্ততাৰ মাজতে তেওঁ ১৯৯৩ চনত ডক্টৰেট ডিগ্ৰীও লাভ  কৰে। বিষয় আছিল Social Change In Assam since Independence, Role of women, with special reference to Sonitpur District. বাইদেৱে নিজে লিখি আনক লিখোৱাই আনৰ লেখা প্ৰকাশ কৰাই লেখিকাৰ জীৱনী পৰ্য্যন্ত উলিয়াই যি ত‍্যাগ আৰু সততাৰ পৰিচয় দিছে সিয়ে বাইদেউক যুগে যুগে অমৰ কৰি ৰাখিব।

হঠাতে আজি ( 21st.June,2020 ) বাইদেউৰ মহানিৰ্বান হোৱাৰ বাতৰিয়ে মৰ্মাহত কৰাত এইখিনি যুগুতাই বাইদেউৰ বিদেহি আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ । শীলা বাইদেউ অমৰ হওক।



             শান্তনু বৰুৱা,
                সম্পাদক,
  তেজপুৰ অ:ভা:উ:সা: সভা
                কলিবাৰী।।
               ২১/৬/২০২০


Edit: Diganta Kr. Bhuyan,
Sahitya Safura-ASSAMESE

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়